ভাৰ্চুৱেল ৰিয়েলিটি

অঞ্জন শৰ্মা

নাটকৰো নাটকীয় পৰিৱৰ্তন!
ভাৰ্চুৱেল ৰিয়েলিটি নাটক

বিশ্বপ্ৰসিদ্ধ লেখক আৰ্থাৰ চি. ক্লাৰ্ক মহোদয়ে ‘ভাৰ্চুৱেল ৰিয়েলিটি'(virtual reality) সম্পৰ্কে এনেদৰে কৈছে – “১৯৯৫ চনত ‌The City and The Stars নামৰ গ্ৰন্থত সন্নিবিষ্ট কৰা ভাৰ্চুৱেল ৰিয়েলিটি অধ্যায়টোত মই ‘ভি-আৰ'(VR)-অক বিলিয়ন বছৰ ভৱিষ্যতত স্থান দিছিলো….. কিন্তু আশ্বৰ্যকৰভাৱে গৱেষণা কেন্দ্ৰ সমূহত‌ ইতিমধ্যেই‌ ইয়াক লৈ বিশ্বজুৰি পৰীক্ষা-নিৰীক্ষা আৰম্ভ হৈ গ’ল –যিদৰে ত্ৰিছৰ দশকত দূৰদৰ্শনক লৈ হৈছিল। অহা এটা প্ৰজন্মৰ ভিতৰতেই ভাৰ্চুৱেল ৰিয়েলিটিয়ে আমাৰ বাসগৃহবোৰত দূৰদৰ্শনৰ দৰেই প্ৰৱেশ কৰিব আৰু ই মাথো দূৰদৰ্শনৰ বিকল্প হৈয়েই নাথাকিব, বৰং ভি-আৰে দূৰদৰ্শনক জীৱন্ত গ্ৰাস কৰিব।

আৰ্থাৰ চি. ক্লাৰ্কৰ কথাখিনি নিঃসন্দেহে তাৎপৰ্যপূৰ্ণ। কৃষি বিপ্লৱ, শিল্প বিপ্লৱ সংঘটিত হৈ যোৱা বিশ্বখনক তৃতীয়টো বিপ্লৱ – তথ্য-প্ৰযুক্তি-যোগাযোগ বিপ্লৱে ছানি পেলোৱাৰ পটভূমিত অদূৰ ভবিষ্যতে বিশ্বখনৰ যিবোৰ ক্ষেত্ৰ অতি আকৰ্ষণীয় হৈ পৰিব (কৰ্মসংস্থাপনৰ বিষয়টোও ইয়াৰ লগত জড়িত), তেনে দহটা ক্ষেত্ৰৰ চতুৰ্থ স্থানত বিশ্বখ্যাত আলোচনী Time-এ স্থান দিছে ভাৰ্চুৱেল ৰিয়েলিটি অভিনেতাক। বিভিন্ন ক্ষেত্ৰত প্ৰযুক্তিবিদ্যাৰ নিত্য নতুন উদ্ভাৱন আৰু প্ৰয়োগে যিদৰে কল্পনাতীত পৰিৱৰ্তনৰ সূচনা কৰিছে, মঞ্চ-বোলছৱি-অভিনয়ৰ জগতখনতো তাৰে প্ৰভাৱ বাৰুকৈয়ে পৰিছে। শৈশৱৰ পৰা কৈশোৰলৈ, কৈশোৰৰ পৰা এতিয়ালৈ আমি ‘নাটক’ বুলিলে যি বুজিছিলো, বৰ্তমানেও যি বুজি আছো, অদূৰ ভবিষ্যতে সেইবোৰ হয়তো হৈ পৰিব ‘বুঢ়ী আইৰ সাধুকথা’। যোগাযোগৰ ক্ষেত্ৰখনৰ পিনে চালেই সেয়া উপলব্ধি কৰিব পাৰি।সেই পৰিৱৰ্তনৰ ফলতেই নাটক-অভিনয়ৰ জগততো পৰিৱৰ্তনৰ বতাহ বলিবলৈ আৰম্ভ কৰিছে।

