বিকাশলৈ এতিয়াও বহু দূৰ বাকী!!!

পিংকী ঠাকুৰীয়া

প্ৰথম ফাউন্ডেছন নামৰ এটি বেচৰকাৰী সংস্থাই প্ৰতি বছৰৰ দৰে এইবছৰো সমগ্র ভাৰতবৰ্ষতেই  ১৪ ৰ পৰা ১৮ বছৰ বয়সৰ লৰা-ছোৱালীৰ কাৰ্য ,আশা-আকংশা,সজাগতা,আদিৰ পৰিক্ষণৰ দ্বাৰা ASER (Annual Status of Educational Report ) প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ অসমৰ কামৰূপ গ্ৰাম্য জিলাৰ বিভিন্ন অঞ্চল বাছনি কৰিছিল । সেই কাৰ্যৰ জৰীপ কৰিবলৈ মই গৈছিলো কামৰূপ (গ্ৰাম্য) জিলাৰ অন্তৰ্গত বিহদিয়া জাজিকণা ব্লকৰ অন্তৰ্গত নিজহাছাং ন: ৩ গাৱখনলৈ । কামৰূপ জিলাৰ অন্তৰ্ভুক্ত এই গাঁৱখনত আজিকোপতি নাই যাতায়তৰ সুব্যৱস্থা । গাঁৱখনৰ লোকসকলে চাইকেলৰ দ্বাৰাই বহু দূৰ বাট অহা-যোৱা কৰে। এক বিশাল এলেকা আৱৰি থকা গাওখনক চেঁচা নামৰ নৈ এখনে ভাগ কৰি পেলাইছে আৰু এই চেঁচা নৈৰ ওপৰত আজিও এখন দলং ৰ অভাৱ , দলং ৰ নামত আছে কেইডালমান বাহৰে নিৰ্মিত এখন সাঁকো । এই সাঁকোখনেৰেই গাঁৱৰ লোকসকলে এটা মূৰৰ পৰা আনটো মূৰলৈ অহা-যোৱা কৰে ।

আকৌ যদি গাঁওখনৰ শিক্ষাৰ ক্ষেত্রলৈ চোৱা হয় তেন্তে কব লাগিব যে গাওঁখনত ৩খন প্ৰাথমিক বিদ্যালয় আৰু এখন মাধ্যমিক বিদ্যালয় আছে যদিও ইয়াৰে এখন প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়খনৰ অৱস্থা তেনেই বেয়া, কোনো ধৰণৰ ফলক নথকা এটা কোঠাতেই সকলো শ্ৰেণীকে একেলগ কৰি পঢ়োৱা ইত্যাদি ।

গাঁৱখনৰ এনে পৰিস্থিতি স্ব-চক্ষুৰে দেখি সচাকৈয়ে আচম্বিত হৈছিলো । ভাবিবলৈ বাধ্য হৈছিলো এয়াই নেকি আমাৰ বিকাশ?

Show More

Related Articles

Back to top button
error: Content is copy right protected !!