ভিন্ন জন, ভিন্ন মন : জীৱন তোমাক অভিবাদন

ভৱেশ শৰ্মা

অসম আৰু ভূটানৰ সীমান্তবৰ্তী এখন ভিতৰুৱা গাওঁত ঘৰ মানুহ জনৰ ।

খুবেই সাধাৰণ এজন মানুহ । পেশাত শিক্ষক । গাওঁ খনত থকা একমাত্র স্কুল খনতেই শিক্ষকতা কৰে।  তাৰ উপৰি ঘৰত অলপ অচৰপ খেতি বাতিও আছে । মানুহ জন কিন্তু খুবেই পৰিশ্ৰমী। স্কুলৰ চাকৰিৰ বাহিৰৰ সময় খিনিত তেখেতে খেতি পথাৰত কৃষি কামতেই সম্পূৰ্ণ ভাবে আত্মনিয়োগ কৰে ।

স্কুলৰ চাকৰি আৰু ঘৰৰ খেতি বাতিৰ জৰিয়তে টুকটাককৈ চলি গৈছিল মানুহ জনৰ সংসাৰ। মোটামুটিকৈ সুখী সংসাৰ বুলিবই পাৰি । সৰু এখন সংসাৰ । স্বামী স্ত্রী আৰু একমাত্ৰ পুত্র সন্তান । তিনিটা প্ৰাণী চলিবৰ কাৰণে বেছিনো কি লাগিছে !

একমাত্র সন্তানক লৈ মানুহ জন প্ৰবল আশাবাদী । সৰুৰে পৰাই সকলো ক্ষেত্রতে সন্তানটোৱে দিছিল অতি মেধা শক্তিৰ পৰিচয় । স্কুলৰ পৰীক্ষাত সি সদায়েই প্ৰথম হৈছিল । এই মেধাবী ছাত্র জনক লৈ স্কুলৰ শিক্ষক সকলৰ উপৰিও গাওঁৰ গোটেই ৰাইজ খনেই গৌৰব কৰিছিল । ডাঙৰ হৈ ভবিষ্যতে  সি নিজৰ পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোৰে যে নাম উজলাব সেই বিষয়ত কাৰো বিন্দুমাত্র সন্দেহ নাছিল ।

তেনেতে এদিন অকস্মাৎ মানুহ জনৰ সংসাৰলৈ নামি আহিছিল বিপদৰ কলীয়া ডাৱৰ। স্কুলৰ পৰা ঘূৰি আহাৰ পাচত লৰাটোৱে অলপ খোৰাই খোৰাই খোজ কাঢ়া দেখি মাকে প্ৰথমতে বিশেষ চিন্তা কৰা নাছিল । ভাবিছিল হয়তো স্কুলত লগৰীয়াৰ সতে দৌৰি ঢাপৰি খেলা মেলা কৰোতে কৰবাত কিবা দুখ পাইছে । লৰা মানুহৰ কথা । পাচত এনেয়ে ঠিক হৈ যাব ।

কিন্তু ঠিক নহল । লৰা জনৰ ভৰিৰ বিষটো ক্ৰমান্বয়ে বাঢ়ি আহা দেখি ৰাতিয়েই মানুহ জনে লৈ গল ১৫ কিলোমিটাৰ দূৰৈত থকা চৰকাৰী চিকিৎসালয় খনৰ একমাত্ৰ ডাক্তৰ জনৰ ওচৰলৈ।

এম.বি.বি.এচ. পাচ কৰি উঠি ভিতৰুৱা গাওঁত প্ৰথম চাকৰিত যোগদান কৰা ডেকা ডাক্তৰ জনে বেমাৰৰ লক্ষণ দেখি কৰা অনুমান একেবাৰে নিৰ্ভুল আছিল । বিনাবাক্যব্যয়ে ডাক্তৰে ৰোগীক গুৱাহাটীৰ জি.এন.আৰ.চি. হস্পিটেললৈ তৎকালেই লৈ যাবলৈ পৰামৰ্শ দিছিল ।

জি.এন.আৰ.চি. আহি পায় মানে লৰা জনৰ শৰীৰৰ নিম্নাংশৰ ভালেখিনি অকামিলা হৈ পৰিছিল ।অভিজ্ঞ  চিকিৎসক ডা: নোমল বৰা চাৰে বেমাৰৰ লক্ষণ শুনিয়েই ৰোগ ধৰা পেলাইছিল । তেখেতে নিজে লৰা জনৰ চিকিৎসাৰ তত্বাবধান কৰিছিল ।

