বাঁহগাজ কিয়?

মহাবাহু

কাৰণ বাঁহগাজ হ’ল কম কেলৰি আৰু বেচি ফাইবাৰযুক্ত বনস্পতি খাদ্য ৷ ১০০গ্ৰাম বাঁহগাজত থাকে মাত্ৰ ২৭ কেলৰি উৰ্জা ৷ আন আন লাগতিয়াল উপাদানসমূহ হ’ল – কাৰ্বোহাইড্ৰেট (৫.২ গ্ৰাম), প্ৰটিন (২.৬গ্ৰাম), ফেট ( ০.৩গ্ৰাম), ডায়েটেৰী ফাইবাৰ (২.২গ্ৰাম) আৰু ক’লেষ্টেৰল হ’ল শূণ্য ৷ বাঁহ-গাজত থকা প্ৰটিনত কমেও ১৯বিধ লাগতিয়াল এমাইনো এচিড থাকে ৷
বাঁহগাজত থকা ভিটামিনসমূহ হ’ল –
বি কমপ্লেক্স গোটৰ থায়ামিন,ৰাইবোফ্লেবিন, পাইৰিডক্সিন, পেন্টথনিক এচিড; ভিটামিন – চি, ভিটামিন – এ, ভিটামিন- ই আৰু ভিটামিন-কে ৷ ইলেকট্ৰলাইট – প’টেচিয়াম (৫৩৩মিলিগ্ৰাম), চ’ডিয়াম (৪ মিলিগ্ৰাম) ৷ মিনাৰেলবিলাক হ’ল- কেলচিয়াম, ক’পাৰ, আইৰণ, মেগনেচিয়াম, মেংগানিজ, ফচফ’ৰাচ, জিংক আৰু চেলেনিয়াম ৷ ফাইটো-নিউট্ৰিয়েন্ট : বিটা-কেৰটিন ৷
 স্বাস্থ্যৰ বাবে কিয় উপযোগী ?
(১) মেদবহুলতা কমোৱাত সহায়ক:
১০০গ্ৰাম বাঁহগাজত থাকে ৮গ্ৰাম ডায়েটেৰী ফাইবাৰ ৷ ফাইবাৰ থকাৰ ফলত কলেষ্টেৰল কমাত সহায়ক হয় ৷ সোনকলে উদৰ পূৰ্ণ হোৱাৰ ভাৱ আহে ৷ বাঁহ-গাজত চুগাৰ, কাৰ্বহাইড্ৰেট আৰু কেলৰি কম থকাত ওজন কমোৱাত সহায়ক হয় ৷
(২) ৰক্তচাপ কমোৱাত গুৰুত্বপূৰ্ণ ভূমিকা :
বাঁহ-গাজত থকা প’টেচিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে ৷
(৩) কৰ্কটৰোগৰ প্ৰতিৰোধত ভূমিকা :
গবেষণামূলক অনুসন্ধানত গম পোৱা গৈছে যে বাঁহ-গাজত থকা ফাইটোষ্টেৰল নামৰ তত্বই কেঞ্চাৰ প্ৰতিৰোধক হিচাবে কাম কৰে ৷ ক’লোনৰ কেঞ্চাৰ প্ৰতিৰোধ কৰে ৷
(৪) শৰীৰৰ ইমিউনিটি বঢ়োৱাত সহায়ক :
বাঁহ- গাজত থকা এন্টিঅক্সিডেন্ট,মিনাৰেল, ভিটামিন আৰু ট্ৰেচ এলিমেন্টৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়া পৰিলক্ষিত হয় ৷
(৫) পাকপ্ৰণালীৰ উপকাৰিতা :
ভোক লগাত সহায়ক, হজম ক্ৰিয়াত সহায় কৰে,ডায়েৰিয়া ভাল কৰে, শৌচৰ পৰিমাণ বূদ্ধি কৰি কৌষ্ঠৰোগ আতৰায় ৷ পিত্তৰ বিষৰ উপশম ঘটায় ৷পেলুৰ চিকিৎসাত, পেটৰ পুৰণি ৰোগৰ চিকিৎসাত বাঁহ-গাজ ব্যৱহৃতহৈ আহিছে ৷
(৬) মহিলাৰ ঋতুস্ৰাৱৰ সমস্যা (বিষ) আৰু প্ৰসৱত বিলম্বত বাঁহ-গাজ উপযোগী ৷
(৭) নিয়মীয়া বাঁহ-গাজ খাওঁতাৰ অপকাৰী ক’লেষ্টেৰল বিলাক কমে ৷ গতিকে হৃদৰোগ প্ৰতিৰোধ কৰে ৷
(৮) এন্টিইনফ্লেমেটৰী আৰু বিষহাৰক গুণৰ বাবে বাঁহ-গাজ কটা-চিঙা, খহু,ঘাত আদিত বাহ্যিক প্ৰয়োগ কৰি যোগাত্মক ফলাফল দেখা গৈছে ৷
(৯) বাঁহ-গাজৰ এন্টিভাইৰেল ক্ৰিয়া – মিজলচৰ চিকিৎসাত বাঁহ-গাজৰ চুপ খোৱাই ৰোগীয়ে কম সময়তে আৰোগ্য লভা দেখা গৈছে ৷ অসমৰ বিভিন্ন ঘৰত এতিয়াও আই (বসন্ত) ওলোৱাৰ পঞ্চম দিনত শুকনি হিচাপে শুকান খৰিছা -মাগুৰ মাছৰ আঞ্জা দিয়া হয়।
(১০) বিষহাৰক গুণৰ বাবে বাঁহ-গাজ বাত বিষৰ চিকিৎসাত উপযোগী ৷
(১১) বৃশ্চিক আৰু সৰ্প দংশণৰ আয়ুৰ্বেদিক চিকিৎসাত বাঁহ-গাজৰ প্ৰয়োগ হৈ আহিছে ৷বৰলে বিন্ধা, বিছাই ডকা আদিটো বাঁহগাজ প্ৰয়োগ কৰি উপশম ঘটোৱা হয় ৷
(১২) আয়ুৰ্বেদিক চিকিৎসকসকলে হাঁপানী আৰু আন শ্বাসজনিত বক্ষ ৰোগৰ চিকিৎসাত বাঁহ-গাজ ব্যৱহাৰ কৰে ৷
(১৩) চুলি সৰাৰ চিকিৎসাতো বাঁহ-গাজ উপযোগী৷
(১৪) কেতিয়াবা সৰু সৰু ল’ৰা ছোৱালীৰ শৌচদ্বাৰেদি (বিশেষকৈ গ্ৰাম্যাঞ্চলত) জোক সোমাই যায় । তেতিয়া অলপমান খৰিচা খুৱাই দিলে জোক বাহিৰলৈ ওলাই আহে । হাল বাওতে গৰুৰ নাভিত জোক সোমালে খৰিচা খুৱালে জোক এৰাই বাহিৰ হয় ৷
(ছোছিয়েল মেডিয়াৰ সৌজন্যত)

Related Articles

Close