ভাৰতৰ ছুপাৰ কম্পিউটাৰ

মহাবাহু

২০১৮ চনৰ নৱেম্বৰ মাহত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ৫০০টা ছুপাৰ কম্পিউটাৰক লৈ আমেৰিকাত এখন সন্মিলন আয়োজন কৰা হৈছিল। সেই সন্মিলনত ভাৰতৰপৰা ৪টা ছুপাৰ কম্পিউটাৰেও ৫০০টা শ্ৰেষ্ঠ কম্পিউটাৰৰ ভিতৰত স্থান পাইছিল। সেই ৪টাৰ ভিতৰত আছিল ‍‘ইণ্ডিয়ান ইন্সটিটিউট অৱ ট্ৰপিকেল মেটিঅ’লজি বিভাগ’ৰ ‍‘প্ৰত্যুষ’, ‍‘নেছনেল চেণ্টাৰ ফৰ মিডিয়াম ৰেঞ্জ ৱেদাৰ ফোৰকাষ্টিং’ আৰু ‍‘মিহিৰ’, বেংগালুৰুৰ ‍‘ইণ্ডিয়ান ইন্সটিটিউট অৱ ছায়েন্স’ৰ ‍‘ছাৰ্ক’ আৰু এটা বেচৰকাৰী সংস্থাৰ তৈয়াৰ কৰা ‍‘ইংক ৱান’। কিন্তু এই ৪টা ছুপাৰ কম্পিউটাৰৰ ভিতৰত এটাও সম্পূৰ্ণভাৱে থলুৱা প্ৰযুক্তিৰে নিৰ্মিত হোৱা নাছিল। সেইফালৰপৰা চাবলৈ গ’লে সম্পূৰ্ণ থলুৱা প্ৰযুক্তিৰে তৈয়াৰ কৰা প্ৰথমটো ছুপাৰ কম্পিউটাৰৰ বাবে কৃতিত্ব দাবী কৰিব পাৰে ‍‘ইণ্ডিয়ান ইন্সটিটিউট অৱ টেকন’লজি খৰগপুৰে। প্ৰায় ৭ বছৰৰ পৰিশ্ৰমৰ পিছত আই.আই.টি. খৰগপুৰে সম্পূৰ্ণ থলুৱা প্ৰযুক্তিৰে ছুপাৰ কম্পিউটাৰ এটা তৈয়াৰ কৰি উলিয়াবলৈ সক্ষম হৈছে।

বিশ্বৰ ছুপাৰ কম্পিউটাৰৰ বৰ্তমানৰ প্ৰযুক্তিৰ মাপকাঠীৰে চালে ভাৰত বহু পিছ পৰি আছে। ২০১৮ চনৰ নৱেম্বৰ মাহত আমেৰিকাৰ সেই সন্মিলনত যিটো ছুপাৰ কম্পিউটাৰে বিশ্বৰ ভিতৰত ১নং স্থান পাইছিল, সেইটোৰ দক্ষতা আছিল ১৪৩.৫ পেটাফল্পছ। ভাৰতৰ ছুপাৰ কম্পিউটাৰৰ দক্ষতা হ’ল মাত্ৰ ১.৩ পেটাফল্পচ্। কম্পিউটাৰৰ দক্ষতাসূচক নিৰ্ণয়ৰ বাবে ‍‘পেটাফল্পছ’ ব্যৱহাৰ কৰা হয়। ১ পেটাফল্পছ-অৰ অৰ্থ হ’ল প্ৰতি ছেকেণ্ডত ১ লাখ × ১০ লাখ × ১০ লাখ সংকেত গ্ৰহণ আৰু বাৰ্তা প্ৰেৰণ। গতিকে আন্তৰ্জাতিক মানৰ বহু পিছত অৱস্থান ভাৰতৰ। আমেৰিকা আৰু চীনে ২০০০ চনৰ পূৰ্বেই ছুপাৰ কম্পিউটাৰক লৈ চিন্তা-চৰ্চা কৰাৰ বিপৰীতে ভাৰতত গৱেষণা আৰম্ভ হৈছিল ২০১০ চনত।

Related Articles

Close