বুকুৰ সেউজীয়া

মূৰ্চ্ছনা শইকীয়া গগৈ

অণুগল্প

জিলিঙনিয়ে আকাশলৈ একেথৰে চালে।জীৱনত বিচৰা ধৰণে যেন এটি পলো পাৰ নহ’ল তেওঁৰ।
পাৰ হৈ যোৱা জীৱনৰ ৰুঢ় কঠোৰ বাস্তৱ বোৰ,এটি এটি গঁথা চূড়মাৰ হৈ যোৱা সপোন
মালাধাৰিৰ এটি ফুলো তেওঁ ধৰিব নোৱাৰিলে।
দুচকুৰে তপত অনল বাগৰি তলত পৰাৰ আগতেই পোহৰে জিলিঙনিৰ চকুলো মচি দিলে।
:”দুখবোৰ আলসুৱা অ’ জিলিঙনি।চকুলো বাগৰিবলৈ নিদিবা।মোৰ দুহাতত হাত থোৱা।ভঙা
দাপোণখনৰপৰা নিজক আতঁৰাই মোৰ দাপোণখনেৰে নিজক চোৱা।দেখা পাবা,তোমাৰ বাবেই এই
ভৰাদাপোণ।তোমাৰ অসম্পূৰ্ণ সপোনৰ পূৰ্ণ ৰূপ দিবলৈ ,মোৰ বুকুত অনেক সেউজী ফুলেৰে
ভৰি আছে।সেয়ে মোৰ দাপোণৰ  বৰণো সেউজীয়া।মাথো তোমাৰ বাবেই।”
জিলিঙনিয়ে মাথো দুটি নয়ন ওপৰলৈ তুলি উজ্জ্বল জ্যোতিষ্ক দুটি দেখা পালে।দুখৰ
বোজাটো একাষৰীয়া কৈ থৈ পোহৰৰ হাতত হাত থ’লে।আলিংগনৰ এটি সংলাপে দুয়োৰে নয়ন
সেমেকালে।
একেলগে চোৱা দাপোণখনত জিলিঙনিৰ হেজাৰ টুকুৰা-টুকুৰ সপোনবোৰে হাঁহি থকা দেখা
পালে।ক্ৰমশঃ তাইৰো মুখত বিৰিঙিছিল স্বতঃস্ফূৰ্ত মিঠা হাঁহি।

Related Articles

Close