বৰ অসমৰ সংজ্ঞা

মিতালী ভট্টাচাৰ্য

বৰ্তমান আমাৰ অসমভূমিত অনুপ্ৰৱেশৰ সমস্যা, নদীবান্ধৰ সমস্যা,  হিন্দু শৰণাৰ্থীৰ সমস্যা,  খিলঞ্জীয়াৰ অধিকাৰৰ সমস্যা, পৃথক স্বাধীন অসমৰ বাবে বিভিন্ন জনগোষ্ঠীয়ে কৰা দাবী সমূহ,  উগ্ৰপন্থীৰ সমস্যা, দুৰ্নীতিৰ সমস্যা, নেতাসকলৰ কেলেংকাৰী আদি এশ এবুৰি সমস্যাৰে পৰিস্থিতি অগ্নিগৰ্ভা ৷ এই  সংকট বা সমস্যা নিৰুপনৰ বাবে আমি সঠিক কাৰন নিৰ্ধাৰন তথা পথ প্ৰস্তুত কৰিব পৰা নাই ৷ স্বাধীন অসমীয়া জাতিটো মানৰ কৱলৰ পৰা মুক্ত হৈ বৃটিছৰ সাম্ৰাজ্যবাদী শাসনৰ তলত দমবন্ধ অৱস্থা এটাত পৰিছিল গৈ ৷ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক স্বাধীনতা হেৰুৱাই পৰাধীনতাৰ শিকলি পিন্ধি আমি অনেক বীৰ -বীৰাংগনা ক হেৰুৱাই নিজক মুক্ত কৰিলোঁ যদিও পৰাধীনতাৰ অৱস্থা এটাৰ পৰা আমি কাহানিও মুক্ত হব নোৱাৰিলো ৷ 1947 চনত স্বাধীন ভাৰতত আকৌ পৰাধীন হলো  ৷ স্বাধীনতাৰ সুফল বোৰ ভৈয়াম অঞ্চলৰ এচাম উন্নত অসমীয়াই অকলে ভোগ কৰাৰ ফলত পাৰ্বত্য অঞ্চলৰ উন্নতিৰ অাকাংক্ষা থকা পিছপৰা জনগোষ্ঠীয়ে বিৰোধ কৰাৰ ফলত অসম টুকুৰা টুকুৰ হৈ পৰিল ৷ অসমৰ সন্মূখত এয়া এক ডাঙৰ প্ৰত্যাহ্বান স্বৰুপে দেখা দিলে ৷ প্ৰথম মূখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ ডাঙৰীয়াই কিন্তু গঠন মূলক ভাবে এই প্ৰত্যাহ্বান নিৰসন কৰিছিল ৷ বৰদলৈ ডাঙৰীয়াই ট্ৰাইবেল বেল্ট আৰু ব্লকৰ জৰিয়তে জনজাতীয় লোক সকলক সুবিধা প্ৰদান কৰি বৃহত্তৰ অসমীয়া জাতি গঠনৰ পথ মুকলি কৰিছিল ৷ কিন্তু পিছত কিছুমান জাতীয়তা বিৰোধী,  দুৰাকাংক্ষী, যান্ত্ৰিক, বাস্তৱ বুদ্ধি হীন  নেতাৰ ভুল কৰ্ম পদ্ধতি,  ভুল  সিদ্ধান্ত  এই জনগোষ্ঠীক জাপি দিবলৈ গৈ তেওঁলোকক ওচৰ চপোৱাতকৈ দুৰৈত হে খেদি পঠালে ৷ 1963 চনত নাগালেন্ড ভাৰতীয় গণৰাজ্যৰ এখন স্বাধীন ৰাজ্য হিচাপে স্থান পায় ৷ মণিপুৰ আৰু মেঘালয় 1972 চনত,  চিক্কিম 1975 চনত,  মিজোৰাম এখন পুৰ্নাংগ 23 নং ৰাজ্য হিচাপে ভাৰতীয় গণতন্ত্ৰত অন্তভূক্ত হয় 1987 চনত ৷ অৰুনাচল প্ৰদেশ 1987 চনত পুৰ্নৰাজ্যৰ মৰ্যাদা লাভ কৰি বৃহত্তৰ অসমীয়া জাতি গঠনৰ পদক্ষেপৰ পৰা আঁতৰি গ’ল ৷
গুৱাহাটি বিশ্ববিদ্যালয় স্থাপনৰ ক্ষেত্ৰতো এই পৰ্বত ভৈয়ামৰ মানুহ খিনিয়ে যথেষ্ট সহায় আগবঢ়াইছিল ৷ গুৱাহাটি বিশ্ববিদ্যালয় স্থাপনৰ মুল উদ্দেশ্য আছিল বৃহত্তৰ অসমত অৱস্থান কৰা সকলো জাতি জনগোষ্ঠী, পৰ্বত -ভৈয়ামৰ মানুহৰ ভাষা সংস্কৃতি অধ্যয়ন আৰু গবেষনাৰ মুল কেন্দ্ৰস্থল হিচাপে পৰিচালিত কৰা, কিন্তু দেখা গ’ল যে বিশ্ববিদ্যালয় স্থাপন হোৱাৰ প্ৰায় অৰ্ধশতাব্দী পিছতহে জনজাতীয় ভাষা অধ্যয়নৰ ব্যবস্থা কৰা হয় ৷ অসমীয়া ভাষা সংস্কৃতি অধ্যয়নৰ ওপৰত অত্যাধিক গুৰুত্ব প্ৰদান কৰি প্ৰতিশ্ৰুতি ভংগ কৰি পৰ্বতীয়া অঞ্চল সমূহক আঁতৰি যাবলৈ প্ৰত্যক্ষ ভাবে সহায় হে কৰিলে ৷
বৃহত্তৰ অসমীয়া জাতি গঠনৰ বাবে ক্ষুদ্ৰ স্বাৰ্থ পৰিত্যাগ কৰিব নোৱাৰিলে ৷ ৰাজনৈতিক কৌশলেৰে প্ৰশাসন দখল কৰি দুৰ্নীতি আৰু লুন্ঠনেৰে নিজৰ গাত সংকীৰ্ণতাৰ আঁচল মেৰিয়াই লৈ অসমীয়াই নিজৰ বিপদ নিজেই মাতি আনিলে ৷ এই সংকীৰ্ণ মনোভাবৰ সুযোগ গ্ৰহন কৰি সৰু বৰ সকলো জনগোষ্ঠীয়ে নিজৰ নিজৰ অস্তিত্ব জাহিৰ কৰি আন্দোলন, সন্ত্ৰাস আদি কাৰ্য্যত নিমগ্ন হ’ল ৷
জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল, ” মানৱ সংস্কৃতিৰ উচ্চতা বিকাশ হয় মানৱ -মনীষাৰ  প্ৰতিভা, কল্পনা, মেধা বুদ্ধি থকা মনটোৰ   মাজেদি আৰু তাৰ ব্যপকতাৰ বিকাশ হয় জনতাৰ মাজত তথা গভীৰতা, বাস্তৱ সাম্প্ৰতিক দৃষ্টিত ৷ সেই কাৰনে  যি জাতিৰ উচ্চ সংস্কৃতি সি  সিমান বহল আৰু সমগ্ৰ জনতাক সামৰিব পৰা  বিধৰ ” ৷ ( শিল্পীৰ পৃথিৱী)
জ্যোতিপ্ৰসাদে ” অসম ছাত্ৰ সন্মিলন  ৰ ‘ 47 চনৰ অধিবেশনত কৈছিল যে,  ” বৰ্তমান পৃথিৱীত একেবাৰে আছুতিয়া কৈ কোনো দেশ -প্ৰদেশৰ জাতি -উপজাতিৰ সংস্কৃতি হ’ব নোৱাৰে ৷ এতিয়া এক সমন্বয় -সংস্কৃতি সভ্যতাৰ পৰা আন এক সমন্বয়, সংস্কৃতি সভ্যতালৈ জাতি উপজাতি বোৰ যাব লাগে ৷ সমন্বয় প্ৰণালীতে এটা জাতি উপজাতিৰ  মৌলিকতা ফুটি উঠিব লাগিব  ” ৷   (পোহৰলৈ)
