বাংলাদেশৰ চিলেট অঞ্চল

টুলটুল কুটুম

চিলেট সময়ে সময়ে পুৰণি কামৰূপৰ অন্তৰ্গত হৈছিল। কিন্তু ১৮১৪ খৃ: ৰ আগেয়ে এই অঞ্চলটো অসমৰ অধীনত থকাৰ প্ৰমাণ পোৱা নাযায়। অসমত চীফ কমিছনাৰৰ শাসন প্ৰৱৰ্ত্তিত হোৱাত চিলেটখনো অসমৰ ভিতৰত ধৰা হয়। সেয়ে, চিলেটৰ পুৰণি ইতিহাস উদ্ঘাটন কৰাৰ আৱশ্যকাতাই দেখা দিছে। কিন্তু দুৰ্ভাগ্যবশত: চিলেটৰ বিষয়ে স্পষ্ট ধাৰণা দিব পৰা সমলৰ অভাৱ। পৌৰাণিক আখ্যানসমূহতো ছিলহেটৰ বিষয়ে উল্লেখ প্ৰায় নায়েই। চিলেটৰ উত্তৰ আৰু দক্ষিণ উভয় অঞ্চলতে বড়ো ভাষী জনজাতীয় লোক কেতবোৰে বাস কৰাৰ বাবে পুৰণিকালত সেই ঠাইত বড়োসকলে বাস কৰিছিল আৰু ঠাইখনো বড়ো ৰজাসকলৰ অধীনস্থ আছিল যেন অনুমান হয়। কুশীয়াৰা নৈৰ উত্তৰৰ সমতল ভূমিখণ্ডত এসময়ত তিনিখন ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্য আছিল- জয়ন্তীয়া, লৌৰ আৰু গৌড় বা চিলেটৰ প্ৰধান অঞ্চল। ঘগ্ৰাৰ পৰা কাছাৰৰ ৰাজনগৰ পৰগণাৰ বৰাক উপত্যকালৈকে ‘গোৱাৰাৰ জঙ্গল’ বুলি এটা প্ৰকাণ্ড গড়খাৱৈ আছে। এই গড়খাৱৈ কেইটাৰ তলৰ ভাগ কোনো ঠাইত ১০০ ফুট বহল আৰু ১০ ফুট ওখ। তদুপৰি ইয়াৰ লগতে ১৪০ ফুট দিঘল আৰু ৬ ফুট বহল এখন ইটাৰ প্ৰাচীৰো আছিল। গোৱাৰ নামেৰে কোনোবা আক্ৰমণকাৰী এদলে এই গড়খাৱৈ কেইটা সাজিছিল বুলি কিংবদন্তী আছে।
কুশীয়াৰাৰ দক্ষিণাঞ্চলৰ ভূখণ্ডত প্ৰায়ে তিপ্পেৰা ৰজাসকলৰ অধীনত আছিল। এজন ব্ৰাহ্মণৰ হাতত পুৰণি দুখন তাম্ৰ্লিপি( বৰ্তমান হেৰাই গৈছে)স্ংক্ৰান্ত কেতবোৰ তথ্য পাতি পোৱা গৈছে। সেইমতে, এই ব্ৰাহ্মণজনৰ পূৰ্বপুৰুষে তিপ্পেৰাৰ ৰজাৰ পৰা ভূমিদান পাইছিল। তিপ্পেৰাৰ পাৰ্বত্য অঞ্চলৰ ৰজা ধৰ্ম্মফা আৰু সুধৰ্ম্মফাই হেনো কেইজনমান ব্ৰাহ্মণক ভুমি দান কৰিছিল। সেই মৰ্মে ধৰ্ম্মফাই  কুশীয়াৰা, বৰাক আৰু হাসকাতা নৈৰ মাজৰ অঞ্চল আৰু সুধৰ্ম্মফাই মনুনৈৰ দুয়ো পাৰে ভুমিদান কৰিছিল বুলি কোৱা হয়। ৰেভাৰেণ্ড্‌ জে লঙে ৰাজমালাৰ পৰা স্ংগ্ৰহ কৰা তথ্যমতে এওঁলোক যথাক্ৰমে অষ্টম আৰু নৱম তিপ্পেৰা ৰজা আছিল।
