বুৰঞ্জীবোধ -৫

পদ্মনাথ গোহাঞিবৰুৱা

 (অসম বুৰঞ্জীমূলক পাঠমালা)
        • পদ্মনাথ গোহাঞিবৰুৱা
                   ৯। পাঠ।
         ছুটীয়া ৰজাৰ কথা।
 লক্ষীম্‌পুৰ জিলাৰ উত্তৰ-পূব চুকত সোণগিৰি নামে এখন সৰু ৰাজ্য আছিল। তাহানিৰ বিদৰ্ভ নগৰ তাৰে ৰাজধানী। এতিয়া তাৰ নাম শদিয়া হৈছে। সোণগিৰিৰ আদিবাসীবিলাককে ছুটীয়া বোলে। সেই ছুটীয়া বংশৰ বীৰবল নামে এটা নিচেই টোকোনা মানুহ আছিল। তাৰ বৰ দুখ। ভাত-কপোৰৰ নাটনিত সি এদিনো মুখেৰে দিন নিয়াব নোৱাৰিছিল। সেই বাবে তাৰ পৰিয়ালত সুখ-শান্তি নাছিল। তাৰ বেজাৰতে বীৰবলৰ ৰাতিও টোপনি নাহে। পিচে, এদিন সি এটা সমাজিক দেখিলে। সেই সমাজিক মতে এজোপা গছৰ তলত সি ভালেমান ধন-সোণ পালে। তাৰ লগতে সি এখন ঢাল, এখন তৰোৱাল আৰু এটা সোণৰ মেকুৰিও পালে। সেই সম্পত্তি পোৱাৰ পাচত বীৰবলৰ দুখ গুচি সুখ হবলৈ ধৰিলে। তাৰ বলতে তেওঁ ছুটীয়া বংশৰ ভিতৰত এজন আঢ্যৱন্ত লোক হৈ উঠিল। সেই দেখি, সেই সম্পত্তি কুবেৰে দিয়া সম্পত্তি বুলি কোৱা হৈছিল।
 বীৰবলৰ সন্তান বুলিবলৈ এটি লৰা আছিল। লৰাটি বৰ ৰূপহ। তাৰ স্বভাৱ-চৰিত্ৰও বৰ ভাল। সেই দেখি, ৰূপে-গুণে ৰজিতা খুৱাই লৰাৰ নাম গৌৰনাৰায়ণ ৰখা হয়। গৌৰনাৰায়ণ ৰূপ-গুণত যেনেকৈ জিলিকিছিল, বুদ্ধি-পৰিশ্ৰমৰ বলতো তেওঁ তেনেকৈ উধাব পাৰিছিল। পিতাক ঢুকুৱাৰ পাচত, তেওঁ সেই “কুবেৰে দিয়া সম্পত্তি”ৰ গৰাকী হল। কিন্তু, সেই বুলি গৌৰনাৰায়ণ উধত্‌ নহল। তেওঁ ভাবি-চিন্তি ধীৰে-শাঁতে সেই সম্পত্তিৰ সজ ব্যৱহাৰ কৰিবলৈ ধৰিলে। তেনেকুৱা চলনৰ গুণতে তেওঁ ছুটীয়াৰ মাজত এজন অতি গণ্য-মান্য লোক হৈ উঠিল। আন কি, ছুটীয়াবিলাকে পাচলৈ তেওঁক ৰজা বুলি মানিবলৈ ধৰিলে। ১২২৩ খ্ৰষ্টাব্দত সঁচাসচিকৈয়ে ৰজা হৈ গৌৰনাৰায়ণে ছুটীয়া ৰাজ্যত ৰত্নপুৰ নামে এখন ৰাজধানী পাতিলে। তাৰ পাচত, তেওঁ ৰত্নধ্বজপাল নাম লৈ মহা সুখে ৰাজপাট খাবলৈ ধৰিলে। ৰত্নধ্বজৰ পাচত, ১২৬২ খ্ৰীষ্টাব্দত তেওঁৰ পুতেক বিজয়ধ্বজপাল ৰজা হয়। এই জনা ছুটীয়া ৰজাই কমতাপুৰৰ নীলধ্বজ ৰজাৰ জীয়েকক বিয়া কৰাই খেন বংশী ৰজাৰে সৈতে মিতিৰ পাতিছিল। বিজয়ধ্বজৰ পাচত, খ্ৰীঃ ১৩০৩ চনৰপৰা ১৪৫৩ চনলৈকে এই ডেৰ-শ বছৰৰ ভিতৰত সাত জন ৰজা হয়। তাৰ পাচত, ধৰ্ম্মধ্বজপাল ছুটীয়া ৰাজপাটত উঠে। তেওঁ এজন বৰ জ্ঞানী আৰু ধাৰ্মিক ৰজা আছিল। তেওঁৰ দিনত ছুটীয়া ৰাজ্যত চাৰিওফালে সুখ-শান্তি বাঢ়িছিল, আৰু প্ৰজা বৰ সুখেৰে আছিল।
 ধৰ্ম্মধ্বজৰ ৰাজকাৰ্যত খ্যাতি আছিল যদিও, মনত শান্তি নাছিল। কাৰণ, তেওঁৰ সন্তান নাছিল। বুঢ়া কাললৈকে তেওঁৰ লৰা-ছোৱালী নহল, সেই কাৰণে তেওঁৰ মনত বেজাৰ। পিছে, অনেক পূজা-সেৱা, যাগ-যজ্ঞ আদিৰে সৈতে বহু সাধনা কৰাৰ পাচত, তেওঁৰ এটি কন্যা লাভ হয়। বহু সাধনাৰ বলত লাভ হোৱাৰ কাৰণে, ছোৱালীটিৰ নাম সাধনী ৰখা হয়।
 সাধনী বৰ ৰূপহী আৰু গুণৱতী ছোৱালী আছিল। তেওঁ পিতৃ-মাতৃ আৰু গুৰুজনক বৰ ভক্তি কৰিছিল। গৃহ-নীতিৰ লগে লগে তেওঁ ৰাজনীতিও শিকিছিল। বয়সৰ লগে লগে সাধনীৰ ৰূপ- গুণৰ জেউতি চৰিবলৈ ধৰিলে। তেওঁৰ ৰূপ আৰু গুণৰ কথা দেশে-বিদেশে বিয়পি পৰিল। পিচে, সাধনী যুৱতী হলত পিতাকে তেওঁৰ সয়ম্বৰ পাতিলে। সয়ম্বৰৰ এই পণ আছিল যে, যেয়ে একেপাত কাঁড়েৰে পাল-শ-দিয়া মৈদামৰ ওপৰত খৰ্‌তকীয়াকৈ লৰি ফুৰা কেৰ্কেটুৱা এটা শালি মাটিত পেলাবহি, তেওঁকে সাধনীয়ে স্বামী বৰণ কৰিব। নান ঠাইৰপৰা অনেক ৰজা, ৰাজকোঁৱৰ, বিষয়া, বীৰ আদি সয়ম্বৰত উপস্থিত হলহি; কিন্তু কেৱে কৃতকাৰ্য্য হব নোৱাৰিলে। শেহান্তৰত নিতাই নামে টোকোনা ছুটীয়া লৰা এটাই সয়ম্বৰৰ পণমতে কেৰ্কেটুৱাটো একেপাত কাঁড়েৰে শালি মাটিত পেলালে। সকলোৱে দেখি বিস্ময় মানিলে। সকলোৱে মুখে মুখে কবলৈ ধৰিলে যে, ধৰ্ম্মধ্বজ ৰজাৰ পণ অথলে গল! সাধনী হেন ৰজাৰ জীয়াৰীয়ে টোকোনা ছুটীয়া লৰাক কেতিয়াও স্বামী বৰণ নকৰে। ধৰ্ম্মধ্বজ ৰজাও সেই আশঙ্কাত বিমোৰ হল। কিন্তু, সাধনীয়ে তেনেবোৰ ভাব মনলৈকে নানিলে। পিতৃৰ প্ৰতিজ্ঞা কেনেকৈ ৰক্ষা পৰিব, তেওঁ তালৈহে চালে। তেওঁ হৰিষ চিতেৰে সেই ছুটীয়া লৰাক বৰ-মালা পিন্ধাই স্বামী বৰণ কৰিলে। সাধনীৰ এনে অসাধাৰণ পিতৃভক্তি দেখি সকলোৱে ধন্য ধন্য কৰিবলৈ ধৰিলে। ধৰ্ম্মধ্বজ ৰজাও জীয়েকৰ পিতৃভক্তিত মোহিত হল। তেওঁ সেই সয়ম্বৰ-সভাতে নিজে নিজৰ মূৰৰপৰা মুকুট খহাই জোৱাঁয়েকৰ মূৰত পিন্ধাই দিলে! আৰু, সেই বিৰাট সভাৰ আগত তেওঁ ঘোষণা কৰিলে যে, সেই দিনাৰপৰা তেওঁ ৰজা ভাগিল, ছুটীয়াৰ ৰাজপাটত তেওঁৰ জোৱাঁয়েক সাধনীৰ স্বামীৰহে অধিকাৰ হল। তাৰ পাচত, সেই ছুটিয়া লৰা নীতিপাল নামে ছুটীয়া ৰাজ্যৰ ৰজা হল।
 ৰজা হৈ নীতিপালে আগৰ সমনীয়া সামান্য মানুহবিলাকক ৰজাঘৰীয়া বিষয়া পাতিবলৈ ধৰিলে। আৰু সিহঁতৰ সঙ্গত পৰি তেওঁ নানা অনীতি-ধৰম কৰিবলৈ ধৰিলে। পাচলৈ তেওঁৰ সেই আচৰণত প্ৰজাৰ হাহাকাৰ লাগি উঠিল। সাধনী ৰাণীয়ে বহু প্ৰবন্ধেও নীতিপালক সজ বাটলৈ আনিব নোৱাৰিলে। পিছে, ৰজাৰ অন্যায় আচৰণত যে ছুটীয়া ৰাজ্যৰ দুৰৱস্থা হৈছে, এই কথা আহোম ৰজাৰ কাণত পৰিলগৈ। তেতিয়া আহোম ৰাজপাটত স্বৰ্গনাৰায়ণ ৰজা আছিল। সেই ছেগতে স্বৰ্গদেৱে ১৫০০ খ্ৰীষ্টাব্দ কন্‌চেং বৰপাত্ৰগোহাঞি ডাঙ্গৰীয়াক সৈন্য-সামন্তৰে সৈতে পঠিয়াই ছুটীয়া ৰাজ্য আক্ৰমণ কৰালে। দুয়োপক্ষৰ মাজত তয়াময় ৰণ লাগিল। শেহত নীতিপাল ৰণত পৰিল। সাধনী ৰাণীয়ে শত্ৰুৰ হাতত বন্দী হোৱাৰ আশঙ্কাত আপোনা-আপুনি দেহত্যাগ কৰিলে। ইমানতে ছুটীয়াৰ দিন অন্ত পৰিল। ছুটীয়া ৰাজ্য আহোম ৰাজ্যৰ লগত মিল হল।
