বৃক্কৰ বিকলতা বা কিডনী-ফেইলৰ

ডাঃ মুকুল শৰ্মা

কিডনী বা বৃক্কৰ মুখ্য কাম হ’ল আমাৰ শৰীৰৰ তেজত উৎপন্ন হোৱা দূষিত পদাৰ্থ আৰু অতিৰিক্ত জুলীয়া পদাৰ্থখিনি শৰীৰৰপৰা বাহিৰ কৰি দিয়া। এই দূষিত পদাৰ্থ আৰু অতিৰিক্ত জুলীয়া পদাৰ্থখিনি মূত্ৰ বা পেচাপৰ আকাৰত শৰীৰৰপৰা বাহিৰ হৈ যায়। শৰীৰৰ তেজ বিশুদ্ধ কৰাৰ লগতে বৃক্কই ৰক্তচাপ নিয়ন্ত্ৰণ কৰে আৰু তেজৰ ইলেক্ট্ৰলাইটৰ মাত্ৰাৰ ভৰসমতা ৰক্ষা কৰে। তদুপৰি ই শৰীৰত লোহিত ৰক্তকণিকা উৎপন্ন হোৱাতো সহায় কৰে। প্ৰত্যেকটো বৃক্ক বহু হাজাৰ নেফ্ৰন নামৰ আণুবীক্ষণিক অৱয়ৱেৰে গঠিত যিয়ে আমাৰ শৰীৰৰ তেজ বিশুদ্ধ কৰে।

কিডনী ফেইলৰ বা বৃক্ক বিকলতাক ক্ৰনিক কিডনী ডিজিজ্  (CKD) বুলিও কোৱা হয়। এই বেমাৰত দুয়োটা কিডনীৰে কার্যক্ষমতা লাহে লাহে বহু মাহ বা কেতিয়াবা বছৰৰ লগে লগে লোপ পাবলৈ ধৰে। আৰম্ভণিতে ইয়াৰ কোনো লক্ষণ নাথাকিব পাৰে কিন্তু সময়ৰ লগে লগে বৃক্কৰ কার্যক্ষমতা লোপ পাবলৈ ধৰাৰ বহুতো ভয়ংকৰ লক্ষণ দেখা দিবলৈ ধৰে। সাধাৰণতে বেছিভাগ ক্ষেত্ৰতে বৃক্কৰ নেফ্ৰনবিলাক আক্ৰান্ত হয়, যাৰ ফলত ইহঁতৰ তেজ বিশুদ্ধিকৰণ ক্ষমতা লোপ পাবলৈ ধৰে।

বৃক্ক বিকলতাৰ কাৰণ

বৃক্ক বিকল হোৱাৰ কাৰণসমূহ চালি-জাৰি চালে দেখা যায় যে বেছিভাগ ক্ষেত্ৰতে অন্য কোনো স্বাস্থ্য সম্বন্ধীয় সমস্যাৰ বাবেহে বৃক্কৰ লাহে লাহে ক্ষতি হৈ গৈ থাকে আৰু অৱশেষত সম্পূৰ্ণৰূপে বৃক্ক বিকল হৈ পৰে। সঠিকভাৱে নিয়ন্ত্ৰিত নকৰা ডায়েবেটিজ আৰু উচ্চ ৰক্তচাপ হ’ল এই কাৰণসমূহৰ ভিতৰত প্ৰধানভাৱে দেখা দিয়া সমস্যা। অন্য কাৰণসমূহৰ ভিতৰত উল্লেখযোগ্য হ’ল –

*নেফ্ৰোটিক চিণ্ড্ৰম

*মূত্ৰতন্ত্ৰৰ সংক্ৰমণ

*পৰিয়ালৰ কোনো সদস্যৰ যদি বৃক্কৰ কোনো সমস্যা আছিল বা আছে তেনে লোকৰো বৃক্কৰ বেমাৰ হোৱাৰ সম্ভাৱনা থাকে

