বৰফুকনৰ গীত—তৃতীয় খন্ড

অঞ্জন শৰ্মা

(সূৰ্যকুমাৰ ভূঞাৰ “বৰফুকনৰ গীত”ৰ আধাৰত, আগৰ দুটা খন্ডৰ পিছৰছোৱা, অৰ্থাৎ তৃতীয় খন্ড)

প্ৰথম আধ্যা। অসমত মান।

 

আই সৰেচতী,         দেবী পাৰেৱতী,

তোমালৈ বঢ়াই যাওঁ শৰাই,

পাহৰা পদকে         সোঁৱৰাই দি যাবা,

যেনে বৰা-ধানৰ কৰাই।

আই সৰেচতী,         দেবী পাৰেৱতী,

তোমালৈ বঢ়াই যাওঁ মলা,

পাহৰা পদকে         সোঁৱৰাই দি যাবা,

যেনে পাঁজি-কটা শলা।

আই সৰেচতী,         দেবী পাৰেৱতী,

তোমালৈ বঢ়াই যাওঁ কাকৈ,

পাহৰা পদকে         সোঁৱৰাই দি যাবা,

যেনে বৰা-ধানৰ আখৈ।

আই সৰেচতী,         দেবী পাৰেৱতী,

তোমালৈ বঢ়াই যাওঁ চাউল,

পাহৰা পদকে         সোঁৱৰাই দি যাবা,

গীতৰ ভাঙ্গি যাবা আউল।

ওপৰে উৰিলে         বতাহ বৰষুণে,

সাতোসাগৰৰে ৰেৱা,

আই সৰেচতী,          কামাখ্যা গোসাঁনী,

কৰোঁ নীলাচলত সেৱা।

নীলাচলৰ আই,

পাৰ্থনা কৰোঁ মই         নধৰিবা দায়।

কপালৰ ভাগ,

পাইছোঁ ৰাইজক ইয়াতে লাগ।

লাই কুমলীয়া         গৰুৱে খায়,

লফা কুমলীয়া বেৰোঁ,

ঘিণাই বৰফুকনৰ         পদ গাই শুনালে

আধলি হ’লেহে এৰোঁ।

ৰাইজৰ গুচক পাপ,

তাকৰকেও দিয়ক চাৰি-অনাৰ বাব।

সৰেচতী আই, মই         পাৰ্থনা কৰিলোঁ

তোমাতে ৰহোক চিত,

দেউতা ডাঙ্গৰীয়াই         দিয়ক পাঁচে-মহা

মই গাওঁ ফুকনৰ গীত

কপালৰ ভাগ,

পাইছো দেউতাক ইয়াতে লাগ।

 

সত্য দোৱাপৰ         ত্ৰেতা কলি

তিনি চাৰি যুগ গ’ল,

অসমৰ দেশত, দেউতা,          মন্ত্ৰী নাইকিয়া,

বুঢ়াগোহাঁই অৱতাৰ হ’ল!

চাৰি দিশলৈ চায়,

দেখে বুঢ়াগোহাঁয়ে শতুৰু নাই।

পূবলৈ চায়,

দেখে বুঢ়াগোহাঁয়ে শতুৰু নাই।

“কিনো কম পাচে?

ভাটীৰ বৰফুকনদেউ শতুৰু আছে।

প্ৰজাই মাৰে হাই,

ফুকনে নামাৰিলে মাৰোঁতা নাই।

কাৰ আগত কম?

লোৱৰ ডিঙ্গৰাত ধৰি বন্দী কৰি থম।”

মোক পেলোৱা কাটি,

পৰ্ব্বতীয়া ফুকনক অনালে মাতি।

“কোনে বোলে নে?

ভাটীৰ বৰফুকনক ধৰি আনি দে।

ধৰিবি বেৰি,

ধন খাই ফুকনৰ নাহিবি এৰি।

তামোল খাবৰ শৰাই,

আনিবি বৰফুকনক ডিঙ্গৰাত ভৰাই।

ভাল মুখে মাতিম,

ধৰি দিব পাৰিলে ফুকন তোকে পাতিম।

তামোল দিব খাবি,

মনে-মনে, ফুকন, তই নাৱেৰে যাবি।

বস্তু লবি ওজ,

কেনেবাকৈ পাব বৰদেউতা গাভৰুৱে বুজ।”

মনত চোৱা গুণি,

কোনোবা পৰীয়াই আছিলে শুনি।

ই কথা ছলে,

লৰৰ বেগত দেউতাক পৰীয়াই কলে।

“ৰামৰ সীতা ৰাৱণে নিলে হৰি,

কালিলৈ তোমাৰ বাপেৰক আনিব ধৰি।

সাপে ভেকুলী গিলে,

পৰ্ব্বতীয়া ফুকনক ৰাতিয়েই পঠিয়াই দিলে।

তামোল খাবৰ শৰাই,

আনিব বাপেৰক লোৱৰ ডিঙ্গৰাত ভৰাই।”

চৰাই কৰে চিউ,

কথা শুনি জীয়েকৰ উৰি গল জীউ।

“এই কথা বুজোঁ,

এটা বুধি ক তোতে সোধোঁ।

জৰাৰ কোমল জিম,

পিতালৈ বাতিৰ কেনেকৈ দিম?”

“নেথাকিবি ৰৈ,

আন্ধাৰৰ কোঠাত, আইটী, কান্দিবি তই।

বাপেৰ জীব,

মৰম লাগিলে চিঠিখন লিখিয়েই দিব।”

আছিলে ৰৈ,

আন্দাৰৰ কোঠাত তাই কান্দিলে গৈ।

“কোনেনো ছান্দে?

আজি দেখোন দেউতা-গাভৰুৱে কান্দে!

কাটি খাবৰ জৰা,

লাগে যদি আনি দিওঁ সৰগৰ তৰা।

নেমাৰিবি হাই,

জগতখন আছে মোৰ হাততে পাই।

ঘিণাই বৰফুকনৰ জী,

মোৰনো বোপায়ে কৰিলে কি?”

