বৰফুকনৰ গীত

অঞ্জন শৰ্মা

[ সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা সংগ্ৰহ হৈ প্ৰকাশ হোৱা “বৰফুকনৰ গীত”ৰ আধাৰত]
প্ৰস্তাৱনাঃ ‘বৰফুকনৰ গীত’
…………………………..…….
ভকতৰাম মিস্ত্ৰীঃ
উত্তৰ লক্ষীমপুৰ নগৰখনৰপৰা ন-মাইলমান নিলগৰ
কমলাবাৰী, সেই কমলাবাৰীলৈ যোৱা এটি আলি
আলিটোৰ কাষতেই অখ্যাত দুলীয়া গাঁও, হাবিতলীয়া
সেই গাঁওৰেই এচুকৰ এটি জুপুৰী পজা, তাতেই এপাল
সন্তান বুকুত সাৱটি বাস কৰিছিল ভকতৰাম মিস্ত্ৰী।
দুলীয়া গাঁওৰ সেই ভকতৰামৰ কথা কোনোবাৰ আছে নে
মনত?
থাকিবই বা কিয়! সেইবোৰ এতিয়া বিৱৰ্ণ-জৰাজীৰ্ণ
ইতিহাস এসময়ৰ, এসময়ত
স্বচ্ছল পৰিয়ালৰ সন্তান ভকতৰাম
হৈ পৰিছিল জুৰুলা
কালৰ চক্ৰত উপায়বিহীন
সংসাৰৰ জোৰা মাৰিবলৈ আৰম্ভ কৰিছিল তেওঁ
গীত গাবলৈ
এতিয়া বিলীন হৈ গৈছে সেই গীত, ধূসৰ
ছাঁই হৈ উৰি গৈছে ইতিহাস
অথচ কালৰ কি ইচ্ছা – যি ইচ্ছাৰ বাবেই ধ্বংস নহ’ল
সেই কালজয়ী গীত !
ইংৰাজী ১৯১৯ চনৰ  পিছৰ কাহিনী, মৌজাদাৰ বিনন্দচন্দ্ৰ ভূঁঞাৰ মহৰী আছিল
লক্ষ্মীনাথ দত্তফুকন।
বহুবাৰ, বহু বহুবাৰ দুলীয়া গাঁৱৰ বোকা-পানী খচি
দত্তফুকনে ভকতৰামৰ, বয়সে গৰকা ভকতৰামৰ
মুখৰপৰা সেই গীত টুকি আনিছিল, টুকি আনি
পিছত সঁপি দিছিল সূৰ্যকুমাৰ ভূঁঞাৰ হাতত।
ইংৰাজী ১৯২৩ চনৰ কাহিনী, সূৰ্যকুমাৰ গৈছিল লক্ষীমপুৰলৈ
ভকতৰাম আৰু সূৰ্যকুমাৰৰ মিলন ঘটিছিল লক্ষীমপুৰত
ইতিহাস, কালৰ কি লীলা-খেলা
এটি কালজয়ী গীতৰ ইতিহাস, আঃ কি নিভাঁজ ভাষা
আওহতীয়া দুলীয়া গাঁৱৰ ভকতৰামৰ কণ্ঠৰে নিগৰা
অসমীয়াৰ সমবেত কণ্ঠ, অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ ভাষা
নিভাঁজ অসমীয়া
য’ত নাই বিদেশী শব্দৰ বচনভংগীৰ অকণো চেকা।
সূৰ্যকুমাৰৰ সন্মুখত ভকতৰামৰ কণ্ঠেৰে হৃদয় মথি মথি
নিগৰি নিগৰি ওলাইছিল অসমভূমিৰ কালজয়ী গীত
‘বৰফুকনৰ গীত’ !!
ইতিহাস
মানৰ অকল্পনীয় অত্যাচাৰত ত্ৰাহি মধুসুদন দেখা হোজা
সৰল অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ
‘বৰফুকনৰ গীত’, ইতিহাস।
অসমীয়াৰ পেৰাত এই গীতটোও নাথাকিলহেঁতেন
যদিহে বিনন্দচন্দ্ৰ-লক্ষ্মীনাথে সহযোগ নকৰিলেহেঁতেন
যদিহে ভকতৰাম-সূৰ্যকুমাৰৰ মিলন নহ’লহেঁতেন।
চাৰিওগৰাকীক সহস্ৰ, শত-সহস্ৰ প্ৰণাম।
১৯২৪ চনৰ কাহিনী, সেইটো বছৰৰে ডিচেম্বৰত
সূৰ্যকুমাৰৰ উদ্যোগত
প্ৰথম প্ৰকাশ হৈছিল, ‘বৰফুকনৰ গীত’।
আজি একবিংশ শতিকা, অলেখ-গীতিকাৰ-অনেক গায়ক
সুবিধাও অগণন প্ৰযুক্তিবিদ্যাৰ
কিন্তু ক’ত, ‘বৰফুকনৰ গীত’ৰ দৰে গীত ক’ত !
