বাম্বু(Bumboo), সম্পৰ্কৰ অন্য এক দৃষ্টিকোণ ইত্যাদি…

কাবেৰী গোস্বামী

অলপতে সঞ্জয় মিশ্ৰ অভিনীত আৰু জগদীশ ৰাজপুৰোহিত পৰিচালিত “বাম্বু” (Bumboo, 2012) ছবিখন চালো৷ ফ্ৰেন্সিচ ভেবৰ পৰিচালিত ফৰাচী ছবি লেম’ডিঅৰ (l’emmerdeur, 2008) হিন্দী ৰূপ “বাম্বু”, য’ত এজন পেশাদাৰী হত্যাকাৰী আৰু এজন আত্মহত্যাপ্ৰৱণ যুৱকৰ মাজত এখন হোটেলত অগতানুগতিক বন্ধুত্ব বা সংযোগ ঘটে৷ সেইখন হোটেলৰে পৰিচাৰকৰ চৰিত্ৰত অভিনয় কৰা সঞ্জয় মিশ্ৰৰ অভিনয়ে আন এক মাত্ৰা প্ৰদান কৰা ছবিখন এক সৰল ধাৰণাৰ ভেঁটিত নিৰ্মিত৷ য’ত প্ৰতিজন ব্যক্তিয়েই এনে একোজনক লগ পায় যাক দেখাৰ লগে লগে দেখোতাজনৰ মুখ বিৰক্তিত কোঁচ খাই যায় আৰু যাৰ উপস্থিতিয়ে আনজনৰ কেৱল আৰু কেৱল বিৰক্তি, হতাশা বা খঙহে উঠায় (যাক কামোৰ বুলি ক’ব পাৰি)৷ এজন ছবি সমালোচকৰ মতে, ছবিখনত কোনো এজনেই ‘নায়ক’ নহয়, কিন্তু প্ৰতিজনেই একো একোজন ‘নায়ক’ ছবিখনৰ… হাঁহিৰ লগতে চিন্তাৰো খোৰাক দিয়ে৷ প্ৰকৃততেই, হাস্যৰসৰে পূৰ্ণ দৃশ্যবোৰৰ লগতে প্ৰতিটো চৰিত্ৰই দৰ্শকক “বাম্বু”ত কেৱল হাঁহিৰ খোৰাক যোগোৱাৰ লগতে আন কিছুমান কথাও ভবাই তোলে৷ জীৱনলৈ অহা সম্পৰ্কবোৰ কাকতালীয় নে নিৰ্ধাৰিত সেয়াও “বাম্বু”ৱে কোনোসময়ত দৰ্শকৰ মনত খুটিয়াব৷
ছবিখন চোৱাৰ পাছত মনলৈ পৰস্পৰ বিৰোধী  কিছুমান ভাব আহিছিল৷ অনেকেই এখন নাটৰ লগত তুলনা কৰি অহা জীৱনটোত কোনো সূত্ৰধাৰ নাথাকে৷ আমি কৰি যোৱা কাম আৰু জীৱনৰ ঘটনা- পৰিঘটনাকেই বৰ্তমান আৰু ভৱিষ্যত জীৱনৰ গতি নিৰ্দ্ধাৰক বুলি ধৰিলেও প্ৰকৃততে অতীতৰ দৰে ভৱিষ্যতৰ ওপৰতো আমাৰ বৰ এটা হাত নাথাকে৷ প্ৰত্যেকৰে নিজৰ জীৱনটোৰ মূল নায়ক নিজেই, অৱশ্যে সৰু- বৰ অনেক চৰিত্ৰৰ সমাহাৰতহে জীৱন নাটখনে পৰিপূৰ্ণতা পায়৷ জীৱনৰ ঘটনাবোৰ আকস্মিক হ’লেও সংগতিবিহীন নহয়, একেদৰে জীৱনৰ বিভিন্ন দৃশ্যবোৰৰ সৰু বৰ ভিন্ন চৰিত্ৰবোৰৰ ভূমিকাও সংযোগবিহীন নহয়৷ মন কৰিলেই আমি দেখিম যে  পাৰ কৰি অহা দিনবোৰত অনেক চৰিত্ৰ পাই আহিছো, এনে কোনো চৰিত্ৰ যদি ট্ৰেজিক, কোনো আকৌ ক’মিক, কোনোজন ৰহস্যময় কোনোজন আকৌ খোলা কিতাপৰ দৰে; কোনো যদি সহনায়ক, কোনো আকৌ খলনায়কৰ ভূমিকাত৷ কাৰোবাৰ ৰোল দীঘলীয়া, কোনোজনৰ আকৌ তেনেই খন্তেকীয়া৷ কোনোজনৰ হঠাৎ আৱিৰ্ভাৱ, কোনোজনৰ নাটকীয় অন্তৰ্ধান৷ কোনোজনৰ উপস্থিতি আনন্দদায়ক, কোনোজনৰ বিৰক্তিকৰ, কোনোজন হিন্দী ছবি শ্ব’লেৰ  জয়ৰ দৰে, কোনোজন আকৌ শ্বেক্সপীয়েৰৰ নাট জুলিয়াছ চিজাৰৰ চৰিত্ৰ ব্ৰুটাছৰ দৰে৷ কিন্তু এটা কথা সঁচা যে  কোনেও কেতিয়াও কাকো জীৱনত চিৰদিনৰ বাবে  ধৰি ৰাখিব নোৱাৰে৷ (অপৈণত প্ৰেমত সততে উচ্চাৰিত “মই সদায় তোমাৰেই” বুলি কোৱাজনক এবাৰ “মোৰ লগত মৰিবা ব’লা” বুলি কৈ চালেই  এই কথাৰ সত্যতা ওলাই পৰিব)৷ এৰা! চলমান জীৱনত সকলোবোৰ সম্পৰ্ক স্থায়ী হোৱাটো কিদৰেইবা সম্ভৱ!  তেজৰ সম্পৰ্কৰে গঢ় লোৱা ঘৰ এখন আৱেগিক টানেহে ইটো প্ৰজন্মৰ পৰা সিটোলৈ বান্ধি ৰাখে৷ এই যে আৱেগিক টানতো! ই কিন্তু দূৰ দূৰলৈ তেজৰ কোনো সম্পৰ্ক নথকাজনৰ লগতো বৰ গভীৰভাৱে গঢ়ি উঠিব পাৰে৷ বৰং ঘৰৰ বাহিৰ ওলোৱাৰ পাছতেই সামাজিক জীৱনৰ সতে পৰিচয়ৰ প্ৰথম অৱস্থাৰ পৰা জীৱনৰ শেষ অৱস্থালৈকে গঢ়ি উঠা সৰহভাগ সম্পৰ্কই এনে৷ সম্পৰ্কবোৰ পাৰিবাৰিক বা সামাজিক যিয়েই নহওক, সততা আৰু আন্তৰিকতাৰ মাজতহে ই বাছি থাকে৷ য’ত সততা আৰু আত্মীয়তা নাথাকে তেনে সম্পৰ্ক পাৰিবাৰিক বা জৈৱিক হ’লেও আত্মিক হ’ব নোৱাৰে৷
সদ্যোজাত শিশু এটি পিতৃ- মাতৃৰ (অভিভাৱক) ওচৰত পৰিস্থিতিগতভাৱে (শাৰিৰীকভাৱে) নিৰ্ভৰশীল হ’ব লগাত পৰে আৰু এই নিৰ্ভৰশীলতাই আনি দিয়া নিৰাপত্তাৰ ভাৱেইহে শিশুটোৰ মনত তেওঁলোকৰ প্ৰতি আত্মীয়তা গঢ় দিয়ে আৰু প্ৰাপ্তবয়স্ক হৈ সেই সন্তানৰ পিতৃ মাতৃৰ প্ৰতি দায়বদ্ধতা সেই আত্মীয়তাৰে ফল৷
