ভীষ্মৰ পকোৱা তৰাটো

কস্তুৰী চুতীয়া

গছৰ আগত ওলমি আছে এটা পকোৱা তৰা
সময় : ভীষ্মৰ শৰশয্যা
 কঠুৱা আঙুলিৰ বিধাতাই তৰোটোৰ চুলিটাৰি জোকাৰি দিছে
সৰসৰকৈ সৰিছে চকুপানী
শেঁতা, উজ্জ্বল , খঙাল অথবা অভিমানী ঋতু
তৰাবোৰে ৰং সলায়
প্ৰত্যেক মানুহে লগত লৈ আহে এটি পকোৱা তৰা
ঘড়ীয়ে আৱৰণ তৰে
ঘড়ীত নিভাৰণো হয়
 MCQ ত সকলোৰে খাটাত লিখা আছিল ইচ্ছামৃত্যু
বেলি চৰাইবোৰে ফুচুলাই তৰাবোৰ থয়
চিগাৰেটৰ ধোঁৱাই ব্লেকহোল সাজিছে
: ‘গিলি থওঁ ব’লা সমস্ত নীল’ ,
আমি শিৱৰ সন্তান
বৰফ  গলাৰ পৰত মানুহৰ ঘৰে ঘৰে
জৈৱিক জলকীয়াৰ খেতি
চাদৰ ফুটাৰে জুমি চায়
পকোৱা তৰাৰ চুলি
পাহাৰটোয়ে ফুচফুচাই ডাৱৰক কয় বুকুভঙাৰ ইতিহাস |
তোমাৰ আঙুলিটো মোৰ বুকুত থৈ
মইও নিৰ্ধাৰণ কৰিব পাৰোঁ
প্ৰেমত মৰিম নে বিৰহত !
মইও  ভীষ্ম…..
তুমিও হ’ব পাৰা ভীষ্ম যদিহে খুলি থৈ আহিব পাৰা
 উৎপাদন কোম্পানীৰ নামফলক ,
ব্ৰেণ্ডেড প্ৰসাধন,
আৰু সানি ৰখা পৰিকল্পিত যৌনতাৰ এক গ্ৰাম লিপষ্টিক
পকোৱা তৰাবোৰৰ পঘাবোৰ খুলি দিলেই
“মই ভীষ্ম,  মইয়ে শিৱ ” !
( বি.দ্ৰ. যিদিনা তুমি বিচাৰিব এৰিবা,  সেইদিনাই মই ধৰা দিম |)
Show More

Related Articles

Check Also
Close
Back to top button
error: Content is copy right protected !!