 মুঠ্‌-কথা।—ছুটীয়া জাতি লক্ষীমপুৰ জিলাৰ আদিবাসী মানুহ। ইবিলাকৰ সুকীয়া ভাষা আছিল। সেই ভাষাক এতিয়া দেউৰী ভাষা বোলে। সাধনী ৰাণী এগৰাকী আদৰ্শ সতী আছিল। তেওঁৰ যশস্যা এতিয়াও ৰৈ-বৈ আছে। বীৰবল ছুটীয়া ৰজাৰ আদিপুৰুষ। নীতিপাল ছুটীয়াৰ শেহ ৰজা। ছুটীয়া তিনিবিধ;— আহোম-ছুটীয়া, হিন্দু ছুটীয়া আৰু মিৰি-ছুটীয়া। ছুটীয়া ৰাজ্য আহোম ৰজাই দখল কৰাৰ পাচত, সেই জাতি সৌমাৰ আৰু স্বৰ্ণ- পীঠত সিচঁৰিত হৈ পৰিল। তাৰে ঘাই ঠাল এটা কলিয়াবৰৰ পোন্ ধৰি উত্তৰ পাৰে সেই কালৰ আহোম শাসনকৰ্তা সলাল গোহাঞিৰ অধীনত থিতাপি কৰোৱা হয়। সেই ছুটীয়া ঠালৰ নাম অনুসৰি এতিয়াৰ তেজপুৰৰ অন্তৰ্গত ছতিয়া মোজাৰ নাম হৈছে।
                      #####
                    ১০। পাঠ।
            কছাৰি ৰজাৰ কথা।
 কছাৰি জাতি অসম উপত্যকাৰ আদিবাসী মানুহ। ইবিলাকক বদো বংশী বোলে। পাচলৈ ইবিলাকক মেছ নামেও জনা যায়। কছাৰিৰ দোৱান আছে, কিন্তু সাহিত্য নাই। সেই কাৰণে, সিবিলাকৰ লিখা বুৰঞ্জীও নাই।
 আদিতে কছাৰি ৰাজ্য ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে দিখৌ নৈৰপৰা কলং নৈলৈকে আছিল। ১৩০৩ খ্ৰীষ্টাব্দত ধনশিৰী উপত্যকাত কছাৰিৰ ক্ষমতা বৰকৈ বাঢ়িছিল। ১৪০০ খ্ৰীষ্টাব্দত দিখৌ নৈৰ পূব পাৰৰ কছাৰি ৰাজ্য আহোম-ৰজাই কাঢ়ি লয়। তাৰপৰা, ১৫০০ খ্ৰীষ্টাব্দত আহোম-ৰাজে কছাৰি ৰাজ্য ক্ৰমাৎ ঠেলি নি ধনশিৰী নৈৰ সীমা পোৱালেগৈ। সিমানতে কছাৰিয়ে আহোমক উভতি ধৰিলে। সেই আপাহতে, ১৫২৬ আৰু ১৫৩১ খ্ৰীষ্টাব্দত দুখন বৰ ডাঙ্গৰ কছাৰি-ৰণ লাগিছিল। তেতিয়া খুন্‌খৰা নামে এজন কছাৰি ৰজা আছিল। কছাৰি ৰজা ৰণত হাৰি হুঁহকি ডিমাপুৰ পালেগৈ; আৰু আহোম ৰাজ্য তালৈকে বহলোৱা হল। তাৰ পাচত, ১৫৩৬ খ্ৰীষ্টাব্দত কছাৰি ৰাজ্য আহোম-ৰাজে আকৌ আক্ৰমণ কৰে। তেতিয়া কছাৰি ৰজা ডেট্‌চুং আছিল। তেওঁ ৰণত ঘাটি মায়বং নামে ঠাইলৈ পলাই গল। ডিমাপুৰ নগৰ আহোম ৰাজ্যৰ চামিল হল। ডিমাপুৰ এখন বিতোপন নগৰ আছিল। ধনশিৰী নৈৰ পাৰত সেই নগৰৰ পকী ঘৰ-দুৱাৰৰ চিন্‌ এতিয়াও আছে। সেই চিনে এতিয়াও কছাৰি ৰজাৰ গৌৰৱৰ চিনাকি দিছে। সেই নগৰৰ সমুখতে এতিয়া ডিমাপুৰ থানা বহিছে।
 মায়বঙ্গত গৈয়ো কছাৰিবিলাক শান্তি নোপোৱা হল। তাত সিবিলাক ঘনে ঘনে কোচ ৰজাৰ আক্ৰমণত পৰে। তাতে, ১৬০০ খ্ৰীষ্টাব্দত কোচ ৰজা নৰনাৰায়ণৰ ভায়েক বিখ্যাত চিলাৰায়ে কছাৰি ৰাজ্য আক্ৰমণ কৰেগৈ। তেতিয়া শত্ৰুদমন কছাৰি ৰজা আছিল। তেওঁ কোচ ৰজাৰ তলতীয়া হবলৈ মান্তি হৈ চিলাৰায়ৰ আক্ৰমণৰপৰা সাৰিল। তাৰ পাচত, জয়ন্তীয়াৰ ৰজাৰে সৈতে শত্ৰুদমনৰ বিবাদ চলিবলৈ ধৰে। সেই সংসৰ্গতে ১৬৩০ খ্ৰীষ্টাব্দত আহোম ৰজাৰে সৈতে ৰহাত তেওঁৰ ৰণ লাগে। সেই ৰণত কছাৰি ৰজাৰ জয় হয়। শত্ৰুদমনৰ পাচত, দদায়েক ভীমদৰ্প ৰজা হল। তেওঁ ৰজা হৈয়ে ধনশিৰীৰ সীমাত আহোম ৰাজ্য আক্ৰমণ কৰিছিলগৈ; কিন্তু ৰণ চলি থাকোতেই তেওঁৰ মৃত্যু হল। তাৰ পাচত, তেওঁৰ পুতেক ইন্দ্ৰবল্লভক আহোমৰাজে ৰজা পাতি তেওঁৰে সৈতে মিতিৰ কৰিলে। সেই দিন ধুৰি, খ্ৰী: ১৬৩৭ চনৰ- পৰা ১৬৭২ চনলৈকে ৩৫ বছৰ কাল, আহোম আৰু কছাৰিৰ মাজত মিলা-প্ৰীতিৰে সৈতে পাৰ হয়।
 তাৰ পাচত, তিনি জন কছাৰি ৰজাই ৩০ বছৰ ৰাজত্ব কৰাৰ পাচত, ১৭০২ খ্ৰীষ্টাব্দত তাম্ৰধ্বজ নামে এজন ৰজা হয়। তেওঁ কছাৰি ৰাজপাটত উঠিয়েই আহোমৰ অধীনতা অস্বীকাৰ কৰিলে। সেই কথাত কুপিত হৈ, আহোম মহাৰাজ ৰূদ্ৰসিংহ স্বৰ্গদেৱে কছাৰি ৰাজ্য আকৌ আক্ৰমণ কৰালে। তাম্ৰধ্বজে ঠাৱৰিব নোৱাৰি জয়ন্তীয়াৰ ৰজা ৰামসিংহৰ আশ্ৰয় ললেগৈ। সেই আপাহতে জয়ন্তীয়াৰ ৰজাৰে সৈতেও আহোম ৰজাৰ এখন ৰণ লাগিল। ৰণত ৰামসিংহ হাৰিল। আৰু ১৭০৮ খ্ৰীষ্টাব্দত জয়ন্তীয়া ৰাজ্য আহোম ৰাজ্যৰ লগত চামিল হল। তাম্ৰধ্বজৰ পাচত সাত জন কছাৰি ৰজাই চাৰি কুৰি বছৰ ৰাজত্ব কৰে। ইবিলাকৰ ভিতৰত সন্ধিকাৰী আৰু কৃষ্ণচন্দ্ৰ এই দুজন প্ৰখ্যাত। সিবিলাকে আহোম ৰজাৰ লগত মিলিব নোৱাৰাৰ গতিকে, অকালতে ৰাজপাটৰপৰা নামিব লগাত পৰে। শেহান্তৰত গোবিন্দচন্দ্ৰ নামে এজন কছাৰি ৰজা প্ৰখ্যাত হৈ উঠে। তেওঁৱেই কছাৰিৰ শেহ ৰজা। তেওঁ ৰজা হৈয়ে কহিধন নামে তেওঁৰ বিষয়া এজনৰ বিদ্ৰোহত পৰে। গোবিন্দচন্দ্ৰই বহু প্ৰবন্ধেৰে বিদ্ৰোহ দমাই কহিধনক বধ কৰিলে। কিন্তু, সিমানতে তেওঁ নিৰাপদ নহল; কহিনৰ পুতেক তুলাৰাম সেনাপতিয়ে আকৌ বিদ্ৰোহ তুলিবলৈ ধৰিলে। এনেতে, মণিপুৰৰ ৰজা মাৰ্জ্জিতসিংহৰ আক্ৰমণো পৰিলহি। গোবিন্দচন্দ্ৰ নিৰুপায় হৈ বৃটিচ ৰাজৰ শৰণাগত হলগৈ। বৃটিচ গৱৰ্ণমেণ্টে সেইমতে তেওঁক আপদৰপৰা ৰক্ষা কৰিলে। কিন্তু, গোবিন্দচন্দ্ৰ আৰু সৰহ দিন নাবাঁচিল। তেওঁ অপুত্ৰক হৈ মৃত্যু হোৱাত, ১৮৩২ খ্ৰীষ্টাব্দত কছাৰি ৰাজ্য বৃটিচৰ খাচ্‌ দখললৈ নিয়া হয়। এতিয়াৰ কাছাৰ জিলাই কছাৰি ৰজাৰ শেহ ৰাজধানী আছিল।
 তুলাৰাম সেনাপতি এজন বৰ চোকা বুদ্ধিৰ বীৰপুৰুষ আছিল। তেওঁ গোবিন্দচন্দ্ৰ ৰজাৰ দিনত কেইবাবাৰো বিদ্ৰোহ ঘটাই কছাৰি ৰাজ্যৰ এভাগ তেওঁৰপৰা কাঢ়ি নৈছিল। সেই ভাগ ৰাজ্যৰে তেওঁ এজন স্বতন্তৰীয়া অধিপতি হৈ উঠিছিল। গোবিন্দচন্দ্ৰ অপুত্ৰক হৈ মৃত্যু হোৱাত, তুলাৰাম সেনাপতিয়ে কছাৰি ৰাজপাটলৈ বেঙা মেলিছিল। কিন্তু, তেওঁ কছাৰি ৰাজবংশী নহয় কাৰণে, বৃটিচ্‌ ৰাজে তেওঁৰ দাবী গ্ৰাহ্য নকৰিলে। তথাপি, তেওঁ আগেয়ে ভোগ কৰা ৰাজ্যতে তেওঁক জমিদাৰ পতা হল। সেই বাবে তেওঁ বৃটিচ্‌ গৱৰ্ণমেন্টক বছৰি ৪৯০ টকা কৰ শোধাইছিল।
 মুঠ্‌-কথা।—কছাৰি জাতি ব্ৰহ্মপুত্ৰ উপত্যকাৰ আদিবাসী মানুহ। ইবিলাকৰ দোৱান আছিল, কিন্তু সাহিত্য নাই। আহোম ৰজাৰ লগত কছাৰি ৰজাৰ ভালেমান ৰণ লাগিছিল। সেইবোৰ আজিকালিও “কছাৰি-ৰণ” নামে অসমীয়া মানুহৰ মুখত পটন্তৰ হৈছে। কছাৰি ৰাজ্য আদিতে দিখো নৈৰ পূবভাগত আছিল। তাৰপৰা আহোম ৰজাই ঠেলি নি নি ধনশিৰীৰ দক্ষিণে ডিমাপুৰ পোৱালেগৈ। তাৰ পাচত, মায়বং নামে ঠাইত ঠেলি থলেগৈ। এতিয়া সেই ঠাই চুৰমা উপত্যকাৰ ভিতৰ। আৰু, এতিয়াৰ কাছাৰ জিলাই আগৰ কছাৰি ৰাজধানী আছিল। খুন্‌খৰাৰ পৰা গোবিন্দচন্দ্ৰলৈকে কুৰিজনমান কছাৰি ৰজা হৈছিল। কছাৰিৰ মুঠ ৰাজভোগৰ কাল ৩০০ তিনি-শ বছৰ। কছাৰি ৰাজ বংশৰ আজিকালি চিন্‌ মৰি আহিছে। হিন্দু সংসৰ্গত যিবিলাক এতিয়া আগশাৰীলৈ উঠিছে, তাৰ এভাগে সৰুকোচ নাম লৈছে। যিবিলাক হিন্দুৰ আচাৰ-ব্যৱহাৰত পৈণত হৈ উঠিছে, সিবিলাক বৰকোচ নামে অভিহিত হৈছে। কছাৰিৰ এটা ঠাল সোণোৱাল। সিবিলাকৰ অৱস্থা আনবিলাকতকৈ টনকিয়াল।
                      ######
                   ১১। পাঠ।
             কোচ ৰজাৰ কথা।
 কোচ আৰু কছাৰিৰ আঁতিগুৰি একেটা। দুয়ো একেটা বদো বংশৰপৰা ওলোৱা দুটা ঠাল বা ফৈদ। ৰাজভোগত কোচতকৈ কছাৰি আগ। কছাৰি ৰজাই যেতিয়া উজনিৰ ৰাজ্য আহোম ৰজাক এৰি দি মাজ অসমত ৰাজ্য পাতেগৈ, তেতিয়া নামনি অসমত কোচ ৰজাই নতুনকৈ ৰাজ্য পাতিছিল মাথোন। আগধৰি হিন্দু হোৱাৰ কাৰণে, হিন্দু সমাজত কোচ ফৈদে কছাৰিতকৈ আগশাৰীত ঠাই পাইছে।
 আদিতে নামনি কামৰূপত হাজো নামে এজন কোচ ফৈদী শাসনকৰ্ত্তা আছিল। তেওঁৰ পুতেক নাছিল, হীৰা আৰু জীৰা নামে দুজনী জীয়েক মাথোন আছিল। তেওঁ জীয়েকহঁতলৈ হৰিয়া মেছ নামে এটা মানুহ চপাই লয়। সেই হৰিয়া মেছৰ পৰাই হীৰা আৰু জীৰাৰ ক্ৰমে বিশু আৰু শিশু নামে দুটি পুত্ৰ লাভ হয়। ১৪৮৫ খ্ৰীষ্টাব্দত হাজো ঢুকালত তেওঁৰ ৰাজ্যত বিশু ৰজা আৰু শিশু যুৱৰাজ হল। তাৰ পাচত, বিশুৱে বিশ্বসিংহ আৰু শিশুৱে শিৱসিংহ নাম লয়। বিশ্বসিংহ এজন বৰ প্ৰতাপী ৰজা আছিল। তেওঁ ৪৯ বছৰ ৰজা হৈ কোচ ৰাজ্য ভালেমানলৈকে বঢ়ালে। তেওঁৰ ১৮ গৰাকী কুঁৱৰীৰপৰা ১৮ জন পুত্ৰ হৈছিল। তাৰ ভিতৰত নৰসিংহ, মালদেৱ, শুক্লধ্বজ আৰু গোহাঁইকমলা এই কেইজন ঘাই। [ বিশ্বসিংহৰ পাচত, তেওঁ দি যোৱা দিহামতে, ১৫৩৪ খ্ৰীষ্টাব্দত মালদেৱ, ৰজা হয়। মালদেৱে, ৰজা হোৱাৰ পাচত, নৰনাৰায়ণ নাম লয়। আৰু তেওঁ শুক্লধ্বজক চিলাৰায় নাম দি যুৱৰাজ পাতে। এই কথাত বেজাৰ পাই, ককায়েক নৰসিংহই ৰাজ্যত বিদ্ৰোহ তুলিছিল। কিন্তু, তেওঁ উদ্দেশ্য সিদ্ধি কৰিব নোৱাৰি দেশ এৰি বিদেশলৈ পলাব লগা হল। তাৰ পাচত, নৰনাৰায়ণে বৰ সুখ্যাতিৰে সৈতে ৰাজ্য চলাবলৈ ধৰিলে। তেওঁ ৰজা হৈয়ে আহোম ৰাজ্য দুবাৰ আক্ৰমণ কৰাইছিল। তাৰ কথা “বুৰঞ্জীবোধ”ৰ মাজছোৱাত, তৃতীয় পাঠত বহলাই কোৱা হৈছে।
 চিলাৰায় এজন আচল বীৰ পুৰুষ আছিল। ৰণ-বিদ্যাত তেওঁ বৰ পৈণত আছিল। কোচ ৰজাই আহোম ৰজাৰে সৈতে মিতিৰ পতাৰ পাচত, তেওঁ অসমৰ চাৰিওফালে দেশ জয় কৰিবলৈ ধৰিলে। বছৰচেৰেকৰ ভিতৰতে তেওঁ কছাৰি ৰজা, জয়ন্তীয়াৰ ৰজা, মণিপুৰৰ ৰজা, ত্ৰিপুৰাৰ ৰজা, ডিমূৰীয়াৰ ৰজা এইবিলাকক এজন-এজনকৈ ৰণত হৰুৱাই কোচ ৰজা নৰনাৰায়ণৰ তলতীয়া কৰিলে। তাৰ পাচত, তেওঁ শ্ৰীহট্ট ৰাজ্য আক্ৰমণ কৰেগৈ। কিন্তু, সেই সময়ত, শ্ৰীহট্টৰ ৰজা বৰ পৰাক্ৰমী আছিল। গতিকে, তেওঁ চিলাৰায়ৰে সৈতে তয়াময়াকৈ ৰণ পাতিলে। অৱশেষত চিলাৰায় ৰণত জিকিলগৈ যদিও, সেই ৰণত তেওঁৰ ভালেমান পৈণত ৰণুৱা নিপাত হল। তথাপি, বাকী ৰণুৱাৰে সৈতেই মনৰ বলত তাৰপৰা বাজে বাজে গৈ, চিলাৰায়ে বিষম বিক্ৰমেৰে গৌৰদেশ আক্ৰমণ কৰিলেগৈ। এইবাৰ কিন্তু তেওঁৰ প্ৰতাপ নৰজিল। গৌৰ দেশৰ ৰজাই উলটি ধৰাত দুয়ো পক্ষৰ লাজত ঘোৰতৰ ৰণ লাগিল। ৰণত চিলাৰায়ৰ ৰণুৱা সমূলঞ্চে নিপাত হোৱাৰ পাচত, তেওঁ শত্ৰুৰ হাতত বন্দী হল।
 সেই সময়তে, ১৫৫৩ খ্ৰীষ্টাব্দত বঙ্গদেশৰ সেনাপতি কালাপাহাৰে অসম দেশ আক্ৰমণ কৰেহি। কালাপাহাৰ আগেয়ে বামুণ আছিল; পাচত তেওঁ মছলমান হয়। তেওঁ অসম সোমায়েই পোনেই কামাখ্যা পীঠ আক্ৰমণ কৰিলেগৈ। তেতিয়া চিলাৰায় বিদেশত বন্দী। ইফালে ৰাজ্যত ভাল ৰণুৱাও নাই। গতিকে, কালাপাহাৰে কামাখ্যা মন্দিৰ হেলাৰঙ্গে ভাঙ্গি নানা উৎপাত্‌ কৰি উলটি গুচি গল। এয়ে অসমত মছলমানৰ সপ্তম আক্ৰমণ। তাৰ পাচত, চিলাৰায় গৌৰ দেশৰপৰা মুকলি হৈ আহিলত, মহাৰাজ নৰনাৰায়ণ কামাখ্যাৰ ভগা মন্দিৰ আকৌ ভালকৈ সজাই দিলে।
 ইয়াৰ পাচত, চিলাৰায় দিল্লীলৈ যায়। তাত আকবৰ সম্ৰাটৰে সৈতে আলচ পাতি তেওঁ মোগলৰ সহায়েৰে আকৌ গৌৰ দেশ আক্ৰমণ কৰিলেগৈ। এইবাৰ গৌৰৰ ৰজা ৰণত ঘাটিল। চিলাৰায়ে গৌৰ দেশ সমানে ভগাই, এভাগ মোগল সম্ৰাটক দি, ইভাগ কোচ ৰাজ্যৰ লগত চামিল কৰিলে। তাৰ পাচত, স্বদেশলৈ উলটি আহোঁতে বাটতে চিলাৰায় নৰিয়া পৰি ঢুকাল।
 মহাৰাজ নৰনাৰায়ণ বৰ ধাৰ্ম্মিক আৰু বিদ্বান ৰজা আছিল। তেওঁৰ আমোলত পণ্ডিতমণ্ডলীৰ বৰ আদৰ কাঢ়িছিল। শঙ্কৰদেৱ, মাধৱদেৱ, অনন্ত কন্দলি এই সকল তেওঁৰ দিনৰ পণ্ডিত আছিল। তেওঁ আঢ়ৈ কুৰি বৰ বৰ সুখ্যাতিৰে ৰাজপাট খাই, ১৫৮৪ খ্ৰীষ্টাব্দত স্বৰ্গী হল।
 মহাৰাজ নৰনাৰায়ণে মৰণৰ সময়ত পুতেক লক্ষ্মীনাৰায়ণ, আৰু ভতিজাক ৰঘুৰায়ৰ মাজত তেওঁৰ ৰাজ্য ভগাই দি যায়। ৰঘুৰায় যুৱৰাজ চিলাৰায়ৰ পুতেক। নৰনাৰায়ণৰ পাচত, তেওঁৰ দিহা মতেই শোণকোষৰ পূব ভাগত ৰঘুৰায় আৰু পছিম ভাগত লক্ষ্মীনাৰায়ণ ৰজা হল। লক্ষ্মীনাৰায়ণৰ ৰাজ্যত এতিয়াৰ কোচ বিহাৰ, দিনাজপুৰ, জলপাইগুৰি আৰু ভাটী-ৰংপুৰ জিলা পৰিছিল। ৰঘুৰায়ৰ ৰাজ্যত এতিয়াৰ গুৱালপাৰা, কামৰূপ আৰু মঙ্গলদৈ মহকুমা পৰিছিল। এই দৰেই বছৰচেৰেক দুয়ো দুখন সুকীয়া ৰাজ্যত ৰজা হৈ আছিল। কিন্তু, পাচলৈ দুয়ে দুইকো হিংসা কৰিবলৈ ধৰিলে। তাৰ ফলত দুইৰ ভিতৰত কন্দল লাগি উঠিল। সেই কন্দল লাগি থাকোতেই ৰঘুৰায় ঢুকাল, আৰুআৰু তেওঁৰ ৰাজ্যত তেওঁৰ পুতেক পৰীক্ষিতনাৰায়ণ ৰজা হল। পৰীক্ষিত ৰজা হৈয়ে দদায়েক লক্ষ্মীনাৰায়ণ ৰজাক আক্ৰমণ কৰিলেগৈ। লক্ষীনাৰায়ণে ঠাৱৰিব নোৱাৰি ঢাকাৰ নবাবৰ আশ্ৰয় ললেগৈ। এই কথাত ভয় খাই পৰীক্ষিতনাৰায়ণেও নবাবৰ কাষ চাপিলেগৈ; নবাবে আগৰ লক্ষ্মীনাৰায়ণৰ পক্ষ লোৱাত, পৰীক্ষিতে তাৰপৰা জাহাঙ্গীৰ বাদচাহৰ ওচৰলৈ আগ বাঢ়িল; কিন্তু দিল্লী নৌ পাওঁতেই বাটতে তেওঁ ঢুকাল। সেই ছেগতে, ইফালে ১৬১৩ খ্ৰীষ্টাব্দত নবাবে পৰীক্ষিতৰ ৰাজ্য দখল কৰি বহিলেছি। এয়ে অসমত মছলমানৰ ৮ম, আক্ৰমণ। মুছলমানে ৰাজ্য কাঢ়ি লোৱাত পৰীক্ষিতৰ ভায়েক বলিতনাৰায়ণে আহোম ৰজাৰ আশ্ৰয় ললেহি। আহোম ৰজাৰ সেনাপতিয়ে মছলমানক খেদি বলিতনাৰায়ণক ককায়েকৰ ৰাজত্য ৰজা পাতিলে। এই কথা শুনি দিল্লীত জাহাঙ্গীৰ বাদচাহ খঙ্গত জ্বলি উঠিল। তেওঁ ততালিকে সত্ৰাজিত আৰু আবাবাকৰ নামে দুজন সেনাপতিক সসৈন্যে পঠিয়াই আহোম ৰাজ্য আক্ৰমণ কৰালে। ১৬২৭ খ্ৰীষ্টাব্দত কলিয়াবৰতে আহোম আৰু মুছলমানৰ মাজত ৰণ লাগিল। ৰণত আহোম জিকিল, আৰু মুছলমান উলটি পলাল। এয়ে অসমত মছলমানৰ ৯ম, আক্ৰমণ।
