ভবিষ্যতৰ ধৰ্ম

পিনাক পাণি বৰুৱা

কৰ’না শেষ হোৱালৈ ভগৱানৰ ওপৰত থকা আস্থা নোহোৱা হৈ বৰ্তমান প্ৰচলিত ধৰ্মবোৰো নোহোৱা হ’বগৈ। সৃষ্টি হ’ব নতুন দুটা ধৰ্মৰ , পাৰ্থক্য হ’ব মাস্ক পিন্ধা আৰু নিপিন্ধাৰ ওপৰত ভিত্তি কৰি ।  মাস্ক পিন্ধা সকলে ভেকচিনো ল’ব আৰু মাস্ক নিপিন্ধা সকল হ’ব ঘোৰ ভেকচিন বিৰোধী। দ্বিতীয় ধৰ্মৰ মানুহখিনি অলপ বিপ্লৱী টাইপৰ, মৃত্যুলৈ ভয় নাই। প্ৰথম বিধে তেওঁলোকক চকু পাৰি দেখিব নোৱাৰিব, সময়ে সময়ে হিংসা-সংঘাত হ’ব। দ্বিতীয় ধৰ্মৰ সকলৰ মাজত একতা থাকিব যদিও তেওঁলোক হ’ব সংখ্যালঘূ। আনহাতে ভেকচিন লোৱা ধৰ্মৰ মানুহখিনি সংখ্যাগুৰু যদিও তেওঁলোকৰ মাজত থাকিব বহু কেইটা ভাগ। সেই ভাগসমূহ হ’ব মাস্কৰ ওপৰত ভিত্তি কৰি। মাস্ক নাকত নিপিন্ধি থুঁতৰিত বা কপালত পিন্ধা সকলক অস্পৃশ্যৰ দৰে হ’ব, পাতল কাপোৰৰ মাস্ক পিন্ধা সকল অস্পৃশ্যখিনিতকৈ ওপৰত থাকিব। ৰাবাৰৰ মাস্ক পিন্ধা খিনি বা ভালভ্ যুক্ত মাস্ক পিন্ধা (যিবোৰ দেখিবলৈ ধুনীয়া কিন্তু কামত নহা)-সকল তাৰ ওপৰত। তেওঁলোকৰ ওপৰত থাকিব চাৰ্জিকেল মাস্ক পিন্ধা সকল। আৰু এই সকলো শ্ৰেণীতকৈ ওপৰত থাকিব  পাঁচ-ছয় তৰপ থক এন নাইনটি ফাইভ (N95) –ৰ দৰে দামী মাস্ক পিন্ধা সকল। সমাজত সৰ্বোচ্চ স্থান দাবী কৰিব তেওঁলোকে। আনহাতে মাস্ক ভালকৈ নিপিন্ধা সকল বা কামত নহা কাপোৰৰ মাস্ক পিন্ধাসকল শোষণৰ বলি হ’ব, ভাল মাস্ক পিন্ধা নিজকে উচ্চ শ্ৰেণীৰ বুলি পৰিচয় দিয়াসকল তলৰ শ্ৰেণীৰ মানুহৰ ঘৰলৈ নাযাব বা তেওঁলোকে আগবঢ়োৱা আহাৰ-পানী গ্ৰহণ নকৰিব।তাৰপাছত বহুতে সেই শোষণ সহ্য কৰিব নোৱাৰি ধৰ্ম সলনি কৰিব। আনহাতে সংখ্যালঘূ সকলে নিজৰ সংখ্যা বৃদ্ধি কৰাৰ সকলো চেষ্টা অব্যাহত ৰাখিব, মাস্কৰ অপকাৰীতাৰ বিষয়ে জ্ঞান দি ফুৰা ধৰ্মগুৰুৰ আৰ্বিভাব হ’ব। পৃথিৱীখন এনেকৈয়ে চলি থাকিব।

Show More

Related Articles

Back to top button
error: Content is copy right protected !!