এপাল সমস্যাই কুৰুকি কুৰুকি খোৱা অসমীয়াক
লক্ষ লক্ষ টকাৰে মঞ্চত থিয় কৰোৱা গায়কে
অসমৰ আকাশত জিলিকি জিলিকি থকা নায়ক-গায়কে
আজিও কিয় শুনাব পৰা নাই ‘বৰফুকনৰ গীত’ৰ দৰে গীত
কালজয়ী গীত ! য’ত মূৰ্তমান হৈ উঠিব পাৰে
দশক দশকৰ অত্যাচাৰ প্ৰতাৰণা
শোষণ যন্ত্ৰণা, আৰু কৰুণ ইতিহাস!
গাৱলীয়া চহা ভকতৰামৰ কণ্ঠেৰে নিগৰা
অসমীয়াৰ সেই আপুৰুগীয়া সম্ভাৰ, অসমৰ স্বাধীনতাৰ বেলিমাৰৰ
অথবা জীৱনসন্ধিয়াৰ অন্ধকাৰৰ এক নিখুঁট ছবি, ক’ত আজি তেনে অসমীয়া গায়ক?
ক’ত ভকতৰাম !?
‘বৰফুকনৰ গীত’ !
১৭৩৭ শকৰ ভাদৰপৰা ১৭৪৬ শকৰ মাঘলৈ
অসমীয়াৰ জীৱন-মৃত্যু-ইতিহাসৰ বিভিন্ন পৃষ্ঠাৰেই বিৱৰণ
‘বৰফুকনৰ গীত’।
সেইছোৱা সময়ৰ নায়ক আছিল ৰঙ্গাছিলা দুৱৰাৰ ঘৰৰ
ঘিণাই
ওৰফে
বদনচন্দ্ৰ বৰফুকন
সেইবাবেই গীতটোৰ নাম ‘বৰফুকনৰ গীত’ !
কোনো মাৰ্জিত বা শিক্ষিত কবিয়ে ৰচা নাছিল
‘বৰফুকনৰ গীত’ !
গাঁৱলীয়া বীণবোৱা-গীতগোৱা অসমীয়া স্বভাৱ-কবিসকলৰ
উমৈহতীয়া সৃষ্টি ‘বৰফুকনৰ গীত’।
মানৰ আক্ৰমণত, মানৰ অকল্পনীয় অত্যাচাৰত, আগ্ৰাসনত
অসমীয়াৰ অন্তৰত সৃষ্টি হোৱা বেদনাৰ সোঁত
সেই সোঁতৰ
অক্ষাংশ-দ্ৰাঘিমাংশ-জ্যামিতি-আঁ
নিৰ্ভেজাল আঁক-বাঁক
এটা জাতিৰ প্ৰাণ ভেদি ওলাই সৃষ্টি হৈছিল
অসমীয়াৰ গীত – ‘বৰফুকনৰ গীত’।
অসমীয়াৰ সু-সন্তান সূৰ্যকুমাৰক শত শত প্ৰণাম
তেওঁৰ বক্তব্যৰ পৰাই বুটলিলো ওপৰৰ শব্দসম্ভাৰ।
‘বৰফুকনৰ গীত’।
এদিন এই গীতটো গাইছিল নিৰ্যাতিত অসমীয়াই
এদিন এই গীতটো গাইছিল দুলীয়া গাঁৱৰ ভকতৰামে
এদিন এই গীতটো প্ৰকাশ কৰিছিল সূৰ্যকুমাৰে
ভকতৰামৰ কণ্ঠ
সূৰ্যকুমাৰৰ গ্ৰন্থ
এয়া ‘ডিজিটেল মঞ্চ’ !
