বালিঘৰ

অংকিতা বৰুৱা

সুলেখাই দৌৰাদৌৰিকৈ আহি কোনোমতে বাছখনত উঠিলেহি । ইমান খৰখেদাকৈ আহিবলগা হোৱাত তাইৰ উশাহতো চুটি হৈ আহিল । কাপোৰৰ জোলোঙাৰ দৰে বাওহাতে ওলোমাই ৰখা তাইৰ বেগতো হাতখনেৰে খামুচি তাই ইফালে সিফালে চালে এবাৰ কেনেবাকৈ চিট এটা পাই নেকি বহিবলৈ , নহলে টিয়কৰ পৰা যোৰহাট পোৱালৈকে তাই এনেদৰেই থিয় হৈ যাবলৈ আজি যেন গাত শকতি নাই , পুৱা চাৰি বজাতেই উঠি ঘৰৰ সকলো কাম চম্ভালি ওলাই অহালৈ তাই ভাগৰি পৰে !
 —– পিছে নাই , এটা চিটো খালী নাই বাছখনত । কনডাক্টৰ জনক টকা দহটা কোনোমতে নপৰাকৈ থাকি খোজাৰ আগতেই উলিয়াই দিলে তাই , নহলে বাহুত টুকুৰিয়াই দিলে তাইৰ খং তো উঠি আহে । আজি সচাকৈ বৰ দেৰি হৈছে তাইৰ ঘৰৰ পৰা ওলাওতেই । অতখন দুৰ চাইকেল কোবাই মেইন ৰাস্তালৈকে আহি আকৌ বাছ ধৰি যোৰহাট টাউন পাবলৈ তাই অন্তত এঘন্টা আগতেই ওলাব পাৰিলেহে মিলেগৈ ভালদৰে !
 — কিমান যে হিচাপ নিকাচত চলিব লাগে কিছুমান জীৱন !
—– এৰা , সকলোতে হিচাপ নিকাচ চলে । সেয়া লাগে ঘৰৰ পৰা সময় লৈ ওলাই অহাতোৱে হওক  … ; ঘৰৰ খোৱাৰ বজাৰৰ লিষ্টখনেই হওক…… , বেমাৰী মাক-দেউতাকৰ দৰৱ কিনোতেই হওক নাইবা মাহৰ মূৰত তাইৰ চাকৰিতোৰ বাবদ পাবলগীয়া টকাকেইটাৰ হিচাপেই হওক ……!  সকলোতে অংক …… আচলতে জীৱনতোৱেই অংক ……. তাই নিজকে কলে !
—–” এই যোৰহাট টাউন নামি লব “—
— হঠাত কনডাক্টৰ জনৰ চিঞৰত হে তাই ভাবনাৰ যতি পৰিল —- ; গাড়ীখন ইতিমধ্যেই টাউনত ৰৈছেহি ! তাই একে জাপে নামি আহিল — বেগত খুচুৰা আছে নে নাই চালে , খোজ কাঢ়ি দোকান পাবলৈ তাইৰ কমেও পোন্ধৰ মিনিট লাগিব , ন বজাৰ আগত দোকান নাপালে মালিকে কথা শুনাই — আৰু আজি তাইৰ ইতিমধ্যেই আধা ঘন্টা দেৰি হৈছে —
–“এই ৰিক্সা বলাচোন ” —
জপিয়াই উঠি ললে তাই ৰিক্সাখনত
 — ” মিঠাপুখুৰী ৰ’ড বলা “— !