তেওঁৰ ভাষাত সমন্বয়ৰ অৰ্থ এটা জাতিৰ সাঁচত ক্ষুদ্ৰ জাতি উপজাতিক ঢালা নহয় অৰ্থাৎ সমন্বয়ৰ সমতা থাকিব লাগিব ৷ এটা সংস্কৃতি উন্নত বুলি আনৰ ওপৰত জাপি দিব বিচাৰিলে তাক সমন্বয় প্ৰক্ৰিয়া বুলি ক’ব নোৱাৰি ৷ অৰ্থাৎ উচ্চাত্মিকা আৰু আত্ম অহংকাৰৰ জৰিয়তে সমন্বয় সম্ভব নহয় ৷ মধ্যযুগত অসমৰ বিভিন্ন জনগোষ্ঠী আৰু উত্তৰ ভাৰতৰ বিভিন্ন জনগোষ্ঠীৰ মাজত যি সমন্বয় ঘটিছিল তাৰ ফলতেই নতুন সমাজৰ সুষ্টি হৈ হিন্দু সংস্কৃতিৰ প্ৰাধান্য প্ৰাপ্ত হৈছিল ৷ জনজাতীয় আৰাধনা কেন্দ্ৰ সমুহতো শক্তিমূৰ্তি বা মাতৃপুজা প্ৰাধান্য   পাইছিল ৷ কামাখ্যাৰ দেওধনী নৃত্যত জনজাতীয় ধৰ্মীয় নৃত্যৰ প্ৰভাব থকা দেখা যায় ৷ তেনেকৈ ছিন্ তেং সকলৰ উপাস্য দেবী জয়ন্তেশ্বৰীত বা মালিনী থানত কোনো স্থানীয় দেৱী হিন্দু মহামায়াৰ অন্যতম ৰুপ হোৱাও সমন্বয়ৰ লক্ষন৷ এই সমন্বয় ঘটিছিল উচ্চবৰ্ণৰ হিন্দু সকল আৰু জনজাতীয় ক্ষুদ্ৰ পাৰ্বত্য মানুহ খিনিৰ মাজত ৷
আহোম আৰু কোচ শাসনৰ সময়ছোৱাত সামন্তবাদী সমাজ ব্যবস্থাত এই হিন্দু কৰন বা সংস্কৃতায়নৰ ব্যাপক প্ৰভাৱ পৰিছিল ৷ কোচ ৰজা সকলে হিন্দু ধৰ্ম গ্ৰহন কৰাই নহয় বাৰানসীলৈ গৈ সংষ্কৃত মাধ্যমত শাস্ত্ৰধ্যায়ন কৰিছিল ৷ আহোম সকলেও স্বধৰ্ম ত্যাগ নকৰাকৈয়েই মন্দিৰৰ পূজাপাতল সেৱা কৰাৰ বাবে দান বৰঙনি আগবঢ়াইছিল ৷
মহাপুৰুষ শংকৰদেৱেও এক সমন্বয়ৰ আৰ্হি সমাজৰ স্থাপন কৰিছিল—  ” একদেউ, এক সেই, এক বিনে নাহি কেউ “৷ সনাতন হিন্দু ধৰ্মৰ মাজতেই মানৱীয় মৰ্যাদা আৰু সাম্যৰ বানী প্ৰচাৰ কৰিছিল ৷ শংকৰ দেৱে তেওঁৰ একশৰণ ধৰ্ম কাৰো ওপৰত জাপি দিয়া নাছিল—  গাৰোৰ গোবিন্দ,  নগাৰ নৰোত্তম,  মিৰিৰ পৰমানন্দ আদি নামবোৰ ভক্ত বৈষ্ণৱ সকলে স্ব- ইচ্ছাৰে গ্ৰহন কৰিছিল ৷
বৰ্তমান গুৰুজনাই বিলাই যোৱা সাম্য -মৈত্ৰীৰ অমৃতবাণীৰে আজিৰ জটিল সমাজৰ সমন্বয় ভেঁটি বান্ধি ৰাখিব পৰা নাই ৷ সবেই এয়া ভাবে যে উত্তৰ -পূব ভাৰতৰ বিভিন্ন জনগোষ্ঠীৰ মাজত যি ভুল বুজাবুজি, মতানৈক্য চলি আছে তাৰ মূল কাৰন হ’ল সমন্বয়ৰ অভাব  ৷ আচলতে সমন্বয় নথকা বাবেহে সংঘাতৰ সৃষ্টি হৈছে,  আৰু সমাধনৰ বাবে দিল্লী ঢাপলি মেলিছে ৷ আমাৰ মাজত ঐক্য সম্প্ৰীতি বান্ধোন ডাল টুটি  অহাৰ বাবে দিল্লীয়েও সুযোগ লৈছে ৷
