বৃহত্তৰ অসমীয়া মহাজাতিত অসমীয়া শিখৰ অৱস্থিতি

মনজিৎ সিং

শিখ ধৰ্মৰ প্ৰৱৰ্তক তথা প্ৰথম শিখ গুৰু নানকদেৱজীয়ে তেৰাৰ ‘প্ৰথম উদাসী’ অৰ্থাৎ পৱিত্ৰ ভ্ৰমণ কালত (১৫০৫-০৮) তেৰাৰ অন্যতম সংগী মৰ্দনাৰ সৈতে তাহানিৰ কামৰূপলৈ আহি ইয়াত শিখ ধৰ্মৰ বীজ সিঁচি থৈ গৈছিল। ড৹ বাণীকান্ত কাকতি (১৮৮৪-১৯৫০) আছিল গুৰু নানকৰ অসম আগমনৰ বিষয়ে উল্লেখ কৰা প্ৰথমজন অসমীয়া সাহিত্যিক-বুৰঞ্জীবিদ। ১৯১৯ চনৰ ডিচেম্বৰ মাহৰ (পুহ, ১৮৪১)ত ‘চেতনা’ত প্ৰকাশ পোৱা ‘শিখ গুৰু নানক আৰু টেগ বাহাদুৰৰ কামৰূপ ভ্ৰমণ’ শীৰ্ষক লেখনীটোত বাণীকান্ত কাকতিয়ে গুৰু নানক কামৰূপলৈ ধৰ্ম প্ৰচাৰাৰ্থে অহাৰ কথা উল্লেখ কৰিছে। প্ৰসিদ্ধ ইতিহাসবিদ Max Aurthur Macaulift ককে আদি কৰি বিভিন্ন শিখ ইতিহাসবিদ তথা গুৰু নানকৰ জীৱনীকাৰসকলে গুৰু নানকে তেৰাৰ ধৰ্ম প্ৰচাৰৰ বাবে কামৰূপলৈ অহাৰ কথা উল্লেখ কৰিছে।

ড৹ ত্ৰিলোচন সিঙে তেখেতৰ Guru Tegh Bahadur নামৰ গ্ৰন্থখনত এই সন্দৰ্ভত এনেদৰে উল্লেখ কৰিছে— “It was during the reign of Ahom King Suhungmung, who under the influence of Brahmins assumed the Hindu title Swarga Narayan, the Guru Nanak visited this land of magic and beauty. On the Way to Kamakhya, Guru Nanak stopped at Dhubri and it was during this itenierary that the Gurunanak met the great vaishnavat saint, Sankardeva.”

বিভিন্নজন শিখ বুৰঞ্জীবিদ তথা গুৰু নানকৰ জীৱনীকাৰে গুৰু নানকৰ প্ৰথমটো ‘উদাসী’ অৰ্থাৎ ধৰ্ম প্ৰচাৰাৰ্থে কৰা পৱিত্ৰ ভ্ৰমণ কালত দিল্লী, মথুৰা, বৃন্দাবন, জগন্নাথ, পুৰী, ধনপুৰ হৈ কামৰূপলৈ অহাৰ কথা বৰ্ণনা কৰিছে।

গুৰু নানকৰ অসম ভ্ৰমণৰ পিছত অষ্টম শিখ গুৰু হৰকিষণজীৰ দিনলৈকে অসমৰ লগত শিখসকলৰ বিশেষ যোগসূত্ৰ থকাৰ কথা সন্ধান পোৱা যায়। আনহাতে নৱম শিখ গুৰু টেগবাহাদুৰজীৰ অসম ভ্ৰমণ অসমীয়া সাহিত্য আৰু বুৰঞ্জীত তৰ্কাতীত। অৱশ্যে গুৰু টেগবাহাদুৰজীৰ অসম আগমনৰ কাৰণ বিশ্লেষণ কৰিবলৈ গৈ ড৹ সূৰ্যকুমাৰ ভূঞাই লিখিছিল— The Guru admitted afterward that, he had accompanied Raja Ram Singh in the triple capacity of friend to the Raja, preacher of God’s word, and averter of bloodshed.