 এই পৰাজয়ৰ বাতৰি পাই জাহাঙ্গীৰ বাদচাহ খঙ্গত চতুৰ্গুণে জ্বলি উঠিল। তেওঁ আব্দুৰ চালাম নামে এজন সেনাপতি ভালেমান কাজুৱা সেনা দি আকৌ অসমদেশ আক্ৰমণ কৰিবলৈ পঠিয়ালে। প্ৰথমতে তেওঁ বলিতনাৰায়ণৰ হাতত কেইবাবাৰো ঘটিছিল। পিছে, এনে সময়েতে ৰঙ্গামাটিৰ নবাবেও বলিতনাৰায়ণক আন হাতে আক্ৰমণ কৰিলেগৈ, আৰু শ্ৰীঘাটৰ ওচৰতে এখন ৰণ লাগি উঠিল। গতিকে, একে সময়তে দুখন ৰণত পৰি ঠাৱৰিব নোৱাৰি বলিতনাৰায়ণ শিঙ্গৰিলৈ পলাই গল। আৰু, পলৰীয়া অৱস্থাত তেওঁ ঢুকাল। তেওঁৰ লগতে কোচৰ ৰাজত্বও অন্ত পৰিল। মছলমানে অহোমৰ পাণ্ডু আৰু শ্ৰীঘাটৰ দুৰ্গ হাত কৰি, কোচ ৰাজ্য দখল কৰিলে। এয়ে অসমত মছলমানৰ ১০ম, আক্ৰমণ।
 মছলমানে কোচ ৰাজ্য দখল কৰি, পৰীক্ষিতনাৰায়ণৰ পুতেক বিজিতনাৰায়ণক দদায়েক বলিনাৰায়ণৰ ৰাজ্যত জমিদাৰ পাতিলে। বিজিতনাৰায়ণে বেজিনী নামে ঠাইত ৰাজধানী পাতি মছলমানৰ তলে জমিদাৰী ভোগ কৰিবলৈ ধৰিলে। পাচলৈ তেওঁৰ বংশৰ জমিদাৰ সকলক বেজিনী ফৈদ বোলা হয়। আগেয়ে এই জমিদাৰীৰ বাৰে মোগল সম্ৰাটক বছৰি ২০০০৲ টকা ৰাজহ শোধাব লগা হৈছিল; বৃটিচৰ আমোলত সেই ৰাজহ ২১৫০৲ টকা ধাৰ্য হয়। এতিয়া এই জমিদাৰী গৱৰ্ণমেণ্টৰ “কোৰ্ট অৱ ওৱাৰ্ড”ৰ তত্ত্বাৱধানত চলিছে।
 মছলমানে গুৱালপাৰত বেজিনী ফৈদক জমিদাৰ পতাৰ পাচত, আহোম ৰজাই দৰঙ্গী ফৈদক এতিয়াৰ মঙ্গলদৈ মহকুমাত জমিদাৰ পাতে। এই ফৈদৰ আদি জমিদাৰ মহেন্দ্ৰনাৰায়ণ। তেওঁ বলিত নাৰায়ণৰ পুতেক। দৰঙ্গী ফৈদৰ জমিদাৰসকলে আহোম ৰজাৰপৰা “ৰজা” খিতাপ পাইছিল। পাচলৈ গৃহকন্দল লাগি সিবিলাক জুৰুলা হবলৈ ধৰিলে। শেহান্তৰত, সিবিলাক জমিদাৰী চলাবলৈকো অপাৰগ হৈ পৰিল। গতিকে, আহোম ৰজাই সিবিলাকক প্ৰবৰ্ত্তিবৰ জোখাৰে মাথোন নিষ্কৰ মাটি ভোগ কৰিবলৈ দি, দৰং ৰাজ্য অহোমৰ খাচ্‌ দখলৰ ভিতৰ কৰিলে। বৃটিচ্‌ আমোলৰপৰা দৰঙ্গী ফৈদৰ বংশধৰে সেই মাটি নিষ্পখেৰাজকৈ ভোগ কৰিবলৈ পাইছে।
 মুঠ কথা।—কোচ জাতি বদোবংশী মানুহ। সিবিলাক অসমৰ আদিবাসী লোক। আদিতে সিবিলাক মেছবংশী আছিল। মেছ কছাৰিৰে এটা ঠাল মাথোন। কোচ ৰজাৰ আদিপুৰুষৰ নাম হাজো। সিবিলাকৰ বংশৰ মূলপুৰুষ হৰিয়া মেছ। কোচৰ প্ৰথম ৰজা বিশ্বসিংহ। তেওঁৰ পুতেক মহাৰাজ নৰনাৰায়ণ। নৰনাৰায়ণৰ দিনতে কোচৰ গৌৰৱ বৰকৈ বাঢ়িছিল। নৰনাৰায়ণ এজন পণ্ডিত-ৰজা আছিল। শঙ্কৰদেৱ, মাধৱদেৱ, অনন্ত কন্দলি এই সকল তেওঁৰ দিনতে জিলিকি উঠিছিল। কোচ ৰাজবংশীৰ ভিতৰত চিলাৰায় এজন মহাবীৰ আছিল। তেওঁ মহাৰাজ নৰনাৰায়ণৰ ভায়েক। তেওঁ নৰনাৰায়ণৰ ঘাই সেনাপতি আছিল। কোচ ৰাজবংশ শেহত দৰঙ্গী আৰু বেজিনী এই দুটা ফৈদত ভাগ হৈ মাৰ যায়। বেজিনী ফৈদৰ জমিদাৰী এতিয়াও আছে। দৰঙ্গী ফৈদে জমিদাৰী হেৰুৱাই এতিয়া জুৰুলা হৈ পৰিছে। এই দুয়ো ফৈদৰ আঁতিগুৰি একেজন,—মহাবীৰ চিলাৰায়। চিলাৰায়ৰ পুতেক ৰঘুৰায়। ৰঘুৰায়ৰ পুতেক পৰীক্ষিত আৰু বলিতনাৰায়ণ। পৰীক্ষিতৰ পুতেক বিজিতনাৰায়ণৰপৰা বেজিনী ফৈদ, আৰু বলিতনাৰায়ণৰ পুতেক মহেন্দ্ৰনাৰায়ণৰপৰা দৰঙ্গী ফৈদৰ উৎপত্তি।
                 ######
                 ১২। পাঠ।
         । সৰু-সৰু ৰজাৰ কথা।
 অসমৰ বুৰঞ্জীৰ মাজছোৱাত আহোম, ছুটীয়া, কছাৰি আৰু কোচ ৰজাত বাজেও কিছুমান সৰু-সৰু ৰজা ৰা ৰাজখোৱা আছিল। সিবিলাকৰ বহুল বিৱৰণ ভাঙ্গৰখন “অসমৰ বুৰঞ্জী”ত বহলাই কোৱা হৈছে। এই চমু “বুৰঞ্জীবোধ”ত সিবিলাকৰ বিষয়ে চমুকৈ উনুকিওৱা হব মাথোন।
 আৰিমত্ত ৰজাৰ বংশ লোপ পোৱাৰ লগে লগে অসমৰ নিজাপি লোক এদলে ঠায়ে ঠায়ে সৰু সৰু ৰাজ্য পাতিছিল। সিবিলাক ৰজা নহলেও ৰাজখোৱা আছিল। সিবিলাকৰে এদল “বাৰভূঞা” নামে জনা যায়। ভূঞাৰ অৰ্থ ভূঁই বা ভূমিৰ অধিকাৰী। সেই সূত্ৰতে সিবিলাকৰু সৰু-সৰু ভূপতিও বুলিব পাৰি। সিবিলাকৰ বাৰ জন বাৰ ঠাইত প্ৰখ্যাত হৈ উঠিছিল; সেই কাৰণে সিবিলাকক “বাৰভূঞা” বোলা যায়। বাৰঘৰ কায়স্থ ভূঞাত বাজেও দুঘৰ বামুণ ভূঞা আছিল। ছুটীয়া আৰু কোচ ৰজাৰ আমোলত বাৰভূঞাৰ প্ৰতাপ বৰকৈ চৰিছিল। বিশেষকৈ ভূঞাবিলাক কোচৰ চিৰবৈৰী আছিল। কিন্তু, আহোম ৰজাৰ ওচৰত সিবিলাকৰ সেই বল নৰজিল; শেহান্তৰত ভূঞাবিলাকে আহোম ৰজাৰ তলতীয়া কৰ্ম্মচাৰীৰূপে দেশ জয় কৰি ফুৰিছিল।
 খাচী আৰু জয়ন্তীয়া পাহাৰকে আগেয়ে জয়ন্তীয়া ৰাজ্য বোলা হৈছিল। সেই ৰাজ্যৰ অধিপতি জয়ন্তীয়া ৰজা বুলিছিল। ইবিলাকৰ সুকীয়া ভাষা আৰু সাহিত্য আছিল। সেয়ে খাচী সাহিত্য। সি এতিয়া ওখ খাপৰ পঢ়াশালিৰ পাঠ্য হৈছে। কিন্তু, সিবিলাকৰ বুৰঞ্জী লিখাৰ ৰীতি নাছিল। সেই কাৰণে, জয়ন্তীয়া ৰজাৰ বিষয়ে মানুহৰ মুখে শুনা কথাত বাজে আন তথ্য, পাবলৈ নাই। আহোম আৰু কোচ ৰজাৰ সম্পৰ্কত মাথোন জয়ন্তীয়া ৰজাৰ বিষয়ে অলপ বহুল আভাস পোৱা যায়। জয়ন্তীয়া ৰজা ভালেমানৰ নাম পোৱা যায়। তাৰ ভিতৰত ধনমাণিক, যশমাণিক, ৰামসিংহ এই কেইজন ঘাই। ৰামসিংহ জয়ন্তীয়াৰ শেহ ৰজা। তেওঁৰ দিনতে, ১৭৮ খ্ৰীষ্টাব্দত জয়ন্তীয়া ৰাজ্য আহোম ৰাজ্যৰ লগত চামিল কৰা হয়।