ভাতৰাবাজাৰৰ ওচৰৰ এটা পাহাৰত থকা ভগ্ন প্ৰাসাদৰ পৰা দুখন তাম্ৰফলি উদ্ধাৰ কৰা হৈছে। স্থানীয় সুত্ৰমতে সেই প্ৰাসাদটো আছিল ৰজা গৌৰগোবিন্দৰ। স্বৰ্গীয় ৰাজেন্দ্ৰ মিত্ৰই এই তাম্ৰফলি দুখনৰ পাঠোদ্ধাৰ কৰিছে। চন্দ্ৰবংশৰ দুজন ৰজাই ভুমিদান কৰাৰ বিষয়ে এই ফলি দুখনে বৰ্ণনা দিছে। এই ৰজা দুজন হ’ল গোবিন্দ বা কেশৱ দেব আৰু তেওঁৰ পুত্ৰ ঈশান দেব। তেওঁলোকৰ বংশতালিকা:-
(১) নৱজীৰবণ (নৱজীৱন?) বা খাৰৱান
(২) গকুল
(৩) নাৰায়ণ
(৪) গোবিন্দ বা কেশব দেব
(৫) ঈশান দেব
ঈশান দেবৰ লিপিয়ে কেৱল তেওঁৰ ৰাজপাট আৰোহনৰ চনটোহে দিছে। গোবিন্দ দেবৰ বিষয়ে উল্লেখ কৰা চনটো সম্বন্ধে সন্দেহ আছে। লিপিত তেওঁৰ সময়ছোৱাক কলিযুগ বুলি উল্লেখ কৰিছে। কিন্তু লিপি পাঠোদ্ধাৰ কৰা পণ্ডিতৰ মতে সেইটো ১২৪৫ খৃ: হে। পণ্ডিতজনে চিলহেট আক্ৰমণকাৰী জালালুদ্দিন খানীক ছাহজালাল বুলি ভুল কৰাৰ বাবেই এই চন দুটাৰ ক্ষেত্ৰত এনে ধৰণৰ খেলি-মেলিৰ সৃষ্টি হৈছে যেন লাগে। গোবিন্দ দেবে শিৱ মন্দিৰ আৰু ঈশ্বানদেবে বিষ্ণু মন্দীৰৰ বাবে ভূমিদান দিয়াৰ কথা তাম্ৰফলি দুখনত উল্লেখিত আছে। দুয়ো ক্ষেত্ৰতে মাটিৰ জোখ –মাখৰ ক্ষেত্ৰত ‘হাল’ শব্দটো ব্যৱহৃত হৈছে। আজিও সুৰমা উপত্যকাৰ কোনো ঠাইত মাটি জোখোতে একৰ বা বিঘা আদি জোখ-মাখ ব্যৱহাৰ নকৰি হাল হিচাবত জোখ-মাখ কৰা হয়। হাল মানে এক একৰৰ চাৰি ভাগ বা পাচভাগৰ চাৰিভাগ।
ঈশানদেবৰ প্ৰধানমন্ত্ৰী আছিল বৈদ্য আৰু লিপিৰ লেখক জন দাস বা কৈৱৰ্ত। ৰাজেন্দ্ৰলাল মিত্ৰৰ মতে এই ৰজাসকল সাৰ্ব্বভৌম আছিল। পাণ্ডুকোৱৰ ভীমে ৰাক্ষসৰ ৰজা হিদিম্বা বা হিড়িম্বাক বিয়া কৰাইছিল। তেওঁলোকৰ সন্তান আছিল ঘটোটকচ। ঈশানদেবকে আদি কৰি সেই বংশৰ ৰজা সকল হেনো এই ঘটোটকচৰেই বংশোদ্ভৱ। ৰাজেন্দ্ৰলাল মিত্ৰই কছাৰীসকলেও নিজকে হিড়িম্বাৰ সন্তান বুলি কোৱা কথালৈ আঙুলিয়াই দিছে। কিন্তু এনে ধৰণৰ তথ্যসমূহ গ্ৰহণ কৰিব নোৱাৰি। ব্ৰহ্মপুত্ৰ উপত্যকাত নৰক আৰু ভগদত্তক ব্যৱহাৰ কৰাৰ দৰে সুৰমা উপত্যকাৰ ৰজাসকলক হিন্দুধৰ্মত দীক্ষিত কৰিবলৈ গৈ ব্ৰাহ্মণসকলে তেওঁলোকক এইদৰে ভীম, হিড়িম্বা, ঘটোটকচ আদি নামৰ সৈতে জড়িত কৰিছিল যেন লাগে।