“চাঁচিলে শাল,

বাপেৰ বুঢ়াগোহাঁয়ে দেউতাক নাপালে ভাল।

জৰাৰ কোমল জিম,

মোক থৈ যাবৰ নহ’ল তিনি দিন।

এই কথা ৰ’লে,

সাতখন চ’ৰাৰ বস্তু এৰি থৈ গ’লে।”

“নেমাৰিবি হাই,

বোপাই মন্ত্ৰী হৈ গাভৰুত লগাইছে দায়।

বাপেৰ যাব সাৰি,

মোক মাৰিলে হ’বি তই বাঁৰী।”

“কিয় মাৰ হাই,

একো আহোমৰ পিতা-মাতা নাই।

নেমাৰিবি হাই,

পিতেকৰ মঙ্গহক বাপেকে খায়।

কাতৰ কৰোঁ,

লেখা নিদিলে, বঙ্গহদেউ, টেটু কাটি মৰোঁ।”

কান্দোনত নোৱাৰি         ঢেকিয়াল ফুকনে

পাটীত লাফে মাৰি উঠে,

ঘিউৰ চাকি লগাই         ঢেকিয়াল ফুকনে

চিঠিখন লিখিয়েই দিলে।

কোনে বোলে জীলে,

চিঠি লিখি আনি গাভৰুক দিলে,

এ দেউ ৰ’ল,

চিঠি লৈ গাভৰু ভিতৰলৈ গ’ল।

আছিলে ৰৈ,

আন্ধাৰৰ কোঠাত তাই কান্দিলে গৈ।

কান্দিবলৈ ধৰিলে         ফুকনৰ জীয়েকে

গুৱাহাটী ৰাজ্যলৈ চাই,

“দেউতা বোপাইলৈ          বাতৰি দিওঁ কেনেকৈ,

মোৰ জানো সাৰথি নাই?”

মোক পেলোৱা কাটি,

বুৰুকৰ বৰুৱাক অনালে মাতি।

“বুৰুক নহবি খোৰা,

শালত বাচি লবি ভাল চাই ঘোৰা।

কাপোৰ লবি গাত,

গুৱাহাটী চহৰত খাবিগৈ ভাত।

মোৰ কপালৰ ভাগ,

হবিগৈ তই একদণ্ডৰ আগ।

এই কথাতে ৰ’ল,

পৰ্ব্বতীয়া ফুকনদেউ         কালিয়েই গ’ল।”

 

একোদিনাপতি         ভাটীৰ বৰফুকনে

বোলে, “মই কেঁচাই-খোৱাৰ বঙ্গহ,

শুনিছা, শুনিছা,         অ’ বৰগাভৰু,

লৰে বাওঁবাহুৰে মঙ্গহ।”

কপালৰ ভাগ,

পালেগৈ ফুকনক ঘাটতে লাগ।

আছিলে ৰৈ,

নানা বয়বস্তুৰে ৰোজ ধৰিলেগৈ।

আছিলে চাই,

খাৰ-ঘৰৰ মুখত দিলে বাহৰ সজাই।

“এই কথাটি তৰ,

আজিয়েই ফুকনক ধৰ।”

“কালিলৈ বোলে লৰিম,

প্ৰভাতৰ সময়ত ফুকনক ধৰিম।

আমাৰ কথাটি ৰওক,

লৰা-তিৰোতাৰে আজিৰ সাজ খাওক।

তেওঁৰ কথাটি ৰওক,

জগতৰ ধৰণী মুকলি হওক।”

পৰ্ব্বতীয়া ফুকনে পাতিলে ওৰা,

বুৰুকে বান্ধিলে দুৱাৰত ঘোঁৰা

কপালৰ ভাগ,

পালেগৈ বুৰুকে         দেউতা ঈশ্বৰক

চাংমাই শালতে লাগ।

চাংমাই শালতে       বুৰুক সোমালে,

“জৰুল চাওদাং কাট,”

বুৰুকে বোলে “দেউ,         সৰ্কদেউ ঈশ্বৰ অই,

চিঠিখন চাই মোক কাট।”

কোনে বোলে বাথু,

ফুকনৰ আগত সি ললেগৈ আঁঠু।

বৰফুকন জীলে,

চোলাৰ জেপৰ       পৰা চিঠিখন দিলে।

নেমাৰিলে হাই,

লাৰ চাব মেলি চিঠিখন চায়।

কোনে বোলে ৰ’ল,

চিঠি দেখি ফুকনদেউ         বিমূৰ্চ্ছিত হ’ল।

দলি মাৰে কাপোৰ,

কপালত মাৰিলে তিনটা চাপৰ।

“মোৰ গা ৰ’ল,

জন্মি, পিয়লি, নুমলি মাউৰা হ’ল।

মোৰ কি গতি হ’ল,

জন্মি, পিয়লি, নুমলি অকালন হ’ল।

মোক জীয়ালে,”

বুৰুকৰ বৰুৱাক খাবলৈ দিলে।

এ দেউ ৰ’ল,

উঠিয়েই ফুকনদেউ ভিতৰলৈ গ’ল।

ই কথা ৰ’লে,

গাৰু গিলিপত চিঠিখান থ’লে।

এ দেউ ৰ’ল,

আন্ধাৰৰ কোঠালীত দেউতা সোমাই গ’ল।

আছিলে ৰৈ,

আন্ধাৰৰ কোঠাত দেউতা কান্দিলেগৈ।

“তামোল কাটি দিওঁ         খোৱাঁ মোৰ বঙ্গহদেউ,

পানী আনি দিওঁ খোৱাঁ,

কাপোৰৰ ভিতৰত          কান্দা মনে-মনে,

কি হল বাতৰি কোৱাঁ।”

“টাটিৰ আগৰ কোৱা,

আজি নীলাচলত পৰিছে ৰেৱা।

নীলাচলৰ ৰেৱা,

ভৰিত ধৰি গাভৰু কৰি ল সেৱা।

নহবি বাজ,

নগৰখন ৰাখি তই গাভৰু থাক।

নহবি দুৱাৰডলি বাজ,

বছৰেকৰ মূৰত তই কৰিবি কাজ।”