দূৰৰপৰাই ডিঙি মেলি চালে তাই এবাৰ — কেনেবাকৈ কাৰবাক দেখে নেকি দোকানৰ আগত — নাই , কোনো নাই ।
ভয়ে ভয়ে সোমাই গল তাই দোকানৰ ভিতৰৰ নিৰ্দিষ্ট জেগাখিনিলৈ — মালিক কেচ কাউন্টাৰত বহি সবকে এফালৰ পৰা  লক্ষ্য কৰি আছে হাই পাৱাৰৰ চশমাজোৰ সামান্য তললৈ কৰি ! দোকানৰ বাকীবোৰ কৰ্মচাৰী ইতিমধ্যে নিজ নিজ দায়িত্বত ব্যস্ত হৈ পৰিছে ।
 তাইৰ দেৰি হোৱাৰ বাবে ঘোপা এক চাৱনিৰে মালিকে সুধিলে —
: কি হল , চুলেখা — ইমান দেৰি যে ? কামত মন নাই , মাহৰ শেষত পইচা কেইটাৰ হিচাপ তো ঠিকেই ৰাখা  ।
——তাইৰ নামৰ ভুল উচ্চাৰন তো সদায় তেওৰ মুখত শুনিলে তাইৰ টিঙিচকৈ খং এটা উঠি আহে —-
: নাই চাৰ , আজি ঘৰৰ পৰা আহোতে অলপ দেৰি হল , চৰী !
— শেষৰ শব্দটো তাই অনিচ্ছা স্বত্বেও কব লগা হল , ৰূঢ় মালিক জনে চাকৰিৰ পৰা উলিয়াবলৈ এক চেকেন্ড সময় নালাগে ; আৰু এই চাকৰিতো তাইৰ প্ৰিয় নহলেও খুবেই প্ৰয়োজনীয় ।
 তাইৰ এইৰ চাকৰিতো তাঁহাতৰ তিনিজনীয়া পৰিয়ালতোৰ একমাত্ৰ ভৰষা । বেমাৰী মাক , পংগু দেউতাকক লৈ এই চাকৰিতোৰেই তাই ভৰন পোষন দি আহিছে । এইতো চাকৰি হেৰুৱালে তাইৰ আকৌ এটা চাকৰি যোগাৰ কৰি লোৱাৰ আগ্ৰহ তথা ক্ষমতা এটাও নাই । মনত এক প্ৰচন্ড বিৰাগ ভাবেৰেই আজি পাঁচবছৰে তাই এইতো চাকৰি কৰি আহিছে । আচলতে তাইৰ এই চাকৰিতোৱে তাইক এমুঠি অন্ন দান কৰিছে যদিও কেইবাবাৰো নপৰিবলগীয়া কিছুমান পৰিস্হিতিতো পেলাইছে তাইক । সেয়েহে এইতো চাকৰিক তাই ভাল পাব নোৱাৰিলে কাহানিও ….!
                                 ৹৹৹৹৹৹৹৹৹৹
দেউতাকে কাঠ মিস্ত্ৰিৰ যোগালী কাম কৰি ঠিকেই চলাই আছিল সিহতৰ তিনিজনীয়া পৰিয়ালতো । তায়ো মেট্ৰিক পাছ কৰি একাদশ মানত পঢ়ি আছিল । দৰিদ্ৰ হলেও কিছুমান সপোন পুহি ৰাখিছিল তাই মনত । সময় সুবিধা পালেই তাই সেই সপোনৰ সুলেখা জনী হৈ উৰা মাৰিছিল কোনোবাখিনিলৈ —-! খিলখিলাই হাহিঁ উঠিছিল তাই । অভাৱ থাকিলেও মনত শান্তি আছিল তাইৰ । সপোনবোৰো একো অলিক নাছিল চোন , তাইৰ বয়সত দেখিব পৰা স্বাভাবিক সপোন এটাকে তো তাই লালন কৰিছিল ……..
…….মাজে মাজে সেই সপোনবোৰৰ মাজতে হঠাতে এজোৰ দহা চকুৱে ভুমুকি মাৰি গুচি যায় দূৰলৈ —  লাজত ৰঙা পৰি যায় তাই —–!
 —-ইচ্—— !
দুহাতেৰে  তাই দুচকু ঢাকি ধৰে  ! কিয় যে মনলৈ আহে তাৰ চকুযুৰি  তাইৰ —– বুজিও নুবুজাৰ ভাও ধৰে তাই নিজৰ ওচৰতে …….!!