 শ্ৰীহট্ট এখন পুৰণি দেশ। ইয়াৰ আদি নাম গোৰ বা গৌৰ। আদিতে এই দেশ কামৰূপ ৰাজ্যৰ ভিতৰত আছিল। পাচত শ্ৰীহট্টৰ উত্তৰ ভাগ বঙ্গদেশৰ সেনবংশী ৰজাই দখল কৰে, আৰু দক্ষিণ ভাগ ত্ৰিপুৰা ৰাজ্যৰ লগত চামিল হয়। শ্ৰীহট্টৰ ৰজাৰ বিষয়ে লিখা বুৰঞ্জী নাই। আহোম আৰু মোগল সম্ৰাট আৰু বৃটিচ্‌ গৱৰ্ণমেণ্টৰ সম্পৰ্কত যে সিবিলাকৰ বিষয়ে অলপ জনা যায়। শ্ৰীহট্ট ৰাজ্য অসম উপত্যকাতকৈ ডেৰশ বছৰৰ আগেয়েই, ১৬৭৫ খ্ৰী: চনতে বৃটিচ্‌ গৱৰ্ণমেণ্টৰ তললৈ যায়। তাৰ আগতে দুশ বছৰমান শ্ৰীহট্ট মোগল সম্ৰাটৰ দখলত আছিল।
 মণিপুৰ এখন অতি পুৰণি ৰাজ্য। ইয়াৰ নাম মহাভাৰততো পোৱা যায়। কিন্তু, মণিপুৰীয়া ৰজাৰ সুকীয়া বুৰঞ্জী নাই। সেই কাৰণে, আহোম ৰজা আৰু বৃটিচ্‌ গৱৰ্ণমেণ্টৰ বুৰঞ্জীত হে সিবিলাকৰ বিষয়ে উনুকিউৱা হৈছে। মণিপুৰৰ আগৰ ৰজাবিলাকৰ নাম পাবলৈকো নাই। ১৭৫০ খ্ৰীষ্টাব্দৰপৰা মাথোন জনদিয়েক ৰজাৰ বিষয়ে অলপ-অচৰপ জনা যায়। সিবিলাকৰ ভিতৰত জয়সিংহ, চৌৰজিত সিংহ, মাৰ্জ্জিত সিংহ, গম্ভীৰসিংহ, চন্দ্ৰকান্তসিংহ, সুৰচন্দ্ৰসিংহ এই কেইজন ঘাই। ১৮২৬ খ্ৰীষ্টাব্দৰপৰা মণিপুৰ বৃটিচৰ মিত্ৰ ৰাজ্যৰ লেখত পৰে। তেতিয়াৰেপৰা মণিপুৰত বৃটিচ্‌ গৱৰ্ণমেণ্টৰ এজন, ‘পলিটিকেল এজেণ্ট’ বা ৰাজপ্ৰতিনিধি থকাৰ নিয়ম চলে। ১৮৯১ খ্ৰীষ্টাব্দত মণিপুৰত এটা ভয়ঙ্কৰ বিদ্ৰোহ হৈছিল। সেই আপাহতে, অসমৰ চীফ কমিচনাৰ মিঃ কুইণ্টন, বৃটিচ্‌ পলিটিকেল এজেণ্ট মিঃ গ্ৰীমউড্‌ প্ৰভৃতি পাঁচজন বৃটিচ্‌ ৰাজকৰ্মচাৰীক মণিপুৰীবিলাকে ঠেকত পেলাই লৈ বধ কৰে। সেই অপৰাধত সুৰচন্দ্ৰসিংহক ভাঙ্গি নাবালক ৰাজকোঁৱৰ চূড়াচন্দ্ৰসিংহক ৰজা পতা হয়; যুৱৰাজ কুলচন্দ্ৰক দেশান্তৰ কৰা হয়। সেনাপতি টিকেন্দ্ৰজিত আৰু টঙ্গাল জেনেৰেলক ফাঁচী দিয়া হয়। চূড়াচন্দ্ৰসিংহই এতিয়া বৃটিচ্‌ ৰজাৰপৰা মহাৰাজ খিতাপ পাইছে।
 মুঠ্‌-কথা।—“বাৰভূঞা” নামে বাৰজন ৰাজখোৱা আছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে সিবিলাকৰ ক্ষমতা প্ৰৱল আছিল। দক্ষিণ পাৰেও বাৰজন ভূঞাৰ বসতি আছিল, কিন্তু সিবিলাকে উত্তৰপৰীয়া ভূঞাসকলৰ দৰে ৰাজকীয় ক্ষমতা চলাব পৰা নাছিল। ভূঞা আটাইবিলাকেই কায়স্থ, মাথোন ওপৰঞ্চি দুঘৰ বামুণ ভূঞাৰ বসতি কামৰূপত থকা জনা যায়। ভূঞাবিলাক কোচৰ জাতবৈৰী আছিল। শদিয়া অঞ্চলত খাম্‌তী ৰজাৰ প্ৰভুত্ব চলিছিল। ডিব্ৰুগড় মটকৰ ৰাজধানী আছিল। জয়ন্তীয়া, শ্ৰীহট্ট, মণিপুৰ এই কেইখন সৰু সৰু ৰাজ্যতো সুকীয়া ৰজা আছিল। শেহান্তৰত অসমৰ সৰু-সৰু ৰজা আটাইবিলাক আহোম ৰাজৰ শৰণীয়া হয়গৈ। মণিপুৰীয়া ৰজা এতিয়াও , আছে। তেওঁ এতিয়া বৃটিচ্‌-ৰাজৰ তলতীয়া।
                  ######
                     শেহছোৱা।
                      ১। পাঠ।
              কোম্পানীৰ দিন।
 “আহোমৰ দিন”ৰ পাচত, অসমত “কোম্পানীৰ দিন” আৰম্ভ হয়। ১৮২৫ খ্ৰীষ্টাব্দৰ সন্ধিমতে অসম দেশ আহোমৰ হাতৰ- পৰা “ইষ্ট ইণ্ডিয়া কোম্পানী”ৰ হাতলৈ যায়। আহোম ৰজা আৰু তেওৰ ঘাই ঘাই মন্ত্ৰী-বিষয়াসকলে কোম্পানীৰপৰা পেঞ্চন পোৱাৰ নিয়ম হয়।
 পোনতে অসমদেশ বঙ্গদেশৰ লগত চামিল হয়; তাৰ পাচত ইয়াক উত্তৰ-পূব বঙ্গদেশৰ কমিচনাৰৰ অধীনত ৰখা হয়। তেতিয়া ডেভিড্‌ স্কট, চাহাব সেই বিভাগৰ কমিচনাৰ আছিল। “কোম্পানীৰ দিন” আৰম্ভ হওঁতে অতি উজনি অসমত মটকৰ ৰাজ্য বৰসেনাপতিক আৰু খাম্‌তীৰ ৰাজ্য শদিয়াখোৱা খাম্‌তী গোহাঞিৰ জিম্মাত ৰখা হয়। তাৰ বাবে বৰসেনাপতিয়ে বৃটিচ্‌ গৱৰ্ণমেণ্টক বছৰি ১২,০০০৲ টকা শোধাবলৈ স্থিৰ হৈছিল; কিন্তু সেই কৰ অতিপাত যেন বোধ হোৱাত, পাচত তাক ১০০০৲ টকালৈ
কমাই দিয়া হয়। শদিয়াখোৱা গোহাঞিয়ে কৰ দিব নালাগিছিল; কিন্তু তেওঁ তেওঁৰ ৰাজধানীত ২০০ জন চিপাহীৰে সৈতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন বৃটিচ্‌ পলিটিকাল এজেণ্ট পুহিবলৈ গাত লয়। এতিয়াৰ ডিব্ৰুগড়েই তেতিয়া মটক ৰাজ্যৰ ৰাজধানী আছিল। আৰু এতিয়াৰ শদিয়াই খামতীৰ ৰাজধানী আছিল। বঙ্গদেশৰ অকল এজন কমিচনাৰৰ দ্বাৰাই অসমদেশকে শাসন কৰোৱাটো টান যেন বোধ হল। সেই কাৰণে, তেওঁৰ তলত আৰু দুজন সহকাৰী কমিচনাৰ নিযুক্ত কৰা গল। ইবিলাক দুজনক জুনিয়াৰ আৰু চিনিয়াৰ কমিচনাৰ বোলা হৈছিল। এজনৰ গাত নামনি অসম আৰু ইজনৰ গাত উজনি অসমৰ শাসনৰ ভাৰ দিয়া হয়। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ভৈৰৱী আৰু দক্ষিণ পাৰে ধনশিৰী নৈকে মাজসীমা পাতি উজনি আৰু নামনি নামে খাচ্‌ অসম দেশ দুভাগ কৰা হয়।
 ১৮৩১ খ্ৰীষ্টাব্দত ডেভিড্‌ স্কট্‌ চাহাব ঢুকালত, তেওঁৰ ঠাইত মিঃ টি, চি, ৰবাৰ্টচন কমিচনাৰ হয়। তেওঁৰ আমোলত উজনি অসমৰ নামনি ভাগত আহোম স্বৰ্গদেৱ পুৰন্দৰসিংহক আকৌ ৰজা পতা হৈছিল। ১৮৩২ খ্ৰীষ্টাব্দৰ সন্ধি মতে, উজনি অসমৰ সেই ছোৱা পুৰন্দৰসিংহ স্বৰ্গদেৱক বছৰি ৫০,০০০৲ টকা কৰ শোধাই ভোগ কৰিবলৈ দিয়া হয়। তাৰ পাচত, সেই কৰ শোধাবলৈ তেওঁ অপাৰগ হোৱাত, সেই ছোৱা ৰাজ্যও কোম্পানীৰ খাচ্‌ দখলৰ ভিতৰ কৰা হয়।
 ১৮৩৪ খ্ৰীষ্টাব্দত মিঃ ৰবাৰ্টচনৰ ঠাইত জেনেৰেল জেন্‌কিঞ্চ কমিচনাৰ হয়। তেওঁ আহিয়েই বৃটিচ্‌ খাচ দখলৰ অসম খণ্ড দৰং, নগাওঁ, কামৰূপ আৰু গুৱালপাৰাএই চাৰিখন জিলাত ভাগ কৰে। জেনেৰেল জেন্‌কিঞ্চৰ আমোলতে অসমৰ বাকী কৰলীয়া ৰাজ্য- বিলাকো এখন-এখনকৈ বৃটিচৰ খাচ্‌ দখললৈ যায়। ১৮৩৬ খ্ৰীষ্টাব্দত কাছাৰ জিলা বৃটিচ্‌ ৰাজ্যৰ ভিতৰ কৰি তাত এজন ডেপুটী কমিচনাৰ পতা হয়। ১৮৩৮ খ্ৰীষ্টাব্দত পুৰন্দৰ সিংহ স্বৰ্গদেৱে নিৰ্দ্ধাৰিত কৰ শোধাবলৈ অপাৰগ হোৱাত, তেওঁ ভোগ কৰা উজনি অসম খণ্ড বৃটিচ খাচ দখলৰ ৰাজ্যত চামিল কৰা হয়। তেতিয়াৰপৰা আহোম ৰজা আৰু আহোম ৰাজপুৰুষ- সকলক বৃটিচ্‌-ৰাজৰ পেঞ্চনভোগী কৰা হয়। সেই কালত, আহোম পেঞ্চন মাহে ১২,০০০৲ টকা আছিল। তাৰ পাচত, ১৮৪২ খ্ৰীষ্টাব্দত শদিয়াখোৱা গোহাঞিক পেঞ্চন দি, খাম্‌তী ৰাজ্য খণ্ড বৃটিচ্‌ খাচ্‌ দখলৰ লগ লগোৱা হয়। ১৮৪৩ খ্ৰীষ্টাব্দত বৰসেনাপতিৰ পৰিয়ালক বছৰি ৭০০০৲ টকাকৈ পঁচা দিয়াৰ নিয়ম বান্ধি মটকৰ ৰাজ্য বৃটিচ্‌ খাচ দখলৰ ভিতৰ কৰা হয়। অৱশেষত, ১৮৫৪ খ্ৰীষ্টাব্দত কছাৰি ৰাজ্যৰ তুলাৰাম সেনাপতিক ভোগ কৰিবলৈ দিয়া ৰাজ্যও বৃটিচৰ খাচ্‌ দখললৈ নি, গোটেই অসম দেশত বৃটিচৰ এদনীয়া দখল স্থাপন কৰা হয়। তেতিয়াৰ পৰা গোটেই অসমত কোম্পানীৰ দিন হল।
