ভূপেন হাজৰিকা আৰু লুইত–ৰেজাউল কৰিম

নদী হৈছে সংস্কৃতিৰ বোৱঁতী সুঁতি। নদীৰ পাৰতে পৃথিৱীৰ পুৰণি সভ্যতা গঢ়ি উঠিছে। বাস্তৱিকতে নদী হৈছে সংস্কৃতিৰ আয়ুস ৰেখা। নদীয়ে যিদৰে জীৱন গঢ়ে একেদৰে প্ৰাণ হৰেও। বোৱঁতী পানী এচলুৰ মাজতে এটা জাতিয়ে নিজৰ প্ৰতিচ্ছবি দেখিবলৈ পায়। নৈপৰীয়া মানুহ সেই বাবে ধন্য। অসমীয়া জাতি জন্মগতভাৱেই সম্পদশালী। অসমীয়া সংস্কৃতিৰ প্ৰাণ হৈছে নদী আৰু সেউজীয়া প্ৰকৃতি। বৰলুইত, লুইত, বুঢ়ালুইত অথবা ব্ৰহ্মপুত্ৰ অসমীয়া জাতিৰ প্ৰাণ। অসমৰ সোঁ-মাজেৰে বৈ যোৱা লুইতেই গঢ়িছে পলসৰ কোষে কোষে বিচিত্ৰ সংস্কৃতিৰ বাৰে-ৰহণীয়া স্মাৰক। কবি, সাহিত্যিক, গীতিকাৰ, চিত্ৰকৰ কোনেও আজি লুইতক স্মৰণ নকৰাকৈ থাকিব নোৱাৰে। সেইবাবেই সুযোগ্য মাতৃৰ সুযোগ্য সন্তানৰ দৰে ভূপেন হাজৰিকায়ো লুইতক সৃষ্টিৰ চেৰাশালি হিচাপে গণ্য কৰি আহিছে। সংস্কৃতিৰ ৰাষ্ট্ৰদূত অসমৰ বৰসন্তান ভূপেন হাজৰিকাৰ লুইতৰ সৈতে সম্পৰ্ক অতি নিবিড়। শদীয়া, ধুবুৰী, তেজপুৰ, গুৱাহাটী সকলোতে ভূপেন হাজৰিকাই লুইতক অতি ওচৰৰপৰা পাইছে। লুইতক লৈ যিমান কল্পনা কৰিব লাগে তাতোকৈ অধিক নিকট সম্বন্ধ আছিল ভূপেন হাজৰিকাৰ। সেইবাবে লুইতৰ গহীন-গম্ভীৰ ৰূপৰপৰা সংহাৰী ৰূপলৈ সকলোতে ভূপেন হাজৰিকাৰ সম্বন্ধ আছিল অতি নিবিড়। লুইতক গালি পাৰিবলৈ হ’লে প্ৰথমে ভালো পাব শিকিব লাগিব। লুইতক অভিশাপ বুলি ক’বলৈ সাহস গোটোৱাৰ আগত আশীৰ্বাদৰ ৰূপো উপলব্ধি কৰিব লাগিব। ভূপেন হাজৰিকা আৰু লুইতৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰিব খোজাটো এটা ধৃষ্টতা। কাৰণ, ভালপোৱাক বৰ্ণনাৰে জীপাল আৰু ৰসাল কৰিব পাৰি যদিও উপলব্ধি আৰু অনুভূতিৰ প্ৰকৃত প্ৰকাশ সম্ভৱ নহয়। লুইতখন দেখিবলৈ কেনেকুৱা বাৰু? এই প্ৰশ্নৰ উত্তৰো মন আৰু মানুহ ভেদে ভিন্ন হ’ব। কাৰণ, কোনোবাই খৰালি কালৰ জীৰ্ণ-শীৰ্ণ লুইতখন দেখি দিব খোজা বৰ্ণনা আৰু আন কোনোবাই ভৰ বাৰিষাৰ সংহাৰী ৰূপৰ লুইত দেখি দিব খোজা বৰ্ণনা কেতিয়াও একে নহয়। একেদৰে ধুবুৰীৰ নেতাই ধুবুনী ঘাটত দেখা লুইতৰ চেহেৰা আৰু ফাঁচীবজাৰৰ লুইতৰ চেহেৰা একে নহয়। এজন মানুহৰ দৃষ্টিয়ে সাঙুৰি লোৱা দূৰত্বৰ লুইতৰ বৰ্ণনাও ভিন ভিন। সেয়ে, লুইতক চাবলৈ আৰু লুইতৰ দেহৰ ভাঁজ উপলব্ধি কৰিবলৈ নীলা আকাশৰ ওপৰৰপৰাহে চাব লাগিব। ভূপেন হাজৰিকাই ‍‘আকাশী যানেৰে…’ বোলা গীতটোত তেজপুৰলৈ আহি থাকোতে ওপৰৰপৰা লুইতৰ অৱয়ৱ দেখি এনেদৰে কৈছিল—