পেলোৱা কাটি,

উদয়চিং বঙ্গালক অনালে মাতি।

“উদয়চিং জীলোঁ,

এই তিনি বেটা         তোকে দিলোঁ।

জুৰি যাম ভেশ,

অসমৰ এটা চুক, বোপাই, লৈ যাম দেশ।

নধৰিবি দোষ,

আপদ কালত, বোপাই, নেৰিবি মোক।”

কথা ক’লে টানি,

বিশ্বাসী কথা দেউতাই নকলে ভাঙ্গি।

কথা ক’লে ৰাতি,

জালোৱা ডোমক তেওঁ অনালে মাতি।

কোনে বোলে জীলে,

তেতিয়া সিহঁতক মহলা দিলে।

“কোনে বোলে ৰিবি,

জালোৱা নাৱেৰে পাৰকৈ দিবি।”

কোনে বোলে আঁৰ,

পালী-পহৰীয়াই নাপালে সাৰ।

কথা হল টান,

সবাকো হানিলে নিদ্ৰাবাণ।

নহবলৈ হ’ল,

পানীগঁড় সোলকাই ভটীয়াই গ’ল।

লৰাই কান্দে আই,

আজি দেখোন ফুকনদেউতা

পাটীতো নাই।

নেপালে সব,

চাকি লগাই চালেগৈ মৰঙ্গৰ ঘৰ।

নেমাৰিলে হাই,

শৌচৰ ঘৰতো ফুকনদেউ নাই।

এ দেউ ৰ’ল,

চ’ৰা মাৰি ফুকনদেউতা ভটীয়াই গ’ল।

কাউৰীয়ে কৰিলে কাও,

নেপাই-নথৈ গাভৰুৱে জুৰিলে ৰাও,

“নিপিন্ধো খাৰু,

আজি শুদা হ’ল মোৰ পালেং গাৰু।

কাৰ খালোঁ ধাৰ,

আজুৰি ছিঙ্গিম মই সোণৰ হাৰ।

ক’ত গলা দূৰ,

মলছি পেলাওঁ মই শাঁকে-সেন্দুৰ।

মাছ মৰাই থ’লোঁ,

তোমাৰ অবিহনে বাঁৰী হ’লোঁ

মনে-মনে গুণে,

দেউতা অই, জামুকলী ম’হৰ গাখীৰ

খাব কোনে?”

ৰাজ্যৰ কি গতি হ’ল,

গুৱাহাটী নগৰখন, দেউতা, এদানি হ’ল!

নহ’বলৈ হ’ল,

চন্তৰী চিপাহী, দেউতা, এদানি হ’ল!

দুখৰ উপৰি দুখ, ৰাইজসকল,

দুখৰ উপৰি দুখ,

কুকুৰে কামোৰে,         ছৱালে দলিয়ায়,

ক’তো নিমিলে সুখ!

 

এ দেউ ৰ’ল

চ’ৰা মাৰি ফুকনদেউ ভটীয়াই গ’ল।

কোনে বোলে ৰ’ল,

চিৰি-লুইতে ফুকনদেউ ভটীয়াই গ’ল।

কোনে বোলে এদা,

পৰ্ব্বতীয়া ফুকনে          চেলেঙ্গী নাৱেৰে

দিলে পাচে-পাচে খেদা।

নগৰৰ হল বাজ,

পোনাই গৈ পালেগৈ কলিকতা ৰাজ।

এ দেও, লওঁ মতা মহৰ বাথু,

জন্মি পিয়লি নুমলি          চাৰিও সেনাপতি

ঘপৰাই ল’লেহি আঁঠু।

এ দেউ, কিনো মাছ মাৰিবৰ শল,

ঘিণাই বৰফুকনদেউ ভটীয়াই গ’ল।

এ দেউ, কিনো মাছ মাৰিবৰ তোৰা,

 

বিলাতত ল’লেগৈ বিলাতী ঘোঁৰা।

এ দেউ, কিনো মাছ মাৰিবৰ নাৰ,

কলিকতাত খালেগৈ বিলাতী পাৰ।

এ দেউ, কিনো মাছ মাৰিবৰ এলেং,

গাত লৈ গৈছিলে গঁৰিয়লি চেলেং।

এ দেউ, কিনো মাছ মাৰিবৰ আৰি,

ঘিণাই বৰফুকনৰ নপকিল দাঁডি়।

নেমাৰিলে হাই,

বিলাতৰ চাহাবক মাগে লেঢ়াই

“কোনে বোলে দঁড়িল,

অতি ছোটকালে সখি কৰিল।

তোমাক মন দিলোঁ,

বুঢ়াগোহাঁই সহিতে সখি কৰিলোঁ।

কোনে বোলে ৰ’ল,

তাতে বুঢ়াগোহাঁইয়ে চাঁচিলে হুল।”

“জৰাৰ কোমল জিম,

মিত্ৰলৈ শত্ৰু কেনেকৈ দিম?”

মুখে মুখে চায়,

ইয়াত ফুকনদেউ লেঢ়ায়ো নাই।

বনত ধৰে জোকে,

লেঢ়াই নিদিলে ধৰমৰ লোকে।

“নেথাকোঁ বহি,

ইয়াৰপৰা কোনোবাই নিবহি ধৰি।”

কথাত পালে চিনি,

ল’লে বৰফুকনে পানচৈ কিনি।

“ই কথা থওঁ,

ভটীয়াই যাম বুলি কাৰো আগত নকওঁ।”

বৰফুকন জীলে,

সাতোটা মাৰোৱাই চাহাবে দিলে।

“বোপাই উদয়চিং, ধৰি যাম বেশ,

অসমৰ এটা চুক লৈ দিম দেশ।

নধৰিবি দোষ,

 

আপদ কালত, বোপাই, নেৰিবি মোক।”

