বেৰি হৃদয়ৰ ষ্ট্ৰবেৰি কৃষক জনৰ কথাৰে…

অৰিন্দম তালুকদাৰ

যোৱা বছৰৰ আহাৰ মাহৰ  কোনোবা এটি ডাৱৰীয়া আবেলিৰ কথা…কোকৰাঝাৰ কাড়িগাওঁ পথৰ পৰা তেওঁ মোক আগুৱাই লৈ গৈছিল। এজন শকত আৱত প্ৰকাণ্ড মানুহ,পিন্ধনত টি চাৰ্ট আৰু হাফ পেন্ট,ডিঙিত গামোচা আৰু ভৰিত হাৱাই চেণ্ডেল, বৰষাই পৰশি যোৱা  বডোভূমিৰ সেউজীয়া গাওঁ খনৰ মসৃন পকী পথটিৰে  তেওঁ ফো ফোৱাই ৰঙা ৰয়েল এনফিল্ড বুলেট খন চলাই মোৰ গাডীৰ আগে আগে গৈ আছিল।  বাটৰ দুয়োকাষে বডো ভাই ভনী সকলে পৰম্পৰাগত সাজপাৰ পিন্ধি দিনটোৰ শেষ কাম খিনি সামৰাত ব্যস্ত হৈ আছিল, শুনা গৈছিল ট্ৰেক্টৰৰ অহৰহ শব্দ। আকাশ সামান্য ডাৱৰীয়া, পথাৰ সেউজীয়া আৰু তাতে কৰ্মৰত সেউজীয়া,হালধীয়া, গুলপীয়া আদি সাজ পিন্ধা এজাক ধুনীয়া মানুহ! এজন ফটো উঠাই ভাল পোৱা মানুহৰ বাবে সুন্দৰ পৰিৱেশ!  এখনৰ পিছত আনখন ছবি তুলিছিলো মই! তেওঁ কৈছিল, চাৰ আগত আৰু বেছি পাব!   এক ব্যতিক্ৰমী আকৰ্ষণৰ সমাহাৰেৰে পৰিপূৰ্ণ ঠাই খনে আমাৰ পৰ্যটক মনটোত তেতিয়া আনন্দৰ জোৱাৰ  আনিছিল। অলপ পৰ পিছতেই আমি প্ৰবেশকৰিছিলো  জনা গাওঁত থকা তেওঁৰ কৃষি পাম খনত। আই আফা যুগামি আবাদ থিলী কৃষি পাম। অৰ্থাত মা দেউতাৰ পাম। পামত থকা কাৰ্যালয়ত আমাক বহিবলৈ দি তেওঁ লাহে লাহে কৈ গৈছিল তেওঁৰ কথাবোৰ।তন্ন তন্নকৈ দেখুৱাইছিল তেওঁ গঢি তোলা পাম খনৰ প্ৰতিটো অংশ।আমি অপাৰ বিস্ময়েৰে প্ৰত্যক্ষ কৰিছিলো অসমত অসম্ভৱ বুলি ভৱা বিভিন্ন ফল,ফুল আৰু শষ্যৰ খেতি বোৰ। ষ্ট্ৰবেৰী, ৰঙীন কেপচিকাম, বহুৰঙী গোলাপ ফুল আৰু কত কিমান যে শস্য!