—- তাইৰ মনত পৰে তালৈ —!
 কি যে ভাল লগা আছিল সেইবোৰ দিন । সমনীয়া আটাইবোৰ একেলগে থাকোতে তাৰ যেন তাইৰ প্ৰতি অলপ বেলেগ এটা চাৱনি আছিল । মৰমসনা হাহিঁ এটাৰে তাইৰ লগত অলপ বেলেগ কৈ কথা পাতিছিল সি।
এদিন সি অকস্মাতে তাইক নৈৰ পাৰলৈ মাতি গৈছিল । তাই চুচুক-চামাক কৈ গৈছিল কোনোবাই দেখে বুলি । সি আগৰেপৰাই নৈৰ পাৰত বহি আছিল হাতত তাইৰ প্ৰিয় এপাহ কপৌফুল লৈ ! তাইক দেখি সি লাজ লাজ কৈ দিছিল তাইক কপৌ ফুল পাহ আৰু কৈছিল —
: এয়া ল , তোলৈ আনিছো ! ভাল লাগিছেনে সুলেখা এইপাহ তোৰ ?
: বহুত ধুনীয়া লাগিছে দীপু ! কত পালি ? আৰু মোলৈ আনিছ যে ….  মই কপৌ ফুল ভাল পাও বুলি তোক কোনে কলে ?
: মই জানো , এদিন যে তই স্কুলৰ পৰা আহি থাকোতে গছ এজোপাত কপৌ ফুল দেখি চিঞৰি দিছিলি , মই দেখিছিলো —-
 লাজ লাজ হাহিঁ এটাৰে তাইতকৈ দুবছৰ ডাঙৰ দীপুৱে কৈছিল সেইদিনা ….
: তোক কথা এটা কওনে সুলেখা
: অঁ ক !
: তোক কিবা এটা ভাল লাগে মোৰ …………
— তাৰ দহা চকুকেইটাৰে গভীৰভাৱে চাই ৰৈছিল তাইলৈ —-
: …………….
: তই মোক বেয়া পাৱ নেকি ?
: নাপাঁও ,
: মোৰ লগত থাকিবি নে সদায় ?
: থাকিম , তই যদি ৰাখ —–
—–তাই লাজতে যেন মৰহি যাব ,
কেনেকৈ যে তাৰ কথাৰ উত্তৰবোৰ দি গৈছিল তাই…. !
 কেতিয়াও নভবাকৈ তাইৰ আৰু দীপুৰ মাজত এখন মৰমৰ সাঁকো গঢ়ি উঠিছিল — কোনেও নেদেখাকৈ সিহঁতৰ মৰমবোৰ মনে মনে গভীৰ হৈ পৰিছিল । কিমান সপোন যে দুয়োৰে বুকুত থোপাথোপে ফুলিছিল ……. কিতাপৰ মাজত ভৰাই সি তাইলৈ বুলি লিখি আনিছিল কিছুমান মৰম লগা সৰু সৰু কবিতা  —- তাই পঢ়া টেবুলত বহি সেই কবিতাবোৰ প্ৰথমে পঢ়ি লোৱাতো এটা নিয়মিত কাম আছিল । তাৰ পাছতহে তাই কিতাপত মন দিব পাৰিছিল………..!
—এক সহজ জীৱন আছিল তেতিয়া ……….!
 কিন্তু হঠাতে যে কৰ পৰা কি হৈ গল ! ডেউকা ভগা চৰাইৰ দৰে তাই সৰি পৰিছিল যেন সপোনৰ দেশৰ পৰা……..