*কিছুমান জন্মগত বেমাৰৰ ফলতো বৃক্কৰ বেমাৰ হব পাৰে। যেনে – পলিচিস্টিক কিডনী ডিজিজ্

*বৃক্কত হোৱা অস্মৰী বা পাথৰ

*অট’ইমিউন ডিজিজ্, যেনে – লুপাচ এৰিথ্ৰমেটাছ, IgA নেফ্ৰ’পেথি

*প্ৰষ্টেট গ্ৰন্থিত হোৱা কোনো বেমাৰ

*বিভিন্ন ধৰণৰ ঔষধ সেৱনৰ ফলত। যেনে – বিষ নিবাৰক ঔষধ, এণ্টিবায়’টিক ইত্যাদিৰ বহুল আৰু দীঘলীয়া প্ৰয়োগৰ ফলত। অন্য কিছুমান পদাৰ্থ যেনে – বহুদিনৰপৰা মদ্যপান, নিষিদ্ধ ড্ৰাগছৰ সেৱন ইত্যাদি।

 কেতিয়াবা বৃক্কই হঠাৎ কাম কৰিবলৈ এৰি দিব পাৰে (দুই-তিনি দিনৰ ভিতৰত)। এনেকুৱা বৃক্ক বিকলতাক একুইট্ ৰিনেল ফেইলৰ বুলি কোৱা হয়। সাধাৰণতে তলত দিয়া কাৰণবিলাকৰ বাবে এনে হব পাৰে –

*মূত্ৰতন্ত্ৰৰ সংক্ৰমণ

*হাৰ্ট এটেক

*নিষিদ্ধ ড্ৰাগছৰ ব্যৱহাৰ বা সেৱন

*কিডনীলৈ ৰক্তসঞ্চালন বন্ধ হোৱা বা কমি যোৱা

এনেকুৱা ধৰণৰ বৃক্ক-বিকলতা সাধাৰণতে স্থায়ী নহয়। এনেকুৱা ক্ষেত্ৰত মানুহজনৰ যদি অন্য কোনো গম্ভীৰ স্বাস্থ্যজনিত সমস্যা নাথাকে তেন্তে চিকিৎসা কৰিলে বেমাৰটো ঠিক হৈ যায় আৰু কিডনীৰ স্বাভাৱিক অৱস্থা ঘূৰি আহে।

উপৰিউক্ত যিবিলাক বৃক্ক-বিকলতাৰ কাৰণ দৰ্শোৱা হৈছে, ইয়াৰ অৰ্থ এইটো নহয় যে এই সমস্যাবিলাক থাকিলেই মানুহ এজনৰ বৃক্ক-বিকলতা হ’বই। নিয়মিত স্বাস্থ্যসন্মত জীৱনশৈলী আৰু চিকিৎসকৰ সঠিক পৰামৰ্শ মানি চলিলে ইয়াৰপৰা হাত সাৰি থাকিব পাৰি।

বৃক্কবিকলতাৰ লক্ষণ

আৰম্ভণিতে বৃক্ক বিকলতাৰ কোনো লক্ষণ দেখা নিদিবও পাৰে। এই সমস্যাটো লাহে লাহে বেমাৰৰ পিনে গতি কৰে আৰু যেতিয়ালৈকে বৃক্ক বেয়াকৈ প্ৰভাৱিত নহয় তেতিয়ালৈকে লক্ষণসমূহ দেখা নিদিবও পাৰে। যেতিয়া কিডনীয়ে লাহে লাহে কাম কৰা বন্ধ কৰিবলৈ আৰম্ভ কৰে তলত দিয়া লক্ষণবিলাক দেখা দিয়ে।

*ভৰি আৰু ভৰিৰ গোৰোহা ফুলি উঠিব পাৰে

*শৰীৰৰ দুৰ্বলতা

*আলস্য ভাব

*শ্বাস-প্ৰশ্বাস চুটি হ’ব পাৰে

*সঘনাই মাংসপেশীৰ বিষ বা সংকোচন হ’ব পাৰে

*জ্বৰ (কেতিয়াবা ধাৰাবাহিক আৰু তীব্ৰ হ’ব পাৰে)

