বাধ্য সন্তান বনাম  দুটা প্ৰজন্মৰ মাজৰ ব্যৱধান

উম্মি ৰুমান্না হুছেইন

পিতৃ-মাতৃৰ বাধ্য সন্তান বনাম  দুটা প্ৰজন্মৰ মাজৰ ব্যৱধান
এটা প্রজন্ম বুলিলে সাধাৰণতে এটা দল বা এখন দেশৰ সকলো মানুহ যিসকলৰ বয়স, অভিজ্ঞতা, মনোভাৱ, বিশ্বাস, মূল্যবোধ, আগ্ৰহ, আদর্শ আদি একে তাকে বুজায়। দুটা প্রজন্মৰ মাজৰ ব্যৱধান বুলিলে অনুজ ব্যক্তি আৰু সিহতঁৰ পিতৃ-মাতৃ বা ককা-আইতাৰ মাজত অনুভৱ কৰা ব্যৱধানক বুজায়। ঊনবিংশ শতিকাৰ আগতে দুটা বা তিনিটা প্ৰজন্মৰ জীৱনধাৰা প্ৰায় একে আছিল। কিন্তু বিংশ আৰু একবিংশ শতিকাত প্ৰযুক্তিবিদ্যাৰ দ্ৰুত বিকাশ আৰু সামাজিক অগ্ৰগতিৰ ফলস্বৰূপে এটা প্ৰজন্মৰ জীৱনধাৰা আনটো প্ৰজন্মতকৈ বহুপৰিমাণে পৃথক হৈ পৰিছে। ইয়াৰ ফলতেই বৃদ্ধি পাইছে দুটা প্রজন্মৰ মাজত ব্যৱধান।
              ৰামায়ন-মহাভাৰতৰ যুগৰ পৰাই পাৰিবাৰিক বিবাদ চলি আহিছে। কিন্তু বৰ্তমান যুগত পাৰিবাৰিক বিবাদৰ কি কাৰণ হ’ব পাৰে? সাধাৰণতে আমাৰ মনত এটা প্ৰশ্নৰ উদয় হয় যে আমাৰ পিতৃ-মাতৃয়ে আমাৰ কথা কিয় নুশুনে বা বুজি নাপায়। কিন্তু আমি সকলোৱে জানো যে ইয়াৰ উত্তৰ হৈছে দুটা প্ৰজন্মৰ মাজত ব্যৱধান। এই ব্যৱধান ইমানেই সহজনে? এই ব্যৱধানৰ পৰিণতি কেনেকুৱা হ’ব পাৰে তাক আলোচনা কৰাৰ আগতে  মোৰ জীৱনৰ অভিশপ্ত ঘটনা এটা ব্যক্ত কৰিব লাগিব। সেই সময়ত মই কুৰি বছৰ বয়সত ভৰি দিছিলো। মোৰ দুচকুত আছিল অলেখ সপোন আৰু আশা। মই মোৰ সমবয়সীয়া সকলৰ নিচিনা পৰিপক্ক হোৱা নাছিলো তেতিয়া। মানুহৰ জটিলতা কূটিলতা আদি বুজি পোৱাৰ ক্ষমতাই নাছিল মোৰ। তেনেকুৱা সময়তে এদিন মা-দেউতাই মোক ক’লে যে মোৰ কাৰণে বিয়াৰ  প্ৰস্তাৱ আহিছে আৰু ল’ৰাঘৰৰ মানুহে চাবলৈ আহিব মোক। এই কথাষাৰ শুনাৰ লগে লগে মোৰ মূৰত সৰগ ভাগি পৰা যেন লাগিল। কাৰণ বিয়াৰ কাৰণে মই মুঠেই মানসিকভাৱে প্ৰস্তুত নাছিলো। কিন্তু পিতৃ-মাতৃয়ে দুখ পাব বুলি ভাবিয়েই মই তেওঁলোকৰ বিৰুদ্ধে নিজৰ মতামত প্ৰকাশ নকৰিলো। কেইদিনমান পিছত ল’ৰাজন আৰু তেওঁৰ পৰিয়ালৰ মানুহ মোক চাবলৈ আহিল লগতে মোক পছন্দও কৰি গ’ল। মোক চাবলৈ অহাৰ আঠ মাহ পিছত তেখেতৰ লগত বিয়া হৈ গ’ল। কিন্তু মোৰ বিয়াখন একবিংশ শতিকাৰ বিয়াৰ নিচিনা নাছিল। কাৰণ আঠ মাহ আগতে চাবলৈ আহোঁতেই দেখা আৰু কথা পতা ল’ৰাজনৰ লগত বিবাহৰ আগলৈকে দ্বিতীয়বাৰৰ বাবে কথা পতাৰ বা দেখা পোৱাৰ সৌভাগ্য মোৰ নহ’ল। সেয়ে লাহে লাহে তেওঁৰ মুখখন মোৰ চকুৰ আগত অস্পস্ট হৈ পৰিল। বিয়াৰ তাৰিখ ঠিক হোৱাৰ সময়ত মই ভাবিছিলো যিহেতু বিয়াৰ মাত্ৰ এমাহ বাকী আছে গতিকে তেওঁ চাগৈ এবাৰ মোলৈ ফোন কৰিব বা লগ কৰিব; কিন্তু সেয়া হৈ নুঠিল। আনকি তেওঁৰ ফটো এখন বিয়াৰ আগতে চোৱাৰ হেঁপাহো মনতে থাকি গ’ল। এনেদৰে বিয়াৰ দিন নিচেই কাষ চাপি আহিছিল, তথাপি তেওঁক এবাৰ চাবলৈ পাম বুলি আশা এৰি দিয়া নাছিলো। বিয়াৰ আগতে শুনিছিলো যে তেওঁ হেনো ভদ্ৰ, শান্ত, মাক-দেউতাকৰ বাধ্য ল’ৰা। কিন্তু ইমানেই বাধ্য নে যে তেওঁ মাক-দেউতাকৰ অনুমতি অবিহনে মোলৈ ফোন এটাকে কৰিব নোৱাৰে? তেওঁৰ জানো বিয়াৰ  আগতে মোৰ লগত কথা পাতিবলৈ আৰু মোৰ বিষয়ে জানিবলৈ এবাৰো মন যোৱা নাইনে? এই দুটা প্ৰশ্নৰ উত্তৰ বিচাৰি মোৰ অন্তৰ হাহাকাৰ কৰি উঠিছিল।
             মোৰ আৰু মোৰ পিতৃ-মাতৃৰ মাজত প্ৰজন্মৰ ব্যৱধান বেছি হোৱা বাবে হয়তো তেওঁলোকে মোৰ মনৰ অৱস্থা বুজি পোৱা নাছিল। যিহেতু তেওঁলোকৰ সময়ত বিয়াৰ আগতে ল’ৰা-ছোৱালীক কথা পতাৰ সুযোগ দিয়া হোৱা নাছিল গতিকে তেওঁলোকৰ কাৰণে মোৰ মনৰ অৱস্থাটো বুজি পাবলৈ টান আছিল।
           যি কি নহ‌ওক, এনেদৰেই মোৰ বিয়া হৈ গ’ল। বিয়াৰ পিছত মোৰ স্বামীৰ পৰা এনেকুৱা কিছুমান কথা গম পালো যিবিলাকে মোক বিস্মিত কৰি তুলিলে। তেওঁ যিখন কলেজত অধ্যাপনা কৰিছিল তাৰ কাষতে ৰুম ভাৰা লৈ থাকিছিল। যিহেতু তেও‍ঁ চাকৰি লাভ কৰাৰ বহু বছৰ পিছত মোক বিয়া পাতিছিল আৰু তেওঁৰ আৰু মোৰ বয়সৰ মাজত যথেষ্ট পাৰ্থক্য আছিল সেয়ে ম‌ই এদিন তেওঁক সুধিছিলো কেইবছৰমান আগতে কিয় বিয়া নাপাতিলে। যিহেতু তেওঁ নিজে ৰান্ধি সকলো কাম কৰি কৰ্মক্ষেত্ৰলৈ যাবলগা হৈছিল, সেয়া অনুভৱ কৰিয়েই ম‌ই প্ৰশ্নটো কৰিছিলো। তেওঁ উত্তৰত কৈছিল, ” ম‌ই কেইবছৰমান আগৰ পৰাই ঘৰত মোৰ বিয়াৰ কথা উলিয়াইছলো, কিন্তু পিতৃ-মাতৃয়ে ভাবিছিল যে ম‌ই বিয়‌াৰ পিছত পৰিয়ালৰ দায়িত্ববোৰ হয়তো পালন নকৰিম; এই আশ‍‌ংকাতে তেওঁলোকে মোৰ বিয়াখন যথেষ্ট পলমকৈ পাতি দিলে।” ম‌ই আচৰিত হৈ তেওঁক আকৌ সুধিলো, ” পৰিয়ালে যদি আপোনাৰ বিবাহত আগ্ৰহী নাছিল তেন্তে আপুনি উপযুক্ত সময়ত নিজ ইচ্ছামতে, নিজ পছন্দমতেও বিয়াখন পাতিব পাৰিলেহেতেঁন। সেয়া কিয় নকৰিলে?” তেওঁ উত্তৰত কৈছিল, ” ম‌ই মোৰ পিতৃ-মাতৃক অমান্য কৰি কাম কৰিলে সেই কামটোত সফল হ’ব নোৱাৰো। ” কিন্তু আমাৰ বিয়াখন পৰিয়ালৰ সন্মতি অনুসৰি হোৱা সত্বেও সোনকালেই বিবাহ -বিচ্ছেদৰ পথ বাছি ল’ব লগা হ’ল।
             যিকেইদিন তেওঁৰ লগত সংসাৰ কৰিলো সেইকেইদিনতে এটা কথা স্পষ্টভাৱে গম পাইছিলো যে তেওঁ ঘৰখনৰ ডাঙৰ সন্তান হোৱাৰ বাবে পিতৃ-মাতৃৰ আশা-আকাংক্ষা তেওঁৰ ওপৰত অধিক আছিল। নিজৰ ইচ্ছা, আশা আদিৰ লগত আপোচ কৰি পৰিয়ালৰ আশা, দায়িত্বৰ গধূৰ বোজ বহন কৰাৰ ফলস্বৰূপেই হয়তো তেওঁৰ এটা গম্ভীৰ মানসিক ৰোগৰ সৃষ্টি হৈছিল। তেওঁৰ মাজত কিছুমান লক্ষণ দেখা পাইছিলো যেনেঃ অস্বাভাৱিক বা অযুক্তিকৰ চিন্তা কৰা, কাণত কিছুমান শব্দ বা কথা শুনা পোৱা, অকলে কথা পতা, হহাঁ, বিনা কাৰণত সন্দেহ কৰা আদি schizophrenia নামৰ মানসিক বেমাৰৰ লক্ষণৰ সৈতে একে আছিল। যদিও ম‌ই তেওঁৰ পৰিয়ালক লগে লগে এই বিষয়ে অবগত কৰিছিলো তথাপি তেওঁলোকৰ ল’ৰাৰ মানসিক ৰোগ হোৱা কথাটো জানি শুনিও অস্বীকাৰ কৰিলে। তেওঁলোকক চিকিৎসা কৰিবলৈ ৫ মাহ সময় দিয়া হ’ল কিন্তু তেওঁলোকে চিকিৎসা কৰোৱাবলৈ অকনো আগ্ৰহ  নেদেখুৱালে। অৱশেষত এনেকুৱা ৰোগীৰ লগত সংসাৰ কৰাটো  সম্ভৱ নহয় বুলি গম পাই ম‌ই বিবাহ-বিচ্ছেদৰ পথ বাছি ল’লো।
          যিসকল সন্তানে অভিভাৱকৰ বাধ্য হৈ চলে সেইসকল অভিভাৱকক ম‌ই এটা বিনম্ৰ অনুৰোধ জনাইছো যে আপোনালোকে সময়ৰ লগত খাপ খাই চলিবলৈ চেষ্টা কৰক, ৰক্ষণশীল মনোভাৱ পৰিত্যাগ কৰি সন্তানৰ জীৱনৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰোতে তেওঁলোকৰ ইচ্ছা, আগ্ৰহ আৰু মতামত প্ৰকাশ কৰাৰ সম্পূৰ্ণ স্বাধীনতা দিয়ক। আপোনালোকৰ সন্তানৰ জীৱনৰ যিকোনো সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে আপোনালোকৰ। কিন্তু আপোনালোকে এইটো পাহৰি যোৱা উচিত নহয় যে আপোনালোকৰ সিদ্ধান্তত আপোনাৰ সন্তান কিমান সন্মত বা কিমান সন্তুষ্ট সেই বিষয়ে তেওঁলোকৰ মতামত জনাটোও আপোনালোকৰ কৰ্তব্য। সন্তানে যদি পিতৃ-মাতৃৰ আগত নিজৰ মতামত প্ৰকাশ কৰিবলৈ দ্বিধাবোধ কৰে তেন্তে কোনো মধ্যস্থ ব্যক্তি (পৰিয়ালৰ সদস্য বা বন্ধু-বান্ধৱ)ৰ সহায় লোৱা উচিত। যিহেতু কোনো পিতৃ-মাতৃয়ে সন্তানৰ জীৱনৰ সকলো সিদ্ধান্ত লবলৈ চিৰকাল জীয়াই নাথাকে সেয়ে সন্তানক নিজৰ জীৱনৰ সিদ্ধান্তবোৰ গ্ৰহণ কৰিবলৈ অনুমতি দিয়ক।
            মোৰ জীৱনত হোৱা অভিজ্ঞতাৰ পৰা ম‌ই এইটো উপলব্ধি কৰিব পাৰিলো যে পিতৃ-মাতৃয়ে আমাৰ কাৰণে গ্ৰহণ কৰা কোনো সিদ্ধান্ত যদি ভুল হয় তেন্তে তেওঁলোকে আমাতকৈও বেছি কষ্টত ভোগে। সেয়ে আমি আমাৰ জীৱনৰ সিদ্ধান্তবোৰ সঠিকভাৱে ল’ব পাৰিলেহে তেওঁলোকক সুখী কৰিব পাৰিম। হয়তো আমি নিজে লোৱা সিদ্ধান্তৰ বাবে পিতৃ-মাতৃয়ে অলপ সময়ৰ কাৰণে কষ্ট পাব পাৰে কিন্তু আমি লোৱা সিদ্ধান্তটো যদি সঠিক হয় তেন্তে এদিন হ’লেও তেওঁলোক অনুশোচনা কৰিব আৰু সিদিনা আমাৰ সুখত আমাতকৈও বেছি সুখী হ’ব।
            বহুতো সন্তানে নিজৰ পিতৃ-মাতৃৰ কথা অমান্য কৰিব নোৱাৰি তেওঁলোকে পছন্দ কৰি দিয়া পাত্ৰ বা পাত্ৰীৰ লগত বিবাহৰ বাবে সন্মত হয় আৰু নিজৰ প্ৰেমিক বা প্ৰমিকাৰ পৰা বিচ্ছেদ হ’ব লগা হয়। এনে ক্ষেত্ৰত দেখা যায় বেছিভাগে বিয়াৰ পিছত সুখী হ’ব নোৱাৰে আৰু হীনমন্যতাত ভোগে। এনেদৰে বিচ্ছেদ হোৱাৰ বাবে সিহঁতে নিজকে দোষী অনুভৱ কৰে ফলত বিয়াৰ পিছত স্বামী-স্ত্ৰীৰ মাজত ভাল সম্পৰ্ক গঢ়ি নুঠে। এনে ধৰণৰ বাধ্য সন্তানে পিতৃ-মাতৃক নিজৰ দুখবোৰৰ উমান পাবলৈ নিদিয়ে। ফলত অভিভাৱকসকলৰ মনত এটা ভুল ধাৰণা জন্মে যে তেও‍ঁলোকৰ সন্তান বিয়াৰ পিছত সুখী আছে।