সম্প্ৰতি বৃহত্তৰ  অসমীয়া সমাজ বুলি কবলৈ কোনো অভিধা নোহোৱা হৈ আছে ৷ ৰাজ্যৰ প্ৰত্যেক সম্প্ৰদায়,  গোষ্ঠী,  জনগোষ্ঠীয়ে নিজৰ নিজৰ পৰিচয় তথা সুৰক্ষাৰ আন্দোলনত নামিছে ৷ অসম সাহিত্য সভাৰ এিসপ্ততিতম কলিয়াবৰ অধিৱেশনৰ 67 সংখ্যক সভাপতি হিচাপে দায়িত্ব ভাৰ গ্ৰহনৰ পিছতেই ড০ ধ্ৰুবজ্যোতি বৰাই কয় যে আগন্তুক দিনবোৰত  অসমীয়া জাতীয়তাবাদৰ  আধাৰ হ ‘ব  ভাষা ৷ যি সকলে অসমীয়া ভাষা কয় অথবা অসমীয়া ভাষাক প্ৰথম, দ্বীতিয় বা তৃতীয় ভাষা হিচাপে ব্যবহাৰ কৰে তেওঁলোকৰ পৰিচয় হ’ব অসমীয়া ৷ তেওঁৰ বক্তব্যত আন এটা উল্লেখনীয় দিশ হ’ল পূৰ্বৰ পূৰ্ববংগৰ পৰা অসমলৈ অহা লোকসকলে অসমীয়া ভাষাক নিজৰ ভাষা হিচাপে  হাড়ে হিমজুৱে গ্ৰহন কৰিছে আৰু অসমীয়া ভাষাটো সমৃদ্ধ হোৱাত বৰঙনি যোগাইছে ,  তেওঁলোকক বাংলাদেশী বুলি আখ্যা দিলে তেওঁলোকৰ অন্তৰত আঘাত লাগিব  আৰু অসমীয়া ভাষা সংহতিৰ বিকাশ তথা শ্ৰীবৃদ্ধিত  হানি কৰিব ৷
এই কথা অনস্বীকাৰ্য যে আমি সৰ্বজন গ্ৰাহ্য অসমীয়াৰ সংজ্ঞা এটি নিৰুপন কৰিবলৈ অক্ষম, কাৰন  অসমীয়া কোন এই বিতৰ্কিত প্ৰশ্নটিৰ সঠিক উত্তৰ আজিলৈ কোনোৱেও দিব নোৱাৰিলে ৷ অসম সাহিত্য সভাকে ধৰি  বিভিন্ন জাতীয়তাবাদী নেতা সংগঠন সকলে বিভিন্ন সময়ত অসমীয়াৰ সংজ্ঞা বিভিন্ন ধৰনে আগবঢ়াইছে যদিও অসমীয়া মানুহৰ সংস্কৃতিক , সামাজিক,  ভাষিক পৰিচয় আৰু ঐতিহ্যৰ সংৰক্ষন তথা বিকাশ আৰু বৃদ্ধিৰ উপযুক্ত হোৱাকৈ কোনো সংজ্ঞা আজিলৈকে কোনোৱেও দিব পৰা নাই ৷
এনে পৰিস্থিতিৰ পৰিপেক্ষিতত 2015 চনৰ অসম বিধান সভাৰ অধ্যক্ষ  প্ৰনৱ গগৈ য়ে এক নাজিৰ বিহীন  পদক্ষেপ গ্ৰহন কৰে ৷ দলীয় ৰাজনীতিৰ উৰ্দ্ধত গৈ অসমীয়াৰ সংজ্ঞা দাঙি ধৰিবলৈ প্ৰয়াস কৰে ৷ অসমৰ সকলো জাতি, জনগোষ্টী, বিভিন্ন সাহিত্য সভা, ছাত্ৰসভা, বিশিষ্ট ব্যক্তি, সমাজতত্ব বিদ্,  শিক্ষাবিদ সকলক সাক্ষাৎ কৰি 31 মাৰ্চ, 2015 চনত এক উল্লেখনীয় বক্তব্য দাঙি ধৰে ৷