উদাহৰণ স্বৰূপে ক’ব পাৰি — পাশ্চাত্য সঙ্গীতৰ মুকুট বিহীন সম্ৰাজ্ঞী মেডোনা বা শ্বাকিৰা, আৰু জ্যোতিৰ্বিজ্ঞানী কাৰ্ল চাগানক একেলগে  আটা-ময়দাৰ দৰে সানি-পুটুকি এজন ব্যক্তি তৈয়াৰ কৰা হয় (দুয়োপক্ষৰ গুণ অটুত ৰাখি)- তেওঁৰ নাম হ’ব ইটালীৰ বিজ্ঞানী তথা সংগীতপ্ৰেমী ফিঅ’ৰেলা টেৰেঞ্জী। তেওঁ ১৮০ নিযুত আলোকবৰ্ষ (১ আলোকবৰ্ষ = ১ ছেকেণ্ডত ২৯৯৭৯৩ কিলোমিটাৰ বেগেৰে গতি কৰি , অৰ্থাৎ পোহৰৰ বেগেৰে গতি কৰি, এবছৰত অতিক্ৰম কৰা দূৰত্ব। উল্লেখযোগ্য যে ১৮৫০ চনত পোহৰৰ গতিবেগ ঠাৱৰ কৰা হৈছিল ছেকেণ্ডত ৩০০৯৩৯ কিলোমিটাৰ; কিন্তু পিছলৈ উন্নত যন্ত্ৰ-পাতিৰে পৰীক্ষা কৰি দেখা গৈছে যে পোহৰৰ গতিবেগ ছেকেণ্ডত ২৯৯৭৩৯ কিলোমিটাৰ। এই কল্পনাতীত দূৰত্বক আকৌ ১৮০ নিযুতেৰে পূৰণ কৰিব লাগিব!) দূৰৈৰ হাতীপটিৰ ৰেডিঅ’ ঢৌ-সমূহ অডিঅ’ দূৰবীণৰ সহায়ত কৰায়ত্ব কৰি সেই ৰেডিঅ’ ঢৌ-বোৰ  কম্পিউটাৰত সুমুৱাই ‘ছাউণ্ড চিন্হেচিছ্ প্ৰগ্ৰেম’ৰ সহায়ত আহৰিত ৰেডিঅ’ ঢৌ-বোৰৰ ‘ডাটা’বোৰ সংগীতলৈ ৰূপান্তৰিত কৰিছে আৰু এই সংগীতৰ নামাকৰণ কৰিছে –‘Music from the Galaxies'( হাতীপটিৰ সংগীত)!

