ভয়ংকৰ হ’ব পাৰে আৰ এছ এছ–তিনিজন সন্ত্ৰাসবাদীৰ কথাৰে

দীপজ্যোতি গগৈ

প্ৰথমতেই আপোনালোকক তিনিওজন সন্ত্ৰাসবাদীৰ সৈতে পৰিচয় কৰাই দিওঁ-১) ব্ৰেন্তন টাৰেণ্ট,এজন ২৮ বছৰীয়া শ্বেত অষ্ট্ৰেলিয়ান। এইবছৰৰে ১৫ মাৰ্চ তাৰিখে এই সন্ত্ৰাসবাদীটোৱে নিউজিলেণ্ডৰ খ্ৰীষ্টচুৰ্চ নামৰ চহৰৰ এটা মছজিদত নিৰ্বিচাৰে গুলীয়াই ৫০ ৰো অধিক মুছলমানক ধৰ্মাম্বলী লোকক হত্যা কৰে। এই হত্যা সম্পূৰ্ণ লাইভ কৰিছিল তেওঁ সামাজিক মাধ্যমত। তাৰ এটা বক্তব্য শুনা পিছত বাকী দুজন সন্ত্ৰাসবাদীৰ কথা ক’ম,সি কৈছিল,”মই দিলেন ৰুফকে ধৰি বহুতৰ লিখনি পঢ়িছোঁ কিন্তু সঁচা অৰ্থত উৎসাহিত হৈছোঁ ‘Knight Justiciar’ ব্ৰেইভিকৰ পৰাহে।” এতিয়া এই দ্বিতীয়জন দিলেন ৰুফ কোন আছিল? তেওঁ ২০১৫ চনৰ ১৮ জুনত দক্ষিণ কেৰোলিনাত ৯ জন কৃষ্ণ বৰ্ণৰ খ্ৰীষ্ট ধৰ্মাম্বলী লোকক গুলীয়াই হত্যা কৰিছিল। টাৰেণ্টে উল্লেখ কৰা অন্য এজন সন্ত্ৰাসবাদী হৈছে এণ্ডাৰছ ব্ৰেইভিক(নিজকে ‘Knight Justiciar’ বুলি আখ্যা দিয়ে অৰ্থাৎ ন্যায় প্ৰদান কৰোঁতা) যি ২০১১ৰ ২২ জুলাই তাৰিখে এটা চৰকাৰী বাসভৱনত বিস্ফোৰণ ঘটাই ৮ জন নৰৱে লোকক হত্যা কৰা পিছত উটয়া(Utoya) দ্বীপত অন্য ৬৯ জন নৰৱে লোকক হত্যা কৰে। গোটেইকেইটাৰ শ্বেতবৰ্ণ সন্ত্ৰাসবাদী। গোটেইকেইটাই নিজৰ ইস্তাহাৰ লিখি অভিযোগ কৰিছিল যে অ-শ্বেত বৰ্ণ লোকৰ দ্বাৰা শ্বেতবৰ্ণ লোক সকল আক্ৰমণৰ বলি হৈছে, গতিকে সিহঁতে সেইয়া প্ৰতিৰোধ কৰিব লাগে। তিনিওটাই বহুসংস্কৃতি সমাজ ব্যৱস্থা বিৰোধিতা কৰি কৈছিল যে সকলো বৰ্গ আৰু ধৰ্ম লোক একেলগে বাস কৰিব নোৱাৰে। ৰুফে খঙেৰে কৈছিল,আমেৰিকান হিচাপে আমাক এটা জ্বলন্ত পাত্ৰত থাকিবলৈ শিকোৱা হৈছে।তেওঁ মতে শ্বেতবৰ্ণ লোক আটাইতকৈ উচ্চবৰ্ণ(Supervisor to all),শ্বেত সংস্কৃতিয়ে হৈছে বিশ্বৰ সংস্কৃতি,বিশ্বৰ সকলোৱে এই সংস্কৃতি আদৰি লৈছে। অন্য সংস্কৃতিৰ প্ৰদূষণৰ পৰা শ্বেত সংস্কৃতি বচাবই লাগিব। ৰুফে ২২ বছৰ বয়সতে পাঁচপৃষ্ঠাৰ ইস্তাহাৰত ‘বহুসংস্কৃতিবাদ'(Multiculturalism) কঠোৰ বিৰোধিতা কৰিছে। ব্ৰেইভিকে ৩২ বছৰ বয়সৰ পৰা নৰৱেত বহুতত্ববাদ বিৰোধিতা কৰি আহিছে,যাৰ মূল টাৰ্গেট হৈছে মুছলমান। টাৰেণ্টৰ মতে ইছলামে আমাৰ বাকী মানুহ আৰু বিশ্বাসক আঁতৰাই পেলাব। অথচ নিউজিলেণ্ডত মাত্ৰ ১% আৰু অষ্ট্ৰেলিয়াত ৩%তকৈও কম মুছলমান থাকে। এই সন্ত্ৰাসবাদী কেইটা