অৱশ্যে গুৰু টেগবাহাদুৰজীয়ে ধুবুৰী এৰি যোৱাৰ পিছত ঔৰংজেৱৰ নিৰ্দেশ অনুসৰি ৰজা ৰাম সিংহই পুনৰ সসৈন্যে অসম অভিমুখে যাত্ৰা কৰিছিল আৰু অৱশেষত ১৬৭১ খ্ৰীঃত গুৱাহাটীৰ ওচৰৰ শৰাইঘাটত আহোম আৰু মোগল সৈন্যৰ মাজত হোৱা যুদ্ধত মোগলৰ পৰাজয় হৈছিল।

গুৰু টেগবাহাদুৰ অসমলৈ অহাৰ সন্দৰ্ভত ড মহেশ্বৰ নেওগে সম্পাদনা কৰা ‘পৱিত্ৰ অসম’ নামৰ গ্ৰন্থত এইদৰে লিখিছে— ‘অম্বৰাধিপতি ৰাম সিংহৰ অসম আক্ৰমণৰ সময়ত গুৰু টেগবাহাদুৰ ১৬৬৬ খ্ৰীঃত ৰাম সিংহৰ লগতে মুঙ্গেৰ, ৰাজমহল, মালদহ, ঢাকাইদি আহি ৰঙামাটিলৈ যাত্ৰা কৰে। ধুবুৰী পাই ৰাম সিংহ আৰু সেনাপতিসকলক কয়, সেই স্থান নানকজীৰ পদধূলাৰে পৱিত্ৰ, গতিকে সৈন্যসকলে পাঁচ ঢালকৈ মাটি আনি এটি ঢিপ তুলিব লাগে। সেই মতেই কাম হ’ল। টেগবাহাদুৰৰ অনেক শিষ্য কামৰূপত ৰৈ গ’ল আৰু তেওঁলোকৰ সতি-সন্ততিসকল এতিয়াও ধুবুৰীত আৰু চাওটোলাত (শিখটোলাত) আছে। সৈন্যসকলে কৰা ঢিপটিৰ নাম দমদমা, ধুবুৰীৰ নামো শিখসকলৰ মতে, দমদমা। মোগল আক্ৰমণৰ আপাহতে অসমত শিখৰ বসতি হয়। উল্লেখযোগ্য যে গুৰু টেগবাহাদুৰজীৰ ইচ্ছানুসৰি সেই স্থানতে শিখসকলৰ এটি উপাসনাস্থলী (গুৰুদ্বাৰ) নিৰ্মাণ কৰা হয় আৰু সেইটোৱে আছিল অসমৰ প্ৰথমটি গুৰুদ্বাৰ।

গুৰু টেগবাহাদুৰজীৰ পিছতে দশম গুৰু হিচাপে অভিষিক্ত হৈছিল গুৰু পুত্ৰ গোবিন্দ ৰায়। গুৰু গোবিন্দ ৰায় গুৰু আসনত উপৱিষ্ট হৈ থকা কালছোৱাত গৌৰীপুৰৰ ৰজা ৰতন ৰায়ে গুৰু গোবিন্দক তেওঁৰ দৰবাৰত দেখা কৰিছিল বুলি শিখ ইতিহাসত উল্লেখ আছে। শিখ ইতিহাসৰ বৰ্ণনা অনুসৰি গুৰু টেগবাহাদুৰৰ অসম ভ্ৰমণৰ কালছোৱাত গুৰুৰ আশীৰ্বাদত গৌৰীপুৰৰ অপুত্ৰক ৰজা ৰাম ৰায়ে এটি পুত্ৰ সন্তান লাভ কৰে আৰু তেতিয়াৰপৰা ৰাজপৰিয়ালটি শিখ ধৰ্মানুৰাগী হৈ পৰে। ৰতন ৰায় আছিল গুৰু টেগবাহাদুৰজীৰ আশীৰ্বাদত জন্ম লাভ কৰা ৰাম ৰায়ৰ সন্তান। সেয়ে গুৰুৰ প্ৰতি থকা শ্ৰদ্ধাৰ বাবে ৰতন ৰায় পৰৱৰ্তী সময়ত গুৰু গোবিন্দৰ দৰবাৰলৈ গৈছিল। শিখ ইতিহাসৰ বিৱৰণী অনুসৰি ৰতন ৰায়ে আনন্দপুৰত গুৰুজীক দেখা কৰিবলৈ যাওঁতে ভালেমান মূল্যৱান উপহাৰ লৈ গৈছিল।