 সদৌ অসম দেশ বৃটিচৰ খাচ্‌ দখলত পৰাৰ বছৰচেৰেকৰ পাচতে এটা ভয়ানক ৰাজবিপ্লৱ ঘটিবলৈ ধৰিছিল। ১৮৫৭ খ্ৰীষ্টাব্দত ডিব্ৰুগড়ত থকা বৃটিচ্‌ৰেজিমেণ্টৰ চিপাহীবিলাক অকস্মাতে জিকাৰি উঠে। তাৰ পাচত, সিহঁতে বৃটিচৰ তলতীয়া নামৰূপীয়া ৰজাৰ লগত যোগ দিবলৈ ওলায়। ইয়াৰ সম্ভেদ লোৱাত জনা গল যে, সেই সময়ত চিপাহীহঁতে চাহাবাদৰপৰা এখন গুপুত পত্ৰ পাইছিল। তাত নামৰূপীয়া ৰজাৰ দেৱান মণিৰাম বৰুৱাৰ নামে উল্লেখ কৰা হৈছিল। সেই সময়ত মণিৰাম দেৱান কলিকতাত আছিলগৈ। সিবিলাকৰ ওপৰত সন্দেহ হোৱাৰ উপৰিও, সিবিলাক বিহে ঘটোৱাৰ কাৰবাৰত থকাৰ প্ৰমাণ পোৱা যায়। সেই কাৰণে, ইফালে নামৰূপীয়া ৰজাক বন্দী কৰাই, সিফালৰপৰা মণিৰাম দেৱানক ধৰাই আনি যোৰহাটত ফাঁচী দিয়া হয়। মণিৰাম বৰুৱা এজন প্ৰতাপী লোক আছিল। তেওঁৱেই “দত্ত” উপাধি অসমত উলিয়ায়হি। মণিৰাম বৰুৱা দেৱান কায়স্থ আছিল; সেই আপাহতে আজিকালি অসমত কায়স্থ আৰু কলিতাৰ এভাগে দত্ত উপাধি লিখে। মণিৰাম দেৱানৰ ফাঁচী অসমত এটা বৰ ডাঙ্গৰ ঘটনা।
 জেনেৰেল জেন্‌কিঞ্চৰ পাচত, ১৮৬১ খ্ৰীষ্টাব্দত কৰ্ণেল হপ্‌কিঞ্চন উত্তৰ-পূব আৰু অসমৰ কমিচনাৰ হয়। তেওঁৰ আমোলতে, ১৮৬৬ খ্ৰীষ্টাব্দত ভোটান ৰাজ্য আক্ৰমণ কৰা হয়। ভুটীয়া ৰজা ৰণত ঘাটিলত দেৱানগিৰি নামে ভোটান ৰাজ্যৰ নামনি ভাগ বৃটিচ্‌ ৰাজ্যৰ চামিল কৰা হয়। এই ৰণৰ প্ৰসঙ্গতে অসমত ১৮৬৬ খ্ৰীষ্টাব্দত পোন্‌-প্ৰথমে টেলিগ্ৰাফৰ সৃষ্টি হয়। কৰ্ণেল হপকিঞ্চনৰ আমোলতে, ১৮৭১ খ্ৰীষ্টাব্দত বঙ্গদেশৰ লেফ্‌টেনেন্ট গৱৰ্ণৰ চাৰ জৰ্জ কেম্বেল চাহাব বাহাদুৰে অসমৰ পঢ়াশালি আৰু আদালতৰপৰা বঙ্গালী ভাষা উঠাই দি, তাৰ ঠাইত অসমীয়া ভাষা ‘চলাবলৈ নিয়ম কৰে।
 মুঠকথা।—আগেয়ে অসমত বৃটিচ্‌ গৱৰ্ণমেন্ট “ইষ্ট ইণ্ডিয়া কোম্পানী”ৰ তলে চলিছিল। সেই কাৰণে, তেতিয়া অসমত বৃটিচৰ শাসনকাল কোম্পানীৰ দিন বোলা হৈছিল। বৃটিচে পোনতে নামনি অসম খণ্ডহে নিজৰ খাচ্‌ দখললৈ নিছিল। উজনি অসমৰ নিচেই উজনিজাগ মটক আৰু খামতীক ভগাই দিয়া হৈছিল; তাৰ নামনি ভাগ আহোমক এৰি দিয়া হৈছিল। পিছে, জেনেৰেল জেন্‌কিঞ্চৰ আমোলত সেই আটাইবিলাক ৰাজ্য বৃটিচৰ খাচ্‌ দখললৈ নিয়া হল। ১৮৫৭ খ্ৰীষ্টাব্দত ভাৰতবৰ্ষত যি ভয়ানক চিপাহী বিদ্ৰোহ হয়, সেই সূত্ৰতে অসমতো এটা বিদ্ৰোহ ঘটিবলৈ ধৰিছিল। পিচে, তাৰ মূলত মণিৰাম দেৱানক ধৰা পেলাই ফাঁচী দিয়াত সেই বিদ্ৰোহ জঁয় পৰিল। ইয়াৰ তিনি বছৰৰ পাচত, ১৮৬০ খ্ৰীষ্টাব্দত অসমত চলি থকা আফুখেতি ৰহিত হয়। তেতিয়াৰপৰা প্ৰজাই এই খেতি কৰিব নোৱাৰা হল। আৰু, তেতিয়াৰপৰা এই খেতি বৃটিচ্‌ গৱৰ্ণমেণ্টৰ এটা হাতৰ কাৰবাৰ হল। ইয়াৰপৰা গৱৰ্ণমেন্টৰ বিস্তৰ লাভ হয়। মণিৰাম দেৱানৰ “ফাঁচী” আৰু “আফুখেতি ৰহিত” এই দুটা অসমত প্ৰধান ঘটনা। গঞা মানুহে এই দুটা ঘটনাৰ কাল চলিত শঁক আৰু চনৰ আৰম্ভণৰ নিচিনাকৈ লেখত ধৰে।
                     #####
                    ২। পাঠ।
      চীফ্‌ কমিচনাৰৰ গৱৰ্ণমেন্ট।
 ১৮৭৪ খ্ৰীষ্টাব্দত অসম প্ৰদেশ বঙ্গদেশৰপৰা বেলেগ হয়। তেতিয়াৰেপৰা অসমত এখন চীফ্‌ কমিচনাৰৰ সুকীয়া গৱৰ্ণমেট চলে। কৰ্ণেল কিটিং অসমৰ পোন্‌-প্ৰথন চীফ্‌ কমিচনাৰ। সেই একে সময়তে কাছাৰ আৰু ছিলট জিলাকো খাচ্‌ অসমৰ লগত চামিল কৰা হয়। আৰু, তেতিয়াৰপৰাই অসম উপত্যকা আৰু চুৰমা উপত্যকা নামে অসম প্ৰদেশ দুভাগ হয়। পাচত, দুই বিভাগত দুজন কমিচনাৰ ৰখাৰ নিয়ম চলিছে। লক্ষীমপুৰ, শিৱসাগৰ, নগাওঁ, দৰং, কামৰূপ আৰু গুৱালপাৰা এই ছখন জিলাৰে সৈতে অসম উপত্যকা; কাছাৰ আৰু ছিলট এই দুখন জিলাৰে সৈতে চুৰমা উপত্যকা পতা হয়। ইয়াত বাজেও নগাপৰ্ব্বত, গাৰোপৰ্ব্বত আৰু খাচী-জয়ন্তীয়া পৰ্ব্বত এই তিনিখন জিলাৰে সৈতে এটা পৰ্ব্বতীয়া বিভাগ পতা হয়। পৰ্ব্বতীয়া বিভাগত কমিচনাৰ নাছিল; এই বিভাগ পোনহতীয়াকৈ চীফ্‌ কমিচনাৰৰ তলত আছিল। কৰ্ণেল কিটিং যোৱাৰ পাচত, ১৮৭৮ খ্ৰীষ্টাব্দত চাৰ এচ, চি, বেইলী চাহাব অসমৰ চীফ কমিচনাৰ হয়হি। কিন্তু, তেওঁৰ শাসনকাল পূৰা হবলৈ নৌ পাওঁতেই তেওঁ অসমৰপৰা যাব লগা হয়। ১৮৮১ খ্ৰীষ্টাব্দত মিষ্টাৰ ইলিয়ট (পাচত চাৰ চাৰ্লচ্‌ ইলিয়ট) অসমৰ চীফ কমিচনাৰ হৈ আহে। তেওঁ এজন বৰ মৰমিয়াল আৰু শিক্ষানুৰাগী পুৰুষ আছিল। তেওঁৰ আমোলতে অসমীয়া ছাত্ৰই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হলেই মাহে ২০৲ টকাকৈ বৃত্তি লৈ কলিকতাৰ কলেজত পঢ়িবলৈ যাব পৰা হয়। ইলিয়ট চাহাবৰ পাচত, ১৮৮৭ খ্ৰীষ্টাব্দত মিঃ ডি, ফিট্‌জ্‌, পেট্ৰিক চাহাব চীফ্‌ কমিচনাৰ হৈ আহে। কিন্তু, দুবছৰ নৌ হওঁতেই তেওঁ অসমৰপৰা পাবলৈ বদলি হৈ যায়।
 মিঃ ফিট্‌জ্‌ পেট্ৰিকৰ পাচত, ১৮৮৯ খ্ৰীষ্টাব্দত অনৰেবল মিঃ জে, ডি, কুইণ্টন চাহাব অসমৰ চীফ্‌ কমিচনাৰ হয়হি। তেওঁৰ শাসনৰ প্ৰথম বছৰতে ১৮৯০ খ্ৰীষ্টাব্দত মণিপুৰত এটা বৰ ডাঙ্গৰ বিদ্ৰোহ উপস্থিত হয়। সেই বিদ্ৰোহ দমাবলৈ যাওঁতেই তেওঁক আৰু তেওঁৰ লগৰীয়া আৰু চাৰিজন ইউৰোপীয়ান ৰাজকৰ্মচাৰীক মণিপুৰীবিলাকে ছলকৈ বধ কৰে। এই বিষয়ে ওপৰত উনুকিয়াই অহা হৈছে।
 মিঃ কুইণ্টন মণিপুৰত কটা যোৱাৰ পাচত, ১৮৯১ খ্ৰীষ্টাব্দত মিঃ ডবলিউ, ই, ওয়াৰ্ড চাহাব (পাচত চাৰ উইলিয়াম ওৱাৰ্ড) অসমৰ চীফ্‌ কমিচনাৰ হৈ আহে। তেওঁ ইয়াৰ আগেয়েও ইয়ালৈ দুবাৰ অস্থায়ী ভাৱে চীফ কমিচনাৰ হৈ আহিছিল। তাৰো আগেয়ে তেওঁ অসম উপত্যকাত পাঁচ বছৰ জজ আৰু কমিচনাৰৰ পদত নিগাজীকৈ আছিল। তেওঁৰ দিনত অসমৰ মাটিৰ নতুন শ্ৰেণীবিভাগ কৰি ৰাজহৰ নিৰিখ দুগুণকৈ বঢ়োৱাৰ প্ৰস্তাৱ উঠে। সেই কথাত প্ৰজাবিলাকে বৰকৈ আপত্তি কৰাত, ভাৰত-গৱৰ্ণমেন্টে তাতকৈ কম নিৰিখত ৰাজহ নিৰ্ধাৰিত কৰি দিয়ে।