শূন্যৰ পৰা সৃষ্টি হোৱা নাই,ইহঁত সৃষ্টি হৈছে সোঁ-পন্থী লেখক আৰু সংগঠনৰ দ্বাৰা বছৰ বছৰ ধৰি বিয়পাই থকা ‘প্ৰচুৰ ইছলাম বিদ্বেষপূৰ্ণ’ তথা মানুহক ভীতিগ্ৰস্ত কৰিবলৈ কৰা প্ৰচাৰৰ পৰাহে। কিয়নো ইয়াৰ মূল উদাহৰণ হৈছে ব্ৰেইভিক। ব্ৰেইভিকৰ ১৫০০ পৃষ্ঠাযোৰা ইস্তাহাৰ খনত মাত্ৰ নিজৰে অনুভৱ লিখা নাই,তাত অতি সোঁ-পন্থী লেখকৰ কিতাপ আৰু বিভিন্ন বাতৰি কাকতৰ প্ৰবন্ধও সন্নিবিষ্ট আছে যিবোৰৰ প্ৰতিটো শব্দই ইছলাম বিদ্বেষী আৰু বহুতত্ববাদ বিৰোধী। ব্ৰেইভিকৰ ইস্তাহাৰত ৬০ বাৰ উল্লেখেৰে সৰ্বাধিক উল্লেখিত লেখকজন হৈছে আমেৰিকান ৰবাৰ্ট স্পেন্সাৰ,যাক অতি ইছলাম বিদ্বেষী মন্তব্যৰ বাবে ২০১৪ৰ পৰা ইংলেণ্ড ভ্ৰমণত বাধা দিয়া হৈছে।ব্ৰেইভিকে তেওঁৰ পৰাই আটাইতকৈ বেছি প্ৰৰোচিত হৈছিল,স্পেন্সাৰৰ ‘ইছলামে নিজৰ সংস্কৃতিক সমগ্ৰ পৃথিৱীতে একমাত্ৰ সংস্কৃতি কৰিব বিচাৰে’ মন্তব্যটো কেইবাবাৰো উল্লেখ কৰিছে। ইস্তাহাৰত উল্লেখ থকা অন্য এজন লেখক হৈছে পেডা জেঞ্চাৰ,যিজনে ‘Fjordman’ ছদ্মনামত ‘The Brussels’ নামৰ ২০০৫ চনত প্ৰতিষ্ঠা লাভ কৰা জাৰ্নেলত লিখে,এইখন আলোচনীৰ মূলমন্ত্ৰ হৈছে,” বহুসংস্কৃতিবাদ পশ্চিমীয়া সংস্কৃতিৰ বাবে অস্তিত্বৰ সংকট”(Multiculturalism is an existential threat to western society) জেঞ্চাৰ মতে কোনো মুছলমানেই শান্ত নহয়,সিহঁত একেদিনাই জেহাদী হ’ব পাৰে। ইয়াতে আটাইতকৈ ভয়ংকৰ কথাটো কৈছে,পশ্চিমীয়া দেশবোৰে মুছলমানক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে,সেইয়া ভাৰতৰ হিন্দুত্ববাদীসকলৰ পৰা শিকিব লাগে বুলি জেঞ্চাৰে কৈ আহিছে। আৰ এছ এছে মুছলমান যেনেকৈ চৰম শত্ৰু বুলি গণ্য কৰে,সেইয়া বিশ্বৰ আদৰ্শ হোৱা উচিত বুলিও কৈছে। আৰু এজন মানুহৰ লগত চিনাকি কৰাই দিওঁ,১৯৯৫ চনত Yugoslaviaৰ ৰাষ্ট্ৰপতি আছিল ৰেড’ভান কার্ডজিক(Radovan Karadzic),তেওঁ নিৰ্দেশতে গোড়া থলুৱা খ্ৰীষ্টানসকলে প্ৰায় ৮,৪০০ জন বচমিয়াক মুছলমানক হাত-চকু বান্ধি শাৰী পতাই গুলীয়াই গণকবৰ দিয়া হৈছিল।পিছলৈ ২০১৬ৰ ২৪ মাৰ্চ তাৰিখে আন্তঃৰাষ্ট্ৰীয় আদালতে দোষী সাব্যস্ত কৰি ৪০ বছৰ কাৰাদণ্ড বিহে,এইবছৰৰ ২০ মাৰ্চ তাৰিখে তেওঁক যা-জীৱন কাৰাদণ্ডলৈ বৃদ্ধি কৰা হয়। তেওঁ কথা এইবাবেই উল্লেখ কৰিলোঁ যে টাৰেণ্টে মছজিদত গুলীয়াই থাকোঁতে ‘Karadzic,lead your serbs..’ শীৰ্ষক গানটো শুনি আছিল।