মই ইংৰাজী কবলৈ শিকাৰ আৰৰ কাহিনী

ভৱেশ শৰ্মা

পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ ছাত্র মই । গাওঁৰ স্কুল । লগ সমনীয়া বেচি ভাগেই ওচৰ পাজৰৰ গাওঁৰ দুখীয়া খেতিয়কৰ সন্তান । ৰাতিপুৱা শুই উঠি পথাৰত হাল  কোৰ বাই  লৰালৰিকৈ গা পা ধুই নাকে কাণে ভাত কেইটামান গুজি আহি স্কুল পোৱা ধৰণৰ আছিল এই সমনীয়া বোৰ ।
বজালী অঞ্চলৰ গাওঁৰ এই ছাত্র বোৰৰ মাজত মেধাৰ অভাব নাছিল । এইখন বিদ্যালয়ৰ বহুতো প্ৰতিভাশালী প্ৰাক্তন ছাত্রই বৈষয়িক জীৱনৰ বিভিন্ন ক্ষেত্রত দেশে বিদেশে সুনাম অৰ্জন কৰি বিদ্যালয় খনৰ নাম  উজলাইছিল। হলেও বজালীৰ এই ছাত্র সকলৰ মাজত এটা বস্তুৰ অভাব খুবেই আছিল — ইংৰাজীত কথা কোৱাৰ অভ্যাস।পৰীক্ষাত ইংৰাজীত খুব ভাল নম্বৰ পোৱা ছাত্র জনেও ইংৰাজী কোৱাৰ নামত সাত জাপ মাৰিবলৈ সদায়েই প্ৰস্তুত আছিল ।  এই কথাটো স্কুল কৰ্তৃপক্ষইও গুণা গথা কৰিব লৈছিল ।
আমি অষ্টম মান শ্ৰেনী পোৱাৰ সময়তে আমাৰ স্কুলীয়া পাঠ্যক্ৰমত ইংৰাজী ভাষাত কথা কোৱাৰ ক্লাচ এটা অন্তৰ্ভুক্ত কৰা হৈছিল । উচ্চতৰ মাধ্যমিক শাখাত নতুনকৈ যোগদান কৰা উৎসাহী যুব অধ্যাপক প্ৰভাত ঠাকুৰীয়া চাৰক এই ক্লাচৰ গুৰুদায়িত্ব অৰ্পণ কৰা হৈছিল ।
প্ৰথমটো ক্লাচতে ঠাকুৰীয়া চাৰে আহি উদাত্ত কন্ঠে ঘোষণা কৰিছিল –“আজিৰ পৰা এইটো ক্লাচত ইংৰাজীৰ বাহিৰে আন ভাষাৰ টু শব্দ এটাও নচলিব।'”
বিনা মেঘে বজ্ৰপাত হৈছিল আমাৰ নিচিনা হোজা গাৱলীয়া ছাত্র বোৰৰ মূৰৰ ওপৰত । ইংৰাজী, অসমীয়া, সাধাৰন বিজ্ঞান, সাধাৰন গণিত, সমাজ অধ্যয়ন,উচ্চ গণিত,সংস্কৃত আদি বিষয়ক লৈ ইমান দিনে আমাৰ ছাত্র জীৱন মোটামুটি ভালেই চলি গৈছিল । হঠাতেই আহি পৰা বিজতৰীয়া ইংৰাজী ভাষাৰ এই আগ্ৰাসনেহে আমাৰ সকলো হিচাপ নিকাচত আউল লগাই দিছিল।এনে এক দু:সময় আহিব পাৰে বুলি আমি কল্পনাও কৰিব পৰা নাছিলো ।
