ভাৰতৰ বুৰঞ্জী আমাৰ দেশৰ বুৰঞ্জী নহয়

অঞ্জন শৰ্মা

(জ্ঞাননাথ বৰাৰ সৈতে হোৱা কাল্পনিক সাক্ষাৎকাৰ)

অসমৰ দৃশ্য-শ্ৰাৱ্য মাধ্যমসমূহত বেছিভাগেই বিৰতিবিহীনভাৱে চলি থকা অৰ্থহীন তথা উত্তৰবিহীন আলোচনা, বিৰক্তিকৰ সাক্ষাৎকাৰ, ধোঁৱাময় মুকলি মঞ্চ, বেছি সময়তে হৈ থকা দৃষ্টিকটু চিঞৰ-বাখৰ, বোকা ছটিওৱা প্ৰতিযোগিতা, বাতৰি-কাকতসমূহত প্ৰকাশিত বিবৃতিৰে সেই একেই মান্ধাতা কালৰেপৰা দি অহা ফোঁপোলা সকীয়নি, কোনেও গুৰুত্বকে প্ৰদান নকৰা প্ৰতিবাদ, মাৰ কাঢ়ি থোৱা ভাতৰ দৰে ৰাজনৈতিক নেতাই দিয়া জৰজৰীয়া বক্তৃতা, পৰিসংখ্যা, চৰিত্ৰহনন আৰু এইবোৰৰ মাজত, কেৱল এইবোৰৰ মাজতেই নহয়— ‘ব’ল ব’ম, দাণ্ডিয়া নৃত্য, ষট পূজা, সুবোধ বিশ্বাস, ৰাকেশ পাল, ৰিপুণ বৰা, অমিত শ্বাহ অভাৱনীয় কৰ্মোদ্যমেৰে অসমৰ উন্নতিৰ বাবে শৰীৰৰ তেজ পানী কৰি থকা লুইতপৰীয়া হিন্দু মহোৎসৱৰ কৰ্মকৰ্তাসকলৰ কৃচ্ছ্ৰসাধন, মুখ্যমন্ত্ৰীৰ ঝুমুৰ নৃত্য, হিমন্তৰ বিজেপি গমন তথা তেওঁৰ অনুগামীসকলেও কংগ্ৰেছৰপৰা বিজেপিলৈ গৈ হঠাৎ ‘মহান হিন্দু’ হৈ পৰাক লৈ চলি থকা চৰ্চা আদিৰ মাজত অসমৰ মূল সমস্যাবোৰ উশাহ ল’ব নোৱৰাকৈ তল পৰি যোৱাৰ পটভূমিত, হঠাৎ ভাগ্যৰ জোৰত কাল্পনিক জগতখনত লগ পাবলৈ সক্ষম হৈছিলো ইতিমধ্যে এই মুলুকৰপৰা বিদায় গ্ৰহণ কৰা কেইগৰাকীমান স্বনামধন্য অগ্ৰজক। কেৱল লগ পোৱাই নহয়, সাক্ষাৎকাৰো গ্ৰহণ কৰিলো স্বনামধন্য জ্ঞাননাথ বৰাৰ। কাল্পনিক জগতত হোৱা এই সাক্ষাৎকাৰটো যদিহে পাঠক-সমাজে গ্ৰহণ কৰে, আনসকলৰো সাক্ষাৎকাৰ গ্ৰহণ কৰিম। কাৰণ, তেওঁলোকৰ বক্তব্য নুশুনিলে আজিৰ কণ্ঠস্বৰৰ মূল্যইবা কি ! কিন্তু পাঠক-সমাজেই আমাৰ চূড়ান্ত বিচাৰক।

আহক, আমি কাল্পনিক জগতখনত প্ৰৱেশ কৰি গ্ৰহণ কৰা সাক্ষাৎকাৰটোৰ জৰিয়তে জ্ঞাননাথ বৰাৰ মনৰ ভাব জানিবলৈ প্ৰয়াস কৰো—

মইঃ অসমৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে আপোনাৰ মতামত কি?