ইয়ে প্ৰতিপন্ন কৰে যে টাৰেণ্টক কার্ডজিকৰ কামকাজে সাংঘাতিক প্ৰৰোচিত কৰিছিল। অন্যহাতে ব্ৰেইভিকেও কার্ডজিকক ইউৰোপীয়ান নায়ক বুলি আখ্যা দিছিল। জেঞ্চাৰ নামৰ লিখকজনে আৰ এছ এছৰ অনুগত ইতিহাসবিদ কে এছ লালৰ ভূয়সী প্ৰশংসা কৰিও প্ৰবন্ধ লিখিছে। সন্ত্ৰাসবাদী ব্ৰেইভিকে আৰ এছ এছৰ মুছলমানক আঁতৰাই ভাৰতক ‘হিন্দু ৰাষ্ট্ৰ’ গঠন কৰিবলৈ প্ৰস্তুত কৰা নীতিক বহুবাৰ উল্লেখই নহয়,প্ৰশংসাও কৰিছে। আৰ এছ এছৰ লাঠী চলনা প্ৰশিক্ষণ,ৰাস্তাত সমদল আৰু মুছলমান ওপৰত দমন সমগ্ৰ বিশ্বই গ্ৰহণ কৰিব লাগে বুলি আহ্বান জনাইছে। গোটেই কথাখিনি এইবাবেই ক’লো যে কেনেকৈ পৰিকল্পিত  মুছলিম বিদ্বেষৰ ফলত সন্ত্ৰাসবাদী তৈয়াৰ হৈছে, ই কেনেকৈ অনাগত দিনত ভয়ানক হৈ উঠিব পাৰে তাৰ আভাষ পাব পাৰে। কিছুমানে কয় যে মুছলমানৰ আক্ৰমণ বাবেই এইধৰণৰ মুছলমান বিদ্বেষ গা কৰি উঠিছে,এই সম্পূৰ্ণ ভুৱা আৰু ভিত্তিহীন প্ৰচাৰ। এতিয়া আমি আৰ এছ এছৰ ইতিহাস চাম,কেনেকৈ ‘হিন্দুত্ব’ মানে যি আদৰ্শ বুলি কৈ আহিছে,সেইটো একেবাৰে হিটলাৰৰ ‘নাৰ্জীবাদ’ৰ সমাৰ্থক,কেনেকৈ ই ফেচিবাদ আৰম্ভ কৰিছিল,তাৰ বিশ্লেষণ কৰিম। ১৯২৩ চনত হিটলাৰে ২০০০ নাৰ্জী বাহিনী লৈ মিউনিখ দখল কৰিছিল,সেই বছৰে ভি দি সভাৰকাৰে ‘হিন্দুত্ব’ শব্দটো উদ্ভাৱন কৰিছিল।তেওঁ লিখিছিল,”ভাৰতবৰ্ষ হিন্দুৰ ঠাই হ’বই লাগিব,ভাৰতীয় মানেই হিন্দু আৰু হিন্দু মানেই ভাৰতীয়, বাকী সকলো অনা-হিন্দু বিদেশী,যি ভাৰতৰ বাবে ভাবুকি।” যেনেকৈ জেঞ্চাৰে মুছলমান কেতিয়াও আমাৰ জীৱনৰ লগত একাত্ম হ’ব নোৱাৰে বুলি কৈছিল,তেনেকৈ সভাৰকাৰে কৈছিল,”মুছলমান প্ৰথম মুছলমানেই,শেষটো মুছলমানেই,কেতিয়াও ভাৰতীয় নহয়।” যেনেকৈ জেঞ্চাৰে যিকোনো মুছলমান কাইলৈ জেহাদী হ’ব পাৰে কৈছিল,তেনেকৈ সভাৰকাৰে মুছলমান ভাৰতৰ বাবে ভাবুকি আৰু ইহঁতক সদায় লক্ষ্য ৰাখিব লাগে বুলি কৈছিল। ভাৰতৰ মুছলমানক সভাৰকৰে এইদৰে ভাবুকি দিছিল,”আমি হিন্দু সকল যদি শক্তিশালী হওঁ,তেন্তে এই মুছলমানসকল জাৰ্মানীত ইহুদীসকলৰ দৰে অৱস্থা হ’ব।” ১৯২৫ চনত হিটলাৰে ‘মেইন কাম্ফ’ প্ৰকাশ কৰিছিল, কে বি হেডগেয়াৰে আৰ এছ এছ গঠন কৰিছিল,একমাত্ৰ সভাৰকাৰৰ লক্ষ্যক বাস্তৱলৈ পৰিণত কৰাটোৱেই আৰ আৰ এছৰ প্ৰাথমিক লক্ষ হ’ব বুলি কৈছিল। তেওঁ কৈছিল ‘নাৰ্জীৰ বাবে জাৰ্মানী আৰু হিন্দুৰ বাবে ভাৰতবৰ্ষ।’ ১৯২৭ত আৰ এছ এছৰ অন্য এজন প্ৰতিষ্ঠাতা বি এছ মনজিযে কৈছিল,”আৰ আৰ এছ হ’ব হিন্দুৰ পুনৰোত্থান বাহিনী।” হিটলাৰ আদৰ্শ নিচিনাকৈয়ে হিন্দুক একত্ৰিত কৰা কথা কৈছিল। এম এছ গোৱালকৰে কৈছিল যে হিন্দুৰ ঐতিহ্যকলৈ গৌৰৱ  কৰা জনহে আচল দেশপ্ৰেমিক,বাকীবোৰ বিশ্বাসঘাটক, দেশদ্ৰোহী আৰু দেশৰ শত্ৰু। যেতিয়া ১৯৩৫ত হিটলাৰে নুৰেমবাৰ্গ আইনৰ দ্বাৰা ইহুদীসকলৰ নাগৰিকত্ব কাঢ়ি নিছিল,তেতিয়া সভাৰকাৰে কৈছিল,”এখন দেশ সংখ্যাগৰিষ্ঠৰ দ্বাৰাহে গঠিত হয়,তেনেস্থলত ইহুদী সকল জাৰ্মানীত কি কৰিবলৈ আছিল? সংখ্যালঘুক খেদাই পঠাবই।( A nation is formed by a majority living theirin. What did the Jews do in Germany?) গোলৱালকাৰে লিখিছিল,” To keep up the purity of race and its culture, Germany shocked the world by her purging the country of the Semitic races – The Jews. Race pride at its highest has been manifested here.” তেওঁ আৰু লিখিছিল,”Germany had set good example by showing how it was supposedly ‘impossible’ for different ‘ races & cultures’ to be assimilated into one united whole” তেওঁ হিটলাৰৰ নীতিক সমৰ্থনত কৈছিল,”Nazi policy towards the Jews as a good lesson for us in Hindustan to learn and profit by” ভাৰতবৰ্ষত থাকিবলৈ হিন্দু হ’বই লাগিব,অন্যথা মৰিব লাগিব বুলিও আৰ এছ এছৰ বিভিন্ন গ্ৰন্থত লিখা আছে।হিটলাৰৰ অহংকাৰ দৰ্পচূৰ্ণ হ’ল,কিন্তু সেই হিটলাৰৰ কামকাজক সমৰ্থন কৰা আৰ এছ এছ আৰু তাৰ ৰাজনৈতিক শক্তি বিজেপি আজিও আমাৰ মাজত থাকি গ’ল।  মুছলমান বিদ্বেষী,হিন্দুৰ কাল্পনিক কাহিনীক ইতিহাসলৈ পৰিৱৰ্তন কৰিবলৈ এচামে অহৰহ প্ৰচেষ্টা কৰিবলৈ অসংখ্য আলোচনী আজি প্ৰকাশ হৈ আছে। অসমতো কেইবাখনো,লগতে এজন তথাকথিত জ্যেষ্ঠ সাংবাদিকৰ সম্পাদনাত তেনে আলোচনী প্ৰকাশ হৈ আছে। সকলোতে বহুসংস্কৃতিবাদী ঠাইত অকল হিন্দু ধর্মৰ আধাৰত তথাকথিত ‘হিন্দুত্ব’ স্থাপনেই মূল কথা।আমাৰ শান্তি শৃংখলাৰে অতিবাহিত কৰা বহু সাংস্কৃতিক বহু ধাৰ্মিক সমাজখন থান-বান কৰিবলৈ ফিল্ডত আৰ এছ এছে অহৰ্নিশে দু:চেষ্টা কৰি আছে।ৰাইজ সাৱধান হ’বৰ হ’ল,আৰ এছ এছ আৰু সিহঁতক পোহ-পাল দিয়া শক্তিক উৎখাত কৰিবই লাগিব। অন্যথা কিন্তু এই আৰ এছ এছে ভাৰতক দ্বিতীয় পাকিস্তানলৈ সলনি কৰিহে এৰিব।

Related Articles

Check Also

Close
Close