‘…অকোৱা-পকোৱা গামোচা এখন

যেন বালিত মেলি থোৱা আছে

সেইখন গামোচা বৰহমপুত্ৰ

শীততে ৰ’দহে পুৱাইছে…’

এৰা, শীতৰ বালিচৰত মেলি থোৱা অকোৱা-পকোৱা গামোচাখনৰ দৰে দেখিবলৈ আমাৰ প্ৰাণৰ লুইতখন।

এইখন লুইতৰ পাৰত যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল তেতিয়া বিশ্ববিদ্যালয়খনৰ গুণ-গৰিমা গাবলৈ ভূপেন হাজৰিকাই কৈছিল, গাইছিল আৰু লিখিছিল, ‍‘জিলিকাব লুইতৰে পাৰ…’। লুইত অসমৰ গৌৰৱ, অসমৰ ঐশ্বৰ্য। এই লুইতক যদি কোনোবাই মহীয়ান কৰি ৰাখিব লাগে তেনেহ’লে গুৱাহাটী বিশ্ববিদ্যালয়েই ৰাখিব। এতিয়া এই লুইতৰে পাৰত গঢ়ি উঠিছে আই. আই.টি.খনো। জানিয়ে হওক অথবা অজানিতেই হওক গুৱাহাটী বিশ্ববিদ্যালয়ৰ কান্ধত লুইতৰ বুকু গর্বত ওফোন্দাই ৰখা দায়িত্বও পৰিছে।

লুইতৰ সৌন্দৰ্য বাৰু কেনেকুৱা? প্ৰকৃতিৰ সৌন্দৰ্য যেনেদৰে ঋতুভেদে ভিন ভিন হয় একেদৰে দিন-ৰাতিৰ সময়ভেদেও ভিন ভিন হয়। দিনান্তৰ পৰিশ্ৰমৰ পাছত ঘৰমুখী চৰাইজনীয়ে আবেলি বেলিটোৰ হেঙুলীয়া ৰং সানি লয়। চৰাইজনী হৈ পৰে কাব্যিক বৰ্ণনাৰ পাত্ৰ। ভূপেন হাজৰিকায়ো আবেলিৰ সূৰুয পোহৰত লুইতক মহাকাব্যিক কৰি তুলিছে এনেদৰে—

অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী

বৈয়ে যায়, বৈ যায় বৈ যায়।

কোন সুন্দৰৰ শিল্পীয়ে পদুম ফুলৰ নাৱেৰে

ময়ূৰ পংখী ৰহণবোৰ দিয়ে ছটিয়াই।

নৈৰ সৈতে মানৱ প্ৰেমৰ সম্পৰ্ক প্ৰাচীন। লুইত আৰু প্ৰেম অসমীয়া সমাজৰ আন এক অনন্য ৰূপ। বিহু, বনভোজ, বিৰিণা, কঁহুৱা, সকলোতে আছে প্ৰেমৰ মিঠা মিঠা আমেজ। লুইতত সাঁতোৰাৰো আছে প্ৰেমৰ অমল উৎস। ভূপেন হাজৰিকাই প্ৰেমিকাক মনত পেলাই দিছিল লুইতত সাঁতোৰাৰ কথা। তাকো ভৰা লুইত নহয়। বহাগ মাহৰ লুইতহে। লুইতৰ অনেক সৌন্দৰ্যৰ লগত বহাগৰ লুইতৰ সৌন্দৰ্যও নিশ্চয় অতি আৱেগ সনা। সেই বাবে তেওঁ গাইছিল—

বহাগ মাহৰ লুইতখনিত

দুয়ো সাঁতোৰা মনত আছে।

নদীয়ে নদীৰ কাষলৈ যায়। আৰু বিলীন হয় সাগৰ, মহাসাগৰত। কিন্তু যি ব্যক্তিয়ে মহাসাগৰৰ সান্নিধ্য লাভ কৰে সেই ব্যক্তি হৈছে বিশ্ব মানৱ। মানৱ সভ্যতাত সেই বাবে ভূগোলে প্ৰাচীৰ হৈ থিয় দিব নোৱাৰে। ভূপেন হাজৰিকা লুইতপৰীয়া হ’লেও মিচিচিপি, ভল্গা, গংগা, যমুনা, পদ্মা কোনো কালেও তেওঁৰ পৰ নাছিল। সেই বাবে তেওঁ লুইত আৰু পদ্মাৰ যুগলবন্দী সৃষ্টি কৰিছিল এনেদৰে—

