ভাল কাম কৰো আহক

পুষ্পাঞ্জলী শিৱম শৰ্মা

ভাল কামৰ শেষ নাই ৷প্ৰতিদিনেই যদি আমি নিজাকৈ অন্তত এটা হলেও ভাল কাম কৰাত মনোনিৱেশ কৰো জীৱনটো অসাধাৰণ হৈ পৰে ৷ মই যদি ব্যক্তিগত ভাৱে কও এইটো সচা কথা যে মই অতিকৈ ক্ষুদ্ৰ তথা নগণ্য প্ৰাণী এই পৃথিৱীৰ,গতিকে সাধাৰণ মানুহ হিচাপে নিশ্চিতভাৱে অসাধাৰণ কিবা এটি কৰিব নোৱাৰিব পাৰো ৷কিন্ত দৈনন্দিন জীৱনত অন্তত কোনোবা এজনৰ বাবে সৰুকৈ কিবা এটা কামত অহা কাম কৰিব পাৰিলেই সেইটো এটা ভাল কাম হব ৷ভাল কামবোৰৰ এটা শক্তি থাকে যি শক্তিয়ে মানুহক বিপদত পৰিলেও তাৰ পৰা পৰিত্ৰাণৰ উপায় প্ৰদান কৰে ৷কেতিয়াবা এটা অন্ততঃ আনৰ বাবে সৰু হলেও ভাল কাম কৰি চাবচোন বিনিময় অবিহনে , যি  প্ৰদান কৰে নিশ্চিত অনিবৰ্চনীয় সুখ আৰু অলপ সন্টুষ্টিৰ হাঁহি ৷ সহযোগিতা  আৰু অভিপ্ৰায় সদায় সৎ ৰাখি আগবাঢ়িব লাগে ৷ সমাজত কেৱল মাত্ৰ নিজে সুখত থাকি বাকী আশেপাশে থকাসকল যদি অসুখত থাকে তেনেহলে সেই ব্যক্তিগত সুখৰ একো মূল্য নাথাকে ৷ কাৰণ মানুহ সামাজিক জীৱ ৷সমাজ অবিহনে মানুহৰ অস্তিত্ব অৰ্থহীন ৷গতিকে সমাজক লগত লৈয়ে আমি যাত্ৰা কৰিব লাগিব ,ভাল কাম কৰি নিজে সন্তুষ্টি লাভ কৰি সমাজৰ প্ৰতি নিজৰ কৰনীয়ও কৰি ৷আৰু প্ৰকৃত মানুহৰ সংজ্ঞাও যে ইয়াতেই লুকাই আছে ৷”মোক দে মোৰ হওক মই খাও মই যাওঁ” ৰ মানসিকতাক লগত লৈ নহয় বৰঞ্চ ইয়াক পৰিহাৰ কৰি ৷ আহক, আগবাঢ়ো।

Related Articles

Close