 ১৮৯৬ খ্ৰীষ্টাব্দত চাৰ উইলিয়াম ওয়াৰ্ড চাহাবে পেন্‌চন লৈ যোৱাত, অনৰেবল মিঃ এইচ, জে, কটন চাহাব (পাচত চাৰ হেন্‌ৰী কটন) অসমৰ চীফ্‌ কমিচনাৰ হৈ আহে। তেওঁৰ দিনত ১৮৯৭ খ্ৰীষ্টাব্দৰ ১২ জুনত এটা বৰ ডাঙ্গৰ ভূঁইকঁপ আহিছিল। সেই ভূঁইকঁপত অসমৰ ৰাজধানী শ্বিলং আৰু ভৈয়ামৰ ভালেমান নগৰ আৰু গাওঁ-ভূঁই উছন যোৱাৰ নিচিনা হৈছিল। তেওঁৰ দিনতে, ১৮৯৮ খ্ৰীষ্টাব্দত লুচাই পাহাৰৰ উত্তৰ আৰু দক্ষিণ ভাগ একেলগ কৰি অসমৰ লগত চামিল কৰা হয়। তেওঁৰ আমোলতে, ১৮৯৯ খ্ৰীষ্টাব্দত ভাৰতবৰ্ষৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্জ্জন চাহাবে অসম পৰিভ্ৰমণ কৰি যায়হি। আৰু তেওঁৰ শাসনৰ কালতে, ১৯০০ খ্ৰীষ্টাব্দত বিলাতত মহাৰাণী ভাৰতেশ্বৰী ভিক্টোৰীয়া স্বৰ্গী হয়। মিঃ কটনৰ যত্নতে গুৱাহাটীত দ্বিতীয় শ্ৰেণীৰ কলেজ এটি দ্বিতীয়বাৰ প্ৰতিষ্ঠিত হয়। সেই সময়তে ডিব্ৰুগড়ত “বেৰী হোৱাইট মেডিকেল স্কুল” নামে ডাক্তৰী এটিও বিদ্যালয় স্থাপিত হয়। গুৱাহাটীৰ কলেজটিৰ নাম কটন চাহাবৰ নামেই “কটন কলেজ” হৈছে।
 চাৰ হেন্‌ৰী কটনৰ পাচত, ১৯০২ খ্ৰীষ্টাব্দত অনৰেবল মিঃ ফুলাৰ চাহাব (পাচত চাৰ বেম্‌ফিল্ড ফুলাৰ) অসমৰ চীফ্‌ কমিচনাৰ হয়হি। এই জনা বৰ উদাৰচিতীয়া আৰু প্ৰজাবন্ধু শাসনকৰ্তা আছিল। ফুলাৰ চাহাব বাহাদুৰে তেওঁৰ শাসনকালত প্ৰজাহিতকৰ কাৰ্য ভালেমান কৰিলে। তাৰ ভিতৰত গাওঁবুঢ়াক বঁটা দিয়াৰ নিয়ম, মৌজাদাৰী প্ৰথা আকৌ প্ৰচলন, শিক্ষা-বিভাগৰ সংস্কাৰ, অসমীয়া সাহিত্য কলিকতা বিশ্ববিদ্যালয়ত পাঠ্য কৰা, কটন কলেজটি প্ৰথম শ্ৰেণীলৈ তোলা, মাটিৰ কুৰি বছৰীয়া বন্দবস্তী, আহোম ছাত্ৰক বিনামাচুলে স্কুল-কলেজত পঢ়িবলৈ সুবিধা দিয়া, চৰ্কাৰী চাকৰীত অসমীয়াক আগ-বাছনি দিয়া এই বিলাকেই ঘাই।
 মুঠ্‌-কথা।—কৰ্ণেল কিটিং অসমৰ প্ৰথম চীফ কমিচনাৰ। চাৰ বেম্‌ফিল্ড ফুলাৰ এই ছোৱা শাসনৰ শেহৰ চীফ্‌ কমিচনাৰ। ১৮৯৭ খ্ৰীষ্টাব্দৰ ১২ জুনত এটা বৰ ডাঙ্গৰ ভূঁইকঁপৰ উৎপাত হৈছিল। ১৮৯০ চনত মণিপুৰত এটা বিষম বিদ্ৰোহ হয়। সেই বিদ্ৰোহ দমাবলৈ যাওঁতেই চীফ্‌ কমিচনাৰ মিঃ কুইন্টন কটা যায়। ১৮৯৯ খ্ৰীষ্টাব্দত ভাৰতবৰ্ষৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্জ্জন অসম-ভ্ৰমণলৈ আহিছিল। ১৯০০ খ্ৰীষ্টাব্দত ভাৰত বৰ্ষৰ সম্ৰাজ্ঞী ইংলণ্ডৰ পটেশ্বৰী মহাৰাণী ভিক্টোৰীয়া স্বৰ্গী হয়। মহাৰাণী ভিক্টোৰীয়াই ৬০ তিনি কুৰি বছৰ ৰাজপাট খাইছিল। তেওঁক উনৈচ্‌ আৰু কুৰি এই দুটা শতিকাৰ মহাৰাণী বুলিব পাৰি। মহাৰাণী ভিক্টোৰীয়াৰ সমান প্ৰখ্যাতী আৰু পূজনীয়া পটেশ্বৰী পৃথিবীত আজিলৈকে কেৱে হব পৰা নাই। হোজা অশিক্ষিত গাৱঁলীয়া ভাৰতীয় প্ৰজাই আজিকোপতি বৃটিচ্‌ শাসনকাল মহাৰাণী ভিক্টোৰীয়াৰ দিন বুলি বিশ্বাস কৰে। টানৰ সময়ত সেইবিলাক প্ৰজাই আজিও “মহাৰাণীৰ দোহাই” দিয়ে।
                 ########
                   ৩। পাঠ।
    লেফ্‌টেনেণ্ট গৱৰ্ণৰৰ গৱৰ্ণমেণ্ট।
 অনৰেবল মিঃ জে, বি, ফুলাৰ চীফ্‌ কমিচনাৰ হৈ থাকোতেই পূৰ্ব্ববঙ্গৰ কেইটামান কমিচনাৰী বিভাগ আৰু কেইখনমান জিলা অসমৰ লগত চামিল কৰি, “পূৰ্ব্ববঙ্গ আৰু অসম” নামে এখন নতুন প্ৰদেশ গঠন কৰা হয়। ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰৰ- পৰা অসমৰ চীফ্‌ কমিচনাৰৰ পদ উঠাই দি, নতুন প্ৰদেশৰ নিমিত্তে লেফ্‌টেনেণ্ট গৱৰ্ণৰৰ পদ সৃষ্টি কৰা হয়। মিঃ ফুলাৰ চাহাবেই সেই নতুন প্ৰদেশৰ প্ৰথম লেফটেনেণ্ট গৱৰ্ণৰ। তাৰ পাচত তেওঁ কে, চি, এ, আই, খিতাপ পায়; আৰু তেতিয়াৰ পৰা তেওঁক চাৰ বেম্‌ফিল্ড ফুলাৰ নামে জনা যায়। কিন্তু, এই পদত তেওঁ এবছৰমান থাকিয়েই ইস্তফা দি যাব লগাত পৰে।
 চাৰ বেম্‌ফিল্ড ফুলাৰৰ পাচত, অনৰেবল মিঃ এল, হেয়াৰ (পাচত চাৰ লেঞ্চলেট্‌ হেয়াৰ) ১৯০৬ খ্ৰীষ্টাব্দৰ ১৯ আগষ্টৰপৰা পূৰ্ববঙ্গ আৰু অসম প্ৰদেশৰ লেফটেনেণ্ট গৱৰ্ণৰ হয়। তেওঁৰ আমোল বঙ্গদেশৰ “স্বদেশী আন্দোলন” আৰু ৰাজদ্ৰোহী এ দলৰ উৎপাতত এই দেশতো শান্তি নোহোৱা হৈছিল। তেওঁৰ দিনতে ৰঙ্গিয়াৰপৰা টংলালৈকে ৰেলওৱে লাইন বঢ়োৱা হয়, আৰু গুৱাহাটীৰ পাণ্ডুঘাটৰ ওচৰৰ আমিনগাওঁ ষ্টেচনৰপৰা বাজে বাজে কলিকতালৈ চমু ৰেল-বাট যুগুত হৈ উঠে। [ ১০৩ ] চাৰ লেঞ্চলট্‌ হেয়াৰ চাহাব পেঞ্চনত যোৱাত, ১৯১১ খ্ৰীষ্টাব্দৰ ২৩ আগষ্টত চাৰ চাৰ্লচ্‌ ষ্টুৱাৰ্ট বেলী “পূৰ্ববঙ্গ আৰু অসম”ৰ লেফটেনেণ্ট গৱৰ্ণৰ হৈ আহে। ইয়াৰ আগেয়েও ১৯০৮ খ্ৰীষ্টাব্দত তেওঁ তিনি মাহৰ নিমিত্তে এই পদত অস্থায়ী ভাৱে আছিলহি, আৰু সেই ছেগতে এই পুথিৰ লেখকক সাহিত্যিক পেঞ্চন দি অসমীয়া সাহিত্যৰ গৌৰৱ বঢ়ায়। পাচৰ বাৰত তেও নিগাজীকৈ লেফটেনেণ্ট গৱৰ্ণৰ হৈ অহা চাৰি মাহমান হওঁতেই, ১৯১১ খ্ৰীষ্টাব্দৰ ১২ ডিচেম্বৰত দিল্লীত সম্ৰাট পঞ্চম জৰ্জ্জৰ অভিষেক দৰবাৰ হয়। ভাৰতবৰ্ষত বৃটিচ্‌-ৰাজৰ অভিষেক এয়ে প্ৰথম। সেই প্ৰসঙ্গত, সম্ৰাটৰ আজ্ঞা অনুসৰি কলিকতাৰপৰা ৰাজধানী দিল্লীলৈ তুলি নিয়া হয়; পূৰ্ব্ববঙ্গক আকৌ বঙ্গদেশৰ লগ লগাই তাত এজন গৱৰ্ণৰ দিয়া হয়; অসমক আকৌ সুকীয়া কৰি চীফ্‌ কমিচনাৰৰ শাসনৰ তলত থোৱা হয়; বিহাৰ আৰু উৰিয়া নামে এখন নতুন প্ৰদেশ গঠন কৰি তাত নতুনকৈ এজন লেফটেনেণ্ট গৱৰ্ণৰ পতা হয়।
 মুঠ্‌ কথা।—“পূৰ্ববঙ্গ আৰু অসম” প্ৰদেশ ছবছৰ মাথোন টিকিছিল। ইয়াৰ ভিতৰত তিনি জন লেফটেনেণ্ট গৱৰ্ণৰ হয়; তাৰে এজনেহে পূৰাকৈ পাঁচ বছৰ বিষয়-বাব ভোগ কৰিবলৈ পায়। শেহৰ জন চাৰ চাৰ্লচ্‌ ষ্টুৱাৰ্ট বেইলী চাহাব মুঠেই পাঁচ মাহ মান হে এই নতুন প্ৰদেশৰ শাসনকৰ্ত্তা আছিল। তাৰ ভিতৰতে তেওঁ ভালেমান দেশহিতকৰ অনুষ্ঠানত হাত দিছিল, আৰু দেশী সাহিত্যৰ উন্নতিবিধায়ক কাৰ্য্য কৰিছিল। তাৰ ফলস্বৰূপ অসমীয়া সাহিত্যৰ হিতাৰ্থে এই পুথিৰ লেখক এটি বিশেষ সাহিত্যিক পেঞ্চন (“Special Literary Pension”) দিয়াটোও এটা লেখৰ কথা।