য়েমেণৰ ছাহজালালে গৌড় বিজয় কৰিছিল বুলি পুৰণি সাহিত্যই কয়। এই বিষয়ে থকা আখ্যনসমূহ সৰ্ব্বজন বিদিত হ’লেও তাৰ ঐতিহাসীক মূল্য নাই। ছাহজালাল এজন সাধু লোক(পীৰ) আছিল আৰু ১১৮৯ খৃ:ত তেওঁৰ মৃত্যু হৈছিল বুলি কোৱা হয়। আনহাতেদি আকৌ এইবুলিও কোৱা হয় যে তেওঁ চুলতান আলাউদ্দিনৰ দিনতহে (১২৩৬ ৰপৰা ১৩১৬ খৃ:ৰ ভিতৰত) দিল্লীলৈ আহিছিল। দিল্লীৰ পৰা চুলতানৰ ভাগিন ছিকাণ্ডৰ ছাহৰ সৈতে তেওঁ হেনো চিলেটলৈ আহিছিল। ১৫১২ খৃ:ৰ এখন শিলালিপিয়ে এই তথ্য সমৰ্থন কৰিছে। সেই তথ্যমতে ফিৰোজছাহে বঙ্গত ৰাজত্ব কৰাৰ সময়ত ১৩০৩ খৃ:ত ছিকণ্ডৰছাহ ঘাজীয়ে চিলেটত অভিযান চলাইছিল। এই তথ্যৰ পৰা ১৪ শ শতাব্দীৰ আৰম্ভণীত চিলেটৰ উত্তৰ-পশ্চিম অঞ্চল মুছলমান সকলৰ হাতত পৰিছিল বুলি আমি ধৰিব পাৰো।
ছাহজালালৰ সৈতে জড়িত আখ্যানসমূহৰ মতে সেই সময়ৰ হিন্দু ৰজাজনৰ নাম আছিল গৌড় গোবিন্দ। তেওঁৰ ৰাজ্য আৰু ৰাজধানী উভয়ৰে নাম আছিল গৌড় বা গোড়। ৰাজেন্দ্ৰ লাল মিত্ৰই এই ৰজাজনক ভাটেৰা তাম্ৰফলিত উল্লেখিত গোবিন্দ দেব বুলি অভিহিত কৰিব খুজিছে যদিও সি সমৰ্থনযোগ্য নহয়।
চিলেটৰ বিখ্যাত ছাহজালালৰ দৰগাহৰ ভিতৰত থকা এখন শিলালিপিয়েই এইকালৰ বিষয়ে বৰ্ণনা থকা আটাইতকৈ পুৰণি লিপি। ১৪৭৪ খৃ: ৰ পৰা ১৪৮১ খৃ: লৈ বঙ্গদেশত ৰাজত্ব কৰা ছামছুদ্দিন ইউছুফ ছাহৰ দিনত এই শিলালিপি খোদিত হৈছিল। কিন্তু দুৰ্ভাগ্যবশত: বৰ্তমান ইয়াৰ ভগা-ছিগা অৱস্থাৰ বাবে এই শিলালিপিৰ সম্পুৰ্ণ পাঠ উদ্ধাৰ সম্ভৱ হোৱা নাই।
মুছলমানৰ এই অভিযান যেতিয়াই নহওক কিয়, ই যে গৌড়লৈ সম্প্ৰসাৰিত হোৱা নাছিল সেইটো ধুৰুপ। সুৰমা নৈৰ উত্তৰত এই ৰজাসকলে আগৰ দৰে ৰাজত্ব কৰি আহিছিল আৰু একে সময়তে এই নৈৰ দক্ষিণৰ এটা বৃহত্ অংশ তিপ্পেৰাসকলৰ অধীনত আছিল। বৃটিছ সকলে বিজয় কৰাৰ সময়লৈকে জয়ন্তীয়া ৰজাসকলো মুছলমানৰ তলতীয়া নাছিল। সম্ৰাট আকবৰৰ ৰাজত্বকালত মোঘলসকলে বঙ্গত আধিপত্য বিস্তাৰ কৰাৰ পিছতহে লৌড়ৰ ৰজাই সম্ৰাটৰ ওচৰত নতি স্বীকাৰ কৰিছিল। তেওঁ মোগলক সীমান্ত অঞ্চল পাহাৰীয়া জনজাতীয় লোকৰ পৰা সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰতি দিছিল। তেওঁ মোগলক কোনো কৰ দিব নালাগিছিল। ঔৰঙ্গজেবৰ দিনত সেই সময়ৰ গৌড়ৰ ৰজা গোবিন্দক তেওঁৰ ৰাজদৰবাৰলৈ মাতি নিয়া হৈছিল। গোবিন্দই দিল্লিলৈ গৈ নিজে মুছলমান ধৰ্মত দীক্ষিত হৈছিল। তেওঁৰ নাতিয়েক হেনো বানিয়াচাঙলৈ পৰিয়ালটো উঠাই নি তাতেই বসবাস কৰিছিল। ইয়াৰ পিছতহে হেনো তেওঁলোকৰ সা-সম্পত্তি আদিৰ হিচাব-নিকাচ হৈছিল।