ক্লাচ ৰুমৰ ভিতৰত প্ৰথমতে এক মৃদু গুঞ্জন উঠিছিল । পিচলৈ সিয়ে গৈ এক কোঢ়ালৰ ৰূপ লৈছিল । পিচৰ বেঞ্চত বহা কোনো কোনো  দুৰ্ভগীয়া ছাত্রই এই প্ৰলয়ংকৰী অবস্থাৰ পৰা মুক্তি পাবলৈ পিচফালৰ খিৰিকীৰে জাপ মাৰি পলাবৰ উদ্যোগ লৈও বাৰান্দাত ৰখি থকা ভাইচ প্ৰিন্সিপাল নগেন শৰ্মা চাৰৰ ৰুদ্ৰমুৰ্তি দেখি সেই আশা পৰিত্যাগ কৰি ঠোট মুখ চেলেকি ঘূৰি আহি ভাগ্যক ধিয়াই নিজৰ পূৰ্ব স্থানতে বহি পৰিছিল ।
কিছু সময় পাচতে আৰম্ভ হৈছিল আমাৰ ইংৰাজীত কথা কোৱাৰ অনুশীলন। মই আছিলো শ্ৰেনীৰ ফাৰ্স্ট বয় । মানে ৰোল নম্বৰ ওৱান। সদায় প্ৰথম বেঞ্চ খনতে বহো।মোৰ কাষতে সদায় বহে প্ৰিয় বন্ধু হিৰন্য — ৰোল নম্বৰ টু । ক্লাচ ৰুমৰ ভিতৰৰ আমাৰ এই সন্মান জনক অবস্থানেই যে  এনেদৰে কাল ৰূপ লৈ আমাৰ দুজনৰ আগত ধৰা দিব সেই কথা আমাৰ সপোনৰো অগোচৰ আছিল ।
আশা কৰা মতেই ইংৰাজীত কথোপকথন আৰম্ভ কৰাৰ পাল  প্ৰথম বেঞ্চত বহি থকা মোৰ ওপৰতে আহি পৰিছিল । জ্বৰ ঘমাদি ঘামিব ধৰিছিলো মই । এনেয়ে হলে সমনীয়াৰ লগত মোৰ কথাৰ শেষেই নহয় । এতিয়া এই জটিল সন্ধিক্ষণত কাৰ লগতনো ইংৰাজীত কি কথা পাতো তাকে ভাবি মোৰ মূৰ আচন্দ্ৰাই কৰিবৰ উপক্ৰম হৈছিল।
বহু ভাবি গুণি অবশেষত মোৰ কাষতে বহা হিৰণ্যৰ গাত লাহেকৈ খোচ মাৰি মই কও নকওকৈ কৈছিলো -” Do you know to play football ?”
-“গৰু ! Wrong English”– গৰজি উঠিছিল প্ৰভাত ঠাকুৰীয়া চাৰ।
ঠাকুৰীয়া চাৰৰ এই মধুৰ সম্বোধনত কোচ মোচ খাই তলমূৰ কৰি মই এইবাৰ নিশ্চুপ হৈ ৰৈছিলো ।
থূতৰিত ধৰি মোৰ মুখ খন ডাঙি দি চাৰে কৈছিল –“কব লাগিছিল – Do you know how to play football. আৰু গাত খোচ মাৰি যে কথা কৈছ, তাৰ নাম নাই নেকি ?”
-“আছে,চাৰ”– ভয়ে ভয়ে মই কৈছিলো ।
-“নামটো কি ?”
-“হিৰণ্য কুমাৰ দেৱ চৌধুৰী”
-“বেচ, এতিয়া তেন্তে ক Hallow, Hiranya. Do you know how to play football ?”