জাৰগন্ লেনিয়েৰ হ’ল এগৰাকী ভাৰ্চুৱেল ৰিয়েলিটি শিল্পী (প্ৰকাৰন্তৰে বাস্তৱিক শিল্পী)। আমেৰিকাৰ চিকাগো, কানাডাৰ টৰ’ন্টো আৰু অষ্ট্ৰিয়াৰ লিঞ্জৰ প্ৰেক্ষাগৃহত ঠাহ খাই থকা দৰ্শকৰ সন্মুখত তেওঁ পৰিৱেশন কৰিছিল ‘The sound of one hand’ নামৰ ভাৰ্চুৱেল ৰিয়েলিটি সংগীতানুষ্ঠান। অতি উন্নত প্ৰযুক্তিৰ সহায়েৰে ‘প্ৰকাৰন্তৰে বাস্তৱ’ বুলি ভাব হোৱা এখন ‘ভাৰ্চুৱেল জগত’ প্ৰেক্ষাগৃহত বহি থকা দৰ্শকৰ চৌপাশে সৃষ্টি কৰি লেনিয়েৰে দুচকুত বিশেষভাৱে নিৰ্মিত চশমা আৰু হাতত ‘Data Gloves’ পিন্ধি যেতিয়া অনুষ্ঠান পৰিবেশন কৰিছিল, দৰ্শকসকলেও অজানিতেই ‘চাইবাৰস্পেচ’ত সোমাই পৰিছিল আৰু লেনিয়েৰে যি যি দেখুৱাইছিল বা যি যি দেখিছিল তথা যি যি কৰিছিল –সেইবোৰ বাস্তৱিকতে দেখিছিল বুলি অনুভৱ কৰিছিল তথা কল্পনাৰ ৰাজ্যত বিচৰণ কৰিও বাস্তৱত বিচৰণৰ অনুভূতিৰ ভিত্তিত বিস্ময়াভিভূত হৈছিল; কিন্তু প্ৰকৃততে সেয়া আছিল ভাৰ্চুৱেল ৰিয়েলিটি ( মোদীয়ে দূৰণিৰ পৰা ভাষণ দি ৰাইজক বিস্ময়াভিভূত কৰাটোও এনেধৰণৰেই নেকি বাৰু?)! দৰ্শকৰ অনুভৱ হৈছিল –তেওঁলোক প্ৰেক্ষাগৃহত নাই, এখন বেলেগ পৃথিৱীত বিচৰণ কৰি আছে। ভি-আৰ শিল্পী লেনিয়েৰে কম্পিউটাৰৰ সহায়ত তেওঁ সৃষ্টি কৰা ভাৰ্চুৱেল যন্ত্ৰ (প্ৰকৃত যন্ত্ৰ নহয়, কম্পিউটাৰৰ দ্বাৰা সৃষ্ট মায়াৱী সংগীতৰ যন্ত্ৰ) বজাইছিল ডাটা গ্লোভছ পিন্ধি। সেই যন্ত্ৰ তিনিটা আছিল যথাক্ৰমে – এটা চাইবাৰচেক্স, এটা চাইবাৰ জাইলো, আৰু তৃতীয়টো ৰিডমৃ গেম্বল্। যেন প্ৰয়াত এম-হুছেইনৰ যাদু!! অদ্ভুত যাদু! প্ৰযুক্তিৰ যাদু! প্ৰযুক্তিৰ মায়াময় জগত চাইবাৰস্পেছত ভি-আৰ শিল্পীৰ সংগীত পৰিৱেশন!

এক সম্পূৰ্ণ নতুন পায়তাৰাৰে অনুষ্ঠান পৰিৱেশন কৰা এটা সংগীত শিল্পীদলৰ নাম — ইংলেণ্ডৰ ‘The Future Sound’। এই দলটোও হ’ল ভি-আৰ শিল্পীৰ দল। ১৯৯৪ চনৰ নৱেম্বৰ মাহত এই দলটোৱে লন্ডনত বহি থাকিয়েই নিউয়ৰ্কৰ ‘Kitchen’-অত তেওঁলোকৰ ‘লাইভ’ অনুষ্ঠান পৰিৱেশন কৰিছিল। তেওঁলোকে লন্ডনৰ ডলিচ্ হিলৰ চেপ্তাৰ ৰোডত অৱস্থিত ষ্টুডিঅ’ত থাকিয়েই চিন্হেছাইজাৰ, চেম্পলাৰ, আৰু থ্ৰি-ডাইমেন্চনেল চিলিকন গ্ৰাফিক্সৰ সহায়ত তেওঁলোকৰ অনুষ্ঠান ইন্টাৰনেটৰ জৰিয়তে ৮০০০ কিলোমিটাৰ দূৰৈৰ নিউয়ৰ্কলৈ প্ৰেৰণ কৰিছিল। নিউয়ৰ্কৰ ‘কিচ্ছেন’ত আছিল বিশেষ পৰ্দা আৰু স্পীকাৰ। তেওঁলোকে গান গাইছিল লন্ডনত আৰু দৰ্শকে তেওঁলোকক দেখিছিল নিউয়ৰ্কত –‘লাইভ’! ভি-আৰ শিল্পী! ইয়াত মাৰিলো টিপা, গড়গাঁও পালেগৈ শিপা!