— দেউতাকে কামত থাকোতে গছ কাটিবলৈ ওপৰলৈ উঠি কিবা প্ৰকাৰে পিচলি  তলত পৰিছিল এদিন । থেকেচা খাই পৰি যোৱা দেউতাকক গাঁৱৰ দুই একে মিলি দাঙকোলাকৈ ঘৰত থৈ গৈছিলহি । বিষত দেউতাকৰ মৰনকাতৰ চিঞৰে তাইক আৰু মাকক  অসহায় কৰি তুলিছিল । দুই একে সহায় কৰি ডাক্টৰৰ তালৈ নিছিল যদিও , বহুত টকাৰ হিচাপ দিছিল ডাক্টৰে দেউতাকক ভাল কৰি তোলাৰ বাবে । সেই হিচাপ সিঁহতৰ নিচিনা মানুহৰ চেতনাই ঢুকি নাপাইছিল ……!
দেউতাকক মাক আৰু তাই মিলি ঘৰতে শুশ্ৰুষা কৰিছিল । ৰাজহাড়ত বেয়াকৈ আঘাত পোৱা দেউতাক ক্ৰমে বিচনাৰ পৰা উঠিব নোৱৰা হৈছিল , ককালৰ তলৰ চোৱা লৰাব নোৱৰা হৈ পৰিছিল । তাই আৰু মাকে আন্ধাৰ দেখিছিল চৌফালে । কেনেকৈ চলিব সিহত ? কিদৰে দুবেলা দুমুঠিৰ যোগাৰ হব ?
তাই বুজা হোৱাৰে পৰা দেখি অহা ককালৰ বিষত কোঙা হৈ পৰা মাকজনী ;  দেউতাকৰ পংগু শৰীৰৰ যতন ….কিদৰে সম্ভৱ কৰি তোলে তাই এতিয়া এই সকলোবোৰ !
—–আৰু ——- আৰু তাইৰ সপোনবোৰ ……..??
দীপু আৰু তাই ভগাই লোৱা সময়ৰ মধুৰতাবোৰ …….?? হেৰাই যাব নেকি এতিয়া ………!
কন্দাৰ বাহিৰে তাইৰ একো পথ নাছিল । ভাবুক হৈ পৰিছিল তাই । হঠাতে আহি পৰা এজাক ধুমুহাই তাইক ভিতৰৰ মানুহজনীক তচনচ কৰি পেলাইছিল । উৱাদিহ নোপোৱা হৈছিল একো । এফালে তাইৰ পঢ়া-শুনা , আনফালে তাইৰ ঘৰখন !
……..কি কৰিব তাই সিদ্ধান্ত লবলৈ বৰ কষ্ট হৈছিল । এটা জীয়া সপোনক পলকতে দুহাতেৰে মোহাৰি পেলাবলৈ তাইৰ সত যোৱা নাছিল ।
৹৹৹৹ সেই সময়বোৰতে নতুনকৈ চিনাকি হৈছিল তাই জীৱনৰ আচল অংকবোৰৰ লগত । স্কুলত শিকি অহা পাটীগনিত অথবা সৰল অংকবোৰে যে জীৱনৰ এই অংকবোৰৰ সমাধান দিব পৰা নাছিল তাইক … ! তেনেহলে কিয় লাগে কিতাপৰ অংক ? যদি জীৱনৰ আউল বোৰেই ভাঙিব নোৱাৰে , কি অৰ্থ সেই অংক শিকাৰ !
—-  হঠাতে সহজ হৈ পৰিছিল তাইৰ বাবে জীৱনৰ আউলবোৰৰ সমাধান উলিওৱাত  ! সহজ হৈ পৰিছিল তাইৰ দুদোল্যমান হৈ থকা মনতোক বুজোৱাত ।
তাই দৌৰি গৈছিল দেউতাকে কাম কৰা কাঠমিস্ত্ৰী বৰদেউতাৰ ওচৰলৈ । কিবাকৈ এটা চাকৰি যোগাৰ কৰি দিবলৈ খাটনি ধৰিছিল তাই । তেও আশ্বাস দিছিল তাইক ;  আৰু এদিন তেওৱেই এই চাকৰিতোত তাইক সুমুৱাই দিছিল । তেতিয়া এনেকুৱা লাগিছিল যেন তাইৰ আৰু জীৱনত বিচাৰিবলগীয়া একোৱেই নাই । ইমান সকাহ আছিল এই চাকৰিতো সিহঁতৰ বাবে ……
: চুলেখা , কি ভাবি আছা ? কাম কৰিবলৈ মন নাই নেকি ?
