বসন্ত ঋতু আৰু আমোদ-প্ৰমোদ!

অঞ্জন শৰ্মা

ঋতু কেইটা?

ঋতু ছয়টা। যেনেঃ

( ক) গ্ৰীষ্ম

(খ) বৰ্ষা

( গ) শৰৎ

(ঘ)হেমন্ত

( ঙ)শীত

(চ)বসন্ত

ইয়াৰে বসন্ত ঋতুৰ সময়ছোৱা –ইংৰাজী মাহ মধ্য ফেব্ৰুৱাৰীৰ পৰা মধ্য এপ্ৰিল আৰু অসমীয়া মাহ চ’ত ,বহাগত পৰে ৷লাহে লাহে গৰম আহে ৷গছত নতুন কুহিঁপাত ওলায় ৷মাজে মাজে বৰষুণ হয় ৷কুলি কেতেকী আৰু বিভিন্ন পৰিভ্ৰমী চৰাইৰ অসমলৈ আগমণ ঘতে ৷এই সময়তে অসমীয়াৰ উলাহৰ বহাগ বিহু হয় ৷

এতিয়া ‘বসন্ত ঋতু’ আৰু আমোদ-প্ৰমোদৰ বিষয়ে ইতিহাসৰ পৃষ্ঠাত পোৱা কেইষাৰমান কথা চমুকৈ ডাঙি ধৰিবলৈ ওলাইছো-

                 মীৰজুমলাৰ অসম আক্ৰমণৰ সময়ত ‘তাৰিখ-ই-আচাম’ নামৰ পুথি এখন শ্বিহাব-আল-দিন-আহমদ-তালিছে লিপিবদ্ধ কৰিছিল।  তেওঁ লিখিছিল যে ‘বৰ্তমান সময়ত সকলো দেশৰ স্বাধীন ভূপতিসকলে যিদৰে তেওঁলোকৰ ইচ্ছা অনুসৰি যি কোনো সময়ত আৰু যিমান বছৰ ইচ্ছা ৰাজকাৰ্য্যৰ পৰা অৱসৰ লৈ মৃগয়া আৰু দেশভ্ৰমণ আদি কৰি থাকে, ভাৰতৰ হিন্দু নৃপতিসকলে তেনে কৰা নাছিল। সেই সুসময়ত বসন্তকালৰ (বাসন্তী পঞ্চমীৰ পৰা মদন চতুৰ্দশী পৰ্যন্ত) কিছু মাহ ৰজা-প্ৰজা সকলোৰে বাবে আমোদ-প্ৰমোদ উপভোগৰ বাবে নিৰ্দিষ্ট আছিল তথা সকলোৱে সেই বসন্ত উৎসৱৰ সময়ত নিজ নিজ কাৰ্যৰপৰা বিৰতি গ্ৰহণ কৰিছিল। মহাৰাজ প্ৰাণনাৰায়ণে সম্ভৱতঃ সেই পুৰণি আচাৰ পুনৰ প্ৰৱৰ্তন কৰিছিল।’

           কোচবিহাৰৰ মহাৰাজ প্ৰাণনাৰায়ণৰ শাসনকাল আছিল ১৬৩২-১৬৬৫ ইংৰাজী চনলৈ (ৰাজশক ১২৩-১৫৬)। অসমৰ বুৰঞ্জী, ফাৰ্চী ভাষাত লিখিত ইতিহাস আৰু সমসাময়িক অন্যান্য প্ৰাচীন পুথিৰ দ্বাৰা প্ৰমাণিত হৈছে যে বহিৰাক্ৰমণ আৰু জ্ঞাতিবিৰোধ আদি কাৰণবশতঃ তেওঁৰ ৰাজত্বকাল নানা ধৰণৰ অশান্তিৰে পূৰ্ণ হৈ উঠিছিল তথা ৰাষ্ট্ৰৰ ভিতৰতো তেওঁৰ অধিকাৰ অব্যাহত নাছিল। বাঙ্গলাৰ সমসাময়িক চুবেদাৰ চুলতান মহম্মদ চুজাই ৰজা তোদৰমলৰ জমাবন্দী কাগজ সংশোধন কৰিছিল; সেই কাগজত দেখা যায় যে ২৪৬ পৰগণাত বিভক্ত ‘চৰকাৰ কোচবিহাৰ’ আৰু দুই পৰগণাত বিভক্ত ‘চৰকাৰ বাঙ্গাল ভূম'(বাহাৰবন্দ আৰু ভিতৰবন্দ পৰগণা) মোগল সাম্ৰাজ্যভুক্ত বুলি গণ্য কৰা হৈছিল।

              মহাৰাজ প্ৰাণনাৰায়ণৰ সেইবোৰক লৈ বৰ বিশেষ চিন্তা নাছিল। তেওঁ অত্যন্ত বিলাসী আৰু অমিতব্যয়ী আছিল, মদ্যপান আৰু সুন্দৰী ৰমণীসকলৰ নৃত্য-গীত উপভোগত সদায় নিমগ্ন থকাৰ লগতে ৰাজকাৰ্য্যত বিশেষ মনযোগ নিদিছিল। ‘ৰাজোপাখ্যান’ত লিখা আছে যে এইজনা ৰজাই ছটা ঋতুৰ মাজৰ পাঁচটা ঋতুত ৰাজকাৰ্য্য অলপ-অচৰপ কৰিছিল, কিন্তু বসন্ত ঋতুত অন্যান্য সকলো কাৰ্য পৰিত্যাগ কৰি প্ৰমোদ উদ্যানত সুন্দৰীসকলৰ সৈতে নানা ধৰণৰ সুখ-আনন্দৰে কাল অতিবাহিত কৰিছিল!

যি কি নহওক, এতিয়া ২০২০ চন, এতিয়া ফেব্ৰুৱাৰী মাহৰ মাজভাগ। অৰ্থাৎ বসন্ত ঋতু!!

গতিকে ‘ফিল্মফেয়াৰ উৎসৱ’ক লৈ ইমান হুলস্হূল কৰি থাকিলে শোভা পায় নে? বসন্তকাল আৰম্ভ হৈছে হে মাথোন! চৰাইবোৰে ৰাজকাৰেঙত গীত গাবলৈ ধৰিছেহে মাথোন!!

Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close