ভাটৌৰ নিচিনাকৈ মই আওৰাইছিলো । মইতো বাৰু কলোৱেই । এইবাৰহে আহি পৰিল বেচেৰা হিৰণ্যৰ পাল । থকথককৈ কপি থকা তাৰ গাৰ কপনি মই অনুভব কৰিব পাৰিছিলোৱেই । ঘৰ্ম্মাক্ত মুখাবয়বেৰে স্প্ৰিং লগা পুতলা এটাৰ নিচিনাকৈ জাপ মাৰি উঠি থিয় হৈ সি “Yes, I know ”  বুলি কৈয়েই নিজৰ দায়িত্ব সামৰিছিল ।
ইংৰাজী কোৱাৰ অনুশীলনৰ পৰিসীমা এইবাৰ দ্বিতীয় বেঞ্চলৈকো বিস্তৃত হৈছিল । তৃতীয় বেঞ্চত বহি থকা কিৰণ নামৰ মোৰ অলপধতুৱা সহপাঠী জনে বাথৰুমলৈ প্ৰস্ৰাব কৰিবলৈ যোৱাৰ চলেৰে এই অবস্থাৰ পৰা মুক্তি লাভ কৰাটোৱেই বুদ্ধিমানৰ কাম হব বুলি বিবেচনা কৰিছিল । তাকে কৰিবলৈ যাওতে ঠাকুৰীয়া চাৰৰ পৰা বাহিৰলৈ যোৱাৰ অনুমতি ইংৰাজীতে বিচাৰিব লাগিব বুলি আগতে জনা হলে বেচেৰা কিৰণে এনে এটা আত্মঘাতী সিদ্ধান্ত কেতিয়াও নললেহেতেন। সুখ দুখৰ বন্ধু কিৰণৰ এনে নাকনি-কাণনি অবস্থা  প্ৰত্যক্ষ  কৰি পিচৰ বেঞ্চত বহি থকা সন্ত্রাস জৰ্জৰিত সহপাঠী সকলে ইংৰাজীৰ ক্লাচত আৰু কেতিয়াও বাহিৰলৈ নোযোৱাৰ দৃঢ় সংকল্প লৈছিল ।
প্ৰথমটো ক্লাচত  ইংৰাজী কোৱাৰ কচৰৎ সেইদিনাখনলৈ দ্বিতীয় বেঞ্চতে সমাপ্ত হৈছিল । হলেও তাৰ প্ৰতিক্ৰিয়া গোটেই ক্লাচ ৰুমতেই বিয়পি পৰিছিল ।স্বয়ং ৰোল নম্বৰ নম্বৰ ‘ওৱান’ আৰু ‘টু’ ৰ এই দুৰ্দশা দেখি সমাগত অন্ধকাৰ ভবিষ্যতৰ কথা কল্পনা কৰি সহপাঠী সকলে নিজৰ অদৃষ্টকে দোষ দিছিল।বন্ধু সকলৰ হা-হুমুনিয়াহেৰে গধূৰ হৈ পৰিছিল ক্লাচ ৰুমৰ বতাহ ।
স্কুলৰ পাঠ্যক্ৰমৰ এই বৈপ্লবিক পৰিবৰ্তন বিনা প্ৰতিবাদে সকলোৱে মানি লব খোজা নাছিল । স্কুল ছুটীৰ পাচত একাংশ প্ৰতিবাদমুখৰ সহপাঠীয়ে স্কুল কৰ্তৃপক্ষৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰাৰ কথা সক্ৰিয় ভাবে বিবেচনা কৰিব লৈছিল । দুৰ্বলমতি দুই এজন বন্ধুৱে এই ব্যবস্থা অপৰিবৰ্তিত থাকিলে পঢ়া শুনা পৰ্বৰ ইমানতে ইতি পেলাই ঘৰৰ খেতি বাতিৰ কামতে একানপতীয়াকৈ লাগি যোৱাৰ নিচিনা এক অভিলাসী পৰিকল্পনা গ্ৰহণ কৰিছিল ।
খুব সোনকালেই আমাৰ ভীতিবিহ্বল অবস্থাৰ অবসান ঘটিছিল ।
