ভেলেন্টাইন ডে’ উদযাপন”

পৰিস্মিতা বৰদলৈ

উন্মেষা গুৱাহাটীৰে ছোৱালী৷এখন অৱস্থাপন্ন ঘৰৰ জীয়ৰী উন্মেষাৰ জীৱনটো সম্পৰ্কে ধাৰণা একেবাৰেই সৰল৷দুখ,কষ্ট,দাৰিদ্ৰতা,অভাৱে কোনোদিনে সংস্পৰ্শ নকৰা এটা আৰামদায়ক বিলাসী জীৱন যাপনৰ অধিকাৰী তাই৷মহানগৰীৰে প্ৰখ্যাত ব্যৱসায়ী ৰাজদ্বীপ বৰুৱাৰ একমাত্ৰ দুহিতা উন্মেষা৷কিন্তু এই উন্মেষাৰে প্ৰেমাস্পদ ডাঃ অভিজ্ঞান ভূঞা এটা অনাৰম্বড়পূৰ্ণ সহজ সৰল জীৱন যাপনৰ অধিকাৰী৷পেচাত চিকিৎসক টকা পইছাৰ ক্ষেত্ৰত অভাৱ তেওঁৰো নাই যদিও অনাহক বিলাসী জীৱন এটা কটোৱাৰ পৰিপন্থী তেওঁ৷ইয়াকে লৈ পিছে উন্মেষা আৰু অভিজ্ঞানৰ মাজত কোনোদিনেই বিবাদ হোৱা নাই৷দুয়ো নিজৰ নিজৰ জীৱন প্ৰণালী স্বাধীনচিতীয়া ভাৱে পালনৰ ক্ষেত্ৰত কোনো এজনেই  হেঙাৰ হ’ব নোখোজে আনজনৰ৷এনেকৈয়ে সিহঁতৰ দিনবোৰ গৈ আছে৷
 উন্মেষাৰ অভিজ্ঞানৰ ওচৰত এটাই মাথো আপত্তি৷সেইটো হৈছে ১৪ ফেব্ৰুৱাৰীৰ দিনা সমগ্ৰ বিশ্বজুৰি “ভেলেন্টাইন ডে” উদযাপিত হয়৷তাইৰে বন্ধু বৰ্গ সকলোৱেই নিজৰ নিজৰ প্ৰেমাস্পদৰ লগত দিনটো বিভিন্ন ধৰণেৰে উদযাপন কৰে৷ৰেষ্টুৰেন্ট,পাৰ্ক,কেন্দেল লাইট ডিনাৰ,আউটিং,ডেটিং,শ্বপিং,কেক কাটিং আদিৰ লগতে বিভিন্ন উপহাৰৰ আদান প্ৰদানৰ পয়োভৰতা তাই দেখা পাইছে৷যদিও এই বিশেষ দিনটোৰ শিপা ডাল পশ্চিমীয়া দেশসমূহৰ পৰা আহিছে তথাপি ইয়াৰ জনপ্ৰিয়তা ভাৰততো,অসমতো আজিকালি বৃদ্ধি পাব ধৰিছে৷বিশেষকৈ ভেলেন্টাইন ডেৰ এসপ্তাহমান আগৰেপৰা  মহানগৰীৰ বিভিন্ন সৰু ডাঙৰ ষ্টলবোৰ,শ্বপিং মলবোৰ সজাই পৰাই তোলা হয়৷
উন্মেষা আধুনিকা৷তাইৰো নিজৰ প্ৰেমাস্পদৰ লগত ভেলেন্টাইন ডেৰ দিনা অলপ বিশেষভাৱে কটাবলৈ মন যোৱাটো একো অস্বাভাৱিক নহয়৷কিন্তু ডাঃ অভিজ্ঞান ভূঞাৰ মতে প্ৰেমৰ বাবে এটা বিশেষ দিনৰ প্ৰয়োজন নাই৷প্ৰেমৰ দিন উদযাপনৰ প্ৰাসংগিকতা ক’ত যিহেতু ভালপোৱাই আমাক প্ৰতিদিন,প্ৰতিমুহূৰ্ততে আৱৰি ৰাখিছে৷তাৰ অকাট্য যুক্তিৰ ওচৰত তাই হাৰ মানে আৰু মানি লয় তাৰ কথাৰ গভীৰতা৷ইমানখিনি বুজাপৰা তাইৰো আছে৷