তদুপৰি ১৬৯৯ খ্ৰীঃত আনন্দপুৰত আয়োজিত বৈশাখী উৎসৱৰ মহাসমাৰোহলৈ গুৰু গোবিন্দই ভাৰতবৰ্ষৰ উত্তৰ-দক্ষিণ, পূব-পশ্চিম কেওদিশে সিঁচৰতি হৈ থকা শিখ আৰু শিখ ধৰ্মৰ অনুৰক্তসকলক আমন্ত্ৰণ জনাইছিল। কামৰূপৰপৰাও এই সমাৰোহলৈ ভক্ত গৈছিল বুলি জনশ্ৰুতি আছে। সিদিনাৰ এই সমাৰোহতে গুৰু গোবিন্দই ‘খালচাপন্থ’ৰ সৃষ্টি কৰি শিখসকলক এক নতুন পৰিচিতি প্ৰদান কৰে।

এইদৰে প্ৰথম গুৰু নানকৰপৰা দশম গুৰু গোবিন্দ সিঙৰ দিনলৈকে অসমৰ লগত শিখসকলৰ সম্পৰ্ক স্থাপন হোৱা দেখা যায়। তদুপৰি অসম বুৰঞ্জীখ্যাত মোৱামৰীয়া বিদ্ৰোহ, দন্দোৱা দ্ৰোহ, মানৰ আক্ৰমণকে আদি কৰি বিভিন্ন সময়ত অসমলৈ শিখসকলৰ আগমন ঘটিছিল। কিন্তু গুৰু টেগবাহাদুৰৰ অসম আগমনৰ আপাহত অসমত থাকি যোৱা শিখ অথবা শিখ ধৰ্ম গ্ৰহণ কৰা স্থানীয় লোকসকল, মোৱামৰীয়া বিদ্ৰোহ বা দন্দোৱা দ্ৰোহৰ সময়ত অহা বৰকান্দাজ শিখসকলে, কেপ্টেইন ৱেলচৰ লগত অহা শিখসকল অথবা সেই সময়ছোৱাত বেহা-বেপাৰৰ বাবে অহা ব্যৱসায়ী শিখসকলৰ সৰহভাগেই পুনৰ পঞ্জাব বা বিহাৰকে আদি কৰি অন্যান্য ঠাইলৈ ঘূৰি গৈছিল। তাৰ মাজৰ যিসকল অসমতে নিগাজিকৈ থাকি গৈছিল সেইসকলৰ সৰহভাগেই ৰজাঘৰীয়া পৃষ্ঠপোষকতাত অসমত মাটি-ভেটি লৈ সংস্থাপিত হৈছিল আৰু পৰৱৰ্তী সময়ত অসমীয়া ছোৱালী বিয়া-বাৰু কৰাই ইয়াৰ থলুৱা ভাষা-সংস্কৃতি গ্ৰহণ কৰি সম্পূৰ্ণ অসমীয়া হৈ পৰিছিল।

এতিয়া প্ৰশ্ন হ’ল এগৰাকী অসমীয়া শিখৰ প্ৰাথমিক পৰিচয় কি? বৰ্তমান অসমত থকা অসমীয়া শিখসকলৰ পূৰ্বজ কোন? পোনপটীয়া উত্তৰ— অসমত পুৰুষানুক্ৰমে স্থায়ীভাৱে বসবাস কৰা যিসকল শিখ ধৰ্মাৱলম্বী লোকৰ মাতৃভাষা অসমীয়া আৰু যিসকল লোকে শিখ ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰিও মনে-প্ৰাণে অসমীয়া ভাষা-সংস্কৃতি আঁকোৱালি লৈ অসমক মাতৃভূমি জ্ঞান কৰে, সেইসকলে অসমীয়া শিখ।

বৰ্তমান অসমত থকা অসমীয়া শিখসকলৰ সৰহভাগেই স্বাধীন অসমৰ শেষ অস্তিত্ব ৰক্ষাৰ যুদ্ধত আহোমৰ হৈ মানৰ সৈতে যুদ্ধ কৰিবলৈ অহা যুঁজাৰু শিখসকলৰ বংশধৰ। আনহাতে কিছু অংশ পৰৱৰ্তী বিভিন্ন সময়ত বেহা-বেপাৰ, ৰে’ল আৰু চাহ উদ্যোগৰ বিভিন্ন ঠিকা-ঠুকলিৰ কামৰ বাবে অহা লোকৰ লগতে প্ৰথম মহাযুদ্ধৰ সময়ত সৈন্য বিভাগৰ বিভিন্ন চাকৰিসূত্ৰে অসমলৈ আহি পূৰ্বৰ স্থানীয় শিখসকলৰ লগত চামিল হৈ স্থানীয় খিলঞ্জীয়া অসমীয়াৰ লগত বৈবাহিক সম্বন্ধ স্থাপন কৰি অসমীয়া ভাষা-সংস্কৃতিক আঁকোৱালি লৈ অসমৰ মাটিৰ মোহত ৰৈ যোৱা লোক।