ঘটনা চক্ৰত সেই সময়ত মই আহি গুৱাহাটীত উপস্থিত হৈছিলো । মই তেতিয়া ভাৰতীয় তেল নিগমত ডিগবৈত কাম কৰি আছো।এই অসহায় পিতৃ জনৰ নিঠৰুৱা অবস্থাটো দেখি মোৰ অন্তৰ দহি গৈছিল। আশংকা আৰু দুশ্চিন্তাৰ লগতে আৰ্থিক সংকটেও তেখেতক খুলি খুলি খাইছিল । মোৰ ফালৰ পৰা দহ হাজাৰ টকা দি তেখেতক সহায় কৰাটো বৰ এটা ডাঙৰ কথা নাছিল ।

বেমাৰ আজাৰৰ একো ভূ ভা নোপোৱা পিতৃ জনে ডাক্তৰ আৰু ভগবানকে ধিয়াই হস্পিটেলৰ কৰিডৰৰ এটা চুকত প্ৰস্তৰ মূৰ্তিৰ দৰে বহি ৰৈছিল ।

সেই সময়ত তাত কাম কৰি থকা মোৰ বন্ধু ডা: অনিল পান্নালাল আৰু নোমল বৰা চাৰৰ লগত মই নিজে কথা পাতিছিলো । গম পাইছিলো — এইটো এটা বিশেষ ধৰণৰ পেৰালাইছিচ । শৰীৰৰ কোনো এটা অংশত আৰম্ভ হোৱাৰ পাচত দ্ৰুত গতিত শৰীৰৰ আন অংশলৈ বিয়পে। আন কথাত কবলৈ গলে শৰীৰটো এফালৰ পৰা মৰি মৰি আহে । ওপৰৰ জনাৰ বাহিৰে আন কোনেও ইয়াক প্ৰতিহত কৰিব নোৱাৰে ।

উপায়হীন হৈ আমি সকলোৱে ওপৰৰ জনাক প্ৰাৰ্থনা কৰিছিলো লৰাটোক কেনেবাকৈ বচাই দিয়ক বুলি ।

আমাৰ প্ৰাৰ্থনা অৰণ্য ৰোদনত পৰিণত হৈছিল ।

নিজৰ খেতি পথাৰ খনৰ এটা কোণত মানুহ জনে নিজ হাতে নিজৰ একমাত্ৰ পুত্রৰ নিথৰ দেহটো চিৰ দিনৰ বাবে শুৱাই দিছিল ।

সেয়া আজি বহুত বছৰ আগৰ কথা । ইতিমধ্যে মানুহজনে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিলে । শৰীৰো যথেষ্ট দুৰ্বল হল । দুৰ্বল দেহাৰেই সিদিনা হঠাতে মোৰ ঘৰ আহি ওলাল । নানা কথা পাতিলো যদিও সেই পুৰণি নিদাৰুণ প্ৰসংগৰ পৰা মই ইচ্ছা কৰিয়েই আতৰত থাকিলো ।

বিদায় লবৰ পৰত মানুহ জন যেন সহজ হব পৰা নাছিল । কিবা কথা কও কও বুলিও যেন মোক কব পৰা নাছিল — তেনেকুৱাহে ভাব হৈছিল মোৰ ।

মোৰ অনুমান ঠিকেই আছিল । বিদায় লোৱাৰ পাচত আমাৰ গেট খনৰ পৰা মানুহ জন মোৰ ওচৰলৈ ঘূৰি আহিছিল । নিজৰ হাত দুখন মোৰ কান্ধৰ ওপৰত থৈ বৰ কৰুণ স্বৰত কৈছিল –“বৰ মইনাক বচাবলৈ তইও কম চেষ্টা কৰা নাছিলি । কি কৰিবি ! মোৰেই দুৰ্কপাল ।”

শোকে মানুহ জনৰ অন্তৰত খুন্দা মাৰি ধৰিছিল। তেখেতে আৰু একো কব পৰা নাছিল । মোৰ হাতত কিবা কাগজ এখন গুজি দি তেখেতে তলমূৰ কৰি লৰালৰিকৈ আতৰি গৈছিল ।

দুৰ্বল দেহৰ এই মানুহ জনৰ অবস্থাটো দেখি মোৰ অন্তৰ খনেও হাহাকাৰ কৰি উঠিছিল । তেখেতে দি যোৱা কাগজ খন মই খুলি চাইছিলো । চাই মই থৰ লাগিছিলো ।

কাগজ খনৰ ভিতৰত আছিল পাচ খন দুহাজাৰ টকীয়া নোট । অৰ্থাৎ দহ হাজাৰ টকা ।

Related Articles

Check Also

Close
Close