বৰফুকনৰ গীত! [ দ্বিতীয় খন্ড ]

অঞ্জন শৰ্মা

(সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা সংগ্ৰহ হৈ প্ৰকাশ হোৱা ‘বৰফুকনৰ গীত’ৰ আধাৰত)
সূৰ্যকুমাৰে সংযোগ কৰা
    ‘ভূমিকা’ত কিছু নতুন কথাঃ
তেতিয়া ইংৰাজৰ ‘ভাৰত উপনিৱেশ’ৰ
গৱৰ্ণৰ-জেনেৰেল আছিল ছাৰ জন্ শ্ব’ৰ;
তেওঁৰেই নিৰ্দেশত,
১৭৯৪ চনৰ জুন মাহত অসমৰপৰা
সসৈন্যে বিদায় লৈছিল কেপ্তেইন ৱেলচ্-এ।
ৱেলচ্-এ ব্ৰহ্মপুত্ৰৰে ভটীয়াই বঙ্গদেশ পোৱাৰ
কিছুমাহ পিছতেই
কামৰূপত আৰম্ভ হৈছিল বৰকান্দাজ দস্যুৰ
উৎপীড়ণ, লুণ্ঠন।
বৰকান্দাজ দস্যুৰ চৰ্দ্দাৰ আছিল হাজাৰাচিঙ্গ,
আন এজন চৰ্দ্দাৰ আছিল জোগানগিৰি।
সেইছোৱা সময়ত গুৱাহাটীৰ শাসনকৰ্তা আছিল
শিৱদত্ত চেতিয়া বৰফুকন
যিজনাই সহায় লৈছিল হাজাৰাচিঙ্গৰ,
দস্যুৰ চৰ্দ্দাৰ হাজাৰাচিঙ্গৰ
সহায় লৈছিল তুংখুঙ্গীয়া বাপী গোঁহাইৰ
তেৰ বছৰীয়া পুত্ৰক ৰজা পাতিবলৈ।
ৰজা হৈছিল তেওঁ, কিন্তু
তেৰ বছৰীয়া ৰজাৰ ৰাজত্ব আছিল
মাত্ৰ সোতৰ দিন।
আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ অনুগত
বিষয়াসকলেও সহায় লৈছিল
হাজাৰাচিঙ্গৰেই;
দহ হাজাৰ টকাৰ বিনিময়ত হাজাৰাচিঙ্গে
বন্দী কৰিছিল শিৱদত্ত চেতিয়া বৰফুকনক
আৰু গতাই দিছিল
গৌৰীনাথৰ অনুগত বিষয়াসকলক!
স্বৰ্গদেউৰ সন্মুখত বন্দী হৈ হাজিৰ হৈছিল
শিৱদত্ত
শিৱদত্ত চেতিয়া বৰফুকনে স্বীকাৰ কৰিছিল
নিজৰ সমস্ত দোষ;
তেওঁক স্বৰ্গদেউৰ আজ্ঞাৰে অনেক ককৰ্থনা
অনেক লাঞ্চনা
অনেক গৰিহণা দিয়াৰ অন্তত
কোৰেৰে কুৰি-কাটি হত্যা কৰা হৈছিল।
শিৱদত্তক ধৰি অনাৰ ক্ষেত্ৰত প্ৰদান উদ্যোক্তা
আছিল বুঢ়াগোঁহাই-ফৈদীয়া জাতি ৰাজখোৱা
    তেওঁকেই দিয়া হৈছিল ‘বৰফুকন’ বাব
হ’লেও কি হ’ব
মাত্ৰ তিনিদিন হে ‘বৰফুকন’ হ’বলৈ পাইছিল তেওঁ!
কাৰণ?
কাৰণ বৰকান্দাজ দস্যুৰ চৰ্দ্দাৰ বঙ্গাল হাজাৰাচিঙ্গ
অতি শক্তিশালী সেই চৰ্দ্দাৰৰ
কাষ চাপিছিল ৰঙ্গাচিলা দুৱৰা বংশৰ
হৰনাথ সেনাপতি ফুকনৰ পুতেক
ঘিনাই, ঘিনাই ওৰফে বদনচন্দ্ৰ;
বদনে হাজাৰাচিঙ্গক ষাঠীহাজাৰ টকা দিম বুলি
দিছিল প্ৰতিশ্ৰুতি
বিনিময়ত হাজাৰাচিঙ্গ বঙ্গালে ঘিণাইক
ঘিণাই ওৰফে বদনচন্দ্ৰক ‘বৰফুকন’ পাতিছিল
বদন হৈ পৰিছিল ‘বদন বৰফুকন’!
‘বৰফুকন’ বদনক ধনৰ বাবে
তাগিদা দিছিল হাজাৰাচিঙ্গে, বাৰম্বাৰ
উপায়হীন বদনে কামাখ্যা মন্দিৰৰপৰা
অইন দেৱালয়ৰপৰা
সোণ-ৰূপৰ পাত্ৰ-অলংকাৰ আজুৰি আনি
‘ঋণমুক্ত’ হ’বলৈ
সপি দিছিল দস্যুৰ চৰ্দ্দাৰ হাজাৰাচিঙ্গক
‘প্ৰতিশ্ৰুতি’ ৰক্ষা কৰিছিল বদনে
বদন বৰফুকনে।
বৰকান্দাজ দস্যুৰ অইন এজন চৰ্দ্দাৰ আছিল
জোগানগিৰি বঙ্গাল
তেওঁ আহি দখল কৰিলে গুৱাহাটী