অসমত শিখসকলৰ নিগাজিকৈ বসবাস সণ্ঢালনিকৈ আৰম্ভ হয় ১৮২০ খ্ৰীঃ আৰু ১৮২১ খ্ৰীঃত মানৰ আক্ৰমণ প্ৰতিহত কৰিবৰ কাৰণেই হাদিৰাচকি আৰু মহগড়ত আহোমৰ হৈ মানৰ বিৰুদ্ধে যুঁজ কৰিবলৈ অহা শিখ সৈন্যদলৰ অৱশিষ্ট কেইগৰাকীমান নিজ মাতৃভূমিলৈ উভতি নগৈ অসমতে ৰৈ যোৱাৰ সিদ্ধান্তৰ পিছৰেপৰা। হাদিৰাচকিত মানৰ বিৰুদ্ধে হোৱা ৰণত আহোমৰ সন্মিলিত সৈন্যবাহিনীৰ এটি অন্যতম ফৌজ আছিল শিখ সেনাপতি চৈতন্য সিঙৰ তত্ত্বাৱধানত অহা ৫০০ জনীয়া (মতান্তৰে ২০০০ জনীয়া) সমৰ শক্তি।

এই ৰণত সেনাপতি চৈতন্য সিঙকে আদি কৰি সৰহসংখ্যক শিখ চিপাহীয়ে বীৰগতি প্ৰাপ্ত কৰে। যুদ্ধৰ শেষত কমাণ্ডাৰ চৈতন্য সিঙৰ বিধৱা পত্নী (কোনো কোনোৰ মতে মাতৃ) আন চাৰিজনমান চিপাহীসহ ব্ৰহ্মপুত্ৰইদি উজাই আহি কাজলীমুখেৰে কপিলীৰ বুকুত প্ৰৱেশ কৰি পুনৰ উজাই গৈ ৰহাৰ কাষৰ কলং আৰু কপিলীৰ সংগমস্থল তিতাইমৰা সুঁতিৰ পাৰত নাও চপালে। তিতাইমৰা সুঁতিৰ পাৰৰ চাপৰমুখৰ প্ৰাচীন তেঁতেলী গছজোপাৰ তলত স্থানীয় লোকৰ সহযোগত আৰম্ভ হ’ল এখন নতুন সমাজৰ জীৱনযাত্ৰা।

এতিয়া প্ৰশ্ন হয় এই কেইগৰাকীমান নতুন বেশভূষাৰ অচিন মানুহ কেলেই তিতাইমৰা সুঁতিৰ পাৰক নিজৰ নিৰাপদ স্থান বুলি বাছি ল’লে? আমি জানো, ইতিপূৰ্বে অহা কেপ্টেইন ৱেলছে ৰহাত এটি চকি পাতি থৈ গৈছিল। এই চকিৰ তত্ত্বাৱধানত নিশ্চয় কেপ্টেইন ৱেলছৰ লগত অহা শিখ চিপাহীও আছিল। হাদিৰাচকিৰ সন্মিলিত সৈন্যবাহিনীত এই চকিৰ শিখ চিপাহীও থকাটো ঠাৱৰ কৰিব পাৰি। চৈতন্য সিঙৰ পত্নীৰ সৈতে অহা শিখ চিপাহীসকলৰ মাজত হয়তো কোনোবাজন পূৰ্বে এই ৰহা চকিত থকা চিপাহীও আছিল। সম্ভৱতঃ তেৱেঁ বাট দেখুৱাই সেই সময়ত মানৰ কুদৃষ্টিৰ আঁৰ হ’বৰ বাবে এইসকল লোকক তিতাইমৰা সুঁতিৰ পাৰলৈ লৈ আনিছিল।