যশস্বী লেখক তপন ভট্টাচাৰ্যই তেওঁৰ এখন গ্ৰন্হত লিখিছে — ১৯৮০ চনৰ আগভাগত কানাডাৰ ভেংকুভাৰৰ ভিডিঅ’আৰ্কেডৰ কাষেৰে যাওঁতে বিজ্ঞান ঔপন্যাসিক উইলিয়াম গিব্চনে প্ৰত্যক্ষ কৰিছিল যে সেই ভিডিঅ’আৰ্কেডৰ মাজত খেলি থকা খেলুৱৈসকলে এনে মনোযোগেৰে খেলি আছিল যেন তেওঁলোকে কোনোবা অইন জগতত হে আছে। ১৯৮৪ চনত গিব্চনে বিখ্যাত উপন্যাস Neuromancer লিখিছিল। তাতেই তেওঁ খেলুৱৈ সকলৰ কথা লিখিছে। তেওঁলোকৰ এনে এক বিশ্বাস হয় যে স্ক্ৰীনৰ পিছফালে সচাকৈয়ে এখন জগত আছে। সেই স্থান দেখা নাযায় সঁচা, কিন্তু সেয়া যে আছে আপুনিও জানে।গিব্চনে এই স্থানৰেই নাম দিছিল চাইবাৰস্থান। তেওঁৰ বহুকেইখন বিজ্ঞান উপন্যাসৰ পটভূমি এই চাইবাৰ জগতেই আছিল। চাইবাৰ জগতৰ বৰ্ণনা দি তেওঁ কৈছে–“এই সঁচা যেন লগা উপলব্ধি প্ৰতিদিনেই কোটি কোটি লোকৰ হয়। অংক শিকা ল’ৰা-ছোৱালীৰো এই অনুভূতি হয়।” চাইবাৰ জগতৰ বৰ্ণনা এই বুলি দিয়া হৈছে যে এয়া এক জ্ঞানৰ দেশ। এই দেশৰ ভ্ৰমণেই সভ্যতাৰ সত্যনিষ্ঠ আৰু চূড়ান্ত আহ্বান হ’ব পাৰে।

এক দুৰন্ত গতিৰে তৃতীয় বিপ্লৱটোৱে পৃথিৱীখনক ছানি পেলাইছে আৰু ইন্টাৰনেট, চেটেলাইট আদিয়ে পৃথিৱীখনক ক্ষুদ্ৰ কৰি পেলাইছে। অন্যান্য ক্ষেত্ৰৰ দৰেই সাংস্কৃতিক ক্ষেত্ৰতো ই জোকাৰণি তুলিছে আৰু আমি সৰুকালৰে পৰা দেখি অহা মঞ্চ, সংগীতানুষ্ঠান আদি প্ৰায়বোৰ ক্ষেত্ৰতেই এক নতুন আংগিক –নতুন শৈলী — নতুন ধাৰা যে অতি শীঘ্ৰেই প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ’ম , সেয়া ধুৰূপ। আমাৰ কৈশোৰত বিশ্বকাপ ফুটবলৰ বিষয়ে সন্ধিয়া পৰত অহা দৈনিক বাতৰি কাকতত পঢ়িছিলো, কিন্তু এতিয়া ৰোনাল্ডো শোৱনীকোঠাত প্ৰৱেশ কৰিছে, স্নানাগাৰত গায়ক প্ৰৱেশ কৰিছে, বোলছবি মোবাইলৰ স্ক্ৰীণৰ জৰিয়তে বিচনাত শুই শুই চাব পৰা হৈছে। গতিকে পৰম্পৰাগতভাবে চলি থকা নাটকৰ ক্ষেত্ৰতো ভি-আৰ নাটক যে আমি অতি সোনকালেই দেখা পাম, তাক লৈ সন্দেহৰ অৱকাশ নাই।

আমেৰিকাৰ কেন্চাছ বিশ্ববিদ্যালয়ৰ বোলছবি আৰু মঞ্চ বিভাগৰ অধ্যাপক মাৰ্ক ৰিণীয়ে পেৰিছত দিয়া এক বক্তৃতাত কৈছে যে — “ভাৰ্চুৱেল ৰিয়েলিটি নাটকৰ স’তে প্ৰচলিত নাটকৰ শৈলীৰ ভালেমান মিল আছে। এখন নাটকত কৰা অভিনয় আৰু ভাৰ্চুৱেল নাটকত কৰা অভিনয় — দুয়োটা অভিজ্ঞতা সময়নিৰ্ভৰ। মনোৰঞ্জন, শিক্ষা, তথ্য-প্ৰচাৰ, জ্ঞান বিতৰণৰ প্ৰয়োজনত নাটকত যিদৰে মঞ্চসজ্জা কৰা হয়, ভাৰ্চুৱেল ৰিয়েলিটি নাটকতো কম্পিউটাৰ আদিৰ সহায়ত কাল্পনিক জগত এখন তৈয়াৰ কৰা হয়, অৰ্থাৎ দুয়োবিধ নাটকৰ উদ্দেশ্য একেই।”…