‘ইউনিকোড’ কৰিবলৈ ওলাইছো ভকতৰামৰ গীত
‘বৰফুকনৰ গীত’
আশাকৰো পঢ়ি চাব অসমৰ নৱ-প্ৰজন্মই
যিহেতু
আকৌ আহিছে মান
আকৌ আহিছে ৰামসিংহ, মীৰজুমলা, নাদিৰ শ্বাহ
যিহেতু দূৰবীণেৰেও দেখা নাযায় চৌদিশে ক’তো
ভাস্কৰ বৰ্মা-পৃথু-লাচিত-চিলাৰায়ৰ পতাকা !!
কি মৰ্মন্তুদ ট্ৰেজেদী, হে মোৰ সংজ্ঞাহীন অসমীয়া
হে মোৰ একালৰ সেউজ উপত্যকা……!!
“বৰফুকনৰ গীত”ৰ ভাষাঃ
সূৰ্যকুমাৰ ভূঞাই লিখা গদ্য যদি কৰো মই পদ্য অথবা গদ্যময় পদ্য বা পদ্যময় গদ্য…
অসমীয়া জাতিৰ অন্তৰ ভেদি ওলাইছিল
‘বৰফুকনৰ গীত’
অতি মৰ্মস্পৰ্শী ভাষা নিভাজ অসমীয়া
‘বৰফুকনৰ গীত’ৰ বচনভঙ্গী-শব্দযোতনিও
বিদেশী প্ৰভাৱমুক্ত খাৰখোৱা অসমীয়া
প্ৰাণৰো প্ৰাণৰ ভাষা
হৃদয় মথি মথি ওলোৱা ভাষা অসমীয়া সেয়াও প্ৰমাণ ভাষা আমাৰ অতিকে শুৱলা
প্ৰকাশ কৰিবলৈ সক্ষম সকলো চিন্তা-ভাৱনা
‘বৰফুকনৰ গীত’ত নাই বিজাতীয় ভাব, সি
অসমীয়াৰ প্ৰাণাধিকাৰ কৰা অনন্য ভাষা
যাৰ ভেটিত গোঁজ পুতি সূৰ্যকুমাৰে কৈছিল-
হে অসমীয়া কবি, হে গীতিকাৰ, হে গায়ক
তলৰ পদ কেফাঁকিৰ দৰে বৰ্তমান কালত
কোনোবাই অসমত ৰচিব পাৰিছেনে পদ?
পদৰ নমুনাঃ
(১)
     একোদিনাপতি        ভাটীৰ বৰফুকনে
          বোলে, ” মই কেচাই খোৱাৰ বঙ্গহ,
     শুনিছা শুনিছা,        অ’   বৰগাভৰু,
           লৰে বাওঁ-বাহুৰে মঙ্গহ।”
(২)
  তামোল কাটি দিওঁ   খোৱা মোৰ বঙ্গহদেউ
            পানী আনি দিওঁ খোৱা,
  কাপোৰৰ ভিতৰত       কান্দা মনে মনে
            কি হ’ল  বাতৰি কোৱা।
(৩)
 ওপৰে উৰিলে          কৰচন কনুৱা
              লৰি তুলিলে লাই,
  অসমৰ জীয়ৰী        মানৰজাৰ কুৱঁৰী
               গা ধুই আছিলে চাই।
(৪)
 চাবে দিয়া গাখীৰত     মোলান পৰিলে
                সোন্দাকল মৰহি গ’ল।
(৫)
 তাঁতীৰ হাতৰ                  কাপোৰখনে
                 জগতখন জুৰিলে,
             তথাপি তাঁতীৰ গা উদি,
ঘিণাই বৰফুকনক মাৰিবলৈ ধনী বৰবৰুৱাই
              ৰাজমাওক সুধিলে বুধি।
(৬)
 চন্দ্ৰত সেৱা,                  সূৰ্য্যত সেৱা,
             বসুমতীত সেৱা কৰোঁ,
 দায় নধৰিবা       ‌  কালিকা গোঁসানী,
            ৰাজ্যৰ দ্ৰোহীয়ক মাৰো।
“বৰফুকনৰ গীত”ৰ গ্ৰন্হকাৰঃ
সাধ্যাতীত ‘বৰফুকনৰ গীত’ৰ লেখকৰ সন্ধান কৰা
যিহেতু এনে গীত এটা জাতিৰ উমৈহতীয়া প্ৰাণৰে নিগৰা
উদাহৰণ আছে এনে, যেনে – আইনাম
বিয়ানাম, বিহুনাম, হুচৰি, নিচুকনি
ফুলকোঁৱৰৰ-মণিকোঁৱৰৰ গীত…।
পুৰুষ কিম্বা মহিলা, অসমীয়া
স্বভাৱকবিয়ে গীত গাই থাকোতেই ৰচিব পাৰিছিল গীত
কন্ঠৰে নিৰৱধি নিগৰিছিল জোৰানাম
যোজনা
কাপ-মৈলাম অবিহনেই মুখেৰে ওলাইছিল
অসমীয়াৰ কলিজাৰ গীত
প্ৰয়োজন নাছিল পঢ়াশলীয়া শিক্ষা
এনে গীতসমূহৰ ৰচনাৰ বাবে
প্ৰকৃতিৰ সন্তান অসমীয়াৰ প্ৰাকৃতিক গুণ
আঃ, কি অদ্ভূত!!