এই তিতাইমৰা সুঁতিৰ পাৰতে চৈতন্য সিঙৰ পত্নীয়ে যাক সকলোৱে মাইজী বা মাতাজী বুলি মাতিছিল— সংগী চিপাহীকেইজনৰ সৈতে নতুন সমাজৰ পাতনি মেলিছিল। তেওঁলোকৰ মাজৰ এগৰাকী সৈনিক ৰাম সিং চুবেদাৰ ভাগ্য অন্বেষণত চাপৰমুখৰপৰা নগাঁৱৰ ওচৰৰ শেনচোৱালৈ যায়। তাৰ পিছত বালিগাঁৱলৈ গৈ তাত কিছুদিন থাকি শেষত বৰকলাত স্থায়ীভাৱে থাকিবলৈ লয়। ৰাম সিং চুবেদাৰে বৰকলা গাঁৱৰ উত্তৰ-পূবে থকা সদা শিৱ থানৰ (বৰ্তমান বুঢ়াগোসাঁই থান নামে খ্যাত) পুৰোহিত মহী পূজাৰীৰ কন্যাক বিয়া কৰায়। তাৰ কিছুদিন পিছত পুনৰ জীৱিকাৰ সন্ধানত ঘূৰি ফুৰোতে কামপুৰৰ ওচৰৰ তেঁতেলীসৰাৰ ভূঞা পৰিয়ালৰ আন এগৰাকী থলুৱা নাৰীৰ পাণি গ্ৰহণ কৰে। বৰ্তমান বৰকলাৰ এক বৃহৎসংখ্যক লোক এই ৰাম সিং চুৱেদাৰৰ বংশধৰ। আনহাতে বংশবৃদ্ধিৰ লগে লগে ৰাম সিং চুবেদাৰৰ উত্তৰপুৰুষ অসমৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ পৰে।

ইফালে মাতাজীৰ লগত চাপৰমুখত থাকি যোৱা শিখ সৈনিককেইজনেও স্থানীয় নাৰীৰ পাণি গ্ৰহণ কৰি তেওঁলোককো শিখ পৰিচিতি প্ৰদানেৰে নতুন সমাজভুক্ত কৰে। স্থানীয় লোকৰ সহযোগত চাপৰমুখৰ তিতাইমৰা সুঁতিৰ পাৰত অসমৰ দ্বিতীয়টি শিখ ধৰ্মীয় অনুষ্ঠান গঢ় লৈ উঠে। সেইটোৱে পৰৱৰ্তী সময়ত মাতাজীৰ স্মৃতিত তেওঁৰ নামেৰে নামাংকন কৰা বৰ্তমানৰ ‘গুৰুদ্বাৰা মাতাজী’। এই গুৰুদ্বাৰটিত বৰ্তমানেও মাতাজীৰ দলটোৰ আগমনৰ স্মৃতিস্বৰূপে তেওঁলোকে লগত অনা দুটা বৰটোপ, এখন  ঘেঁহু গুড়ি কৰা জাঁত, দুখন কৃপাণ, দুখন হাতেলিখা ধৰ্মগ্ৰন্থ আৰু কেইপদমান অন্যান্য সামগ্ৰী সংৰক্ষিত হৈ আছে।

নগাঁও জিলাৰ বৰকলা, চাপৰমুখ, লংকা, হাতীপাৰা, নগাঁও আদি বিভিন্ন ঠাইৰ পুৰণি শিখ পৰিয়ালৰ পুৰুষনামাৰপৰা এটা কথা পৰিষ্কাৰ হয় যে এই লোকসকলৰ পূৰ্বজৰ সৰহসংখ্যকে হাদিৰাচকি আৰু মহগড়ৰ যুদ্ধত লিপ্ত শিখ সৈনিক আছিল। আনহাতে বৰ্তমানৰ অসমীয়া শিখসকলৰ পূৰ্বজই থলুৱা অসমীয়া নাৰীৰ সৈতে বৈবাহিক সম্বন্ধ স্থাপন কৰাৰ বাবে তেওঁলোকৰ দেহত অসমীয়া তেজ ধাৱমান।

