বৰণীয়া জীৱন: কৃতজ্ঞতাৰ কছৰৎ…

কাবেৰী গোস্বামী

কোনো এবিধ খেলতে মই পাকৈত নহয়৷ পাকৈতটো দূৰৰে কথা, দুই এবিধৰ বাহিৰে প্ৰায়বোৰ খেলৰ বিষয়ে বৰকৈ নাজানোৱেই৷ অথচ মোৰ সৰুকালত আমাৰ দেউতা বেডমিণ্টন, সাঁতোৰ, কেৰম, ডবা, লুডু আদি প্ৰায়বোৰ খেলতে মোৰ বাবে চেম্পিয়ন আছিল৷ মোক তেওঁ শিকাইছিল যদিও নিজৰ অপাৰগতাত আজি বাৰু মোৰ বৰ এটা আক্ষেপো নাই৷ এই আক্ষেপটো পিছে আন আন কিছুমান কথাত মোৰ একেবাৰে নোহোৱা নাছিল৷ মোৰ কিয়, অনেকেই জীৱনৰ কোনো কোনো পৰিস্থিতিত আক্ষেপ কৰে, সেয়া হয়তো স্বাভাৱিক৷ কিন্তু কিছুমানৰ বাবে জীৱনটো আক্ষেপৰ সমষ্টি হৈ পৰাটো হ’লে স্বাভাৱিক নিশ্চয় নহয়৷ মই দেখি থকাতে আমাৰ এগৰাকী আত্মীয়ক ওৰেটো জীৱন আক্ষেপ কৰি থকাতে পালো৷ সকলো সময়তে সকলো কথাতে যেন তেওঁ অসন্তুষ্ট৷ এই অসন্তোষ, অভিযোগ অথবা আক্ষেপ পিছে বহু সময়ত অহেতুক৷ কাৰণ অহৰহ তেনে এক মানসিক অৱস্থাক প্ৰশ্ৰয় দিয়াৰ ফলত সেয়া তেওঁৰ স্বভাৱ হৈ পৰিছে৷ আছলতে তেওঁৰ নিজৰ জীৱনটোৰ ওপৰতে হয়তো সেই আক্ষেপ!
কোনো খেলতে মোৰ দক্ষতা নাই যদিও বুজা নুবুজাৰ দোমোজাৰে ক্ৰিকেট, ফুটবল আৰু টেনিচৰ দৰে কিছুমান খেল চাই ভাল পাওঁ৷ খেলুৱৈসকলৰ কোনোজনৰ জীৱনৰ কাহিনীবোৰেও আকৰ্ষণ কৰে৷ এনেদৰেই এদিন ইণ্টাৰনেটৰ যোগেদি Arthur Ashe নামৰ টেনিচ তাৰকাজনৰ বিষয়েও জানিব পাৰিছিলো৷ তেওঁ হৈছে ইউ এছ অপেন, অষ্ট্ৰেলিয়ান অপেন আৰু উইম্বলডন জয়ী প্ৰথমজন কৃষ্ণাংগ লোক৷ দূৰ্ভাগ্যজনকভাৱে ১৯৮৩ চনত হৃদযন্ত্ৰৰ এক অস্ত্ৰোপচাৰৰ সময়ত তেজ লওঁতে তেওঁ AIDS ৰ দ্বাৰা আক্ৰান্ত হয়৷
বিশ্বৰ বিভিন্ন প্ৰান্তৰ অগণন অনুৰাগীয়ে সেইসময়ত তেওঁলৈ চিঠি পঠাইছিল৷ তাৰে এখনত এজন অনুৰাগীয়ে তেওঁক সোধে, “Why does GOD have to select you for such a bad disease?”
ইয়াৰ উত্তৰত অৰ্থাৰ এশ্বেয়ে লিখিছিল, সমগ্ৰ বিশ্বৰ প্ৰায় পঞ্চাশ মিলিয়ন শিশুৱে টেনিছ খেলিবলৈ আৰম্ভ কৰে, পাঁচ মিলিয়নে খেলিবলৈ শিকে, ৫০০,০০০ য়ে পেশাদাৰী বা প্ৰতিযোগিতামূলক টেনিছ শিকে, ৫০,০০০ প্ৰতিযোগী হিচাপে খেলপথাৰলৈ আহে, ইয়াৰে ৫০০০য়ে গ্ৰেণ্ড শ্লেম পায়গৈ, ৫০জনে উইম্বলডন গৈ পায়, ৪জনে ছেমিফাইনেল আৰু ২জনে ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰাৰ পাছত যেতিয়া মই কাপ এটা হাতত তুলি লৈছিলো তেতিয়াটো মই কাহানিও ভগৱানক “ময়েই কিয়” (Why me) বুলি সোধা নাছিলো৷ আৰু আজি এই যন্ত্ৰণাতো সেয়ে মই ভগৱানক “why me” বুলি সোধা উচিত নহয়৷
Happiness keeps you Sweet,
Trials keep you Strong,
Sorrow keeps you Human.
বিফলতাই মানুহক নম্ৰ কৰে আৰু সফলতাই উজলাই তোলে, কিন্তু কেৱল বিশ্বাস আৰু মনোভাৱেহে (attitude) জীৱনত আগবঢ়াই নিয়ে৷