— অলপ ৰূক্ষতাৰে কোৱা বুঢ়া মালিকজনৰ কথাকেইটাই সুলেখাক সচকিত কৰিলে —
—- অহ্, তাই অথনিৰ পৰা কিবোৰ যে ভাবি আছিল ! মানুহৰ কষ্ট , আৱেগ অনুভূতিৰ মূল্য নুবুজা এজন ধনী ব্যৱসায়ীৰ তাই সাধাৰন এজনী কৰ্মচাৰী ! বহুকেইটা শ্ব’ৰুম আছে তেওৰ যোৰহাট নগৰীৰ মাজমজিয়াত , তাৰে এখন কাপোৰৰ দোকানত তাই চেলছ্-গাৰ্ল । আচলতে চেলছ-গাৰ্ল বুলি কোৱাতকৈ তাই কাপোৰৰ দোকানখনত চাফাইৰ কাম কৰা আৰু কাষ্টমাৰে চাই খেলিমেলি কৰি পেলোৱা কাপোৰবোৰ জাপি-কুচি আকৌ নিৰ্দিষ্ট জেগাত ৰখাতোহে তাইৰ আচল দায়িত্ব । তথাপি প্ৰায়ে তাই দুই এজন কাষ্টমাৰৰ লগত কথা পাতিবলৈ চেষ্টা কৰে আৰু মাজে মাজে এজোৰ-দোজোৰ কাপোৰ বিক্ৰী কৰিও দিয়ে ! সেয়েহে তাই নিজকে চেলছ-গাৰ্ল বুলিয়ে ধৰি লৈছে ।
 তাইৰ দৰে বহু কৰ্মচাৰী আছে তেওৰ বাকী শ্ব’-ৰুম বোৰতো । প্ৰত্যেকৰে লগতে তেও একেই ৰুক্ষতাৰে কথা পাতে । আজি পাচঁ বছৰেই হলহি তাইৰ এইটো চাকৰি , কিন্তু আজিলৈকে এদিনো তেওঁৰ পৰা এষাৰ ভাল মাত শুনি নাপালে তাই । কেতিয়াবা ইচ্ছা হয় , এৰি দিব তাই এইবোৰ , বিচাৰি লব আন এটা চাকৰি । কিন্ত পাছ মুহূৰ্ত্ততে তাই নিজকে বুজাই , কেনেকৈ এৰি দিয়ে তাই চাকৰিতো । ঘৰখনৰ দুটা প্ৰাণীৰ যে কেৱল তাইয়েই ভৰষা । কি নিশ্চয়তা আছে , এৰি দিয়াৰ লগে লগেই যে তাই আন এটা চাকৰি যোগাৰ কৰি লব পাৰিব !
—- নাই — নাই — তাইৰ দৰে দৰিদ্ৰতাৰ লগত সহবাস কৰা জীৱন এটাৰ চাকৰি নিৰ্বাচন কৰাৰ অধিকাৰ নাথাকে , মাথো নিজৰ ভাল লগা বেয়া লগা বোৰক ত্যাগ কৰি সন্মুখত পোৱা তো কৰি যাব লাগে । তাতকৈ বেলেগ , তাই একো ভাবিব নোৱাৰে আজিৰ দিনত । তাইৰ সপোনবোৰক সদায়ৰ বাবে সমাধি দিছিল সেইদিনাই , যিদিনা তাইৰ পঢ়া আধৰুৱা কৈ এৰি এইতো চাকৰিত যোগ দিছিলহি। লগৰবোৰে হায়াৰ-চেকেন্ডেৰী পাছ কৰি কোনে কত পঢ়িব আলোচনা কৰি থকাৰ দিনবোৰত তাই সামান্য টকাৰে ঘৰখনৰ জোৰা-টাপলিবোৰ কেনেকৈ মাৰিব পাৰে তাৰ হিচাপ-নিকাচত ব্যস্ত থাকিছিল।
তাই তেতিয়াই বুজিছিল তাইৰ দৰে ছোৱালীৰ কোনো সপোন থাকিব নোৱাৰে !