তেওঁ কয় যে,  অসম চুক্তিৰ 6 নং দফাত উল্লেখিত সমগ্ৰ অসমৰ অৰ্থনৈতিক বিকাশৰ লগতে অসমীয়া মানুহৰ সংস্কৃতি, সামাজিক, ভাষিক পৰিচয় আৰু ঐতিহ্য ৰক্ষা সংৰক্ষন আৰু বিকাশৰ বাবে সাংবিধানিক আইনগত আৰু প্ৰশাসনিক নিৰাপত্তা প্ৰদান কৰা হ’ব ৷ মাত্ৰ এই দফাটো কাৰ্যকৰী কৰিবলৈ অসমীয়া কোন তাৰ এটা সীমাবদ্ধ সংজ্ঞাৰ প্ৰয়োজন আছে ৷ বিদেশী অনুপ্ৰৱেশ কাৰীয়ে প্ৰভাৱ পেলোৱা জনগাঁথনিত খিল়ঞ্জীয়া অসমীয়াই নিজৰ স্থান হেৰুৱাই পেলাৱ  পাৰে বুলি শংকা কৰা হৈছে ৷ ভাষা ধৰ্ম জাতি জনজাতি আন আন জনগোষ্ঠী নিৰ্বিশেষে অসমৰ খিলঞ্জীয়া মানুহখিনিৰ বাবেহে সংৰক্ষন কবচৰ প্ৰয়োজনীয়তা বৰকৈ অনুভব কৰা হৈছে ৷
অধ্যক্ষ প্ৰণৱ গগৈদেৱে স্বাধীনত্তোৰ কালৰ অবিভক্ত অসমৰ বিভিন্ন নথি পত্ৰসমূহ পৰীক্ষা কৰোঁতে 1951 চনৰ ভাৰত চৰকাৰৰ লোকপিয়লৰ নথি সমুহ পাই তাৰ পুংখানুপুংখ ভাবে পৰ্যালোচনা কৰে ৷ অসম, মনিপুৰ,  ত্ৰিপুৰা অঞ্চলৰ লোকপিয়লৰ তত্বাবধানত থকা ভাৰতীয় অসামৰিক বিষয়া বি  ৱাঘাইৱালাই প্ৰতিবেদনৰ 12 নং খণ্ডৰ “ক “অংশৰ পৰিশিষ্ট( 12) ত  অসমৰ খিলঞ্জীয়া লোকৰ সংজ্ঞা এই ধৰনে দাঙি ধৰিছে—
” Indigenous person of Assam neans a person to the state off Assam and speaking the Assamese language or any tribal dialact of Assam, or in the case of cachar the language of the region “
অৰ্থাৎ যি সকল লোকে অসমত বাস  কৰি আছে আৰু অসমীয়া ভাষা আৰু জনজাতীয় দোৱানত কথা কয় বা কাছাৰ জিলাত যি সকলে সেই অঞ্চলৰ ভাষা কয়, সেই সকলেই “অসমৰ খিলঞ্জীয়া” ৷
উল্লেখ যোগ্য  কথা যে   এই লোকপিয়লৰ তথ্যৰ আধাৰতহে 1951 চনৰ নাগৰিকপঞ্জী খন প্ৰস্তুত কৰা হৈছিল আৰু তেতিয়াৰ তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধি ডাহৰীয়াই এই নাগৰিক পঞ্জীত সন্মতি প্ৰদান কৰিছিল ৷