 প্ৰিয় পাঠক, মই কোনো নিষিদ্ধ সংগঠনৰ আত্মগোপনকাৰী নেতাৰ বিষয়ে আপোনালোকক কব খোজা  নাই,মই কব খুজিছো এগৰাকী সহজ সৰল ব্যতিক্ৰমী খেতিয়কৰ কথা…যিয়ে লাখটকীয়া লাভজনক ব্যৱসায় এৰি আৰম্ভ কৰিছিল কোটি টকীয়া কৃষি উত্পাদনৰ ব্যৱসায়। মানুহজনৰ নাম বিমল বসুমতাৰী,ঘৰ কোকৰা়ঝাৰৰ ওচৰত। সেইযে যোৱা বছৰ প্ৰথম তেওঁক লগ পালো, তাৰ পিছত কেবাবাৰো লগ পাইছো তেওঁক।সৌসিদিনা একে লগে খাই আহিলো এগাল ৰঙাষ্ট্ৰবেৰি। তেওঁৰ মুখত শুনিছো তেওঁৰ জীৱন গাথা, তেওঁ আৰম্ভ কৰা কৃষি বিপ্লৱটিৰ কথা।
কোকৰাঝাৰ জিলাৰ দেৱৰগাৱঁৰ ওচৰৰ পাকৰিগুৰি গাওঁত জন্ম গ্ৰহণ কৰা বিমল বসুমতাৰীয়ে
আনুষ্ঠানিক শিক্ষা সম্পূৰ্ণ নকৰাকৈয়ে জীৱিকা অৰ্জনৰ বাবে সৰুৰে পৰা বিভিন্ন কামত ব্ৰতী হৈছিল।  প্ৰবল উচ্চাকাংক্ষী আৰু অত্যন্ত পৰিশ্ৰমী বিমলে আৰম্ভনিতে ঠিকা ঠুকলি আৰু আন আন ব্যৱসায়ৰ জৰিয়তে জীৱিকা অৰ্জন কৰিবলৈ সক্ষম হৈছিল যদিও স্বাধীন চেতিয়া মানুহজনৰ বাবে ব্যৱসায়িক জীৱনৰ জটিলতা আৰু ব্যৱসায়িক সফলতাৰ চমু তোষামোদৰ বাট একেবাৰে গ্ৰহণীয় নহল। সেয়ে ঘৰৰ লৰা ঘৰলৈ উভতি আহি পৰম্পৰাগত কৃষি কাৰ্যত ব্ৰতী হল। কৰ্মত বিশ্বাসী বসুমতাৰীয়ে  প্ৰায় ৩০০বিঘা  পৈতৃক মাটিত  নতুন ধৰণৰ বীজৰ ধান খেতিৰে আৰম্ভ কৰিছিল তেওঁৰ নতুন জীৱনৰ সোণালী পৰিক্ৰমা।  অগতানুগতিক আৰু উদ্যমী মানসিকতাৰ বিমল কিন্তু কেৱল ধান খেতিতেই  সন্তুষ্ট নাথাকিল, তেওঁ কৃষি কাৰ্যৰ জৰিয়তে বডো ৰাইজৰ মাজত কৰ্ম সংস্কৃতি জাগ্ৰত কৰাৰ কথা ভাবিবলৈ ললে।ইতিমধ্যে  প়ঞ্জাৱ,হাৰিয়ানা আৰু ভাৰবৰ্ষৰ আনকেতবোৰ ৰাজ্যৰ কৃষিৰ উন্নতি দেখি বিমুগ্ধ হৈছিল তেওঁ ।  এনে ইতিবাচক  চিন্তা আৰু অভিজ্গতাই সাধাৰণ খেতিয়ক বিমলক এগৰাকী উদ্যমী কৃষকলৈ উত্তৰণ ঘটালে। কাডীগাওঁ পথৰ কাষৰ ১৩ বিঘা মাটি তেওঁ বিক্ৰী কৰি দি সেয়া পুজিঁৰে জানাগাওঁত আৰম্ভ কৰিলে ২০০ বিঘা মাটিত কোটিটকীয়া কৃষি আৰু উদ্যান শস্যৰ পাম। বডোভূমিত  জন্ম হল এজন নতুন উদ্যমী কৃষি ব্যৱসায়ীৰ, যিয়ে কথাবোৰ দূৰলৈ ভাৱে, যিয়ে risk লবলৈ ভয় নকৰে যাৰ মগজুত জন্ম হয় অযুত উদ্ভাৱনী চিন্তা।  অসমত কোনেও নকৰা, অসম্ভৱ বুলি ভৱা  শইচ, ফলমূলৰ খেতি আৰম্ভ কৰিলে তেওঁ। আই আফা পাম চৌহদত  ২০১২ চনত প্ৰায় ৪০০০ ষ্ট্ৰবেৰি ফলৰ পুলি লগাইছিল তেওঁ, তেজ ৰঙা   ষ্ট্ৰবেৰি ফলেৰে তেওঁৰ পাম ভৰি পৰিল।