কেন্চাছ বিশ্ববিদ্যালয়ত বহু বছৰ ধৰি ভাৰ্চুৱেল ৰিয়েলিটি নাটকৰ ওপৰত পৰীক্ষা-নিৰীক্ষা চলাই কিছুমান প্ৰযুক্তিগত কৌশল উদ্ভাৱন কৰা হৈছে যাতে সেইবোৰ মঞ্চৰ প্ৰয়োজনত ব্যৱহাৰ কৰিব পৰা যায়। সঁচা দৰ্শকৰ সন্মুখত বিজ্ঞানৰ দ্বাৰা তৈয়াৰী কাল্পনিক মঞ্চত সঁচা অভিনেতাৰ দ্বাৰা ইতিমধ্যে বিশ্ববিদ্যালয়ে মঞ্চস্থ কৰা কেইখনমান ভাৰ্চুৱেল ৰিয়েলিটি নাটক হ’ল –The Adding Machine, Wings, Tesla Electric, Machinal, ইত্যাদি।

কেৱল কেন্চাছ বিশ্ববিদ্যালয়তেই নহয়, বাফেলো বিশ্ববিদ্যালয়ৰ গৱেষকসকলেও The Trial নামৰ ভি-আৰ নাটক মঞ্চস্থ কৰি নতুন ধৰণৰ মনোৰঞ্জন দিবলৈ সক্ষম হোৱাই নহয়, দৰ্শকসকলকো ‘চৰিত্ৰ’ হিচাপে অভিনয় কৰাইছে। ইউ- বি কলেজ অব আৰ্টছ এণ্ড চাইন্সৰ সহকাৰী অধ্যাপক জোছেফাইন এন্ষ্টিৰ অধীনত কেইবছৰমান আগেয়ে গঠন হোৱা এটি দলে পাৰ্য্যমানে চেষ্টা চলাইছিল যাতে ভাৰ্চুৱেল নাটকক অতি বিশ্বাসযোগ্য কৰি তুলিব পাৰি। একেসময়তে ইউ – বি স্কুল অফ ইঞ্জিনিয়াৰিং এন্ড এপ্লাইড চাইন্সৰ কম্পিউটাৰ চাইন্স এন্ড ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক ডঃ ষ্টুৱাৰ্ট চি ছেপিৰোই ভাৰ্চুৱেল ৰিয়েলিটি নাটকবোৰত কম্পিউটাৰৰ দ্বাৰা নতুন মাত্ৰা প্ৰদান কৰিবলৈ প্ৰাণান্তকৰ চেষ্টা চলাই থকালৈ আঙুলিয়াই দি দি এন্ষ্টিয়ে কৈছে – ‘আমি চিন্তা কৰিবলৈ আৰম্ভ কৰিলো — ডঃ ষ্টুৱাৰ্ট চি ছেপিৰোই উদ্ভাৱন কৰা অতি শক্তিশালী কৃত্ৰিমভাৱে বুদ্ধিমন্ত পদ্ধতিটোক যদি আপুনি নাটক আৰু কাহিনীত প্ৰয়োগ কৰি পেলায়, তেতিয়া কেনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব? ইয়াৰ উত্তৰত ক’ব পাৰি যে সম্ভাৱনীয়তাৰ লেখ সীমাহীন। সঁচা মানুহক কৃত্ৰিম চৰিত্ৰই সম্ভাষণ জনোৱা, সঠিক সময়ত সঠিক কথা কোৱা, ভাৱৰ আদান – প্ৰদান। কৰাটোও সম্ভৱ হৈ উঠিব (এইবোৰ ভৱিষ্যতবাণী ইতিমধ্যে প্ৰমাণিত হৈছে)।’