অসম বিধান সভাৰ মজিয়াত গগৈক অসম গণ পৰিষদ,  ভাৰতীয় জনতা পাৰ্টি,  বডোলেণ্ড  পিপলছ্ ফ্ৰন্টৰ বিধায়ক সকলে সমৰ্থন জনায় যদিও কংগ্ৰেছ চৰকাৰ,  এ আই ইউ জি এফৰ বিধায়ক সকলে তীব্ৰ বিৰোধীতা কৰে ৷ অধ্যক্ষ প্ৰণৱ গগৈ য়ে কয় যে অসম চুক্তিৰ 6 নং দফাটো কাৰ্যকৰী কৰাৰ বাবে 57 টা দল সংগঠন তথা সাহিত্যিক বুদ্ধিজীৱি সাংবাদিকৰ লগত সমিল মিল ভাবেৰে এটা সৰ্বজন গ্ৰাহ্য সংজ্ঞা নিৰুপন কৰা হৈছিল  ৷ 1951 চনৰ নাগৰিক পঞ্জীত যি সকল লোকৰ নাম আছে তেওঁলোকৰ সতি -সন্ততিয়েই আজিৰ ” অসমীয়া ” বুলি যি সীমিত সংজ্ঞা এটিৰে এই অসমীয়া অস্তিত্বৰ বিষয়ক প্ৰশ্নটোৰ সমাধান সুত্ৰ নিৰ্ণয় কৰা হৈছিল কিন্তু চৰকাৰে  এই বিষয়ত কোনো গুৰুত্ব আৰোপ নকৰাৰ ফলত ইয়াৰ মীমাংসা নহল ৷
সংকীৰ্ণ ৰাজনৈতিক মনোভাব দুৰদৃষ্টি ৰ অভাৱৰ ফলত  একাংশ জনজাতীয় বুকুৰ কুটুমে আমাৰ অসমৰ মূলসুঁতি এৰি আঁতৰি যোৱাটো বৃহত্তৰ অসমীয়া জাতিৰ বাবে দুৰ্ভাগ্যৰ বিষয় ৷ আমি সময় থাকোঁতেই যদি এই সকল জনজাতীয় ভাই বন্ধু সকলক আদৰি লব নোৱাৰোঁ, তেনে মানসিকতা সৃষ্টি কৰিব নোৱাৰোঁ  তেনে হলে বৰ অসমৰ ভেটি লৰিব ৷ খিলঞ্জীয়া সকলে পুনৰায় নিজৰ অস্তিত্ব ৰক্ষাৰ যুজত নিমগ্ন হ’ব লাগিব ৷
হিন্দু মুছলমানৰ সম্প্ৰীতি সমন্বয়ৰ ভেটি গঢ়োতা আজান ফকীৰে আমাক একসুত্ৰত   যেনেদৰে  বান্ধি গৈছে তাৰ প্ৰমান আজি আমি দাঙি ধৰিব লাগিব ৷ বিভিন্ন জাতি উপজাতি, পৰ্বত -ভৈয়ামৰ থলুৱা মানুহখিনিৰ মাজত এক প্ৰৱল বাধা, প্ৰাচীৰ  সৃষ্টি হৈছে আমাৰ অদুৰদৰ্শিতা, ঠেক মনোবৃত্তি, সংকীৰ্ণ দৃষ্টিভংগী আৰু মুৰ্খামীৰ বাবে ৷ আমাৰ অতীত এক আৰু অভিন্ন হৈয়ো আজি আমি ইমান দুৰ ৷
 বৰ্মন বংশৰ সময়ৰ পৰা হোৱা সংস্কৃতয়নে আমাৰ উমৌহতীয়া ভাষা আৰু সংস্কৃতিৰ ৰুপৰেখা গঠন তৰান্বিত কৰিছিল ৷  যাক আমি এতিয়া অসমীয়া মানুহ বুলি অভিহিত কৰিছো  তেওঁলোক অষ্ট্ৰিক, মংগোলীয়ৰ বিভিন্ন শাখা -প্ৰশাখা, দ্ৰাবিড়ীয় শাখা, আলপাইন, ককেছীয় আদি নৃগোষ্ঠীৰ ব্ৰহ্মপুত্ৰ উপত্যকাত বিভিন্ন সময়ত বিভিন্ন কাৰনত সংঘাত,  সংমিশ্ৰনৰ যোগেদি ঘটা প্ৰৱজনৰ উমৌহতীয়া ৰুপ ৷ অসমীয়াৰ এই সংমিশ্ৰনৰ ৰুপটো 1847 চনৰ Mc.  