তাইৰ সেই সপোনবোৰৰ লগতে হেৰাই গৈছিল এযোৰ দহা চকু , এটা মৰম সনা চাৱনি সদায়ৰ বাবে  ! বুকুখন বিষাই যাই তাইৰ কথাবোৰ মনত পৰিলে —-
: সুলেখা , তোৰ লগত ডাঙৰ কথা এটা আছে , আজি নৈৰ পাৰলৈ আহিবিচোন দুপৰীয়া সময়ত …
— ঘৰৰ পদূলিমূৰতে তাইক লগ পাই দীপুৱে তাৰ স্কুটি খন সামান্য ৰখাই কৈ গৈছিল তাইক মনে মনে —-
ক্ষন্তেক চিন্তা কৰি তাই ৰৈ গৈছিল —- মাক দেউতাকক খুৱাই-বুৱাই আজৰি হৈ তাই দৌৰ দিছিল নৈৰ পাৰলৈ , দুৰৰ পৰাই দেখিছিল নৈৰ বুকুলৈ শিল দলিয়াই দলিয়াই পাৰতে বহি আছিল দীপু —–
: ক , কিয় মাতিছিলি
: অহ্ , আহিলি তই …… বহচোন !
: হুমম — ক এতিয়া , মই বেছি সময় ৰব নোৱাৰিম , মা দুপৰীয়া বেছি পৰ নোশোৱে , সোনকালে ক ….. !
: সুলেখা …. তোৰ পঢ়া-শুনা আধৰুৱা হল বাবে আৰু তই দোকানত কাম কৰ বাবে মোৰ ঘৰত তোক বোৱাৰী কৰি নিয়াত কোনেও মান্তি নহয় ! মই বহুত বুজালো , কিন্তু তোক বিয়া কৰালে মায়ে নিজক শেষ কৰি দিম বুলি কৈ কান্দি কান্দি ভাত-পানী নোখোৱা হৈছে  …..তই মোক ভুল নুবুজিবি — মই তোক বিয়া কৰাব নোৱাৰিম ……!
: ……..
……….নুবুজো দে ভুল । তই সুখী হ , মোৰ তাতেই সুখ । মোৰ কাৰনে তোৰ ঘৰৰ মানুহক দুখ দিব নালাগে । এনেও আমাৰ দৰে মানুহৰ বাবে সুখবোৰ বৰ ক্ষন্তেকীয়া…….
…..দুদিনীয়া হাহিঁবোৰকে গোটেই জীৱনলৈ বুকুত কঢ়িয়াই ফুৰি সুখ বোটলাত আমাৰ দৰে মানুহবোৰ অভ্যস্ত ! আমাৰ দৰে সৰু মানুহবোৰে বালিঘৰ সাজিয়ে সপোন ৰচিব জানো !  তই চিন্তা নকৰিবি । মই তোক অলপো বেয়া নাপাও ……..
……… বিয়াত দৰকাৰ হলে মাতিবি …. তামোল- চালি কাটি দিব পাৰিম ….! যাও দে , মায়ে বিচাৰি ফুৰিব ……
——  এপলকো আৰু নোৰোৱাকৈ , পিছলৈ এবাৰো ঘূৰি নোচোৱাকৈ তাই দৌৰিছিল সেইদিনা ঘৰৰ দিশত —- বুকুত হোৱা বিষটোৱে তাইৰ ডিঙিলৈকে উজাই আহিছিল —- চকু পানীৰ ঢলতোৱে দিন দুপৰতে তাইৰ সন্মুখৰ চিনাকি বাটতো মনিব নোৱৰা কৰি পেলাইছিল …..