কেন্চাছ বিশ্ববিদ্যালয় আৰু বাফেলো বিশ্ববিদ্যালয়ৰ গৱেষক তথা ভাৰ্চুৱেল ৰিয়েলিটি শিল্পীসকলৰ উপৰিও আন এক দলে ইতিমধ্যে ১৯৯৬ চনৰ নৱেম্বৰ মাহত ‘One Flew Over The Cuckoo’s Nest’, ১৯৯৭ চনৰ নৱেম্বৰ মাহত চুজান ডিকৰ দ্বাৰা ৰচিত তথা পৰিচালিত Medea(media), ১৯৯৮ চনত Worcester Foothill Theatre-অত মাৰ্ক স্মিথৰ দ্বাৰা ৰচিত তথা পৰিচালিত The Story of Dr. Faust, ১৯৯৮ চনৰ নৱেম্বৰ মাহতAlden Hall নামেৰে নিৰ্মাণ কৰা প্ৰেক্ষাগৃহত Saint Joan, ১৯৯৯ চনৰ এপ্ৰিল মাহত New Voices 17, ১৯৯৯ চনৰ মে’ মাহত বোষ্টন চেন্টাৰ ফৰ দ্যা আৰ্টছৰ অধীনস্থ BCA Teacher-অত La Vita Claire, ২০০০ চনৰ এপ্ৰিল মাহত Boston Playwrights Theatre-অত The Order of Things, আৰু ২০০১ চনৰ এপ্ৰিল মাহত উইলিয়াম শ্বেইকছপীয়েৰৰ মেকবেথৰ আধাৰত Quakebeth নামৰ ভাৰ্চুৱেল ৰিয়েলিটি নাটক মঞ্চস্থ কৰি দৰ্শকসকলক চমৎকৃত কৰিছে। এতিয়া তেনে প্ৰচেষ্টাৰ সংখ্যা বহুত  হ’ল, আৰু হৈ আছে।

ভাৰ্চুৱেল ৰিয়েলিটি নাটকৰ লগত ‘কেভ'(CAVE) শব্দটোৰ সম্পৰ্ক আছে।কেভ সম্পৰ্কে এই সংক্ষিপ্ত লেখাত উল্লেখ নকৰিলে নহ’ব। ‘চৌপাশে পৰ্দা আৰু ধ্বনি নিৰ্গত হ’ব পৰা ব্যৱস্থা থকা তথা পোহৰ নিক্ষেপ কৰিব পৰা সুবিধাৰে কেভ হ’ল ভাৰ্চুৱেল ৰিয়েলিটি নাটক কৰিব পৰা এক ব্যৱস্থা। ১০ ফুট × ১০ ফুট × ৯ ফুট আয়তনৰ এক ক্ষেত্ৰত ‘থ্ৰি ডাইমেন্শ্যনেল কম্পিউটাৰ গ্ৰাফিক্স’ৰ মায়াৱী দৃশ্য নিক্ষেপ কৰি তাৰে চৌপাশৰ পৰ্দাসমূহত দেখুওৱা হয় বিস্ময়কৰ দৃশ্য — যিবোৰে দৰ্শকসকলক সকলোপিনে আৱৰি থাকে আৰু ইয়াৰ স’তে দৰ্শকসকলৰ শিৰত থকা টুপী তথা হাতত থকা ডাটা গ্লোভ্চৰ সু-সম্পৰ্ক থাকে, যাৰ সহায়ত দৰ্শকসকলে প্ৰত্যেকেই নিজস্ব দৃষ্টিভংগীৰে দৃশ্যসমূহৰ সৈতে একাত্ম হ’ব পাৰে, ধ্বনি নিয়ন্ত্ৰণ কৰিব পাৰে। দৰ্শকসকলে যেন ঘনবৰ্গ ক্ষেত্ৰখনত প্ৰৱেশ কৰিবও পাৰে আৰু তিনিটা বুটামযুক্ত দন্ড এদালৰ সহায়ত দৃশ্যমান হোৱা কৃত্ৰিম চৰিত্ৰবোৰক সাৱট মাৰি ধৰিবও পাৰে।’

