বিজ্ঞাপনত আজিৰ নাৰী– লিপিকা দাস

প’পুলাৰ কালচাৰবোৰৰ ভিতৰত অন্যতম “বিজ্ঞাপন”-অৰ্থনীতি তথা মাৰ্কেটিং জগতখনৰ এক গুৰুত্বপূর্ণ অংশ । প্ৰসিদ্ধ ইংৰাজী চিন্তাবিদ Raymond Williams এ বিজ্ঞাপনৰ সংজ্ঞা দিছে এইদৰে, “Advertisement is a public promotion of some product or service which expects a response from the public.” গতিকে বিজ্ঞাপন হৈছে এক ৰাজহুৱা ঘোষণা যি বিনোদনধর্মী আৰু জনকল্যাণমূলক উভয়েই হ’ব পাৰে. এই ক্ষেত্রত বিজ্ঞাপনত নাৰীৰ প্ৰয়োগ দেখিবলৈ পোৱা যায় ।

বিজ্ঞাপনৰ ইতিহাস ফঁহিয়াই চালে দেখা যায় যে সময়ৰ পৰিৱৰ্তনৰ সৈতে নাৰীৰ স্থান আৰু ভূমিকা সলনি হৈছে যদিও বিজ্ঞাপনৰ লগত নাৰী ওতঃপ্ৰোতভাৱে জড়িত ।প্ৰতিযোগিতা হৈছে ব্যৱসায়ৰ আত্মা । সেয়ে বজাৰ দখলৰ আহিলা হিচাবে নাৰীক বিজ্ঞাপনসমূহত ব্যৱহাৰ কৰা হয়. আৰম্ভণিৰ দশক সমূহত শিশু তথা ঘৰুৱা সামগ্রীৰ বিজ্ঞাপনত সাধাৰণ গৃহিণীৰূপত মহিলাসকলক ব্যৱহাৰ কৰা হৈছিল । ট্ৰেণ্ড সলনি হ’ল । মাতৃৰূপী নাৰীৰ পিছত চাবোন, চেম্পু তথা প্ৰসাধন সামগ্রীৰবিজ্ঞাপনত গ্ৰাহকে মহিলা মডেলসকলক দেখিবলৈ ধৰিলে । ইয়াৰ লগে লগেই বিজ্ঞাপন কোম্পানীবোৰে সৃষ্টি কৰিলে “বিজ্ঞাপনত আদৰ্শ নাৰী” শীৰ্ষক ধাৰা যিটো বৰ্তমানো প্ৰচলিত হৈ আছে । বিজ্ঞাপনৰ নাৰীসকল অদ্ভুতধৰণে ধুনীয়া, কোনো খুঁত নথকা, অপ্রাকৃতিক । এইক্ষেত্রত প্ৰাচ্য আৰু পাশ্চাত্য উভয়তে বিজ্ঞাপনত আজিৰ নাৰী সম্পৰ্কে প্ৰচলিত মতবাদ “Objectification of Women”ৰকথা ক’ব লাগিব । কিয়নো বৰ্তমানৰ বিজ্ঞাপনৰ আকৰ্ষণৰ কেন্দ্রবিন্দু হ’ল নাৰী যাক গ্লেমাৰ তথা ব্যৱসায়িক লাভালাভৰ হেতু খুব আবেদনময়ী আৰু সংবেদনশীলৰূপত প্ৰয়োগ কৰা হয় । সেয়া লাগিলে পুৰুষৰ ডিঅ’স্প্ৰে বা ক’ণ্ডমৰ এড্ নহওঁক কিয় । প্ৰায়বোৰেই যৌনগন্ধী. পুৰুষ প্ৰধান সমাজ তথা বজাৰখন দখল কৰিবলৈ যেন নাৰীক পণ্য সামগ্রীৰ দৰে ব্যৱহাৰ কৰা হয় । পশ্চিমীয়া নাৰীবাদী, চলচ্চিত্ৰনিৰ্মাতা Jean Kilkourne ইয়াৰ বিৰোধিতা কৰি কৈছে যে বিজ্ঞাপনৰ দৰে বৃহৎ উদ্যোগ এটাত নাৰীসকলককেৱল পুৰুষৰ দৃষ্টি আকর্ষণ কৰিব পৰাকৈ গঢ়ি তোলা হয়- “women are conditioned to view their faces as masks and bodies as object.” অৱশ্যে কিছুমান বিজ্ঞাপনত নাৰীশক্তিও প্ৰকাশ কৰা হয়. বা জনকল্যাণমূলক বিজ্ঞাপনত বাৰ্তাবাহক হিচাপেও ব্যৱহৃত হয়. গতিকে এপিনে য’ত নগ্নতাৰ বহিঃপ্রকাশ ঘটিছে, আনপিনে নাৰীশক্তি বিদ্যমান হৈছে । গতিকে শালীনতা বজাই বাৰ্তা প্ৰেৰণেই মূল উদ্দেশ্য হোৱাউচিত ।

Related Articles

Close