কান্দিবলৈ ধৰিলে         ঘিণাই বৰফুকনে

উদয়চিং মুখলৈ চাই,

“আপদ কালত, বোপাই, মিত্ৰ নাইকিয়া

তই হলি সোদৰৰ ভাই।

ভাল মুখে মাতিম,

দেশলৈ গ’লে, বোপাই, ভাল মানুহ পাতিম।

নিদিবা হাক,

জন্মি, পিয়লি, নুমলিক খুৱাই ল ভাত।”

সকলো কথা থলে,

জন্মি, পিয়লি, নুমলিক ভাত খুৱাই ললে।

জুৰিলে ভেশ,

উজাইগৈ পালেগৈ মোগলৰ দেশ।

নাৱত গল তিনি,

মোগলৰ নবাবে পালেহি চিনি।

নকৰিলে আউল,

ঘৰাঘৰিকৈ তুলিলে চাউল।

আছিলে ৰৈ,

ৰোজ দি মোগলে বৰিলেগৈ।

“নাৱত বস্তু থওঁ।

দুদিন-তিনদিনমানে ইয়াতে ৰওঁ।”

ভৰিত পিন্ধিবৰ খৰম,

বিদেশী মোগলে কৰিলে মৰম।

ই কথা ৰ’ল,

তিনদিনৰ মূৰত ফুকন ভটীয়াই গ’ল।

মোগলে কলে বুজাই,

চিৰি-লুইতেদি ধৰিলে উজাই।

জুৰিলে ভেশ,

উজাই গৈ পালেগৈ ঘোৰামুৱা দেশ।

এ দেউ, ৰল,

সমুদ্ৰৰ মাজেদি পাল চৰাই গল।

এ দেউ, জুৰিলে ভেশ,

উজাই গৈ পালেগৈ         এঠেঙ্গীয়া দেশ।

টাঁটিৰ আগত কোৱা,

ৰিণি-ৰিণি দেখিলে       মানৰ ধোঁৱা

এ দেউ, ৰ’ল,

মানৰজাৰ ঘাটৰ ওচৰত ৰ’ল।

ওপৰে উৰিলে         কৰচন কনুৱা,

লৰি তুলিলে লাই,

অসমৰ জীয়াৰী         মানৰজাৰ কুঁৱৰী

গা ধুই আছিলে চাই।

আছিলে ৰৈ,

মানৰ কুঁৱৰীক ফুকনে সুধিলেগৈ।

“কেনে ধৰা বেশ,

এইখন, আইদেও, কাৰনো দেশ?”

‘‘আহিছা নদীৰ কূলে,

এইখন, বোপাদেউ, মানদেশ বোলে।”

“কাক বুলিম জেঠাই,

কোনেনো দিব মানৰজাক ভেটাই?

ওপৰে জোন,

মোৰ বাতৰি সোধা তুমিনো কোন?

আহিছোঁ নদীৰ কূলে,

আইদেউ, অসমৰ ঘিণাই বৰফুকন

মোকে বোলে।

নিদিবা এৰি,

আঙ্গুলি দেখোন         পাঁজিশেৰি।

বাঁহৰ মকাল,

গাটি দেখোঁ তোমাৰ কেতেকীৰ কঁকাল।

নধৰিবা দোষ,

পূৰ্ণচন্দ্ৰ যেন তোমাৰ এই মুখ।”

আছিলে চাই,

“তোমাৰ লেখিয়া মন্ত্ৰী এই দেশত নাই।”

ওপৰে জোন,

মোৰ বাতৰি সোধা তুমিনো কোন?

লাহে বোলে লি,

সৰুতে আছিলোঁ মই দুৱৰাৰ জী।

পাণৰ পুলি,

দিলে বুঢ়াগোহাঁয়ে লোক মানলৈ বুলি।

আগেয়ে আছিলোঁ যোৱান,

কিছুমান শিকিলোঁ, ককাই, মানৰ দোৱান।”

ই কথা থ’লে,

কথাই-কথাই দুয়ো চিনাকি হ’লে।

তামোলৰ পুলি,

নিলে হাতত ধৰি         বামলৈ তুলি।

অন্নে পানী ৰান্ধে,

দুইৰো ডিঙ্গিত ধৰি দুয়ো কান্দে।

“জৰাৰ কোমল জিম,

ছমাহৰ মূৰত, ককাই, ময়ে ৰণ দিম।

কোনে বোলে হয়,

নগৰখন দেখি ককাই নকৰিবা ভয়।

নেমাৰিবা লৰ,

চাৰি-চকি বাহিৰে        লোহাৰ গঁড়।

তলত কাঁহৰ বেৰ,

বৰচ’ৰাৰ ওপৰত ম’ৰাপাখীৰ খেৰ।

ওপৰত আঁৰিছে বেল,

তাৰ তলত কৰে বৰ্ম্মাৰজাই মেল।”

ই কথা থ’লে,

ককায়েক ভনীয়েক দুয়ো ঘৰলৈ গ’লে।

আছিলে চাই,

পোনেই দিলে বৰ্ম্মাৰজাক ভেটাই

“ওপৰে জোন,

পাচত আনিছা সেইটো কোন?”

পাচলৈ থ’লে,

দোৱানে-দোৱানে কথা বুজাই ক’লে।

“নিনিবা পকাই,

সত্যে সত্যে বোলোঁ আপোনাৰ ককাই।”

বহিবলৈ দিলে পালেং-পীৰা,

খাবলৈ দিলে দোৱাই-ভজা চিৰা।

মধ্যম ৰাতি,

পানী খাবলৈ দিলে মাইহাঙ্গ বাটি।

দুয়ো কৰে ৰং,

তেতিয়াই উঠিল ভনীয়েকৰ খং।

সাজিলে পজা,

“আসামৰ দেশত মোৰ ককায়েহে ৰজা।”

আছিলে ৰৈ,

একেখন সিংহাসনত বহুৱালেগৈ।

আগত দিলে বটা,

সোধে বৰ্ম্মাৰজাই ফুকনৰ কথা।

“নধৰিবা দোষ,

বাটতনো ৰাক্ষসে        নেপালেনে তোক?”