এৰা! Ashe য়ে এইখিনি কথা লিখিছিল৷ জীৱনবোধৰে কিমান ভৰি থাকিলে, জীৱনৰ প্ৰতি কিমান কৃতজ্ঞ হ’লে, ইতিবাচক হ’লে মৃত্যুমুখী মানুহ এজনে জীৱনক জয় কৰিব পাৰে Arthur Ashe তাৰেই উদাহৰণ৷ তেখেতৰ এইকেইষাৰ বাক্যই  এতিয়ালৈ অনেকৰ বাবে সঞ্জীৱনী হৈ আহিছে৷ আছলতে কথাবোৰ তেনেকুৱাই, আমি কথাবোৰ যেনে হয় তেনেদৰেই গ্ৰহণ কৰিব লাগে৷ কাৰণ যিটো হৈ যায় সেয়াটো নোহোৱা কৰিব নোৱাৰি৷ ৰ’লাৰ ক’ষ্টাৰৰ দৰে জীৱনটোত কিন্তু আমি কৃতজ্ঞ হ’বলৈ শিকিব লাগে; নিজৰ ওচৰত, আনৰ ওচৰত আৰু সকলোৰে ওচৰত৷ বেয়া সময়েও এটা পাঠ বা শিক্ষা দিয়েই যায়৷ ক’ৰবাত পাইছিলো, পৃথিৱীৰ সাতটা আশ্চৰ্য হৈছে, দুচকুৰ দৃষ্টি, কাণৰে শুনা, হাতৰ স্পৰ্শ, জিভাৰ স্বাদ, মনৰ অনুভৱ, মুখৰ হাঁহি আৰু হৃদয়ৰ প্ৰেম৷ ইমানখিনি আশ্চৰ্যকৰ সম্পদৰে সমৃদ্ধ হৈও জীৱনটোক আক্ষেপত কটাই দিয়াজন কিন্তু কাল্পনিক সৰগখনকো নৰক কৰি তুলিব পৰাকৈ সক্ষম৷ চাবলৈ গ’লে প্ৰতিটো মুহূৰ্তই আমাৰ বাবে এক miracle. দেহৰ মনো- দৈহিক ক্ৰিয়াবোৰ, চকুৰ আগৰ পৃথিৱীকে ধৰি সমস্ত বিশ্ব- ব্ৰহ্মাণ্ডৰ গতি- প্ৰকৃতি আদি প্ৰত্যেকটো কথাই সূক্ষ্ম আৰু ব্যাপক দুয়োধৰণেই আশ্চৰ্যকৰ৷ কাৰণ কোনো দৃশ্যমান চালক বা পৰিচালক নথকাৰ পাছতো এক চালিকা শক্তিৰ সুনিয়ন্ত্ৰিত পদ্ধতিয়ে আমাক এক অদৃশ্য সৃষ্টিকৰ্তাৰ প্ৰতি অহৰহ উৎসুক আৰু কৃতজ্ঞ কৰি আহিছে৷ Motivational Speaker সদগুৰু য়ে তেওঁৰ এটা বক্তৃতাত কৈছে, প্ৰত্যেক দিনাই অনেক লোকৰ মৃত্যু ঘটে, অনেকেই আপোনজনক হেৰুৱাই৷ প্ৰতিটো পুৱাতেই যে আমি সাৰ পাই নিজক জীৱিত অৱস্থাত পাওঁ সেয়া নিশ্চয়েই এক আশীৰ্বাদ আমাৰ বাবে৷ নিজকে কিমান বুজন বা পৰিপক্ক কৰি তুলিব পাৰিছো মই নাজানো, কিন্তু কিছু বছৰ (দিন) আগৰ নিজৰ মানসিক অপৰিপক্বতাক আজি নিজে দেখা হৈছো৷ শৈশৱৰ সাধাৰণ পুতলাটোক লৈ কন্দা শিশু মইজনী, কৈশোৰত সামান্য কথাতে ৰাগ টনা কথাবোৰ আজি মোৰ নিজৰ বাবেই আমোদৰ কাৰক হৈ পৰিছে (আক্ষেপ নহয়)৷ এশ্বেৰ দৰেই ক’ব পাৰি,  সুখত আত্মহাৰা হোৱাৰ সময়ত ইশ্বৰক প্ৰশ্ন নকৰো যদি দুখত ব্যাকুল হোৱাৰ সময়তো তেওঁক প্ৰশ্ন কৰা (দায়ী কৰা) নিশ্চয়েই উচিত নহয়৷ বৰং unpredictable জীৱনটো নানা অনুভৱৰ অভিজ্ঞতাৰে সমৃদ্ধ কৰাৰ বাবেই জীৱন আৰু ইয়াৰ লগত জড়িত সকলোৰে ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিব জনাটোও হয়তো একধৰণৰ কলাই আৰু আৰ্থাৰ এশ্বেৰ দৰে লোকসকল তেনেক্ষেত্ৰত এক নিপুণ কলাকাৰ৷
এই কথাবোৰ মোৰ মৌলিক চিন্তা নহয়, একধৰণৰ আত্মকথনহে (আনৰ বাবে বিৰক্তিকৰ অথবা অপলাপ হ’লেও)৷ জীৱনৰ ওচৰত কৃতজ্ঞতা প্ৰকাশৰ এনে অনুশীলন হয়তো আমিও নিশ্চয়েই কৰিব পাৰোঁ!

Related Articles

Close