বাস্তৱৰ কঠিন হাতোৰাত আলসুৱা সপোনবোৰে থাউনি নাপাই ককবকাই হেৰাই গৈছিল জীৱনৰ কোনো এক ধূষৰ কেকুঁৰিত ……
——তাইৰ হাতত দুটোপাল চকুলো সৰি পৰে ….!
 চেল্ফ কেইটা মচি মচি তাই নো কেতিয়া আকৌ একেবোৰ কথাতে সোমাই পৰিছিল , নিজেই নাজানিলে !  ইমান দেৰি চাফা কৰি থাকোতে লগালে মালিকে আকৌ তাইক কথা শুনাব । তাই লৰালৰিকৈ কামকেইটা কৰি , কাপোৰবোৰ জাপিবলৈ ধৰিলে অন্যমনস্ক হৈ। এটা সময়ত কাষ্টমাৰৰ ভীৰ বেছি হয় , আনবোৰ কৰ্মচাৰী অত্যন্ত ব্যস্ত হৈ পৰে বাবে তাই এনেই থাকিবলৈ বেয়া পাই তেনেকুৱাত । তাইও ব্যস্ত হৈ পৰে তেতিয়া দুই – এগৰাকী ৰ লগত ! তাইৰ দ্বাৰা যদি কোনোবা কাষ্টমাৰে কিবা এপদো কিনে তাই সুখী হয় , নিজৰ প্ৰতি বিশ্বাস জন্মে আৰু লগতে মালিকৰ টান কথা কেইটামানৰ পৰা ৰেহাই পায় ।
আজি মাহৰ শেষৰ দিন , তাইৰ মনতো উগুল থুগুল হৈ আছে , দৰ্মহাৰ টকাকেইটা আজি দিবনে চাগে ! ঘৰখন তেনেই উদং প্ৰায় হৈ আছে । টকাকেইটা পালে অন্তত দৰকাৰী বস্তু কেইটামান নিব পাৰিব তাই ।
দিনতো একো নোকোৱা দেখি ছুটিৰ সময়ত ভয়ে ভয়ে তাই নিজেই এবাৰ মালিকৰ ওচৰলৈ গল  —-
: চাৰ , আজি টকাকেইটা দিব নেকি , অলপ প্ৰয়োজন হৈছিল —-
: আচ্ছা ! তোমাৰ খুব টকাৰ হিচাপ না ? কামৰ সময়ত তো মন নিদিয়া , দেৰি কৈ আহিবা , সোনকালতে যাবা —-  ? আৰু টকাকেইটা পুৰা টাইমত লাগে ?
 — এটা কৰ্কশ মাতেৰে তেও প্ৰায় চিঞৰি কলে কথাকেইটা । বাকীবোৰৰ কানত পৰাত সকলোৱে তললৈ মূৰ কৰি ৰল , তাই মন কৰিলে । কিন্তু তাইৰ অলপো বেয়া লগা নাই , কাৰন এই ধৰনৰ কথা প্ৰায়বোৰেই শুনি থাকে । কাৰো বাবে নতুন নহয় ! আজি তাই শুনিছে , কালিলৈ আন এজনে শুনিব পাৰে । কিন্তু কোনেও আপত্তি কৰাৰ উপায় নাই । সকলোৰে যে ভিন ভিন বাধ্যতাবোৰ ,  কোনেও চাকৰি হেৰুৱাব নিবিচাৰে ! আৰু এই অহংকাৰী মালিকজনে কাৰো আৱেগ অনুভূতিক বুজাৰ প্ৰয়োজনবোধ নকৰে ।
…………তাইৰ কবলৈ মন গৈছিল — ‘ চাৰ আপুনি কি বুজিব ,  সেই সামান্য দৰ্মহা মোৰ গোটেই ঘৰখনৰ চালিকা শক্তি , গোটেই মাহটোৰ অন্তত মোৰ মুখস্হ হৈ থকা খৰচৰ বাটবোৰে এই টকাকেইটা লৈ বৰ আশাৰে ৰৈ থাকে চাৰ ‘ — কিন্তু তাই নকলে , একো নকলে । তললৈ মূৰ কৰি ৰৈ থাকিল । এনেধৰনৰ কথা শুনি শুনি তাই অভ্যস্ত হৈ পৰিছে , দৰিদ্ৰতাই যে মানুহক কিমান সহনশীল কৰি তোলে —
: এয়া লোৱা , তোমাৰ টকা
—- নোটকেইখন দলিয়াই দিয়াৰ দৰে তাইলৈ আগবঢ়াই দিলে অহংকাৰী মালিকজনে ।
—– তাই যেন আজলী পাতি ধৰিব — !