Cosh এ তেওঁৰ Topography of Assam নামৰ গ্ৰন্থত স্পষ্ট ভাষাৰে উল্লেখ কৰিছে ৷ তেওঁ কৈছে যে পাহাৰৰ পৰা নামি অহা মানুহো ভৈয়ামৰ মানুহৰ মাজত আহি বসবাস কৰে,  কোন পাহাৰৰ, কোন ভৈয়ামৰ চিনি পোৱাটো টান হৈ পৰে ৷ অসমীয়া সকলৰ এই সংমিশ্ৰিত ৰুপ গঠনত ৰাজনৈতিক ভাবে স্বৰ্গদেউ চ্যুকাফা আৰু সাংস্কৃতিক ভাবে মহাপুৰুষ শংকৰদেৱে গুৰুত্ব পুৰ্ন ভুমিকা গ্ৰহন কৰিছে ৷
যি সকল জনগোষ্ঠী এই অন্তবৃত্ত লৈ  নিজকে পৰিবৰ্তিত কৰিলে তেওঁলোকৰ  নিজাকৈ সুকীয়া জনগোষ্ঠীয়  পৰিচয় থাকিলেও তেওঁলোকৰ সংস্কৃতি,  আচাৰ -ব্যবহাৰ,  ৰীতি -নীতি,  পৰম্পৰা, মাতৃভাষা এই সকলোবোৰত এশ শতাংশ  অসমীয়া হৈ পৰিল ৷
1930 চনত ড০ সুনীতি কুমাৰ চট্টোপাধ্যায় য়ে  “বঙালীৰ পৰিচয় ” শীৰ্ষক প্ৰবন্ধত কৈছিল যে ” যাদেৰ ঘৰোৱা ভাষা বাংলা তাৰাই বাঙালী “,  কিন্তু আমাৰ অসমীয়াৰ ক্ষেত্ৰত এই পৰিচয় তুলনামুলক ভাবে বহল, বিস্তৃত ৷  বড়ো,  কাৰ্বি, মিছিং ৰাভা, ডিমাছা,  তিৱা,  দেউৰী, টাই, আহোম  আদি জনজাতীয় গোটসমুহ অসমীয়া ভাষা সংস্কৃতি গ্ৰহন কৰি বৃহত্তৰ অসমীয়া অন্তবৃত্তত সোমাই পৰিছে ৷ চাহ জনগোষ্ঠীৰ লোক সকলেও শিক্ষা আৰু ব্যবহাৰিক জীৱনত অসমীয়া গ্ৰহন কৰি নতুন অসমীয়া লৈ ৰুপান্তৰিত হ ‘ল ৷
অসমৰ সাহিত্য সংস্কৃতিত জনগোষ্ঠীয় লোক সকলৰ অৱদান আমি কেতিয়াও পাহৰিব নোৱাৰিম ৷ অৰুনাচলৰ লুম্বেৰ দাই আৰু টাগাং টিকি,  কাৰ্বি আলঙৰ ৰংবং তেৰাং,  মিছিং জনগোষ্ঠীৰ যতীন মিপুন,  জীৱন নৰহ,  গংগামোহন মিলি,  চাহ জনগোষ্ঠীৰ সমীৰ তাঁতী,  মিতালী কুৰ্মি অসমীয়া সাহিত্যৰ নামজ্বলা সাহিত্যিক সকলৰ সৃষ্টিৰাজিত,  শোভাব্ৰহ্ম ৰ তুলিকাত অসম আৰু অসমীয়াৰ চেতনা কেতিয়াও পাহৰিব পৰা বিধৰ নহয় ৷
অসমীয়া শিক্ষাবিদ্,  সমাজ সংস্কাৰক সকলেও জনজাতীয় উন্নয়নত, সেৱাত উল্লেখনীয় বৰঙনি আগবঢ়াইছিল ৷ অৰুনাচলৰ নেফাত ইন্দিৰা মিৰি,  নাগালেণ্ডত পদ্মনাথ গোহাঞি বৰুৱা, সুৰেশ্বৰ গোঁহাই আদি আৰু বিষ্ণুপ্ৰসাদ ৰাভাক আমি কেতিয়াও পাহৰিব নোৱাৰো ৷ জনজাতীয় বিভিন্ন বিশিষ্ট সাহিত্যিক সকলেও তেওঁলোকৰ কৃতিত