‘বানপানী সমস্যা’–এক নিৰ্বাচনী এজেণ্ডা

নীহাৰিকা গোস্বামী

সংবাদ মাধ্যমৰ ওপৰত দৃষ্টি নিবদ্ধ কৰিলেই যোৱা কেইদিনমানৰপৰা আমি প্ৰত্যক্ষ কৰিছো পানী আৰু কেৱল পানী। তাৰ কেইদিনমান আগত প্ৰত্যক্ষ কৰিছিলো আকৌ বিশুদ্ধ খোৱাপানীৰ অভাৱৰ জলজল, পটপট ছবি। এতিয়া বৰুণদেৱতাই হোৰা-হোৰে পানী বৰ্ষণ কৰিছে যদিও তাত জনগণৰ ব্যৱহার্য বিশুদ্ধ খোৱাপানীটুপি নাই। খোৱাপানীটো নায়েই লগতে তেওঁলোকৰ আশা-প্ৰত্যাশা, কষ্টৰ ফল বাসস্থানকো তচনচ কৰি পেলাইছে সংহাৰীৰূপী পানীয়ে।

বানপানী আমাৰ ৰাজ্যখনৰ কোনো নতুনকৈ হোৱা প্ৰাকৃতিক দুৰ্যোগ নহয়। অৱশ্যে শস্য-শ্যামলা প্ৰাকৃতিক সৌন্দর্যেৰে ভৰপূৰ এসময়ৰ এই ভূ-খণ্ডত বানে এই ধৰণে তাণ্ডৱ সৃষ্টি কৰিব পৰা নাছিল। জনসংখ্যা বৃদ্ধি, বিশ্বায়নৰ ধাৰণাবোৰ ক্ৰমাৎ গা-কৰি উঠাত বানপানীৰ লগতে আনুষংগিক দুৰ্যোগবোৰ—গৰাখহনীয়া, ভূমিস্খলন আদি ৰাজ্যখনত বাঢ়ি আহিছে ক্ৰমশঃ। অৱশ্যে স্বাধীনতাৰ পিছত লাখ, কোটি টকা বানপানী সমস্যা সমাধানৰ নামত আবণ্টন কৰা দেখি আহিছো যদিও বিজ্ঞানসন্মত পদ্ধতিৰে আগ নবঢ়াৰ বাবেই ইয়াৰপৰা জনগণে দীৰ্ঘম্যাদী ফল লাভ কৰিবলৈ আজিও সক্ষম হোৱা নাই। এতিয়া প্ৰশ্ন হ’ল ৰাজ্যখনৰ ভৌগোলিক অৱস্থানৰ কথা আগত ৰাখি ৰাজ্যখনত ক্ৰমাৎ বাঢ়ি আহি ভয়ানক ৰূপ লোৱা বান পৰিস্থিতি নিৰ্মূল কৰাৰ কোনো উপায়ৰ কথা চিন্তা কৰিব নোৱাৰি নেকি।

আমাৰ নদীমাতৃক ৰাজ্যখনৰ প্ৰচুৰ সম্ভাৱনাময় জলসম্পদসমূহ চূড়ান্ত অৱহেলা-অপপ্ৰয়োগৰ ফলত সম্প্ৰতি অভিশাপ হৈ দেখা দিছে। বিভিন্ন মহলত বাৰে বাৰে প্ৰশ্ন উঠিছে—‍‘‍‘চীনে যদি হোৱাংহো নদীক এসময়ৰ চীনৰ চকুলোৰপৰা আনন্দ বনাব পাৰে, আমাৰ ব্ৰহ্মপুত্ৰখনক কিয় নোৱাৰি। যুক্তিসংগত চিন্তা এয়া। নিশ্চয় পাৰি যদিহে চীনৰ দৰে আমাৰ দেশখনৰ চৰকাৰ আৰু সমাজতান্ত্ৰিক ভাব-আদর্শেৰে পৰিচালিত মনৰ হ’ল হয়। জনগণৰ স্বাৰ্থত কাম কৰাৰ সদিচ্ছা থাকিল হয়। বিজ্ঞানসন্মত চিন্তা-চৰ্চাৰে, ৰাজনৈতিক স্বাৰ্থক আঁতৰত ৰাখি অসমৰ প্ৰধান নদ দুখনে বছৰে বছৰে জনগণক সৰ্বনাশ কৰিছে। এই বানপানীৰ নামত কিমানে ঘৰৰ ভেটি, আপোনজনক হেৰুৱাইছে তাৰ লেখ-জোখ পাবলৈ নাই। ৰাজ্যখনে কিমান মানৱ সম্পদ হেৰুৱাইছো সেয়াও হিচাপ কৰি পাবলৈ নাই। প্ৰলয়ংকৰী বানে আমাৰপৰা সম্পদ, ৰাজহ সকলো আঁজুৰি নিছে, আমাক হ’লে শূন্যতা, হতাশাৰ বাদে আন একো দিয়া নাই। ইয়াৰদ্বাৰা লাভৱান হৈছে কেৱল মন্ত্ৰী-বিধায়ক অথবা ৰাজনৈতিক ব্যক্তি-দলসমূহ। নিৰ্বাচনী এজেণ্ডা হিচাপে এইসমূহ ৰাখি বছৰে বছৰে নিৰীহ জনতাক কৰিছে ঠগ-প্ৰৱঞ্চনা।  ‍‘‍‘ৰাষ্ট্ৰীয় সমস্যা’’ বিষয়টোক লৈয়ে কোনে কিমান নিকৃষ্ট ৰাজনীতি কৰিলে সচেতন জনগণ সেই বিষয়ে জ্ঞাত। আজি আকৌ সেই বিৰোধীৰে সংসদত ওলোটা খৰ (?) সত্ৰৰপৰা দীপৰ বিল, ৰাষ্ট্ৰীয় অভয়াৰণ্য অথবা জাতীয় সম্পদ ৰক্ষাৰ্থে প্ৰাথমিক উদ্বিগ্নতা প্ৰকাশ কৰাৰ বাদে কোনটো ৰাজনৈতিক দলে সুদূৰপ্ৰসাৰী বিজ্ঞানসন্মত পদক্ষেপ গ্ৰহণ কৰিছে? জাতীয় সমস্যা হিচাপে অসমৰ সাংসদ, মন্ত্ৰী-বিধায়কসকলেনো অসমৰ বানপানী নিৰ্মূল কৰাত ইমান বছৰে কিমান ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ আমি দেখিয়েই আহিছো। আচলতে এই আটাইবোৰ পণ্য গণতান্ত্ৰিক ব্যৱস্থাৰ একো-একোটা অংগ হৈ পৰিছে। স্বাধীনোত্তৰ ৭০ বছৰ পিছতো এই পণ্য ব্যৱস্থাই চলি আছে। আৰু অসমীয়াৰ আৱেগপ্ৰৱণ স্বভাৱৰ সুযোগ লৈ এই ব্যৱস্থাই চলি যাব। প্ৰতি নিৰ্বাচনৰ আগে আগে এইসমূহ বিষয়কে সজাই-পৰাই আকৰ্ষণীয় ৰূপত পণ্য গণতান্ত্ৰিক ব্যৱস্থাৰ অন্যতম অংশীদাৰ আমাৰ আগত প্ৰস্তুত কৰিব। শেষত শাসনাধিষ্ঠিত চৰকাৰখনলৈ, ‍‘‍‘এই ধৰণৰ ধাপ্পাবাজিৰ ৰাজনীতি ক’ত কৰিব যেতিয়া এই ভূ-খণ্ডই নাইকিয়া হৈ যাব?’’

Related Articles

Check Also

Close
Close