জ্ঞাননাথ বৰাঃ দিনে দিনে হাজাৰ হাজাৰ লোক আহি আমাৰ দেশত বাস কৰি সকলোবিধৰ ব্যৱসায় আৰু বেপাৰ-বাণিজ্য হাত কৰিছে। আমাৰ দেশৰ গাঁও-ভূঁই, পৰ্বত-ভৈয়াম এটা এটাকৈ আনৰ হাতলৈ যাবলৈ ধৰিছে। কালি যিবোৰ ঠাইত আমাৰ মানুহ দেখিছিলো, আজি সেইবোৰ ঠাইত নেদেখো। আমাৰ চকুৰ আগতে কিমান গাঁও, কিমান চুবুৰি আনৰ হাতলৈ গৈছে তাৰ লেখ-জোখ নাই। আমাৰ চাৰিওপিনৰপৰা ভাৰতবৰ্ষৰ মানুহে হেঁচি ধৰিছে। যিপিনে চোৱা সেইপিনে দেখিবা অসংখ্য মানুহ লেথাৰি নিছিগাকৈ আহিয়ে আছে। আনৰ হাতত বেপাৰ-ব্যৱসায় থকাত আমাৰ মানুহৰ শতকৰা ৯০ জন ধৰুৱা। এই ধাৰ পুৰুষানুক্ৰমে কৰি থকাত এতিয়া তাৰ বোজা দুৰ্বহ হৈছে। বহু মানুহে নিজৰ ঘৰ-বাৰী, খেতি-পথাৰ, মাটি-ভেটি হেৰুৱাইছে। এই ধাৰ মাৰিবৰ কোনো উপায় নাই। ই কালান্তক মূৰ্তি ধৰি প্ৰত্যেক অসমীয়াৰ আগত দেখা দিছে। ইয়াৰ দুৰ্জয় প্ৰতাপ। ই মাটি-ভেটি খুন্দি পৰিয়াল এটা তেনেই নিপাত কৰে। অনেক পৰিয়াল ইয়াৰ ভিতৰতে লয় পাইছে আৰু কিছুদিনৰ ভিতৰত যে এই ঋণে অসংখ্য অসমীয়া পৰিয়াল সংহাৰিব, তাত লেশমাত্ৰও সন্দেহ নাই। ইয়াৰ চিন দেশৰ য’তে-ত’তে দেখা গৈছে। আমাৰ এইবোৰ কথা মিছা নে? এইবোৰ কথা অতিৰঞ্জিতনে?

মইঃ মিছা বা অতিৰঞ্জিত নহয়। কিন্তু কেনেদৰে হ’বলৈ পালে?

জ্ঞাননাথ বৰাঃ ব্ৰিটিছে যেতিয়া মান খেদি অসম অধিকাৰ কৰিলে, তেতিয়া ইয়াৰ অৱস্থা কেনে আছিল তাক বিৱৰি কোৱাৰ আৱশ্যক নাই। আমাৰ কঁকাল ভাগি গৈছিল আৰু কঁকাল পোন কৰিবলৈ নৌপাওঁতেই দাঁতি-কাষৰীয়া দেশৰপৰা অসংখ্য লোক আহি নানা ব্যৱসায় আৰু বেহা-বেপাৰ কৰিবলৈ ল’লে। এই কালৰ বুৰঞ্জী আটায়ে জানে। আমাৰ ভাষাক মাৰি কেনেকৈ বঙালী ভাষাই অসমত ঠাই লৈছিল আৰু অসমীয়া জাতি বুলি এটা জাতি লোপ পাবলৈ ধৰিছিল, তাৰ বৃত্তান্ত কোনো অসমীয়াক নতুনকৈ ক’ব নালাগে।

মইঃ আপুনি লিখিছে যে ‘আমাৰ ভাষা আৰু জাতি ৰক্ষা কৰাই সকলোৰে প্ৰধান কৰ্তব্য বুলি ভাবিছিল। ৰাইজৰ অনুষ্ঠানবোৰৰদ্বাৰা কেনেকৈ আমাৰ ভাষা প্ৰচাৰ কৰি দেশত অসমীয়াৰ সংখ্যা বঢ়াই জাতিটোক সৰ্বপ্ৰকাৰে টনকিয়াল কৰা যায়— সেয়াই একমাত্ৰ চিন্তা আছিল।’ কিন্তু এই ভাব কেতিয়াৰপৰা সলনি হ’ল বুলি আপুনি ক’ব খোজে?

জ্ঞাননাথ বৰাঃ এই ভাব প্ৰায় ১৯২০ চনলৈকে আছিল। তাৰ পিছতহে ইয়াৰ পৰিৱৰ্তন হ’ল আৰু ইয়াৰ গুৰিত কংগ্ৰেছেই।

মইঃ কংগ্ৰেছ ! ১৯২০ চনতো কংগ্ৰেছ! কেনেদৰে?