সৌ তাহানিয়েই কৈছিল সূৰ্যকুমাৰে –
অসমীয়াৰ মুখত, যুগ-যুগান্তৰ গীতৰ মাজেৰে
ঘৰুৱা বচনৰ মাজেৰে
প্ৰচলন হৈছিল কিছুমান উপলুঙ্গা বচন
আৰু গীত ৰচোতাই তেনে এটি বচন মাতি
পিছৰ শাৰীটো, তাৰে সৈতে মিলাবলৈ
ৰচিছিল এফাঁকি পদ মাথোন এনেকৈ :
   (১) কাউৰীয়ে কৰিলে কা,
        ‌ ৰাতিৰে ৰাতিটো ৰূপচিঙ্গে ধৰালে দা।
   (২)  জৰাৰ কোমল জিম,
         মিত্ৰলৈ শত্ৰু কেনেকৈ দিম?
ওপৰৰ দুফাকি পদৰ ‘কাউৰীয়ে কৰিলে কা’
‘জৰাৰ কোমল জিম’ হ’ল-
উপলুঙ্গা বচন, অসমীয়াৰ, অসমীয়া
ৰচোতাই ‘দা’ আৰু ‘দিম’ৰ সৈতে মিলাইছে
এনে অৰ্থহীন উপলুঙ্গা বচন।
এনেকৈয়ে বচন ব্যৱহাৰ হৈছিল অসমীয়া গীতত
প্ৰায়বোৰ গীতত, যেনে —
 ‌       ‘কোনে বোলে জীলে’
         ‘এ দেউ ৰ’ল’
         ‘তাত ববৰ তাতী’
         ‘কাৰ খালো ধাৰ’
         ‘লাহে বোলে লী’
         ‘কিনো মাছ মাৰিবৰ শল/আৰি/নাৰ’
ইত্যাদি।
সূৰ্যকুমাৰ ভূঞাই কৈছিল ‘বৰফুকনৰ গীত’
‘ফুলকোঁৱৰৰ গীত’ আদিৰ ৰচনাপ্ৰণালী
সম্ভৱতঃ সাধুকথাৰ দৰে বা ঘটনাৰ দৰে
মানুহৰ মুখে মুখে বাগৰিছিল বহুদিন বহুমাহ
ঠায়ে ঠায়ে গাঁৱে ভূঁয়ে পথাৰে চোতালে।
অসমদেশতো বীণ বোৱা এবিধ মানুহ আছিল
বীণ বাই সিকি-আধলি-আদমহীয়া উপাৰ্জন কৰা
সেই বীণবোৱাই গীতবোৰ বিয়পাইছিল
পুৰণি গীতৰ সমাদৰ কমাত নতুন গীত গাইছিল
ৰচিছিল মালিতা খুৱাই
আনিছিল ৰাইজৰ আগলৈ বীণ বাই বাই, যেনে এনে –
দুপৰীয়া ভাত খাই চ’ৰাত বহি /শুই আছে অসমীয়া
তেতিয়াই আহক বীণবোৱা মানুহটো
বীণৰ তাঁৰত আঙ্গুলী বুলাবলৈ আৰম্ভ কৰে তেওঁ
বিশ্ৰামৰত খাৰখোৱা অসমীয়াই কয় –
“থ, থ, তোৰ বীণত সেই একেপাত গীত
কিমান শুনাবি আৰু?
শুনি শুনি লাগিছে আমনি, তই এতিয়া যাগৈ
মই টোপনিকে মাৰো!”