পিছে এইবাৰ শেনৰ এজাত৷তাইক আচৰিত কৰি ডাঃ অভিজ্ঞান ভূঞাই  ভেলেন্টাইন ডে উদযাপনৰ প্ৰস্তাৱ ডাঙি ধৰে তাইৰ আগত আৰু তায়ো সেইমতেই সাজু হয় আবেলিপৰলৈ৷তাৰ পৰিকল্পনা মতে তাইকে সি কৰা মেডিকেলৰ ওচৰলৈ মাতি পঠিয়ায়৷কিয়নো পেচেন্টৰ সময়ৰ লগত তাৰ ব্যক্তিগত সময়ৰ তাল মিলাই সি চলিবই লাগিব৷তাই বুজি পায় ইমানখিনি৷তাই তাৰ প্ৰিয় আকাশী ৰঙৰ লং গাউনটো পিন্ধি চকুৰ পতাত পাতল  নীলা ৰঙৰ আইশ্বেডো আৰু মুখত সামান্য প্ৰসাধন কৰি ঘৰৰ পৰা ওলাই যায়৷নীলা পৰী এজনীৰ দৰে লাগে তাইক৷বাটতে ৰঙা গোলাপৰ তোড়া এটা লৈ লয় তাই৷কিন্তু লুকুৱাই ৰাখে সেইটো ডাঙৰ বেগটোৰ ভিতৰতে৷জীৱনত প্ৰথমবাৰৰ বাবে এইদৰে ভেলেন্টাইন ডে পালন কৰিবলৈ আহিছে৷মনটো কিবা এক ভাললগা অনুভূতিৰে উপচি পৰে তাইৰ৷মেডিকেলৰ গেটৰ ওচৰতে অভিজ্ঞানক তাৰ গাড়ীখনৰ কাষতে ৰৈ থকা দেখা পায়৷তাইক দেখি সি হাত জোকাৰে৷তায়ো আগবাঢ়ি যায়৷এইবাৰ তাই ড্ৰাইভিং চিটৰ কাষৰ চিটটোত বহি পৰে৷গাড়ীখনে গতি কৰে আৰু এটা সময়ত আহি “হলি অৰফেনজ্ হোম”ৰ সমুখত ৰয়হি৷তাই একো বুজি পোৱাৰ আগতেই সি নামি আহি পিচৰ চিটত অনা মিঠাই আৰু ফলমূল বোৰ লৈ আগবাঢ়ি যায়৷আশ্চৰ্যাম্বিত তাই মন্ত্ৰমুগ্ধৰ দৰে তাক অনুসৰণ কৰে আৰু অভিজ্ঞানে মিঠাই আৰু ফলমূল বিলাই দিয়া ল’ৰা ছোৱালীবোৰৰ মাজত তায়ো লুকুৱাই নিয়া গোলাপৰ তোড়াটোৰ পৰা এপাহ এপাহকৈ গোলাপ ফুল উলিয়াই প্ৰত্যেকটি শিশুৰ হাততে তুলি দিয়ে৷তাই অনুভৱ কৰে জীৱনৰ প্ৰথম ভেলেন্টাইন ডে উদযাপনৰ দিনটো তাইৰ বাবে শ্ৰেষ্ঠ ও চিৰস্মৰণীয় হৈ ৰ’ব৷অভিজ্ঞানৰ দৰে মানৱপ্ৰেমৰ দীক্ষাৰে দীক্ষিত মানুহ এজনক প্ৰেমাস্পদ হিচাপে পাই তাই নিজৰ জীৱনটো ধন্য হৈ যোৱা যেন অনুভৱ হয়৷তাই ঘূৰি আহোতে তাৰ হাত এখনত জোৰেৰে খামুচি ধৰে৷গভীৰ প্ৰত্যয়েৰে সি তাইৰ দুচকুলৈ চায়৷দুয়ো পৰস্পৰক বুজি উঠে আৰু এইবাৰৰ ভেলেন্টাইন ডেৰ দৰে প্ৰত্যেকবাৰেই এনেকুৱা মানৱপ্ৰেমৰ বাবে কিবা এটা কৰাৰ বাবে দুয়ো মনে মনে বদ্ধপৰিকৰ হয়৷

Related Articles

error: Content is copy right protected !!
Close