জ্ঞাননাথ বৰাঃ ইয়াৰ আগেয়ে অসমীয়া ৰাইজে ভাৰতবৰ্ষৰ কংগ্ৰেছৰ ভু নাপাইছিল। অসমীয়া মানুহে চিৰকাল এখন ভিন দেশত থকাত আৰু ভিন শাসন প্ৰণালীৰ অধীনত চলাত অসমক ভাৰতবৰ্ষৰ অংগ বুলি নাভাবিছিল। ভাৰতবৰ্ষৰ ইতিহাসৰ ধাৰা আমাৰ ইতিহাসৰপৰা সম্পূৰ্ণ বেলেগ। ভাৰতৰ বুৰঞ্জী আমাৰ দেশৰ বুৰঞ্জী নহয়। সেই নিমিত্তে আমাৰ মানুহে আমাৰ দেশক ভাৰতবৰ্ষৰ বাহিৰত বুলি ভবাটো একো আচৰিত কথা নহয়। শ্যামদেশ বা ব্ৰহ্মদেশ বা আফগানিস্তান ভাৰতবৰ্ষৰ যেনেকুৱা দাঁতি-কাষৰীয়া ভিন ভিন দেশ, অসম দেশো চিৰকাল তেনেকুৱা ভিন দাঁতি-কাষৰীয়া দেশ আছিল। তাক তুমি অস্বীকাৰ কৰিব নোৱাৰা। মোগল ৰাজত্বৰ সময়ত যিবিলাক ইউৰোপীয় পৰিব্ৰাজক আহিছিল, তেওঁলোকেও অসম দেশক শ্যামদেশৰ নিচিনা এখন ভিন দাঁতি-কাষৰীয়া দেশ বুলি ধৰি তাৰ বৰ্ণনা লিখি গৈছে। যদিও ব্ৰিটিছে অসম অধিকাৰ কৰি ভাৰতবৰ্ষৰ লগত লগ লগাই একে শাসনতন্ত্ৰৰ তলতীয়া কৰিলে, তথাপি আমাৰ মানুহে বহুদিনলৈ আমাৰ চিৰকলীয়া স্বতন্ত্ৰ দেশক ভাৰতবৰ্ষৰ অংগ জ্ঞান নকৰিছিল। আমাৰ দেশৰ ইতিহাস ভাৰতবৰ্ষৰপৰা একেবাৰে বেলেগ হোৱাত আমাৰ মানুহৰ ভাব স্বভাৱতে অসম আৰু অসমীয়া জাতিতে আবদ্ধ আছিল। এই ভাবটো সংকীৰ্ণ বোলা কেনেকৈ?

মইঃ আপুনি ইতিপূৰ্বে কংগ্ৰেছৰ প্ৰসংগ উত্থাপন কৰিছিল!

জ্ঞাননাথ বৰাঃ ১৯২০ চনত যেতিয়া দেশত তীব্ৰ আন্দোলন হয়, তেতিয়া অসমে কংগ্ৰেছত ভালকৈ যোগ দিয়ে আৰু সেই দিনৰপৰা আমাৰ ভাবৰ পৰিৱৰ্তন হয়। অসমীয়া ৰাইজৰ মনত দকৈ সুমুৱাই দিয়া হয় যে অসম এখন বেলেগ দেশ নহয়, ই ভাৰতবৰ্ষৰ প্ৰদেশ। গোটেই ভাৰতৰ উন্নতিহে প্ৰদেশৰ লক্ষ্য হ’ব লাগিব। দেশৰ কথাহে আগ, আনবোৰ পিছ। যিবিলাক কাম কৰিলে ভাৰতবৰ্ষৰ হিত সাধন হয়, সেইবিলাক কামহে আমাৰ ঘাই কৰ্তব্য বুলি ধৰিব লাগিব! আমি আগেয়ে ভাৰতীয়, তাৰ পিছতহে অসমীয়া। অসমৰ সকলো কথা, সকলো সমস্যা প্ৰাদেশিক, তাক কেতিয়াও আগ আসন দিব নোৱাৰা। এই কথা দিনে-নিশাই ইমূৰৰপৰা সিমূৰলৈ প্ৰচাৰ কৰা হৈছে। তাতে আকৌ ভাৰতবৰ্ষৰ স্বৰাজ বা স্বাধীনতা চকুৰ আগত দাঙি ধৰা হৈছে।

মইঃ এই কথাবোৰ অসমীয়াৰ বাবে নতুন কথা হ’ল বুলি আপুনি ভাবে নেকি?