“তিৰোতা হল বাৰী,

যেনে-তেনে মতে          আহিছোঁ সাৰি।”

ভাল ঘৰৰ নাতি,

আগত বান্ধি দিলেহি         দঁতাল হাতী।

কথা কলে ৰাতি,

তিনিলাখ মানক অনালে মাতি।

ফুকনদেউ জীলে,

তিনটা পুতেকক তিনটা ঘোৰা দিলে।

ফুকনদেউ ৰ’লে,

দা-জাঠি ডেৰহাজাৰ তিনিটাক দিলে।

এ দেউ, ৰ’ল,

ৰাজসম্পত্তি ফুকনদেউৰ হ’ল।

নেৰিলে কেও,

মাৰে বৰ্ম্মাৰজাই চাৰিটা দেও।

কিনো লম সঁচ,

দুফালে দুজোপা শাল তাল গছ।

এ দেউ, দেশত লাগিল কলি,

দুকুৰি বগামহ দেউতাই দিলে বলি।

নেমাৰিলে হাই,

হাঁহ, ছাগ, পাৰ, দেউতা, লেখজোখ নাই।

নহবলৈ হ’ল,

আসামৰ গছজোপা উভলি গ’ল।
নেজানিলে কেও

মাৰে বৰ্ম্মাৰজাই তিনটা দেও।

“সৰুপানী ছোৱাম,

বাপেকৰ মঙ্গহক পুতেকক খুৱাম।

কোনে বোলে জানিম,

এবেলি আসামৰ ৰজাটো আনিম।

হয় আমাক নিবি,

দেশলৈ গলেনো কি কি দিবি?”

“তোমালোকক নিম,

প্ৰথমতে ৰংপুৰৰ সোণৰ ৰূপৰ দুখন গোলা দিম।

জৰাৰ কোমল জিম,

বগী বগী ছোৱালীবোৰ তোমালোকক দিম।

ভাল কৰি নিম,

সৰু সৰু ছোৱালীবোৰ তাৰ লগত দিম।

নগাই লবৰ হোৰা,

দেশলৈ নিলে দিম চেমনীয়া লৰা।

পৰিছে টান,

একোটা একোটা পহু দিম কুলা হেন কাণ।।

কৰিবি খেত,

একোটা পহু দিম গাহৰিৰ পেট।

ভালকৈ নিম,

একোটা পহু দিম আঁকোৰা শিং।

ফুকনদেউ জীলে,

কামিনী ফুকনক পাৰকৈ দিলে।

এ দেও ৰ’ল,

যোৰহাট সোমায়েই বাঘটো হ’ল।

কিহেনো খালে,

বৰচ’ৰাৰ মুখৰপৰা ভুমুকিয়াই চালে।

হাঁড় নাইকিয়া জিবা,

নহয় বনৰজা কৰবাৰ কিবা।

প্ৰজাই মাৰে হাই,

হাবিতো খেদিলে পাবলৈ নাই।

কিহেনো খালে,

ৰংপুৰ নগৰখন ভুমুকিয়াই চালে।

জুৰিলে ভেশ

একদণ্ডে পালেগৈ মানৰজাৰ দেশ।

এ দেও ৰ’ল,

অসমৰ কথা শুনি মানৰজা উত্ৰাৱল হ’ল।

উজাই বুৰে দিলে    শিহু কি ঘঁড়িয়াল,

ভটীয়াই বুৰে দিলে কাছে,

অসমৰ দেশত, দেউতা, মন্ত্ৰী নাইকিয়া,

অকল বুঢ়াগোহাঁই আছে।

আমাক মাৰে হাই,

দেখে বুঢ়াগোহাঁই সাৰথি নাই।

ফৌজ পাতি ৰ’ল,

কাঠৰ ভুৰ সাজি মান পাৰ হ’ল।

“তামোল কাটি দিওঁ       কোঁচে ভৰাই,

নৈ পাৰে হৈ খাবা,

যেতিয়া পাবাগৈ       অসমৰ ছোৱালী

আমালৈ পাহৰি যাবা।”

কোনে বোলে জীলে,

মানৰ কটকী চাইটা পঠিয়াই দিলে।

“দেশখন কেনে

খৰিভাৰী তেলীয়াক কৰিবি চেনেহ।”

কপালৰ ভাগ,

পালেগৈ হুজুৱাক বাটতে লাগ।

এ দেউ ৰ’ল,

চিঠি লৈ হুজুৱা বুঢ়াগোহাঁইৰ গুৰিলৈ গ’ল।

আছিলে চাই,

চিঠিখন দিলেগৈ আগত পেলাই।

আজি কিনোবাৰ দেউ,

চিঠিখন মাতোঁটা নহলে কেও।

কোব মাৰি কাটে,

চিৰিঙ্গৰ ফুকনে চিঠিখন মাতে।

“সভাসদ, নেমাৰিবা হাই,

এবেলি, সৰ্কদেউ, ৰক্ষা নাই।

সৰ্কদেউ, পৰ্ব্বত মিৰি,

সাতোটা পৰ্ব্বত আহিছে জুৰি।

মাৰিছে হাই,

হেজাৰ পূৰা চাউল আৰু একেসাজে খায়।

মাৰি খাবৰ গৰু,

সবাকো কৰিব একেটা চৰু।

সৰিয়হৰ ফুল,

বামুণ কলিতাৰ আৰু মাৰিব কুল।

মনে গুণি চাবি,

সাদিনৰ মূৰত ৰণ দিবলৈ যাবি।

নেথাকিবা শুই,

ৰাজ্যৰ বৈৰী ভাটীৰ বৰফুকনে ঘৰতে লগাইছে জুই।”

অনেক গুণনি ধৰিল বুঢ়াগোহাঁইৰ,

উঠিল মাজে নিশা ৰাতি,

পৰম হিতকাৰী চাৰি সেনাপতি

তেতিয়াই অনালে মাতি।

“তামোল দিওঁ খা,

কৰ ৰণ আহিছে ওলাই চা।”