*পেচাপ কমকৈ হ’ব পাৰে

*একেৰাহে গোটেই গাতে খজুৱতি হ’ব পাৰে

*বুকুৰ বিষ

*অবসাদ ভাব

*বমি বমি ভাব, বমিও হ’ব পাৰে

*অভোক

*হৃদৰোগ

*তেজত পটাছিয়ামৰ পৰিমাণ বাঢ়ি যাব পাৰে

*ডায়েৰিয়া

*অনিদ্ৰা

*কঁকালৰ বিষ

*নাকৰপৰা তেজ ওলোৱা

*ৰক্তহীনতা

*ভ্ৰম

*হৃদস্পন্দনৰ অস্বাভাৱিকতা

*উচ্চ ৰক্তচাপ

*মুখৰ বেয়া সোৱাদ

*ঠাণ্ডা লগা ইত্যাদি।

বৃক্ক-বিকলতা নিৰ্ণয়ৰ উপায়

বৃক্ক-বিকলতাৰ সম্পূৰ্ণ ৰোগ নিৰ্ণয় কৰাৰ লগতে বৃক্কৰ ক্ষতিৰ মাত্ৰা আৰু ইয়াৰ ভৱিষ্যৎ ফলাফল নিৰ্ভৰ কৰে ৰোগৰ লক্ষণ, ৰোগী পৰীক্ষা কৰি পোৱা পৰিণাম আৰু পৰীক্ষাগাৰত পৰীক্ষা কৰি পোৱা ফলাফলৰ ওপৰত। সাধাৰণতে পৰীক্ষাগাৰত তলত দিয়া পৰীক্ষাসমূহ কৰা হয় –

*পেচাপ পৰীক্ষা – পেচাপত থকা প্ৰটিনৰ পৰিমাণ, অস্বাভাবিক কোষ কিবা আছে নেকি আৰু ইলেকট্ৰলাইটৰ ঘনত্ব পৰীক্ষা কৰা হয়।

*তেজৰ ইউৰিয়া নাইট্ৰজেন টেষ্ট (BUN)

*চেৰাম ক্ৰিয়েটিনিন টেষ্ট

*গ্লমেৰুলাৰ ফিলট্ৰেছন ৰেট টেষ্ট

*পেটৰ আল্ট্ৰাছ’ন’গ্ৰাফী

*চি টি স্কেন

*বৃক্কৰ বায়’প্সি ইত্যাদি।

আধুনিক চিকিৎসাবিজ্ঞানত বৃক্ক-বিকলতাৰ চিকিৎসা

মূলতঃ তিনি ধৰণৰ চিকিৎসা কৰা হয়।

১) হিম’ডায়েলাইছিছ

২) পেৰিট’নিয়েল ডায়েলাইছিছ

৩) কিডনী ট্ৰেন্সপ্লেন্ট।

নতুন গৱেষণাৰপৰা পোৱা তথ্য অনুসৰি হিম’ডায়েলাইছিছত ৰোগীৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় কাৰণ হিম’ডায়েলাইছিছত ইউৰেমিক টক্সিন আঁতৰ নহয়।

