বসন্তৰ বিননি

কল্পনা লহকৰ

সাৰপাই উচুপি উঠা কুলিৰ হৃদয়
কুউ কুউ কুউ কুউ!
এয়াতো উচুপনি নহয়
এয়া যে বসন্তৰ জাননী৷
ডেকা-গাভৰুৰ বুকুৱেদি বৈ যোৱা প্ৰাণৰ মন্দাকিনী
পুৱতি নিশাই বৰদৈচিলাজাক আহিল
লগত এজাক দোপালপিটা বৰষুণ
মোৰ কোঠাত সোমাই দিলে তোমাৰ আগলি বতৰা
বুকুত অলেখ সপোনৰ
বীজ সিঁচিলে পৃথিৱীয়ে
মতলীয়া হৈ ক’লে– বসন্ত নহয়
তুমি মোৰ মন উতলা কৰা অনুভৱী ঋতু
মোৰ হৃদয় শাঁত পৰা মিঠা অনুভূতি
অতীতৰ স্মৃতিত উটি ভাঁহি যাওঁ
তাঁতশালত বহি খিটি খিটি বাওঁ
ফুলৰ চানেকিবোৰ গামোছাত বাঁচো
মনৰ ফুলাম গামোচাখনি চেনাইধনলৈ থওঁ
হেঁপাহৰ আঁচু সূতাৰে গাঁথো সপোনৰ কাৰেংঘৰ৷
ৰজনজনাই বিহুতলী ঢোল পেঁপাৰ  মাতে
মূগাসাজ পিন্ধি খোপাত কপৌ গুজি যাওঁ বিহুতলীলৈ৷
মন মোৰ জেতুকাবুলীয়া
থৌকিবাথৌ উতনুৱা দেহা
বসন্তই আনে আনন্দৰ ঢৌ হৃদয় পৰশা…

Related Articles

Close