হাতত তামোল লৈ খালে,

চাৰি সেনাপতি ওলায়ে চালে।

“গাত ক’লা চোলা,

আগলৈ খোপা বন্ধা,

কাউৰীয়ে কৰিবৰ কাও,

তলকাছ নাইকিয়া তিৰোতাৰ ভাও।

দেউতা, চৰাই কৰিবৰ চিঁউ,

নিচিনি-নাজানি কৰবাৰ কিউ।”

মনে গুণি চালে,

সাতোটা পিতেকক মাতি আনিলে।

“কি হৈছে চাবি,

আপোনাৰ দেশক, বোপাই, পালি-পাচি খাবি।

সকলো কথাখিনি হ’ল,

ইমান দিনত মোৰ চাউল টুটি গ’ল।

সকলো কথাখিনি হ’ল,

চাবে দিয়া গাখীৰত মোলান পৰিলে,

সোন্দাকল মৰহি গ’ল।

জুৰি যাম ভেশ,

মই মৰিলে লুটি খুৱাব দেশ।

সকলো বস্তুখিনি থ’বি,

মোৰ কাজ দহা, বোপাই, আগেয়ে কৰি লবি।”

এ কি অহলে হ’ল,

কদমৰ তলেদি মানবোৰ গ’ল।

আৰু কি কথা হ’ল,

কালহীৰা চেলেকি বুঢ়াগোহাঁই নৰকী

ৰাতিয়ে সৰকি গ’ল।

তাঁত ববৰ তাঁতী,

ওঠৰ কোম্পানী বঙ্গালক অনালে মাতি।

যি হ’ল হ’ল,

মাছহাটৰ কাষৰত পাতিলে দ’ল

তাতে থ’লে,

পিতেকহঁতে পথালি গামোছা ল’লে।

“চিপাহীসকল বহ,

ধনভঁৰাল মেলি মাহিনা ল।”

এ দেউ ৰ’ল,

চানমাৰি চিপাহী ৰণলৈ গ’ল।

দেশৰপৰা নেৰাওঁ,

কাউৰী শগুনে কৰিলে আৰাৱ।

অমঙ্গল চোৱা,

দিনদুপৰত দিলে শিয়ালে হোৱা।

কিহেনো খালে,

খৰিভাৰী তেলীয়াক বাটত লগ পালে।

কোনে মাৰে হাঁছি,

আগত দেখে চূণ-পোহাৰীৰ পাচি।

এদেউ ৰ’ল,

অমঙ্গল কাতিকৈ ৰণলৈ গ’ল।

বজালে দেমা,

ফুলপানী দুয়োপাৰে হ’লগৈ জমা।

অগৰ কথা পৰিল মন,

সাদিন সাতে-ৰাতি কাৰো নাই অন্।

চিপাহী আছিলে চাই,

ধাৰ নিছিগাকৈ বন্দুক দিলে উৰাই।

এদেউ ৰ’ল।

খাৰ নাইকিয়া বুলি আমাৰ সেনাপতি

সৰুগোহাঁই অফলীয়া হ’ল।

আছিলে চাই,

নিজসেনাৰ ভিতৰত লাগিলে হাই,

বুঢ়াগোহাঁইৰ পিতেকক মাৰিবৰ নিমিত্তে

সৰুগোহাঁয়ে মাৰিলে হাই।

এদেউ ৰ’ল,

ৰণুৱাৰ খোজেৰে দলদোপ হ’ল।

আছিলে চাই,

ভাগিল ভাগিল বুলি মাৰিলে হাই।

অসমৰ ফৌজ ভাগিল,

দা-যাঠি পেলাই হাতেৰে লাগিল।

এ মান গুজই তৰা,

লাগিল কটাকটি দেশৰ পৰা।

ৰাজ্যৰ কি গতি হ’ল,

চিপাহী মূৰেৰ বান্ধিলে দ’ল।

নহ’বলৈ হ’ল,

চিপাহীৰ তেজেৰে নদী বৈ গ’ল।

কঁকালত বান্ধিলে বোৰা

বাৰে চিং-চিপাদাৰে মেলিলে ঘোঁৰা।

এদেউ ৰ’ল,

মান পাচে পাচে খেদিয়েই গ’ল।

ফুলপানী-ছিগাত ৰণ ভাঙ্গিল,

দণ্ডকৰ ভিতৰত যোৰহাট নগৰখন,

কেউপিনে তলবল লাগিল।

দেশৰপৰা নেযাওঁ,

চাৰি-আলিৰ গৰিয়ানী কৰিলে আৰাও।

মেলি চালে চুলি,

মাৰে থিয় কিল ধন দে বুলি।

কঁকালৰ উলিয়াই ৰেট,

ধন নেপাই ক’তোৰ ফালিলে পেট।

পেট ফালি চালে,

কলাডিল উলিয়াই খৰিকা দি খালে।

নেমাৰিলে হাই,

কতনো কাটিলে বাটত লগ পাই।

ই কথা ৰ’ল,

কটা মানুহৰ তেজেৰ চেউনী আলি ৰঙা হৈ গ’ল।

আছিলে চাই।

কামিনী ফুকনে ল’লে মান গোটাই।

এনে মতে তৰিল,

পদৰ ভঙ্গিতা, দেউতা, ইমানতে পৰিল।

সৰেচতী আই, মই     পাৰ্থনা কৰিছোঁ

তোমাতে ৰহোক চিত,

সকলো সভাসদ,     দায় নধৰিবা

মই থওঁ ফুকনৰ গীত।।

 

দ্বিতীয় আধ্যা। বৰফুকন বধ

তাঁতীৰ হাতৰ       কাপোৰখনে জগতখন জুৰিলে,

তথাপি তাঁতীৰ গা উদি,

ঘিণাই বৰফুকনক       মাৰিবলৈ ধনী বৰবৰুৱাই

ৰাজমাওক সুধিলে বুধি।

তাঁত ববৰ তাঁতী,

আনে ৰাজমাৱে ফুকনক মাতি,

“ই কথা থোৱা,

বিদেশলৈ গৈছিলা কেনেকৈ

মোৰ আগত কোৱা।”