নগাঁও জিলাৰ উল্লিখিত স্থানসমূহৰ বাহিৰেও ডিব্ৰুগড়, তিনিচুকীয়া, লক্ষীমপুৰ, হোজাই, ডিফু, গুৱাহাটী, দক্ষিণ কামৰূপৰ ৰামপুৰ, শোণিতপুৰ জিলাৰ হেলেমকে আদি কৰি অসমৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা অসমৰ এই আণুবীক্ষণিক সম্প্ৰদায়ৰ বিভিন্নজনে অসমৰ সমাজ-জীৱনৰ বিভিন্ন ক্ষেত্ৰত অৰিহণা আগবঢ়াবলৈ প্ৰয়াস কৰি আহিছে। প্ৰশাসনৰপৰা ব্যৱসায়-বাণিজ্যলৈকে, শিক্ষা-ক্ৰীড়াৰপৰা সাহিত্য-সংস্কৃতিলৈকে তাকৰীয়াকৈ হ’লেও প্ৰতিটো ক্ষেত্ৰতে নিজৰ সেৱা আগবঢ়োৱা এই ক্ষুদ্ৰ জনগোষ্ঠীটোৰ লোকসকল ৰাজ্যখনৰ ৰাজনীতিকে আদি কৰি প্ৰায়বোৰ ক্ষেত্ৰতে উপেক্ষিত হৈ থকাৰ প্ৰবল অভিযোগ প্ৰত্যক্ষ কৰা যায়। অসমৰ জাতীয় জীৱনৰ ধ্বজাধাৰী বিভিন্ন সংস্থা-সংঘ, অনুষ্ঠান-প্ৰতিষ্ঠান তথা চৰকাৰে সেই লোকসকলৰ একাকীকত্ব দূৰীকৰণ কৰি যথাস্থানত প্ৰাপ্য মৰ্যাদা প্ৰদান কৰিলে এই মুঠি মানুহৰ অস্তিত্ব বিপন্ন হোৱাৰ শংকা সংশয় নোহোৱা হ’ব।

অৱশ্যে এষাৰ কথা ক’বই লাগিব, অসমৰ শিখসকল সামাজিক আৰু ৰাজনৈতিক পথাৰৰ বহুক্ষেত্ৰত নোপোৱাৰ বেদনাৰে ভাৰাক্ৰান্ত হ’লেও অসমৰ সমাজ আৰু সংস্কৃতিৰ অন্যতম হোতা গুৰু শংকৰদেৱৰ আধ্যাত্মিক চিন্তা-চেতনাৰ লগতে সংস্কাৰমুখী সামাজিক চৈতন্যই গুৰু নানকৰ শিষ্য শিখসকলক সম্প্ৰীতিৰ এক মধুৰ ডোলেৰে বান্ধি ৰাখিছে আৰু অবিৰত সুনিশ্চিত নিৰাপত্তা তথা ভাতৃত্ববোধৰ মৰ্যাদা প্ৰদান কৰি আহিছে।

সেয়ে অসমৰ থলুৱা শিখসকল নিজ ধৰ্মটোৰ বাহিৰে ভাষা-সংস্কৃতিৰে হাড়ে-হিমজুৱে নিভাঁজ অসমীয়া। এই শিখসকলৰ বহুজনে গুৰুদ্বাৰত শবদ-কীৰ্তন কৰাৰ দৰে বৰগীত বা ঘোষাও গাব জানে। জানে ভাওনাৰ বচন মাতিব। ধৰ্মীয় পৰম্পৰাৰে ‘বৈশাখী’ উৎসৱ পালন কৰিলেও বিহু তেওঁলোকৰো জাতীয় সংস্কৃতি। ‘লড়ি’ৰ পৰিৱৰ্তে ভেলাঘৰ সাজি উৰুকাৰ ভোজ-ভাত খাই অগ্নিসেৱা কৰাৰ পৰম্পৰাহে অসমীয়া শিখসকলৰ মাজত বিদ্যমান।

জগত গুৰু শংকৰদেৱৰ মতাদর্শৰ আৰু গুৰু নানকে প্ৰৱৰ্তন কৰা শিখ ধৰ্মৰ মূল নীতিৰ মাজত সীমাৰেখা টানিব নোৱৰাকৈ সাদৃশ্য থকাৰ বাবে শিখসকল অসমলৈ আহি অসমৰ সমাজ-জীৱনৰ লগত সম্পূৰ্ণৰূপে জাহ গৈ ভুলে-ভালে সম্পূৰ্ণ অসমীয়া হৈ পৰে।

(খিলঞ্জীয়াৰ সৌজন্যত)

Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close