বদন বৰফুকনে হুঁহকি গৈ পালে কাজলী
গুৱাহাটীৰ সৰ্বেসৰ্বা হৈ পৰিল বৰকান্দাজ দস্যুদল।
এনে সময়তে,
এনে সময়তে গৌৰীনাথৰ বিষয়াসকলে
বঙ্গদেশৰ নিয়মৎ-উল্লা-চুৱেদাৰৰ লগতে
কিছু সৈন্যও আনি
বৰকান্দাজ দস্যুক পৰাস্ত কৰি, গুৱাহাটী
উদ্ধাৰ কৰিলে ১৭৯৫ চনৰ ৩০ মে’ তাৰিখে
সেই যুঁজত মৃত্যু হ’ল হাজাৰাচিঙ্গৰ
মৃত্যুবৰণ কৰিলে হাজাৰাচিঙ্গৰ ৯০০ অনুগত
বৰকান্দাজে
গুলী খাই অথবা ব্ৰহ্মপুত্ৰৰ পানীত ডুবি।
বদনচন্দ্ৰ উভতি আহিল কাজলীৰপৰা
গুৱাহাটীলৈ
১৭৯৫ চনৰেই আগষ্ট মাহত
বদন বৰফুকনৰ পৰিৱৰ্তে সন্দিকৈৰ কলীয়া-ভোমোৰা
গেন্ধেলা ৰাজখোৱাই
কান্ধ পাতি দায়িত্ব লৈছিল বঙ্গালৰ অন্তিম-মাহৰ
ধন পৰিশোধ কৰিবলৈ;
সেই হেতুকেই, নতুনকৈ ৰজা হোৱা
স্বৰ্গদেউ কমলেশ্বৰ সিংহই
‘বৰফুকন’ পাতিছিল গেন্ধেলা ৰাজখোৱাকেই।
এই গেন্ধেলাই ‘বৰফুকন’ হৈ বহু সুস্থিৰ
কৰিছিল
দক্ষিণকুল আৰু উত্তৰকুল;
সেই আপাহতে
স্বৰ্গদেৱে তেওঁক খিতাপ দিছিল — ‘প্ৰতাপবল্লভ’।
১৮১০ চনৰ নৱেম্বৰ মাহ
মৃত্যু হৈছিল প্ৰতাপবল্লভ বৰফুকনৰ;
পুনৰ ‘বৰফুকন’ হৈ পৰিছিল বদনচন্দ্ৰ!
দ্বিতীয়বাৰ ‘বৰফুকন’ হোৱা বদনচন্দ্ৰই
কিয় আৰু কিদৰে অসমলৈ মান আনিছিল
সেয়া এক সুকীয়া অধ্যায়
তাৰেই জিলিকনি ‘বৰফুকনৰ গীত’,
অৰ্থাৎ ‘বদন বৰফুকনৰ গীত’!
আহক
শুনো আহক
সূৰ্যকুমাৰে অহোপুৰুষাৰ্থ কৰি সংগ্ৰহ কৰা
উত্তৰ লক্ষীমপুৰ নগৰখনৰ ন-মাইলমান
নিলগৰ
কমলাবাৰীৰ সমীপৰ দুলীয়া গাঁওৰ
ভকতৰাম মিস্ত্ৰীৰ পৰা সংগ্ৰহ কৰা
‘বৰফুকনৰ গীত’
সেই কালজয়ী গীত
সৰল অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ গীত
‘বৰফুকনৰ গীত’।
আজিৰ অসমত অত্যন্ত প্ৰাসংগিক সেই গীত
সেই কালজয়ী গীত
যিহেতু অসমত এতিয়া চৌদিশে মাথো
মোগল আৰু মান
ৰামসিংহ আৰু হাজাৰাচিঙ্গ বঙ্গাল
দস্যুৰ দল
বৰকান্দাজৰ দল…!
যিহেতু এতিয়াও কাণ পাতিলেই শুনি
সৰল অসমীয়াৰ হৃদয় মথি মথি নিগৰা
বেদনাসিক্ত গীতৰ এনে কলি..
“কিয়নো আনিলি মান ঐ বদন তই
কিয়নো আনিলি মান,
যাউতি যুগলৈ খিয়াতি ৰাখিলি
অসমৰ কটালি কাণ।
সোণৰ অসমতে মান মেলি দিলি
নন্দনত মেলিলি হাতী,
শোৱনি ঘৰতে ফেঁটী-গোম মেলিলি
বেঢ়ে মাজে নিশা ৰাতি।
কোঁচৰে কেঁচুৱা আছাৰি আফালি
ল’ৰাকে ফৰমুঠি মাৰি,
কোন কুটুমক আম জাম খুৱালি
দেশৰে বাৰী উজাৰি।
মাগুৰ মাছ কঁচাদি দেউতাক কাঁচিলি
আইতাক ওভতাই পুতি,
পেৰেতৰ জুমতে বাইটিক এৰি থৈ
ভনীটিক গা ধন দিলি।
বদন ঐ!
তই কৰিলি কৰিলি কি!!”
আহক, শুনো আহক
ভকতৰামৰ কণ্ঠেৰে নিগৰা সেই গীত
“বৰফুকনৰ গীত”।
 (ক্ৰমশঃ)

Related Articles

error: Content is copy right protected !!
Close