বৃক্ক-বিকলতাৰ আয়ুৰ্বেদীয় চিকিৎসা

যদি বৃক্ক বিকলতাৰ কোনো ৰোগীয়ে ৰোগ চিনাক্ত হোৱাৰ লগে লগে ডায়েলাইছিছ আৰম্ভ নকৰাকৈ আয়ুৰ্বেদীয় চিকিৎসা গ্ৰহণ কৰে, সেই ৰোগীয়ে ডায়েলাইছিছৰ পিছত চিকিৎসা গ্ৰহণ কৰিবলৈ অহা ৰোগীতকৈ অধিক সুফল লাভ কৰে। ডায়েলাইছিছ কৰি থকা ৰোগীয়েও সুফল লাভ কৰে আৰু আয়ুৰ্বেদীয় চিকিৎসাৰদ্বাৰা এটা ডায়েলাইছিছৰপৰা অন্য এটা ডায়েলাইছিছৰ মাজৰ সময় বঢ়াব পাৰি আৰু কেতিয়াবা ডায়েলাইছিছ বন্ধ কৰিব পৰাও যায় (বেমাৰৰ গম্ভীৰতা অনুসৰি ভিন্ন ৰোগীৰ ক্ষেত্ৰত ভিন্ন ফলাফল হ’ব পাৰে)। আয়ুৰ্বেদত কিছুমান আচৰিত ধৰণৰ ঔষধৰ নামৰ উল্লেখ আছে যিয়ে বৃক্কৰ কোষসমূহক নতুন চালিকা শক্তি প্ৰদান কৰে আৰু পেচাপ সুচাৰুৰূপে উৎপন্ন হোৱাত সহায় কৰে। পঞ্চকৰ্ম চিকিৎসাও ব্যৱহাৰ কৰিব পাৰি। এই ঔষধসমূহত বিশেষকৈ পুনৰ্নৱা, বৰুণ, শিগ্ৰু, অপামাৰ্গ, কাসনী, ৰক্তচন্দন, গক্ষৰু ইত্যাদি ঔষধি উদ্ভিদ ব্যৱহাৰ কৰা হয়। তদুপৰি ৰোগীৰ অৱস্থা আৰু জটিলতা অনুযায়ী গক্ষুৰাদি গুগ্গুল, চন্দ্ৰপ্ৰভা বটী ইত্যাদি যৌগিক ঔষধিৰো প্ৰয়োগ কৰিব পাৰি।

বৃক্কবিকলতাৰ ৰোগীৰ বাবে খাদ্যাভ্যাস আৰু জীৱনশৈলী

বৃক্ক-বিকলতাৰ ৰোগীয়ে পানী বা জুলীয়া পদাৰ্থৰ সেৱনৰ পৰিমাণ আৰু কিছুমান নিৰ্দিষ্ট পোষকতত্ত্ব বা খনিজ লৱণযুক্ত খাদ্যপদাৰ্থ সেৱনৰ ওপৰত কিছু সীমাবদ্ধতা আৰোপ কৰিব লাগে। লগতে ৰোগীজনৰ কিমান পৰিমাণৰ পেচাপ হৈ আছে সেইটোও লক্ষ্য ৰাখিব লাগে। সৰহভাগ বৃক্ক-বিকলতাৰ ৰোগীয়ে তলত উল্লেখ কৰা খাদ্যবস্তুৰ সেৱনৰ ওপৰত সীমাবদ্ধতা অৱলম্বন কৰিব লাগে। যেনে –

*জুলীয়া পদাৰ্থ – অতিবেছি জুলীয়া পদাৰ্থ সেৱনৰ ফলত দেহত পানী জমা হৈ ফুলি যাব পাৰে। উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু উশাহ-নিশাহৰ সমস্যা হ’ব পাৰে। যিবিলাক খাদ্যসামগ্ৰীত জুলীয়া পদাৰ্থৰ পৰিমাণ বেছি থাকে তেনে খাদ্যসামগ্ৰী পৰিহাৰ কৰা উচিত বা সীমিতভাৱে সেৱন কৰা উচিত।

*পটাছিয়াম – বৃক্ক-বিকলতাৰ ৰোগীয়ে সহজতে তেজৰ পটাছিয়াম আঁতৰাই পঠাব নোৱাৰে। সেয়েহে অধিক পটাছিয়ামযুক্ত খাদ্যবস্তুৰ সেৱন পৰিহাৰ কৰিব লাগে বা কমকৈ সেৱন কৰিব লাগে। তেজত পটাছিয়ামৰ পৰিমাণ বাঢ়ি গ’লে হাৰ্ট ফেইলৰ হোৱাৰ সম্ভাৱনা থাকে। অধিক পটাছিয়ামযুক্ত খাদ্যবস্তুসমূহ হ’ল – বীন, কল, দৈ, আলু, পালেং, মাছ, মাছৰুম, ডালিম, আঙুৰ, কমলা, লিচু, আম, মধুৰি-আম, কিৱি ফল ইত্যাদি।