“ই কথা থওঁ,

কেনেকৈ গৈছিলোঁ, পেহী,

তোমাৰ আগত কওঁ।

এনেকৈ তৰোঁ,

বৰটোপৰ গুলিতো তাত পাতি ধৰোঁ।

কোনে বোলে ৰা,

কুবিয়াই থাকিলেও নোসোমায় দা।

ই কথা কওঁ,

পানীত পৰিলে মই ওপঙ্গি ৰওঁ।

ই কথা থওঁ,

দেহৰ কথাষাৰি তোমাৰ আগত কওঁ।

দাত মাৰিবৰ চিৰি,

কঁকালত আছে মোৰ ছ-অঁৰা বিৰি।

কথাষাৰি কওঁ,

শৌচৰ বেলিকা আঁতৰাই থওঁ।

ই কথা থওঁ,

সত্যে সত্যে, পেহী, তোমাৰ আগত কওঁ।

কোনে বোলে তাৰে,

সেইখিনি বেলাত মোক মাৰিব পাৰে।”

এদেউ ৰ’ল,

কথা কৈ ফুকনদেউ ঘৰলৈ গ’ল।

অনেক গুণনি ধৰিল ৰাজমাওৰ

উঠিল মাজে-নিশা ৰাতি,

পৰম হিতকাৰী ৰূপেচিং বঙ্গালক

তেতিয়াই অনালে মাতি।

“কাৰ খালোঁ ধাৰ,

ৰাজ্যৰ দ্ৰোহী আৰু ৰূপেচিং সাৰ।”

“বেজাৰ কৰে শোকে,

তেনেটো কথালৈ নক’বা মোকে।”

“ই কথা থওঁ,

কেনেকৈ মাৰিবি তাৰ কথা কওঁ।

কটাৰীত মাৰিবৰ চিৰি,

কঁকালত আছে তাৰ ছ-অঁৰা বিৰি।

কথাষাৰি কয়,

শৌচৰ বেলিকা আঁতৰাই থয়।

কোনে বোলে তাৰে,

সেইখিনি বেলাত তাক মাৰিব পাৰে।

ৰূপচিং নহ’বি খোৰা,

শালত বাঁচি লবি ভাল চাই ঘোঁৰা।”

কোনে বোলে জীলে,

জাপৰ তৰোৱাল ভাল চাই দিলে

কাউৰীয়ে কৰিবৰ কা,

ৰাতিৰে ৰাতিটো ধৰালে দা।

এদেউ ৰ’ল,

পাচদিনা ৰূপেচিং বিহানেই গ’ল।

আছিলে চানি,

পিছদিনা ফুকনে লৈছিল মাটী-পানী।

আছিলে চানি,

গোবিন্দ কৃষ্ণ বুলি ঢালিলে পানী।

এদেউ ৰ’ল,

কৰ্ম্ম অনুসাৰে চাপিয়েই গ’ল।

“মোৰ মুখলৈ চালি,

আজি গৰুখোৱা, ইমানে পালি।”

“নধৰিবা দায়,

ফুকনৰ গুৰিলৈ আহিব পায়।”

“নিদিয় হাক,

বাৰু, বাৰু, তই ৰূপচিং থাক।”

ফুকনৰ কপালৰ বল,

সেইদিনা ৰূপচিঙ্গে নাপালে ছল।

কাউৰীয়ে কৰিবৰ কা,

পিছদিনা ৰূপচিঙ্গে ধৰালে দা।

এদেউ ৰ’ল,

পিছদিনা ৰূপচিং বিহানেই গ’ল।

“চন্দ্ৰত সেৱা        সূৰ্য্যত সেৱা,

বসুমতীত সেৱা কৰোঁ,

দায় নধৰিবা        কালিকা গোঁসানী,

ৰাজ্যৰ দ্ৰোহীয়ক মাৰোঁ।”

এদেউ ৰ’ল,

কৰ্ম্ম-অনুসাৰে চাপিয়েই গ’ল।

আছিলে চানি,

পিছদিনা ফুকনে লৈছিল মাটি-পানী।

আছিলে চানি,

গোবিন্দ কৃষ্ণ বুলি ঢালিলে পানী।

কাউৰীয়ে কৰিবৰ কা,

পানীৰে আৰতে মাৰিলে দা।

ৰামকৃষ্ণ বোলোঁতে,        মূৰত পানী ঢালোঁতে

ঘপহাই মাৰিলে দা।

নহ’বলৈ হ’ল,

কোমোৰা ছিঙ্গাদি দুডোখৰ হ’ল।

“এইখিনিতে আছিলা মোৰ বঙ্গহৰ দেউতা,

শৰাইৰে গুৱাপাণ খাই,

কোন পৰদেশে         গলা মোৰ ঠানুৱা

বাতৰি পাবলৈ নাই।

এইখিনিতে আছিলা মোৰ বঙ্গহৰ দেউতা,

আগতে খেলি খেলাই,

সাতৰাজ মাৰি ঐ        একেৰাজ কৰিলা,

ল’লা যোৰহাটত ঠাই।

দুখৰ উপৰি দুখ        ৰাইজসকল,

দুখৰ উপৰি দুখ,

কুকুৰে কামোৰে        ছৱালে দলিয়ায়,

ক’তো নিমিলে সুখ।

মাছ মৰাই থ’লোঁ,

তোমাৰ অবিহনে বাৰী হ’লোঁ।

কাৰ খালোঁ ধাৰ,

আজুৰি ছিঙ্গো মই সোণৰ হাৰ।

ক’ত গলা দূৰ,

মলছি পেলাওঁ মই শাঁকে-সেন্দূৰ।

ক’লৈ গ’লা সাৰি,

মোক থৈ গ’লা বিধবা কৰি।”