                    #####
                   ৪। পাঠ।
কাউন্সিলৰে সৈতে চীফ কমিচনাৰৰ গৱৰ্ণমেট।
 পূৰ্ব্ববঙ্গৰপৰা বিলগ হৈ অসম আকৌ আগৰ দৰে সুকীয়া প্ৰদেশ হল। অসমত আকৌ চীফ কমিচনাৰৰ শাসন চলিল। কিন্তু, এইবাৰ চীফ্‌ কমিচনাৰৰ লগত এখন লেজিচ্‌লেটীভ কাউন্সিল বা আইনকাৰী মন্ত্ৰী-মেল দিয়া হল। এই কাউন্সিল ১১ জন প্ৰজাই বাছি দিয়া আৰু ১৩ জন গৱৰ্ণমেণ্টৰ বাছনি মতে হোৱা “অনৰেল মেম্বৰ” ৰাজকাৰ্য্যৰ আলোচনাত যোগ থকাৰ নিয়ম হল। চীফ্‌ কমিচনাৰ চাহাব সেই কাউন্সিলৰ প্ৰেচিডেন্ট বা মন্ত্ৰীসভাৰ সভাপতি মনোনীত হল। অনৰেবল চাৰ আৰ্চডেল আৰ্ল চাহাব ১৯১২ খ্ৰীষ্টাব্দত ১ এপ্ৰিলৰপৰা এই নতুন গৱৰ্ণমেণ্টৰ পোন্‌-প্ৰথম চীফ্‌ কমিচনাৰ হয়।
 অনৰেবল চাৰ আৰ্চডেল আৰ্ল চাহাবে প্ৰজাৰ উপকাৰৰ নিমিত্তে ভালেমান মহৎ কাৰ্য্য কৰিছিল। তাৰ ভিতৰত, গাৱঁলীয়া স্বাস্থ্যৰ উন্নতি বিধান, গাৱঁলীয়া মেল বা পঞ্চায়ত স্থাপন, ৰেল আৰু বাট-ঘাটৰ উন্নতি বিধান, নগৰে-গাওঁৱে বিশুদ্ধ খোৱাপানী যোগানৰ দিহাকৰণ, অসমৰ পুৰণি তথ্য উদ্ধাৰত উৎসাহ দান, আহোম সম্প্ৰদায়ৰ উন্নতিলৈ বিশেষ সুবিধা দান, অসমত আইন- কলেজ স্থাপন, শ্বিলঙ্গত ইণ্ডিয়ান আলহী আশ্ৰম স্থাপন, পেষ্টিয়ৰ ইন্‌ষ্টিটিউট বা বলিয়া জন্তুৱে কামোৰাৰপৰা হোৱা ৰোগৰ চিকিৎসালয় স্থাপন, অসম লোকাল চেল্‌ফ গৱৰ্ণমেণ্ট আইন প্ৰচলন এইবিলাকেই ঘাই। ইয়াত বাজেও আৰু ভালেমান বিষয়ত অসমৰ উন্নতি সাধিবলৈ চাৰ আৰ্চডেলৰ সংকল্প আছিল। পিছে, তেওঁৰ শাসনৰ মাজতে ইউৰোপত মহাৰণ লাগি উঠে। সেই হেতুকে ৰাজ-ভঁড়ালত ধন-বস্তুৰ নাটনি পৰাত সেই সংকল্প তেওঁ কাৰ্য্য কৰি উঠিবগৈ নোৱাৰিলে। তথাপি, পাৰ্য্যমানে প্ৰজাৰ উপকাৰ কৰিবলৈ তেওঁ যত্নৰ ত্ৰুটী কৰা নাছিল। চাৰ আৰ্চেডেল আৰ্ল এজন প্ৰজাৰঞ্জক শাসনকৰ্ত্তা আছিল। তেওঁৰ শাসনৰ কাল উকলি যোৱাৰ পাছতো তেওঁক আৰু এবছৰৰ সময় বঢ়াই দিয়া হৈছিল। তাৰ পাচত, ১৯১৮ চনৰ ৩১ মাৰ্চলৈকে পূৰা ছবছৰ তেওঁ অসম শাসন কৰি, অসমত অভগন সুনাম থৈ, ইয়াৰপৰা পেন্‌চনত মেলানি লৈ ঘৰলৈ গলগৈ। চাৰ আৰ্চডেল আৰ্ল এজন অমায়িক ভদ্ৰলোক শাসনকৰ্ত্তা আছিল।
 চাৰ আৰ্চডেল আৰ্ল যোৱাত, অনৰেবল মিঃ এন, ডি, বিট্‌চন বেল অসমৰ চীফ্‌ কমিচনাৰ হয়। তেওঁ ইয়াৰ আগেয়েও অসমৰ এজন সুদক্ষ ৰাজকৰ্ম্মচাৰী ছিল। তেতিয়া তেওঁ অসম গৱৰ্ণমেণ্টৰ মাটিবিভাগৰ ডিৰেক্টৰ আছিল। তাৰ পাচত, তেওঁ পূৰ্ব্ববঙ্গ আৰু অসম গৱৰ্ণমেণ্টৰ চীফ্‌ চেক্ৰেটেৰী হৈছিল। তেওঁৰ চীফ্ কমিচনাৰীৰ কাল-পূৰ হবলৈ নৌ পাওঁতেই অসমৰ চীফ্‌ কমিচনাৰৰ ঠাইত গৱৰ্ণৰ হোৱাৰ নিয়ম প্ৰচলিত হয়।
 মুঠ্‌-কথা।—১৯১২ খ্ৰীষ্টাব্দৰ ১ এপ্ৰিলৰপৰা অসমত দ্বিতীয়বাৰ চীফ্‌ কমিচনাৰৰ শাসন প্ৰচলিত হয়। ১৯১৩ খ্ৰীষ্টাব্দৰ ২ জানুৱাৰীত পোনপ্ৰথম অসম-কাউন্সিল গঠিত হয়। এই কাউন্সিল বৰ মানী আৰু কাজুৱা আছিল। চাৰ আৰ্চডেল আৰ্ল এই নতুন গৱৰ্ণমেণ্টৰ প্ৰথম চীফ্‌ কমিচনাৰ। অনৰেবল মিঃ বিট্‌চন বেল অসমৰ শেহ চীফ্‌ কমিচনাৰ।
                   ######
                   ৫। পাঠ।
         গৱৰ্ণৰৰ গৱৰ্ণমেণ্ট।
খ্ৰীঃ ১৯২১ চনৰপৰা ভাৰতবৰ্ষৰ শাসনপ্ৰণালী ভালেমান লৰচৰ কৰা হয়। সেই মতে ভাৰতবৰ্ষৰ ডাঙ্গৰ আৰু লাগতিয়াল প্ৰদেশ আটাইবিলাকতে গৱৰ্ণৰ-শাসনকৰ্ত্তা হোৱাৰ নিয়ম চলে। পোনতে মাদ্ৰাজ আৰু বোম্বাই প্ৰেচিডেন্সীত মাথোন দুজন গৱৰ্ণৰ দিয়াৰ নিয়ম চলিছিল তাৰ পাত বোম্বাই, মাদ্ৰাজ আৰু বাঙ্গালা এই তিনি প্ৰেচিডেন্সী প্ৰদেশৰ শাসনকৰ্তা তিনিজন গৱৰ্ণৰ আছিল; নতুন নিয়ম অনুসৰি পঞ্জাব, যুক্তপ্ৰদেশ, মধ্যপ্ৰদেশ বিহাৰ উৰিষ্যা আৰু অসম এই চাৰিখন প্ৰদেশৰ শাসনকৰ্ত্তা, চাৰিজনো গৱৰ্ণৰ হল। সেই অনুক্ৰমে অসমৰ আগৰ শাসনকৰ্ত্তা চীফ কমিচনাৰ ঠাইত এতিয়া গৱৰ্ণৰ হোৱাৰ নিয়ম চলিছে।
 শাসনকৰ্ত্তাৰ খিতাপ সলনিৰ লগে লগে কাউন্সিল বা ৰাজসভাৰ গঠনতো অলপ সালসলনি ঘটিল। আগৰ লেজিচ্‌লেটীভ কাউন্সিল বা ব্যৱস্থাপক সভাৰ, সদস্যৰ সংখ্যা ২৫ জনৰ ঠাইত এতিয়া ৫৩ জন হল; আৰু গৱৰ্ণৰক সভাপতি পাতি দুজন সদস্যৰে সৈতে এক্‌জিকিউটভ কাউন্সিল নামে এখন ওপৰঞ্চি ৰাজসভা গঠন কৰা হল। তাৰ উপৰি, দুজন মন্ত্ৰী বিষয়-বাব নতুনকৈ সৃষ্টি কৰা হল। এই মন্ত্ৰী দুজন লেজিচ্‌লেটীভ্‌ কাউন্সিললৈ প্ৰজাই পঠিওৱা সদস্যৰপৰা বাছি লোৱা হয়। চাৰ উইলিয়াম চিন্‌ক্লেয়াৰ মাৰিচ্‌ অসমৰ পোন-প্ৰথম গৱৰ্ণৰ নিযুক্ত হয়। কিন্তু, এই বিষয়-বাব পোৱাৰ সময়তে চাৰ উইলিয়াম মাৰিচ্‌ তিনি মাহৰ ছুটীত বিলাতলৈ যায়। সেই কাৰণে, তেওঁৰ অনুপস্থিতিৰ কালত সেই সময়ৰ শাসনকৰ্ত্তা চাৰ নিকলা বিট্‌চন বেল চীফ্‌ কমিচনাৰ চাহাবেই খ্ৰীঃ ১৯২১ চনৰ ৩ জানুৱাৰীৰপৰা ২ মাৰ্চ্চলৈকে অস্থায়ী ভাৱে অসমৰ গৱৰ্ণৰৰ গাদীত বহিছিল।
 চাৰ উইলিয়াম মাৰিচ যুক্তপ্ৰদেশেৰ গৱৰ্ণৰ হৈ যোৱাত, ১৯২২ খ্ৰীষ্টাব্দৰ ১০ অক্টোবৰ তাৰিখে চাৰ জন হেনৰি কাৰ অসমৰ গৱৰ্ণৰৰ গাদীত বহেহি। তেওঁৰ পাঁচ বছৰীয়া শাসন-ভোগ উকলি যোৱাত, অসমৰ গৱৰ্ণৰী পাটত খ্ৰীঃ ১৯২৭ চনৰ ২৮চনৰপৰা চাৰ লৌৰী হেমণ্ড বহিছেহি।
 মুঠ্‌-কথা।—এতিয়া শাসনৰ গুৰিত দুজন মন্ত্ৰী। দুজন এক্‌জিকিউটিভ মেম্বৰ বাঢ়িল। গৱৰ্ণৰৰ দৰ্ম্মহা মাহে ৫৫০০ পাঁচ হাজাৰ-পাঁচশ টকা। এক্‌জিকিউটিভ কাউন্সিলৰ মেম্বৰ দুজন আৰু মন্ত্ৰী দুজনৰ প্ৰত্যেকে মাহে ৩৫০০৲ তিনি-হাজাৰ পাঁচশ টকাকৈ দৰ্ম্মহা পায়।
                   ######
Show More

Related Articles

Back to top button
error: Content is copy right protected !!