ভক্তি মাৰ্গ

ৰাণাদীপ কাকতী

মগজু হ’ল জ্ঞান আৰু বুদ্ধিৰ স্থান, ভক্তি আৰু প্ৰেমৰ স্থান। এই জ্ঞান আৰু বুদ্ধিক ভক্তি আৰু প্ৰেমত অৱগাহন কৰাই সঠিক দিশত নিব পৰাটোতেই মানৱী জীৱনৰ সাৰ্থকতা নিৰ্ভৰ কৰে। এই সাৰ্থকতা আহে জ্ঞান আৰু বুদ্ধিৰ সফল প্ৰয়োগৰ ওপৰত। অৰ্থাৎ ভক্তি (সত্য) মাৰ্গৰপৰা বিচলিত বা চ্যুত নোহোৱাকৈ জীৱনৰ বিভিন্ন পৰ্যায়ত লাভ কৰা অভিজ্ঞতালব্ধ চেতনা, পুথিগত আহৰণ আৰু দৰ্শন সম্বন্ধীয় ধাৰণাৰ প্ৰসাৰৰ জৰিয়তে আয়ত্ত কৰা জ্ঞান-বুদ্ধিৰ যদি সঠিক ৰূপত লালন-পালন কৰা নহয়, তেন্তে এনে জ্ঞান-বুদ্ধিৰ বিকাশে মানৱ জীৱন আৰু জগতৰ কল্যাণ সাধন কৰিব নোৱাৰে। জগতৰ কল্যাণ সাধন আৰু মানৱ জীৱনৰ অৰ্থপূৰ্ণ উদগতিক জীৱনৰ প্ৰাথমিক উদ্দেশ্য কৰিব পৰাটো দুৰূহ কাম হ’লেও ইয়াৰ অন্যথা প্ৰশান্তিময় জীৱন-যাপন পৰাহত হৈ ৰয়। ভক্তি বুলিলে তাত সোমাই থাকে এক উদ্দেশ্য—ই আত্ম হ’ব নোৱাৰে। ভক্তিৰো আছে এক দৰ্শন। ই সাৰ্বজনীন হোৱা উচিত। সাৰ্বজনীনতাৰ মাজেৰে আত্মৰ উত্তৰণ চিন্তা কৰিব পৰাটোৱেই এই দৰ্শনৰ ভেটি। ই থুনুকা নহয়—বৰং সাগৰৰ দৰে গভীৰভাৱে অতল আৰু আকাশৰ দৰে সুবিশাল ব্যাপ্তি। দিগন্ত প্ৰসাৰী ইয়াৰ বিস্তৃতি বোধগম্য হ’লেই মানৱ জীৱন লোৱাটোৱে অৰ্থ বহন কৰে। মানৱী জনমত ভক্তি মাৰ্গৰ অৰ্থাৎ সত্যৰ অন্বেষণ জীৱন জুৰি চলি থাকে। এই অন্বেষণ জ্ঞাত বা অজ্ঞাত হ’ব পাৰে; কিন্তু ইয়াৰপৰা মুক্ত নহয়। এয়া মোৰ ব্যক্তিগত উপলব্ধি। আপেক্ষিকতাই অপৰিহাৰ্যতা নিৰূপণ কৰে বুলি ভবা হয়। অথচ সেই আপেক্ষিকতাৰ মাজেৰে চলমান জীৱনত মৌলিকতাও নথকা নহয়। মৌলিকতা চিৰবিদ্যমান। চিৰশাশ্বত। কিছুমান শাশ্বত (চিৰকালীন) কথাৰ সলনি কোনো কালতে নহয়। ই সকলো পৰিস্থিতি আৰু সময়তে পৰিস্থিতিৰ জটিলতাৰ সময়ত নিজৰ অস্তিত্ব জাহিৰ কৰে। অৰ্থাৎ, চলমান জীৱনত ভক্তি বা সত্য মাৰ্গৰ বিনে অন্য বিকল্পৰ কথা নাহে। কিন্তু বহুতে এই ভক্তি মাৰ্গক সেৱা-পূজাতে সীমিত ৰাখিব খোজে। ই কিমান দূৰ গ্ৰহণীয় আৰু কিভাৱে গ্ৰহণীয়, প্ৰশ্ন উঠিব পাৰে নিশ্চয়? কাৰণ, সেৱা বা পূজাৰ মাজেৰে ব্যক্তি জীৱনৰ উন্নতিৰ বাঞ্ছা কৰাৰ ঠেক গণ্ডী ভক্তি মাৰ্গৰপৰা বহু যোজন দূৰৈত। প্ৰকৃত ভক্তি বা সত্যৰ মাৰ্গ সেইটোৱেই, য’ত সাৰ্বজনীনতাই স্থান পায়, এক মংগলময় পৰিৱেশৰ সূচনা কৰিব পাৰে। জীৱনৰ উন্নতিক কেৱল অৰ্থৰ মাজেৰে জুখিলেই নহ’ব—কাৰণ জীৱনত ৰাজনীতি, ধৰ্মনীতি, সমাজনীতি, দৰ্শন আদিও আছে। গতিকে, মানৱ জগতে নিজৰ উত্তৰণ এইবোৰৰ মাজেদিয়েই ঘটাই অহা নাই জানো? আজিকালি অচল ভক্তিৰ নামত এক ধৰণৰ জাকজমকতা আৰু অনুকৰণপ্ৰিয়তা দেখিবলৈ পোৱা গৈছে। ইয়াত প্ৰকৃত ভক্তি মাৰ্গ আছে যেন অনুভৱ নহয়। এনে তৰল আৰু পানীৰ ওপৰৰ ফেনৰ দৰে বা কমোৱা তুলাৰ দৰে যেনি-তেনি উৰি ফুৰা ভকতৰ লানি দেখিলে মনলৈ মিশ্ৰিত ভাব এটায়ো আহি খুন্দা নমৰাকৈ নাথাকে। মাথোঁ সেই খুন্দাত উফৰি নপৰাকৈ স্থিতপ্ৰজ্ঞ হৈ থাকিব পৰাটোৱেই একোটা স্থিতি নিৰূপণ কৰে। এইসকল দেখোন ভক্তি মাৰ্গৰ প্ৰকৃত উপলব্ধিৰপৰা বৰ কৰুণভাৱে বঞ্চিত।

Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close