মাছ মাৰিবৰ কছ,

এনে কণিবিহৰ নথবি সঁচ।

তাত ববৰ তাঁতী,

বাপেকৰ লগতে পেলোৱাগৈ কাটি।”

কোনে বোলে জীলে,

জন্মি, পিয়লি, নুমলিক চাওদাঙ্গে নিলে।

খাবলৈ ভাত ৰান্ধে,

কাটিব নোৱাৰি চাওদাঙ্গে কান্দে।

নেমাৰিলে হাই,

চাওদাঙ্গে আছেগৈ বাটলৈ চাই।

বস্তু ল’লে ওজ,

তেতিয়াই পালে চন্দ্ৰকান্তই বুজ।

কোনে বোলে জীলে,

দাঁৰৰ আগত বান্ধি বাউল দিলে।

কোনে বোলে জীলে,

মেলানি মাগি সৰ্কদেৱে নিলে।

“নমৰিবি হাঁয়,

মোৰ গাত, বোপাই, কিছু দোষ নাই।

নামৰ মুখত তৰিল,

আপোনাৰ বুধিতে আপুনি মৰিল।

কিহেনো খালে,

তেনেটো কথানো বাপেৰে কলে।

নধৰিবি দায়,

মোৰ গাত, বোপাই, কিছু দোষ নাই।”

বস্তু ললে ওজ,

তেতিয়াই পালে পুৰণিমানে বুজ।

এদেউ ৰল,

তেতিয়াই মান আপোনাৰ দেশলৈ গ’ল।

আছিলে ৰৈ,

মানৰ কুঁৱৰীক মানে কৈ দিলেগৈ।

থাকিলে ৰৈ,

“ককাইৰ মৰিশালী চাই আহোঁগৈ।”

ৰজাই বোলে, “ৰওক,

তুমি যাব নালাগে চেগফুকনেও যাওক।

তাঁত ববৰ তাঁতী,

সাদিনৰ বাটলৈ পেলাবি কাটি।

থাকিবি শুই,

নিৰ্দ্দোষী মানুহৰ ঘৰত দিবি জুই।

মাৰি খাবৰ গৰু,

সবাকো কৰিবি একেটা চৰু।

সৰিয়হৰ ফুল,

বামুণ কলিতাৰ মাৰিবি কুল।

জাপৰ তৰোৱাল ভালকৈ নিবি,

ধনী বৰবৰুৱা আৰু ৰাজমাওক

পোনতেই বৰশীত দিবি।”

এদেউ ৰ’ল,

কাঠৰ ভুৰ সাজি মান পাৰ হ’ল।

আছিলে ৰৈ,

চেগ ফুকন যোৰহাট সোমালেগৈ।

আছিলে ৰৈ,

বৰফুকনৰ ঘৈণীয়েকক মানে সুধিলেগৈ,

“ঈশ্বৰৰ ইচ্ছাত তৰিল,

তেনেটো মন্ত্ৰীনো কেনেকৈ মৰিল?

ধান খেৰৰ ছাই,

অসমৰ মুলুকত তেনে মন্ত্ৰী নাই।

কোনে বোলে জীলে,

কঁকালৰ বিৰিধাৰ কোনেনো নিলে।

ই কথা ৰ’লে,

সেই বিৰিধা কাক দি গ’লে?”

“কাউৰীয়ে কৰিবৰ কা,

মাটি-পানী লওঁতে       মূৰত পানী ঢালোতে

ৰূপচিঙ্গে মাৰিলে দা।

নহ’বলৈ হ’ল,

কোমোৰা ছিগাদি দুডোখৰ হ’ল।”

কোনে বোলে জীলে,

ধনী বৰবৰুৱাক বৰশীত দিলে।

কঁকালৰ উলিয়াই ৰেট,

পতালি ফুকনৰ ফালিলে পেট।

পেট ফালি চালে,

কলাডিল উলিয়াই খৰিকা দি খালে।

দেশৰপৰা ওলাল,

ৰূপচিং বঙ্গাল আৰু ৰাজমাও পাখৰী

ৰাতিয়ে খবৰ পাই পলাল।

তাঁত ববৰ তাঁতী,

সাদিনৰ বাটলৈ পেলালে কাটি।

আছিলে শুই,

নিৰ্দ্দোষী মানুহৰ ঘৰত দিলে জুই।

গোম সাপৰ ফেঁটি,

বৰ বৰ ৰজায়ো এৰিলে ভেটী।

কোনে বোলে জীলে

ভাল ভাল ছোৱালীবোৰ মানে ধৰি নিলে।

কিনো সোধা মোক,

সেইবেলি মানে ছ-বছৰ কৰিলে ভোগ।

এ কুমপানী,

চাহবে ভাত খালে ম’হৰ গাখীৰ সানি।

এ দেউ কলিয়াবৰ,

সেই মান চেলাই মাৰিলে লৰ।

নহ’বলৈ হ’ল,

আসাম দেশ গুচি বঙ্গাল দেশ হ’ল।

নহ’বলৈ হ’ল,

ইংৰাজ উঠা দেখি ৰাইজৰ মন ভাল হ’ল।

সৰেচতী আই, মই         পাৰ্থনা কৰিলোঁ,

তোমাতে বহোক চিত,

সকলো সভাসদ        দিয়ক পাচেমহা

মই থওঁ ফুকনৰ গীত।

সৰেচতী আই, মই        পাৰ্থনা কৰিলোঁ

তোমাতে ৰহোক চিত,

সকলো সভাসদ         দায় নধৰিবা,

মই থওঁ ফুকন গীত।

এনে মতে তৰিল,

পদৰ ভঙ্গিতা, দেউতা,         ইমানতে পৰিল।।

 

 

 

 

https://www.mahabahoo.com/বৰফুকনৰ-গীত/

বৰফুকনৰ গীত! [ দ্বিতীয় খন্ড ] – https://www.mahabahoo.com/বৰফুকনৰ-গীত-দ্বিতীয়-খন্/

 

 

Related Articles

error: Content is copy right protected !!
Close