জ্ঞাননাথ বৰাঃ এই কথা অসমীয়াৰ মানত তেনেই নতুন কথা হ’ল। এই ভাব কেতিয়াও অসমীয়া ৰাইজৰ মনত খেলোৱা নাছিল। অতদিনে অসমীয়াই পূৰ্বৰ দৰে নিজৰ দেশৰ আৰু জাতিৰ উদ্গতিৰ অৰ্থে যথাশক্তি চেষ্টা কৰি আহিছিল। নিজৰ ভাষা, সাহিত্য, সমাজ, জাতিৰ বাহিৰে আন কিবা নিজৰ বস্তু আছিল বুলি তেওঁলোকে ধাৰণা কৰিব নোৱাৰিছিল। তেওঁলোকৰ চকুৰ আগত পূৰ্বকালৰ নিচিনা অসম দেশখনহে ওপঙি আছিল। আজি শুনিলে যে আমাৰ দেশখন ভাৰতবৰ্ষ বোলা এখন ডাঙৰ দেশৰ প্ৰদেশ মাথোন। এই ভাৰতৰ কাৰণেহে আমি সকলো বিধৰ চেষ্টা কৰিব লাগিব। অসমৰ কথা ইয়াৰ আগত তুচ্ছ। এই শিক্ষাৰ ফলত অসমৰ কথাবিলাক তল পৰি গ’ল। অসমৰ সমস্যা যিমানেই গভীৰ নহওক সি প্ৰাদেশিক, তাৰ মূল্য নাইকিয়া হ’ল।

মইঃ কিন্তু শিক্ষিত চামটোৱে এনেক্ষেত্ৰত কিবা বিশেষ উদ্যোগ লোৱা বুলি আপুনি ভাবে নেকি?

জ্ঞাননাথ বৰাঃ আমাৰ শিক্ষিত শ্ৰেণীয়ে দিনে-নিশাই এই ন-ভাব পাই ভাৰতৰ কাকত-পত্ৰ পঢ়ি আৰু সেই নেতাসকলৰ বক্তৃতা আদি শুনি অসমৰ সমস্যাবিলাকলৈ কাণ নিদিয়া হ’ল। এতিয়া এনেহে হৈছে যে আমাৰ মানুহে অসমীয়া জাতিৰ স্বাৰ্থ সম্পৰ্কে ডাঠি ক’বলৈ মনত সংকোচবোধ কৰে আৰু লাজ পায়। জানোচা আমাক সংকীৰ্ণ বোলে— এই ভয় শিক্ষিত লোকৰ ভিতৰত সততে দেখা যায়। ইয়াৰ ফলত চকুৰ আগতে আমাৰ চাৰিওকাষে লাখ লাখ বিদেশীয়ে দোকান পাতি কাৰবাৰ কৰি দেশৰ সমস্ত বেহা-বেপাৰ হাত কৰাতো আমাৰ মানুহৰ চৈতন্য হোৱা নাই। চকুৰ আগতে লাখ লাখ মানুহ আন প্ৰদেশৰপৰা আহিয়ে আছে, অথচ আমি দেখিও দেখা নাই। আমাৰ কাণত যে সেই বাণীৰ ধ্বনি সদায় বাজিবলৈ ধৰিছে— আমি আগেয়ে ভাৰতীয়, তাৰ পিছতহে অসমীয়া।

মইঃ কিন্তু ৰাজনৈতিক দলবোৰৰো জানো কৰ্তব্য নাই?

জ্ঞাননাথ বৰাঃ অনেক ৰাজনৈতিক দল আছে, কিন্তু তাৰ এটাও অসমীয়া জাতিক কেন্দ্ৰ কৰি গঠন হোৱা নাই। কংগ্ৰেছ দলত ভাৰতৰ সকলো জাতিৰ মানুহ আছে, সেই নিমিত্তে অসমীয়া জাতিৰ মৰণ-জীৱন সমস্যা এটাও হাতত ল’ব নোৱাৰে। কংগ্ৰেছ দলে যি কাৰ্যপদ্ধতি অনুসাৰে কাম কৰিব বুলি ৰাইজক জনাইছে তাত আমাৰ দুয়োটা ঘাই সমস্যাই নাই, অৰ্থাৎ অসমীয়া ধন আৰু জন কেনেকৈ বঢ়োৱা হয়— সেই সম্পৰ্কে কোনো কথাই নাই। হিন্দী আৰু উৰ্দু ভাষা প্ৰচাৰ কৰিবলৈ কংগ্ৰেছে যিমান চেষ্টা কৰিছে, তাৰ এক শতাংশও অসমীয়া ভাষা প্ৰচাৰৰ যত্ন কৰা নাই। এই কথা নিশ্চয় ৰাইজে দেখিছেই…।

Related Articles

Close