উত্তৰত বীণবোৱাই কয় —
“শুনক দেউতা, এইবাৰ আনিছো এটি নতুন গীত…”
আৰম্ভ হয় নতুনকৈ যুৰি অনা গীত
গীত শুনি ডাঙ্গৰীয়াই দিয়ে পুৰষ্কাৰ..।
এনেকৈয়ে
অসমৰ ঘৰে ঘৰে বীণ বাই গীত গাই গাই
শুনায় গীত, প্ৰচাৰ হয় গীত
মুখে মুখে বাগৰে অসমীয়াৰ
সাল-সলনি হয়
সংযোজন হয়
সম্পাদনা হয়
সেয়েই নগাঁৱৰ ফুলকোঁৱৰৰ গীতৰ সৈতে
ৰংপুৰত গোৱা ফুলকোঁৱৰৰ গীতৰ অমিল সম্ভৱ।
সম্ভৱতঃ এনেদৰেই হৈছিল বৰফুকনৰ গীতৰ ৰচনা
মানৰ প্ৰস্থানৰ পিছত অসমলৈ ইংৰাজ আহিলত
মানুহৰ মুখে মুখে বাগৰিবলৈ ধৰিলে ঘিণাইৰ
ওৰফে বদন বৰফুকনৰ অধ্যায়
মানৰ অকল্পনীয় অত্যাচাৰ
হবলৈ ধৰিলে প্ৰচাৰ সেই অত্যাচাৰ
বীণবোৱাই কৰিলে ঠাৱৰ সেই অধ্যায়ৰ গীত
হ’ব একেবাৰে নতুন গীত
নতুন বিষয়ৰ গীত
এটা যন্ত্ৰণাদগ্ধ অত্যাচাৰিত জাতিৰ গীত
অসমীয়াৰ তেজেৰে ৰচা ঐতিহাসিক গীত
প্ৰাণৰো প্ৰাণৰ গীত অসমীয়াৰ
গাওঁৰ পিছত গাওঁ উছন হৈ যোৱা গীত
চিতাজুইৰ গীত
গীত মৃত্যুৰ, অকালমৃত্যুৰ  গীত
পৰাধীনতাৰ গীত, বিশ্বাসহীনতাৰ গীত
দেশদ্ৰোহ-জাতিদ্ৰোহৰ গীত
অসমলৈ মানক আদৰি অনা গীত
মানে অসমত তেজেৰে লুইত ৰঙা কৰা গীত
ঘিণাইক ঘৃণা কৰা গীত
বদন বৰফুকনৰ অধ্যায়ৰ গীত!
এই গীত শুনাবলৈ সাজু হৈছিল বীণবোৱা
বীণবোৱাই নিশ্চিন্ত আছিল সেই গীত যদি
শুৱলাকৈ পৰিৱেশন কৰিব পাৰি
অসমীয়াই শুনিব, শুনি বটা-পুৰস্কাৰো দিব
বীণবোৱাই পুৰণি গীতৰ সাঁচত পেলাই লৈছিল
মান-বদনৰ বৃত্তান্ত
সকলো বৃত্তান্ত বীণৰ সুৰে সুৰে গাইছিল বীণবোৱাই
গাঁৱৰ পিছত গাঁৱত, পথাৰত চোতালত
পদূলিমুখত
বীণবোৱাৰ মুখত সেই গীত শুনি শুনি
অসমীয়াই গাবলৈ লৈছিল বৰফুকনৰ গীত!
‘বৰফুকনৰ গীত’ৰ গীতিকাৰ কোন?
সূৰ্যকুমাৰে দ্ব্যৰ্থহীনভাৱে কৰিছে ঘোষণা-
গীতৰ ৰচোতা এজন বীণবোৱা স্বভাৱকবি
তেওঁৰ নাম
হয়তো বলহু
বা দমহু
অথবা চিকৰা
কিম্বা মণিৰাম……!
এনে যিকোনো নাম।
গ্ৰন্থ প্ৰকাশৰ বাবে সেই গীত ৰচা নাছিল অসমীয়াই
মুখে মুখে গাবলৈহে ৰচনা হৈছিল সেই গীত
মুখে মুখে গালেহে তলৰ পদ শুৱায় —
” লাই কুমলীয়া           গৰুৱে খায়–
               লফা কুমলীয়া বেৰোঁ,
 ঘিণাই বৰফুকনৰ       গীত গাই শুনালে
                আধলি হলেহে এৰোঁ ।
(ক্ৰমশঃ..)

Related Articles

Check Also

Close
Close