‘লুইততে নাও মেলিও পদ্মাত ভাটিয়ালি ৰচো।

ৰাজহংস পাখি মেলি অ’ মই দুই নদীতে নাচো

একে প্ৰেম একে আশা একে হাঁহি একে ভাষা

সুখ-দুখৰ বুকুৰ মাজত একেই যন্ত্ৰণা।’

অসমৰ সকলো জনগোষ্ঠী মিলি বৰঅসম গঢ়ি উঠিছে। সেই বৰঅসমৰ এনাজৰীডাল কোনে বান্ধি ৰাখিছে বাৰু? পাহাৰ, ভৈয়াম পৃথক পৃথক হৈ গ’লেও অসমীয়াৰ সংজ্ঞাৰ সলনি হ’লেও আশাৰ শেষ ৰেঙণিকণ এতিয়াও লুইতৰ বুকুতে দেখা যায়। সেই বাবে ভূপেন হাজৰিকাই—

‘মই অসমৰ, মই ভাৰতৰ

ময়ে ডেকা ল’ৰা অগ্নিগড়…’

বুলি কৈ অসমৰ সকলো জাতি জনগোষ্ঠীক বৰ লুইতত একাকাৰ কৰি দিছে। সেই বাবেই তেওঁ কৈছিল–

‍‘মই কত পর্বতৰ কত ভৈয়ামৰ

কত শত নিজৰাৰ ধাৰ

হিল-দল ভাঙি বৈ আহি আহি

বৰ লুইতত হৈ যাওঁ একাকাৰ…’

জাতিৰ সংকট কালত মহাবাহুৰ গাত ভেজা দি ভূপেন হাজৰিকাই অসমীয়া জাতিটোৰ সাহখিনি সকলোৰে আগত দাঙি ধৰিছিল। তেতিয়াই চাগে’ তেওঁ মহাবাহুক মিলনৰ তীৰ্থ আখ্যা দিছিল।

মহাবাহু ব্ৰহ্মপুত্ৰ

মহামিলনৰ তীৰ্থ

কত যুগ ধৰি আহিছে প্ৰকাশি

সমন্বয়ৰ অৰ্থ।

কিন্তু লুইতৰ বিধ্বংসী ৰূপ অতি নিষ্ঠুৰ। সেই নিষ্ঠুৰতাই মানুহক নিঃস্ব কৰে; সৰ্বহাৰা কৰে। তেতিয়া লুইত হৈ পৰে অভিশপ্ত। সেই অভিশপ্ত ৰূপক যাদুৰ কাঠিৰে সংযত কৰিব নোৱাৰি। বলিয়া হাতীক বশ কৰিবলৈ নিজেও হাতীৰ বল অৰ্জন কৰিব লাগিব। ভালপোৱাৰ কোমল চাৱনিক খঙৰ ৰঙা চকুলৈ ৰূপান্তৰ কৰিব লাগিব। হ’ব লাগিব খঙাল। ভূপেন হাজৰিকাই বলিয়া লুইতক লুইতৰ পাৰতে প্ৰত্যাহ্বান জনাইছিল এনেদৰে—

লুইতৰ বলিয়া বান

তই ক’লৈনো ঢাপলি মেলিছ?

………………

পানীৰ পাৰতে জনম আমাৰ

পানীয়েই পিতৃ শক্তি আমাৰ

……………….

তোৰ শক্তিক কাঢ়ি কাঢ়ি আনি তোকেই আমাৰ ভৃত্য কৰিম।

লুইত অসমীয়াৰ হৃদয়-ৰেখা। লুইতে ভাঙে, গঢ়ে, প্ৰেৰণা দিয়ে। প্ৰকৃতিৰ অনৱদ্য অৱদান অসমৰ লুইত। সৰু মাছমৰীয়াজনৰপৰা আৰম্ভ কৰি জনঅৰণ্যত বাস কৰা বিশাল ব্যক্তিত্বৰ লোকলৈকে সকলোৰে হৃদয় আন্দোলিত কৰে লুইতে। লুইতৰ পাৰত বহি সমুখলৈ চাই পঠিয়ালে জীৱনটো অৰ্থৱহ হৈ পৰে। সেই বাবে লুইত প্ৰেৰণাৰ উৎস। লুইতক ভালপোৱাজনে লুইতৰ পাৰতে ওৰেটো জীৱন কটাবলৈ আশা কৰে। ভূপেন হাজৰিকাৰো ইচ্ছা আছিল—

‘লৌহিত্যৰে বহল পাৰক প্ৰণিপাত কৰো।

জন্ম ল’লো ইয়াতেই, ইয়াতে যেন মৰো।’

 

Related Articles

Check Also

Close
Close