এক অসম্ভৱ সম্ভৱ হৈ উঠিল। আই আফা পাম চৌহদত সাজি উলিয়ালে প্ৰায় ১৫০০ বৰ্গ ফুটৰ একোটা গ্ৰীণ হাউচ,  জলসি়ঞ্চনৰ প্ৰাথমিক ব্যৱস্থাও কৰা হল। প্ৰায় ৭০ জন থলুৱা লোকক কৃষি শ্ৰমিক,কাৰিকৰী সহায়ক ৰূপে মাহিলী দৰমহাৰ ভিত্তিত নিয়োগ কৰা হল,কৃষিৰ যন্ত্ৰ পাতি কিনা হল। ৰবি আৰু খাৰিফ উভয় শ্ৰেণীৰ শস্য,নানা ৰঙী ফুল,ফলেৰে  আই আফা যুগামী আবাদ থিলী জাতিষ্কাৰ হৈ উঠিল। পশুধন, গোখাদ্যৰো ব্যবস্থা কৰা হল। বসুমতাৰীৰ উদ্যমী কৰ্মত মুগ্ধ হৈ অসম গ্ৰামীণ বিকাশ বেংকে নিজাববীয়াকৈ আগবঢালে ৫০ লাখ টকাৰ ঋণ। ষ্ট্ৰবেৰী, ৰঙীন কেপচিকাম,ব্ৰকলী,চেৰি টমেটো, বহুৰঙী গোলাপ ফুল আৰু কত কিমান যে শস্য!  পাহাৰৰ ষ্ট্ৰবেৰী, চিমলাৰ  জলকীয়া, বেংগালুৰুৰ গোলাপ আৰু আমাৰ সাতামপুৰুষীয়া লখিমীৰে  বসুমতাৰীৰ পামখন ভৰি পৰিল! একেই সোৱাদ,একেই সৌন্দৰ্য! এই বছৰ তেওঁ লগাইছে ১১,০০০ষ্ট্ৰবেৰি ফলৰ পুলি।   চৰকাৰী বিভাগ বোৰে  লাহে লাহে সাৰ পালে! গোসাইগাৱঁত থকা কৃষি বি়ঞ্জান কেন্দ্ৰই বসুমতাৰীক কাৰিকৰী সহায় সহযোগিতা আগবঢাবলৈ ললে। প্ৰত্যাশিত ভাৱেই ৰাজ্যিক কৃষি বিভাগে   বিশেষ সহায় আগবঢোৱা নাছিল যদিও শেহতীয়াকৈ পামখনক এখন মিনি ট্ৰাকৰ যোগান ধৰিছে। অলপতে কৃষি বিভাগৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক উদ্যান শস্য প্ৰদৰ্শনীত বসুমতাৰীৰ পামৰ সামগ্ৰীয়ে ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।
এই জনেই আমাৰ বন্ধুবৰ বিমল বসুমতাৰী, যিয়ে কোকৰাঝাৰত এখন সম্পুৰ্ণ জৈৱ কৃষি  পাম গঢি তোলাৰ সপোন বাস্তৱায়িত কৰাৰ দিশত বলিষ্ঠ পদক্ষেপ লৈ আগবাঢিছে, অদ্যাপি বিনিয়োগ কৰিছে ২ কোটি টকা!! স্থানীয় ৰাইজৰ সহযোগত ধুনীয়া পাম খনক কৰিব বিচাৰিছে এক পাম পৰ্যটনৰ কেন্দ্ৰ! হব পাৰে ই এক পাম পৰ্যটনৰ কেন্দ্ৰ, আমি সকলো সম্ভাৱনাই দেখিছো, সেয়ে তেওঁৰ ওচৰলৈ বাৰে বাৰে গৈছো,আগবঢাইছো সহায়ৰ হাত, যিদৰে তেওঁক সহায় কৰিছে, প্ৰণয় কুমাৰ ব্ৰহ্মৰ লেখীয়া বিশিষ্ট শিক্ষকে আৰু অনেক গণ্য মাণ্য ব্যক্তিয়ে, যাৰ মন্ত্ৰ বহন ক্ষম কৃষি উন্নয়ন। শীতল ভৰালৰ অভাৱ, উত্পাদিত সামগ্ৰী সমূহৰ বজাৰীকৰণ, অধিক উচ্চ হাৰৰ বেংকৰ ঋণ ইত্যাদিয়ে বসুমতাৰীৰ বাবে সমস্যা সৃষ্টি নকৰা নহয়। তথাপিও ৰুদ্ধ হোৱা নাই তেওঁলোকৰ যাত্ৰা। আহক এনে একোটি আন্দোলন অসমৰ চুকে কোণেও আৰম্ভ কৰো!