মানুহজনলৈ এক প্ৰচন্ড খং উঠিল তাইৰ —-  একো নোকোৱাকৈ টকা কেইটা সামৰি তাই ছুটি কৰি ওলাই আহিল সেইদিনাৰ বাবে  !
    ছুটি দিন ; বাহিৰখনত ৰদ নোহোৱা হলেই ! ঘৰ পোৱালৈ  সন্ধিয়াই হবগৈ —- শংকিত হল তাই । সিদিনা গাঁৱৰ বাটেৰে চাইকেলত গৈ থাকোতে কোনোবাই তাইক অলপ দূৰলৈকে পিছা কৰিছিল , উঁকিয়াইছিল তাইৰ নামতো মাতি — ভগৱানৰ নাম লৈ তাই যিমান পাৰে সিমান বেগাই চাইকেলৰ পেডেল মাৰিছিল —-
—-দৌৰোদৌৰিকৈ তাই বাছ-ষ্টেন্ডলৈ গল — ষ্টাৰ্ট দি যাবলৈ সাজু হৈ থকা বাছ এখন দেখি ভাল লাগি গল তাইৰ !
—” টিয়ক “
 পইচা তো দি বহি পৰিল সুলেখা খালী হৈ থকা চিটতোত —–!
—-বাছৰপৰি নামি পাৰিলে মাছ কেইটামানকে লৈ যাব আজি ঘৰলৈ , বহুত দিন হল মাক – দেউতাকক একো ভালকৈ খুৱাবই পৰা নাই —- মনতে ভাবি গল তাই !
—-  পুৰনা স্কুলঘৰতোৰ বেৰখনতে দিনতোলৈ আওজাই থোৱা চাইকেল খন লৈ তাই যাবলৈ  লঁওতেই —- এখন টিকটিকিয়া ৰঙা ৰঙৰ  গাড়ী তাইৰ সন্মুখেৰে পাৰ হৈ গল —-
 —– বিয়াৰ পতাৰ পাছত দীপুক আজিহে দেখিলে তাই  ; কাষত বহি থকা পত্নীৰ লগত হাহিঁ হাঁহি কথা পাতি পাৰ হৈ যোৱা দীপুৰ হৃদয়ৰ কোনোবাখিনিত বাৰু তাইৰ নামৰ কিবা এটা অৱশিষ্ট আছেনে চাগে ……
—— বিষাদ মিশ্ৰিত হাহিঁ এটা ওলাই আহিল তাইৰ ….!
 মাছ বেচি থকা লৰাজনৰ ওচৰ চাপি গল সুলেখা ! সৰু সৰু মিৰিকা মাছ কেইটামান লৈ খৰকৈ চাইকেল চলালে তাই —- আন্ধাৰ হলে তাইক সুৰক্ষা দিবলৈ তাইৰ নিজৰ বাদে আন কোনো নাই  ………..!!
সমাপ্ত
**মহাবাহু**
Show More

Related Articles

Back to top button
error: Content is copy right protected !!