           দুটা প্ৰজন্মৰ মাজত থকা এনেকুৱা ব্যৱধান আমি সম্পূৰ্ণ নাইকিয়া কৰিব নোৱাৰো কিন্তু চেষ্টা কৰিলে বহু পৰিমাণে কমাব পাৰো। এই ব্যৱধান কম কৰিবলৈ হ’লে দুয়োটা প্ৰজন্মৰ মাজত পাৰস্পৰিক বুজাপৰা আৰু পাৰস্পৰিক সন্মান থাকিব লাগিব। সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত জটিলতাই দেখা দিলে পৰামর্শদাতা (counselor) ৰ কাষ চপা উচিত। ইয়াৰ উপৰি দুয়োটা প্ৰজন্মৰ মাজত যোগাযোগৰ ব্যৱধান (communication gap) কম কৰিবলৈ উভয় প্ৰজন্ম‌ই ইজনে সিজনৰ লগত সময় অতিবাহিত কৰিব লাগিব। সন্তানে নিজৰ ভুল সিদ্ধান্তৰ বাবে অভিভাৱকৰ পৰা সহায়তা লব লাগিব। কাৰণ আমি আমাৰ অগ্ৰজ ব্যক্তিসকলৰ অভিজ্ঞতাক কেতিয়াও আওকান কৰা উচিত নহয়। লগতে যুৱ প্ৰজন্ম‌ই নিজৰ পিতৃ-মাতৃক পতিয়ন নিয়াব পৰা ক্ষমতা থাকিব লাগিব; কিয়নো নিজৰ পিতৃ-মাতৃক পতিয়ন নিয়াব নোৱাৰিলে বিভিন্ন ক্ষেত্ৰত অন্য ব্যক্তিক পতিয়ন নিয়াবলৈ যুৱ প্ৰজন্মই প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে।
         পিতৃ-মাতৃয়ে যদি নিজৰ সিদ্ধান্তবোৰ সন্তানৰ ওপৰত জাপি দিয়ে তেন্তে তেওঁলোকৰ চিন্তাশক্তিৰ বিকাশত বাধা জন্মিব। যদি সন্তানৰ ভাৱনা, সপোন, ইচ্ছাক মাৰি পেলোৱা হয় তেন্তে ইয়াৰ এদিন এটা প্ৰতিক্ৰিয়া হ’ব‌ই। যদি সন্তানে মানসিক হেচাঁত পৰি আত্মহত্যাৰ পথ বাছি লয় তেন্তে পিতৃ-মাতৃয়ে নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিব। লগতে যুৱ প্ৰজন্ম‌ই সদায় সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত এইটো কথা মনত ৰাখিব লাগিব যাতে পিতৃ মাতৃক কষ্ট নিদিয়াকৈ পাৰস্পৰিক বুজাবুজিৰ মাজেৰে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। অভিভাৱকসকলৰ অভিজ্ঞতা যুৱ প্ৰজন্মতকৈ বহু গুণে বছি তাত কোনো সন্দেহ নাই; কিন্তু সেই আটাইখিনি অভিজ্ঞতা নতুন প্ৰজন্মৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব‌ও পাৰে।
           শেষত ম‌ই এইটোৱে ক’ব বিচাৰো যে জীৱনৰ উদ্দেশ্য হৈছে সুখী হোৱা। গতিকে আমি এটা প্ৰজন্মই আনটোক সুখী কৰি আৰু মানসিক শান্তি প্ৰদান কৰি জীৱনটো সুন্দৰভাৱে গঢ়ি তোলাত সহায় কৰিব পাৰো।
Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close