মুছলমানসকলৰ সৈতে তিপ্পেৰাসকলৰ ভাল সম্বন্ধ নাছিল। ৰাজমালাসমূহত তিপ্পেৰা আৰু মুছলমানসকলৰ মাজত ভালেমান স্ংঘৰ্ষৰ বিষয়ে উল্লেখ কৰি তিপ্পেৰাসকল বিজয়ী হৈছিল বুলি কোৱা হৈছে। কোনো কোনো সময়ত তেওঁলোকে চিলেট বিজয় কৰিছিল বুলিও ৰাজমালাত দাবী কৰা হৈছে। কিন্তু অৱশেষত মুছলমানসকলে সমগ্ৰ সমতল ভুখণ্ড নিজৰ দখললৈ নিয়ে আৰু তিপ্পেৰাৰ ৰজাই তেওঁলোকক কৰ দিবলৈ বাধ্য হয়।
বঙ্গদেশৰ স্বাধীন ৰজাসকলৰ দিনত চিলেটৰ গভৰ্ণৰে নৱাব উপাধি লভিছিল। মোগলৰ তলত চিলেটৰ প্ৰশাসনৰ বাবে এজন আমিৰ নিযুক্ত হৈছিল। এই আমিৰজনক স্থানীয় লোকে নবাব বুলি সম্বোধন কৰিলেও দৰাচলতে তেওঁ ঢাকাৰ নবাবৰ তলতীয়া আছিল। এই আমিৰজনক সঘনে বদলি কৰা হৈছিল। সেইসময়ৰ চিলমোহৰৰ পৰা এনে ৪০ জন মান আমিৰৰ নাম পোৱা যায়। তেওঁলোকৰ ভিতৰত ফাছাদ খাঁ নামৰ এজন আমিৰে ১৭ শতিকাৰ শেষৰ ফালে চিলেটত ভালেমান বাট-পথ, দলং আদি নিৰ্মাণ কৰিছিল। এনে এখন দলঙৰ ওচৰত পোৱা শিলালিপি মতে তেওঁ ১৮০৫ হিজৰী অৰ্থাত্ ১৬৭৩ খৃ; ত এই দলং নিৰ্মাণ কৰিছিল।
বঙ্গৰ প্ৰখ্যাত বৈষ্ণৱ স্ংস্কাৰক চৈতন্যদেবে চিলেটত জন্মগ্ৰহণ কৰিছিল। অদ্বৈত নামৰ এজন সুবিখ্যাত বৈষ্ণৱ গুৰুৰো জন্মভুমি আছিল চিলেট। তৰ্কশাস্ত্ৰৰ প্ৰসিদ্ধ পণ্ডিত ৰঘুনাথ শিৰোমণিও চিলেটৰ লোক। অন্যান্য স্মৰণীয় লোকৰ ভিতৰত ব্যকৰণবিদ বাণীনাথ বিদ্যাসাগৰৰ নাম উল্লেখযোগ্য।
পুৰণি দিনত চিলেটৰ পৰা ভাৰতৰ বিভিন্ন ঠাইলৈ হিজৰা বা নপুংসক লোক যোগান ধৰা হৈছিল। মোগল সম্ৰাট জাহাঙ্গীৰে এই প্ৰথাৰ বিৰুদ্ধে আইন জাৰি কৰিছিল।
বঙ্গদেশৰ অন্যান্য অঞ্চলৰ সৈতে চিলেটো ১৭৬৫ খৃ:ত বৃটিছৰ হাতলৈ গৈছিল। ১৩ বছৰৰ মূৰত ৰবাৰ্ট লিণ্ডছে নামৰ এজন কলেক্টৰ চিলেটত নিযুক্ত হৈছিল। চিলেট সেই সময়ত ঢাকা কাউন্সিলৰ অন্তৰ্গত আছিল। লাইভস অব লিণ্ডছেছ নামৰ পুথিত সেই সময়ৰ বিৱৰণ পোৱা নাযায়। সেই সময়ত ৰূপ বা তামৰ মুদ্ৰাৰ বিশেষ প্ৰচলন নাছিল। ২,৫০,০০০ টকা মুল্যলৈকে জিলাসমূহৰ কৰ কড়িৰ মাধ্যমেৰে শোধ কৰা হৈছিল। এনেদৰে কৰ গ্ৰহণ কৰাটো বৰ জঞ্জালৰ কাম আছিল। কড়িবোৰ ৰখা বা অনা-নিয়া কৰাৰ ক্ষেত্ৰতো বহু অসুবিধা হৈছিল। ঢাকাত কড়িৰ নীলামৰ ব্যৱসায় আছিল আৰু কড়ি বেচি টকা ল’ব পৰা গৈছিল। কিন্তু তাকে কৰিবলৈ যাওতে কেতিয়াবা শতকৰা দহভাগ দাম বেছিকৈ দিব লাগিছিল। তাৰোপৰি কড়িবোৰ কঢ়িয়াই নিওঁতে নষ্ট হোৱাৰ জঞ্জালো আছিল। সেই সময়ত কোম্পানীৰ বিষয়াসকলক ব্যৱসায় কৰিবলৈ বাধা দিয়া নহৈছিল। লিণ্ডছেই চূণশিলৰ ব্যৱসায়ত নামি প্ৰচুৰ অৰ্থ উপাৰ্জন কৰিছিল। চেৰাপুঞ্জীৰ পাহাৰৰ নামনিভাগত থকা চূণশিলৰ কাৰখানাবোৰ তেওঁ খাছিয়ালোকৰ পৰা লীজ লৈছিল। তেওঁ কাৰখানাবোৰত শিল জ্বলোৱা আদি কামৰ বাবে কড়িবোৰ ব্যৱহাৰ কৰিছিল। তাৰ পিছত চূণশিল বঙ্গদেশত নি ঢাকাৰ মাধ্যমত বেচিছিল। সেয়ে, ঢাকাৰ কৰ বিভাগক তেওঁ ১২৮০ লাখ কড়িৰ এখন জাহাজ নিদি টকাৰ মাধ্যমেৰে কৰ সোধাই সকাহ দিব পাৰিছিল।
লিণ্ডছেই নীল অৰু পাটপলুৰ খেতি আৰু ব্যসায় কৰিবলৈ বিছাৰিছিল যদিও বানপানীৰ বাবে সফল হ’ব নোৱাৰিলে। তেওঁ কফিৰ ব্যৱসায়ৰ কথাও ভাবিছিল, কিন্তু কফি খেতি ভাল নহ’ল। এবাৰ তেওঁ বিদেশৰ পৰা উতকৃষ্ট ঘেহুৰ বীজ আনি কেবাজনো জমিদাৰক ঘেহুখেতি কৰিবলো উৎসাহ দিছিল যদিও তেওঁলোকে বিশেষ আগ্ৰহ নেদেখুৱালে। লিণ্ডছেৰ দিনত চিলেটৰ খেতি-বাতি নদন–বদন হৈছিল। কিন্তু ১৭৮১ খৃ: ত হোৱা অভূতপূৰ্ব বানপানীয়ে পথাৰৰ শস্য নষ্ট কৰাৰ উপৰিও শস্যৰ ভৰালসমূহৰো এনে ক্ষতি কৰিছিল যে তিনিভাগৰ এভাগ মানুহৰ অকালত মৃত্যু ঘটিছিল।
লিণ্ডেছৰ দিন্ত প্ৰায় এশ উত্তৰ ভাৰতৰ লোকেৰে গঠিত সৈন্যদল এটা চিলেটত আছিল। কিন্তু এই অঞ্চলৰ জলবায়ু তেওঁলোকৰ বাবে অনুকুল নোহোৱাত নানা অসুখ-বিসুখ হৈ এই সৈন্যসকলৰ কেবাজনৰ প্ৰাণ নাশ ঘটিছিল। সেয়ে লিণ্ডছেই এই সৈন্যসকলৰ ঠাইত স্থানীয় এটা ফৌজ গঠনৰ অনুমতি লৈছিল। প্ৰয়োজন অনুসৰি তেওঁ এই ফৌজৰ দ্বাৰাই কাম-কাজ চলাইছিল। এবাৰ মহৰমৰ সময়ত চিলেটৰ এচাম মুচলমান লোকে ভালেমান ঠাইত অগ্নিস্ংযোগ কৰিছিল। সেই সময়ত লিণ্ডছেৰ মাত্ৰ ৫০ জন স্থানীয় সৈন্যহে আছিল। তেওঁলোকক লৈ লিণ্ডছেই উন্মত্ত সাম্প্ৰদায়িক স্ংঘৰ্ষকাৰীসমূহৰ সন্মুখত থিয় দিছিলগৈ। সফলতাৰে তেওঁ সেই লোকসকলক ছত্ৰভঙ্গ কৰিছিল। তেওঁলোকৰ দলপতিজনে উন্মুত্ত তৰোৱালেৰে লিণ্ডছেক খেদি অহাত তেওঁ নিজে পিস্তলৰ গুলিৰে তেওঁক নিহত কৰিছিল।

Related Articles

Close