বিচক্ষণ শিক্ষাগুৰু প্ৰভাত ঠাকুৰীয়া চাৰৰ উৎসাহ, প্ৰেৰণা আৰু নিৰবচ্ছিন্ন প্ৰচেষ্টাত লাহে লাহে এষাৰ দুষাৰকৈ আমি ইংৰাজীত কথা কব পৰা হৈছিলো । এই ক্লাচটো মোৰ খুব ভাল লাগিবলৈ লৈছিল । পিচলৈ এই ক্লাচটোৰ বাবে মই বহুত আগৰে পৰা আগ্ৰহেৰে বাট চাব লৈছিলো ।
মই নবম মান শ্ৰেণীলৈ উত্তীৰ্ণ হৈছিলো । ইংৰাজীত কথা কোৱাৰ বিষয়ত মোৰ আত্মবিশ্বাস পূৰাদমেই আহি পৰিছিল । হলেও সেয়া ক্লাচ ৰুমৰ ভিতৰতে সীমাবদ্ধ আছিল । ক্লাচ ৰুমৰ বাহিৰৰ কৰবাত এই নতুন পাৰদৰ্শিতা সাব্যস্ত কৰিবলৈ মোৰ মনটোৱে বিচাৰিছিল। পাঠশালাত সেয়া সম্ভব হৈ উঠা নাছিল।
গৰমৰ বন্ধৰ দিন কেইটা কটাবলৈ গুৱাহাটীত থকা মোৰ বাইদেউৱে মোক মাতি পঠাইছিল । আনন্দত জপিয়াই উঠিছিলো মই । সুবিশাল ব্ৰহ্মপুত্রৰ পাৰত ছবিৰ নিচিনাকৈ জিলিকি থকা মনোৰম গুৱাহাটী চহৰ খনৰ সৈতে মই প্ৰথম দৰ্শণতে প্ৰেমত পৰিছিলো । বাইদেউ হতৰ ঘৰটোৰ অবস্থানটোও আছিল অতিকৈ সুন্দৰ । উজান বজাৰৰ নদীৰ ঘাটৰ ওচৰৰ টিলা এটাৰ ওপৰত অবস্থিত প্ৰাচীন ‘চত্রকাৰ দেৱালয়’খনৰ একেবাৰে কাষতেই আছিল বাইদেউ হতৰ ঘৰটো । ঘৰটোৰ বাৰান্দাত বহি সমুখৰ ব্ৰহ্মপুত্র খনৰ গম্ভীৰ ৰূপ চাই চাই মই ভাবত তন্ময় হৈ পৰিছিলো । মাজে মাজে দুই এটা কবিতাও লিখিছিলো ।
কামাখ্যা মন্দিৰত কিবা পূজা এভাগ আগবঢ়াবলৈ বাইদেউ হত এদিন দিনটো জোৰা কাৰ্য্যসূচী লৈ মন্দিৰলৈ গৈছিল । মোকো লগতে লৈ গৈছিল । বাকী সকলো যেতিয়া মন্দিৰত পূজাৰ কামত ব্যস্ত হৈ পৰিছিল, মই অকলে অকলে ওপৰৰ ভুবনেশ্বৰী মন্দিৰৰ পিনে খোজ লৈছিলো । তাৰ পৰা তলৰ গুৱাহাটী চহৰ আৰু লুইত খনৰ দৃশ্য বৰ দৃষ্টিনন্দন বুলি মই কৰবাত পঢ়িছিলো ।
ভুবনেশ্বৰী মন্দিৰৰ সমুখৰ বহল শিল এচটাত বহি দুজন সুদৰ্শন ভদ্ৰলোকে নিজৰ মাজতে কথা পাতি আছিল । মানুহ দুজনে ইংৰাজী আৰু মাজে মাজে বাংলা ভাষাত কথা কৈছিল। তলৰ গুৱাহাটী চহৰ আৰু লুইত খনৰ শোভা চিৰস্থায়ী ভাবে ধৰি ৰাখিবৰ বাবে কেমেৰা এটা যে লগত লৈ আহা নহল তাকে কৈ এজনে আক্ষেপ কৰিছিল।
মানুহ দুজন পশ্চিম বংগৰ পৰা আহা পৰ্য্যটক বুলিয়ে মোৰ ধাৰণা হৈছিল । ইংৰাজীত কথা কোৱাৰ এই সুবৰ্ণ সুযোগ হাতৰ পৰা নেহেৰুৱাবলৈ মই দৃঢ়প্ৰতিজ্ঞ হৈছিলো ।
চুচুক চামাককৈ আগবাঢ়ি গৈ মানুহ দুজনৰ পাচফালে থিয় হৈ বহু সংকোচেৰে মই মাত দিছিলো –” Are you tourist ?”