*ফছফৰাছ – অধিক ফছফৰাছযুক্ত খাদ্যবস্তু যেনে – কণী, মাংস, মাছ, গাখীৰ, দাইল, বীন, চকলেট, শীতল পানীয় ইত্যাদিৰ সেৱন পৰিহাৰ বা সীমিতভাৱে কৰিব লাগে। ফছফৰাছে আমাৰ শৰীৰৰ কেলছিয়াম আৰু ভিটামিন-ডিৰ বিপাক ক্ৰিয়াত সহায় কৰে। বৃক্ক বিকল হোৱা ৰোগীৰ তেজত ফছফৰাছৰ পৰিমাণ বাঢ়ি গ’লে বিভিন্ন হাড়ৰ বেমাৰ যেনে – অস্হিওপৰোছিছ(য’ত সহজতে হাড় ভাগি যায়) হ’ব পাৰে।

*ছডিয়াম – ছডিয়ামে আমাৰ শৰীৰত নিৰ্দিষ্ট পৰিমাণৰ জুলীয়া পদাৰ্থ ধৰি ৰখাত সহায় কৰে। যেতিয়া বৃক্কৰ কার্যক্ষমতা হ্ৰাস পায় বা লোপ পায়, তেজত ছডিয়ামৰ পৰিমাণ বাঢ়ি গৈ শৰীৰত অধিক পৰিমাণৰ পানী ধৰি ৰাখিবলগীয়া হয়; ফলত ৰক্তচাপ বাঢ়ি যায়। তেজত ছডিয়ামৰ পৰিমাণ সীমিত ৰাখিবলৈ তলত দিয়া টিপছকেইটা মানি চলিব লাগে –

*খাদ্য ৰন্ধাৰ সময়ত বা অতিৰিক্তভাৱে নিমখ মিহলি কৰিব নালাগে। কম পৰিমাণৰ সৈন্ধৱ লৱণ ব্যৱহাৰ কৰিব লাগে।

*সাগৰীয় খাদ্য, বিলাহী, কণী, মছলা, আচাৰ, ব্লেক টি, কফি, চাহ, বীয়েৰ, মদ আদি পৰিহাৰ কৰিব লাগে। লগতে ধঁপাতজাতীয় সামগ্ৰী, তেলজাতীয় বা চর্বিজাতীয়, মছলাযুক্ত, পেকেজড্ আৰু শীতলীকৃত খাদ্য, জাংক-ফুড্, সোনকালে হজম নোহোৱা খাদ্য ইত্যাদি খাব নালাগে।

লগতে কৰিবলগীয়া –

*নিজৰ সামর্থ অনুসৰি ব্যায়াম কৰিব লাগে।

*যি কোনো পৰিস্থিতিতে ইতিবাচক দৃষ্টিভংগী অটুট ৰাখিব লাগে।

*ধ্যান কৰিব লাগে।

*শাক-পাচলি আৰু ফলমূল, যেনে – জিকা, পানীলাউ, তিয়ঁহ, অমিতা, ৰঙালাও, পুনৰ্নৱা শাক ইত্যাদি খাব লাগে। অৱশ্যে খাদ্যৰ তালিকা ৰোগী অনুসৰি ভিন ভিন হ’ব পাৰে। গতিকে যি কোনো খাদ্য গ্ৰহণ কৰাৰ আগতে চিকিৎসা কৰি থকা চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

ডাঃ মুকুল শৰ্মা

Related Articles

Check Also

Close
Close