অসমৰ বিভিন্ন লোকৰ অৱদান স্বীকাৰ কৰিছে ৷ নাগালেণ্ডৰ এগৰাকী প্ৰাক্তন শিক্ষাধিকাৰে লিখা আত্মজীৱনীত গুৱাহাটিৰ লৰ্য়াছ বুকষ্টলৰ প্ৰকাশক তথা অসমীয়া মানুহৰ পৰা পোৱা উদগনি সমুহ কৃতজ্ঞতাৰে স্মৰন কৰিছে ৷ তৰুন চন্দ্ৰ পামেগামে তেওঁৰ আত্মজীৱনীত গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ কথা কৃতজ্ঞতাৰে উল্লেখ কৰিছে ৷
ড০ ভূপেন হাজৰিকা ৰ জয়ন্তীয়া কিংবদন্তীৰ আধাৰত ” প্ৰতিধ্বনি ” ছবি নিৰ্মান,  গৌতম বৰাৰ কাৰ্বি ভাষাত ” ৱশ্ব’বিপু ” ছবি  আদিয়ে  সৃষ্টিকাৰৰ দৃষ্টিভংগীত পাহাৰ-  ভৈয়াম, জাতি -জনজাতি ৰ ঐক্য সমৃদ্ধি আৰু একতাৰ ৰুপ প্ৰদৰ্শন কৰিছে ৷ সংগীত, সাহিত্য, কথাছবি, শিল্পকৰ্মত জাতি -জনজাতি,  উচ্চনীচ আৰু অন্যান্য ভেদাভেদ পাহৰি এক আৰু অন্যন্য বৃহত্তৰ অসমীয়া জাতি নিৰ্মানত আগভাগ লৈছিল ৷
বৈচিত্ৰৰ মাজত ঐক্য ৰ সাধনাত ব্ৰতী হৈ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠী সমুহে এক আৰু অভিন্ন আত্ম পৰিচয় ৰক্ষা কৰাৰ লগতে ভাৰতৰ সুৰ সমলয়ত নতুন সুৰৰ, নতুন সুৰুজৰ সংযোজন ঘটাব লাগিব ৷ সংঘাত,  হিংসা,  দ্বেষ -বিদ্বেষ, পাহাৰ ভৈয়াম পাহৰি আমি এক আৰু অভিন্ন এই আত্মপৰিচয়ৰে পৃথিৱীত নিজকে চিনাকী কৰাব লাগিব ৷ নিজৰ ঐতিহ্যশালী সাহিত্য, সংস্কৃতি, সাজপাৰ,  ক’লা আদিৰে বিশ্বৰ ইতিহাসত নিজৰ নাম সোনোৱালী আখৰেৰে খোদিত  কৰাব লাগিব ৷ হৃদয়ৰ প্ৰয়োজনত আমি ঐক্যবদ্ধ তথা সংঘবদ্ধ হৈ থাকিম, কোনো ৰাজনৈতিক প্ৰৰোচনাৰ ফলত নহয় এই কথা মনত গাঁথি লৈ অসমীয়া জাতিৰ এক ঐক্যবদ্ধ পৰিচয় ৰুপে নিজকে প্ৰতিষ্টিত কৰিম বুলি সংকল্প বদ্ধ হব লাগিব ৷ অামি এক আৰু অভিন্ন অসমীয়াৰ পৰিচয় প্ৰাপ্ত কৰিব লাগিব ৷
              🙏� জয় আই অসম 🙏
                       জয় অসমীয়া
কৃতজ্ঞতা স্বীকাৰ
——————————
 “এদিন ভাল দিন আহিব “— প্ৰণৱ গগৈ
 অসমত জনগোষ্ঠীগত সমস্যা আৰু সমন্বয়ৰ পথ—  ড০ হীৰেন গোঁহাই
অসমীয়াৰ পৰিচয়—  ড০ নগেন শইকীয়া
অসমৰ আশা আৰু হতাশা—  ৱাছবীৰ হুছেইন

Related Articles

Close