ছবিখনৰ আন এটা চৰিত্ৰই (সুৰেশ সুধাকৰে পত্নী পিংকীক) কোৱা কথাখিনিও হ’লে সঁচা যে, বহুসময়ত কোৱা হয় নতুন জীৱন এটা আৰম্ভ কৰাৰ কথা৷ কিন্তু তেনেক্ষেত্ৰত এই জীৱনটোক কি কৰা যায় সেইটো লৈ হ’লে কোৱা জনেই নিশ্চিত নহয়৷ কাৰণ জী থকা বৰ্তমানৰ জীৱনটোতো আৰু ঘৰৰ এচুকত বান্ধি বা সামৰি থ’ব পৰা নাযায়৷ অৰ্থাৎ কোনো নতুন জীৱনৰ আৰম্ভ কৰা নাযায়, আমি এইটো জীৱনেই আগুৱাই নিব লাগিব৷ মানুহে মনৰ কথা শুনিয়েই একোটা সম্পৰ্ক গঢ়ে আৰু সেই মনৰ কথা শুনিয়েই সম্পৰ্কটো চলাই নিয়ে৷ সম্পৰ্ক একোটা টিভিৰ চেনেল নহয় যে বেয়া লাগিলে সেইটো সলাই আন এটা লগাই ললেই হ’ল, পলকতে ভাঙি পেলাব পৰা নহয় (কিছুমান) সম্পৰ্ক৷ সম্পৰ্ক এটা ধৰি ৰাখিলেহে ৰয়৷ কাৰোবাৰ মাজত পাৰ্ফেক্টনেছ বিচাৰি গঢ়াটো সম্পৰ্ক নহয়৷
  আছলতে পৰিৱৰ্তনশীল জীৱনটোত কোনো কথাই হয়তো স্থায়ী নহয়৷ কাৰণ মৃত্যু, পৰিস্থিতি অথবা মনৰ অৱস্থাই সম্পৰ্কৰ স্থিতি নিৰ্ধাৰণ কৰে৷ যদি স্থায়িত্বৰ নিশ্চিতি থাকিলেহেতেন, সম্পৰ্কবোৰৰ আকৰ্ষণ হয়তো এইদৰে নাথাকিলহেন৷ অস্কাৰজয়ী মোহময়ী অভিনেত্ৰী জুলিয়া ৰবাৰ্টছে এই প্ৰসংগত বৰ সুন্দৰ কথাৰ এষাৰ কৈছিল, “When people walk away from you, let them go. Your destiny is never tied to anyone who leaves you, and it doesn’t mean  they are bad people. It just means that their part in your story is over”.
প্ৰকৃততে  প্ৰত্যেক ব্যক্তিসত্বাই স্বয়ংসম্পূৰ্ণ৷ আন এটা সত্বাৰে সংযোজিত হ’লেহে সম্পূৰ্ণতা লাভ কৰাৰ ধাৰণাটোৱেই কিজানি ভুল৷ তথাপিও আমি আশা কৰোঁ সামাজিক জীৱন মানেই যেন সম্পৰ্কবোৰ চলাই নিবই লাগিব৷ মৃত্যুৱে আঁতৰাই নিয়া আপোনজনক হেৰুৱাইও সময়ত আমি সহজ হৈ পৰো, কিন্তু জীৱিতজনৰে আঁতৰাৰ একধৰণৰ ভীতি  আৰু বহুসময়ত আমি টান নথকা সম্পৰ্ক এটাও ছিঙি যোৱাৰ ভয়তো বিতত হৈ পৰোঁ৷ বুদ্ধ হোৱাতো সহজ নহয়, কিন্তু তেজৰ সম্পৰ্ক হ’লেও আত্মিক টান নথকা সম্পৰ্ক কিছুমানৰ অহেতুক বোজা বজাই ৰাখি গৈ থকাটোও জীৱন হ’ব নোৱাৰে৷ সম্পৰ্ক কিদৰে কেতিয়াবা বুমেৰাং হ’বও পাৰে “বাম্বু”ৱে দৰ্শকক যেন ক্ষন্তেকৰ বাবে তাকেই বুজাই দিয়ে!

Related Articles

Close