বি:দ্ৰ: (বিমল বসুমতাৰীৰ আত্মাই শান্তি লাভ কৰক)
এইটো এটা পাচ বছৰ আগৰ লেখা৷ অতি পৰিতাপৰ কথা যে বিমল বসুমতাৰীৰ আজি তিনি  বছৰমান আগতে এই প্ৰজেক্ট টোৰ মৃত্যু  হৈছিল। বেংকৰ ঋণ, বীজ প্ৰাপ্তিৰ সমস্যা, ভূমিৰ সমস্যা ইত্যাদিৰ বাবে তেওঁৰ পাম খন নাথাকিল৷ তথাপিও বিমল বসুমতাৰীৰ লগত আমাৰ যোগাযোগ আছিল। কোকৰাঝাৰ গলেই তেওঁক এবাৰ মাত নলগোৱাকৈ অহা নাছিলো। আই আফা পাম খনৰ স্বত্ব হেৰুৱাৰ পিছত তেওঁ ধান খেতি আৰু গো পালনৰ কাম কৰিছিল। হাৰিয়ানাৰ মানুহে ইমান গৰু -মহৰ ইমান ডাঙৰ ফাৰ্ম চলায় আমি কিয় লোৱাৰিম ছাৰ?আজিকেইমাহ মান আগতে মোক এনেদৰে কৈছিল.। যোৱা জানুৱাৰী মাহত তেওঁ অগ্নাশয়ৰ ৰোগত ভীষণ অসুস্হ হৈ গুৱাহাটীৰ এক্সেল কেয়াৰ হস্পিটেলত চিকিত্সাধীন হয়। হাস্পাতালত থাকোতে তেওঁৰ ভাতৃৰ হতুৱাই মোলৈ ফোন কৰি খবৰ দিয়ে। জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ কোনোবা এটা সন্ধিয়া মই তেওঁক চাবলৈ গৈছিলো। তেওঁ আমাৰ হাত খনত ধৰি আছিল বহু সময়…আমি তেওঁক লগ ধৰিব যোৱাত ইমানেই আনন্দিত হৈছিল যে তেওঁৰ চকুৰেওলাই অহা দুধাৰি লোটক আমি টিচুপেপাৰ এখনেৰে মচি দিছিলো।ভাতৃক আমাৰ বিষয়ে ,কলেজৰ বিষয়ে অনৰ্গল কৈ গৈছিল। তেওঁক লগ ধৰি অহাৰ পাছতেই আমি কিছুদিনৰ কাৰণে অসমৰ বাহিৰলৈ গৈছিলো।ইতিমধ্যে তেওঁৰ স্বাস্হ্যৰ অধিক অৱনতি ঘটিছল আৰু যোৱা ৪ ফেব্ৰুৱাৰীৰ দিনাখন তেওঁ মৃত্যুৰ ওচৰত হাৰ মানিলে।লগে লগে মৃত্যু হল, তেওঁ কৃষি কৰ্মক লৈ কৰা সম্প্ৰৰীক্ষাবোৰৰ, উদ্যমী কৃষক এগৰাকীৰ সেউজীয়া যাত্ৰা এটিৰ কৰুণ সমাপ্তি ঘটিল।  তেওঁ গুচি যোৱাত আমি যেন এজন জেষ্ঠ বন্ধুক হেৰুৱালো।
আজি পাচ বছৰ পাছতো আমি তেওঁৰ বিষয়ে লেখা কথাখিনিৰ মাজেৰে অতি সম্প্ৰতি বিমল বসুমতাৰীৰ কৰ্ম ৰাজি চৰ্চালৈ অহাতো আৰু এই লেখাটোৱে ইমান বোৰ পাঠকৰ সহাৰি লাভ কৰি থকা কথাটোৱে বিমল বসুমতাৰীৰ কৰ্মৰাজিৰ প্ৰতিয়েই   যেন আপোনাসৱৰ এক নিস্বাৰ্থ স্বীকৃতি। সেয়ে তেওঁৰ জীৱনৰ শেষ কথা খিনি তেওঁৰ গুণমুগ্ধ চামক জনোৱাৰ মানসেৰে পোষ্টতো আকৌ শ্বেয়াৰ কৰিলো। তেওঁৰ সকলো সপোন সফল নহল যদিও আমাক সকলোকে শিকাই থৈ গল…কৃষি কৰ্ম আৰু উদ্যমিতাৰ জয়গান। আমাৰ মানত বিমল দা সদায়েই এজন আদৰ্শ কৃষক হৈ থাকিব। বিমল দাৰ আত্মাৰ চিৰশাল্তি কামনা কৰিলো।

Related Articles

error: Content is copy right protected !!
Close