নিজৰ মাজৰ কথা বন্ধ কৰি মানুহ দুজনে মোৰ ফালে ঘূৰি চাইছিল ।
মোৰ অতি সাধাৰণ পোছাক পৰিচ্ছদ আৰু দাৰিদ্ৰ্য পীড়িত অনাকৰ্ষণীয় চেহেৰা দেখি ভদ্ৰলোক দুজনে অবজ্ঞা অথবা তাচ্ছিল্য কৰা হলেও মই অকণো আচৰিত নহলোহেতেন । তেনে অভিজ্ঞতা মোৰ সৰু জীৱনটোত ইতিমধ্যেই বহুতো হৈছে। কিন্তু এই ভদ্ৰলোক দুজন আছিল বেলেগ প্ৰকৃতিৰ।
-“Come,come. Join us. Yes, we are tourists from Calcutta”– মোক উৎসাহ দি এজন ভদ্ৰলোকে কৈছিল ।
সাহস পাই মই আগবাঢ়ি গৈছিলো । দুই ভদ্ৰলোকে মৰম কৰি মোক নিজৰ মাজত বহুৱাই লৈছিল।–“And you are from ?”– সুধিছিল এইবাৰ আনজনে ।
–“My home town is Pathsala. Hundred kilometre from here on the north bank.”–ব্ৰহ্মপুত্রৰ সিটো পাৰলৈ আঙুলি টোৱাই মই ঘোষণা কৰিছিলো ।
-“In that case, it will be near to Manas Forest sanctuary”– ভদ্ৰলোকে কৈছিল ।
-“Correct”–ভদ্ৰলোকৰ ভৌগোলিক জ্ঞানৰ প্ৰতি মোৰ শ্ৰদ্ধা উপজিছিল ।
–“Do you know Siranjeev Sen?”– এই বাৰ মোৰ প্ৰশ্ন সোধাৰ পাল।
সৰুৰে পৰাই মই আছিলো বাংলা সাহিত্যৰ ভক্ত ।  সেই সময়ত মই পিচে থ্ৰিলাৰ কাহিনী পঢ়িহে বেছি ভাল পাইছিলো । কলিকতাৰ চিৰঞ্জীব সেন আছিল মোৰ সেই সময়ৰ প্ৰিয় বাংলা সাহিত্যিক । তেখেতৰ থ্ৰিলাৰ কাহিনী সকলো বোৰেই মই পঢ়ি সাং কৰিছিলো।
-“Of course,I do. But how do you know him ?”–আচৰিত হৈ ভদ্ৰলোকে সুধিছিল।
-“I have read all his books”– গৰ্বেৰে উত্তৰ দিছিলো মই ।
-“Like?”–ভদ্ৰলোকে যেন মোক পৰীক্ষাহে কৰি চাব খুজিছিল ।
-” ‘আমি চি.আই.এ. এজেন্ট’, ‘আমি কে.জি.বি.এজেন্ট’, গোয়েন্দা অমনিবাস…”
–“OK.OK.”–সপ্ৰশংস চাৱনিৰে ভদ্ৰলোকে এইবাৰ সুধিছিল-“Have you read Satyajit Ray’s thriller  stories ?”
-“No”- স্বীকাৰ কৰিছিলো মই ।
–“I suggest, you read them. I am sure, you will like it even more”– মোৰ পিঠিত চপৰিয়াই দি ভদ্ৰলোকে মৰমেৰে পৰামৰ্শ দিছিল ।
ভুবনেশ্বৰীৰ পৰা কামাখ্যালৈকে কথা পাতি পাতি দুই ভদ্ৰলোকৰ সৈতে মই নামি আহিছিলো । ঢেৰ কথা পাতিছিলো আমি । কলিকতা খন কিমান ডাঙৰ, কিমান ব্যস্ত, চাব লগা ঠাই তাত কি কি আছে আদি মোৰ হাজাৰটা প্ৰশ্নৰ উত্তৰ দুই ভদ্ৰলোকে দি গৈছিল । কামাখ্যা মন্দিৰ প্ৰাংগনত দুই ভদ্ৰলোকে মোৰ পৰা বিদায় লৈছিল ।টেক্সি এখনেৰে দুয়োজনে  নিজৰ হোটেললৈ গমন কৰিছিল ।
সন্তুষ্টি আৰু আত্মবিশ্বাসেৰে মন পূৰ কৰি মই এইবাৰ  আমাৰ পান্ডাৰ ঘৰৰ ফালে ধাবমান হৈছিলো– দুপৰীয়াৰ আহাৰ খাবলৈ। পান্ডাৰ ঘৰ গৈ পাই বাইদেউ হতৰ লগত অসমীয়াত কথা কবলৈ মোৰ অলপ অসুবিধাই হৈছিল ।
(সমাপ্ত)

Related Articles

Close