আৰম্ভণিতে ভাৰ্চুৱেল ৰিয়েলিটি নাটক উপভোগ কৰিবলৈ হ’লে এক বিশেষ ধৰণৰ হেলমেট মূৰত পিন্ধি ল’ব লাগিছিল যদিও কেভত সোমোৱাসকলে পাতল ষ্টেৰিঅ’গ্লাছৰ সহায়তেই ভি-আৰৰ সৈতে নিজকে একাত্ম কৰিবলৈ সক্ষম হয়। কেভ এক সৰু প্ৰেক্ষাগৃহ। ভি-আৰ জগতত কেভ এক পৰীক্ষা- নিৰীক্ষা।

কিছু বছৰ আগলৈকে আমি কল্পনা কৰা নাছিলো যে হঠাৎ আমি হাতে হাতে স্মাৰ্টফোন ল’ম, চিটিবাছৰ ভিতৰত বহি ইউ-টিউব চাম, হোৱাটচ্এপ নামৰ এখন ভাৰ্চুৱেল ‘সত্ৰ’ৰ সদস্য হ’ম, ফেচবুকত গদ্য-পদ্য লিখাৰ উপৰিও বিভিন্ন ভাবৰ প্ৰত্যক্ষ-পৰোক্ষ সাক্ষী হ’ম, টেলিগ্ৰাম নি: শেষ হৈ যাব নতুন ঢৌৰ সন্মুখত, ফোনেৰে লেনদেন কৰিম, টিকত কাটিম, পৰীক্ষাৰ ফলাফল ল’ম, চিনেমা চাম, পূৰণ-হৰণ কৰিম, ঘড়ী হিচাপে ব্যৱহাৰ কৰিম,…! একেদৰেই ভাৰ্চুৱেল ৰিয়েলিটি নাটক চাবলৈও আমাৰ সৰহপৰ নাই। গতিকে অসমৰ তপন দাস, তৰালী শৰ্মা, ঋতুপৰ্ণ দাস, অংগৰাগ মহন্ত, অবিনাশ শৰ্মা, আদিল হুছেইন, হিৰণ্য ডেকা আদিয়েও চাইবাৰস্পেচ, ভাৰ্চুৱেল ৰিয়েলিটিৰ জগতত প্ৰৱেশ কৰিবলৈ সাজু হওক আৰু আগন্তুক দিনবোৰত বিশ্বৰ প্ৰান্তে প্ৰান্তে অসমৰ সাংস্কৃতিক নিচান উৰুৱাবলৈ সক্ষম হওক — সেই স্থানবোৰলৈ গৈ বা নগৈ!

আশ্বৰ্যকৰভাৱে ভাৰ্চুৱেল ৰিয়েলিটি জগতখনৰ সৈতে আজি প্ৰবাদপ্ৰতিম দাৰ্শনিক প্লেটোৰ নামটোও সাঙোৰ খাই পৰিছে। এই সম্পৰ্কে কোৱা হৈছে –“CAVE’ the name selected for the virtual reality theatre, is both a recursive acronym ( Cave Automatic Virtual Environment) and a reference to ‘The Simile of the Cave’ found in Plato’s ‘Republic’, in which the philosopher explorers the ideas of perception, reality and illusion. Plato used the analogy of a person facing the back of a cave alive with shadows that are his/her only basis for ideas of what real objects are.”

খ্ৰীষ্টপূৰ্ব ৪২৭ — ৩৪৭ ৰ সময়ছোৱাত প্লেটোই যদি ভাবিব পাৰিছিল, আজি আমি কগয় ভাবিব নোৱাৰিম নাটকৰ অৱশ্যাম্ভাৱী নাটকীয় পৰিৱৰ্তন যে আসন্ন আৰু অনিৰুদ্ধ? •••

(অসমীয়া সা-ৰে-গা-মা, জুলাই, ২০০৬ সংখ্যাত প্ৰকাশিত)

Related Articles

Check Also

Close
error: Content is copy right protected !!
Close