ব’লক, অলপ উভতি যাওঁ

অঞ্জন শৰ্মা

এক হাজাৰ নহয়, দুই হাজাৰ নহয়
বাৰ হাজাৰ ৰণুৱা ঘোঁৰা চেকুৰিছিল কামৰূপলৈ
কামৰূপত প্ৰথমবাৰৰ বাবে আক্ৰমণ কৰিবলৈ
হাজাৰ হাজাৰ ঘোঁৰাৰ কদমত ধূলি উৰিছিল
জয়ধ্বনিৰ প্ৰতিধ্বনিয়ে আকাশ ৰজনজনাইছিল
ইতিহাস
ইতিহাসেও লয় উশাহ, এৰে নিশাহ, ইতিহাস
নহয় মাথো এক বিচ্ছিন্ন অতীত। আজিও শুনো
হ্ৰেষাধ্বনি, অস্ত্ৰৰ ঝনঝননি, উমান পাওঁ
মাতৃভূমিৰ হাঁহি-কান্দোন-যন্ত্ৰণা-গেঙনি
যদিও
আমাৰ মনস্তত্ব উপনিৱেশিক শক্তিৰে প্ৰক্ষালিত।
ইতিহাস
আজিও জিলিকি আছে সেই অক্ষয় লিপি-
“শাকে তুৰগ যুগ্মেশে মধু মাস ত্ৰয়োদশে।
কামৰূপং সমাগত‍্য তুৰক্ষা: ক্ষয়মায়য়ুহ।”
অৰ্থাৎ,
এঘাৰশ শকৰ চ’ত মাহৰ তেৰ তাৰিখে
কামৰূপলৈ আহি তুৰ্কীবোৰ ধ্বংস হৈছিল।
হে পাঠক, ব’লক, আমি অলপ উভতি যাওঁ
ভগ্নস্বাস্থ‍্য উদ্ধাৰাৰ্থে বৈদ‍্যক দেহৰ ইতিহাস বৰ্ণোৱাৰ দৰেই
আমিও চাওঁ ইতিহাসৰ পৃষ্ঠাৰ ধূলি আতৰাই
আঠশ বছৰ পূৰ্বৰ কামৰূপৰ শৌৰ্য-বীৰ্য
যকৃৎ-হৃৎপিন্ড-মগজু-বৃক্ষ।
#       #       #       #        #
আৰম্ভণিতে কৈ থও, হে সুহৃদ পাঠক মোৰ
কলমেৰে ওলোৱা শব্দবোৰ, বাক‍্যবোৰ নিজগুণে
কৰিব লাগিব সহ‍্য, লগতে মাৰ্জনাও
যিহেতু এই লেখাৰ সৰ্বাঙ্গ চিত্ৰময় নহব, নাথাকিব
অনুভৱৰ নিশ্চিত্ৰ ব‍্যঞ্জনা, চিত্ৰকল্প, উপমা, বৰ্ণনা
উৎপেক্ষাৰে নহ’ব সৃষ্টি শব্দ-বাক্যৰ অনন্য প্ৰতিমা।
অশান্ত যন্ত্ৰণাদীৰ্ণ মেজাজে পোৰা মোৰ অনুভৱ
মই শুনা হ্ৰেষাধ্বনি, জয়োল্লাস, আৰ্তনাদ, হাহাকাৰ
মৰণ-চীৎকাৰ…সকলো একাকাৰ হব মোৰ
পদ‍্যমাৰ্কা গদ‍্যত বা গদ‍্যমাৰ্কা পদ‍্যত বা শব্দৰ খিচিৰীত!
#          #          #           #
হে প্ৰিয় পাঠক,
সময়-সুবিধা বুজি আজিকালি কৰা হয়
লাচিত চৰ্চা, চিলাৰায় চৰ্চা
বহুতৰ বাবে নেহাৎ এক এৰাব নোৱাৰা আনুষ্ঠানিকতা!
মই পিছে শুনি থাকো ইতিহাসৰ বিশেষ স্পন্দন
স্পন্দনৰ অনন্য অনন্ত সুৰ
যি প্ৰাণিত কৰে মোৰ কল্পনাৰ ৰাজ্য, মোৰ মাতৃভূমি
পৌৰাণিক বীৰগাথাৰে হৈ পৰে বৰ্ণময়।
ব’লক, অলপ উভতি যাওঁ
ষোল্লশ এসত্তৰ চনত প্ৰাণত‍্যাগ কৰা লাচিতৰ
পোন্ধৰশ এসত্তৰ চনত প্ৰাণত‍্যাগ কৰা চিলাৰায়ৰ
সময়ছোৱাৰো আগলৈ উভতি যাওঁ।
#          #          #       #
আফগানিস্তানৰ তুৰ্কী-খলজ জনজাতিৰ সন্তান তেওঁ
ইখতিয়াৰ উদ্দিন মুহম্মদ বখতিয়াৰ খলজী
চমুকৈ বখতিয়াৰ খলজী
তীক্ষ্ণ সামৰিক মেধাৰে দু:সাহসী দুৰ্জেয় তেওঁ
পৰাক্ৰমেৰে, প্ৰচন্ড আক্ৰমণেৰে, বিহাৰ-বঙ্গ কৰিছিল জয়
তেজৰ নৈ বোৱাইছিল নালন্দা, ওদান্তাপুৰী, বিক্ৰমশিলাত।
তিব্বত-চীন-গ্ৰীচ-পাৰ্চিয়াৰ ছাত্ৰৰ জ্ঞানস্থলী
নালন্দা বিশ্ববিদ্যালয়
ধ্বংস কৰিছিল তেওঁ, জ্বলাই দিছিল তেওঁ
বিশ্ববিদ্যালয়ৰ আপুৰুগীয়া নব্বৈ লাখ গ্ৰন্হ
পান্ডুলিপি
তিনিমাহ নিৰ্বাপিত হোৱা নাছিল সেই অগ্নি, ধোঁৱা
তেওঁ হাজাৰ হাজাৰ বৌদ্ধক জীৱন্তে জ্বলাইছিল
তেওঁ হাজাৰ হাজাৰ বৌদ্ধৰ শিৰচ্ছেদ কৰিছিল
তেজ-ধোঁৱা-চীৎকাৰ-মৃত্যুৰ কিৰিলি, শগুণো পলাইছিল
বখতিয়াৰ খলজী
বিহাৰ-বঙ্গৰ পিছত খলজীৰ চকু পৰিছিল কামৰূপত
তেওঁৰ লক্ষ্যস্থান আছিল কামৰূপ হৈ তিব্বত, হিমালয়
হিমালয়ৰ সিপাৰৰ চীন।
বাৰশ পাঁচ চনৰ ঘটনা, বাৰহাজাৰ ৰণুৱা ঘোঁৰা লৈ
খলজীয়ে কামৰূপলৈ কৰিছিল যুদ্ধযাত্ৰা
বঙ্গৰ দক্ষিণ দিনাজপুৰৰ দেৱকোটৰ পৰা
সেয়াই আছিল কামৰূপৰ ওপৰত প্ৰথম আক্ৰমণ
মুছলমানৰ প্ৰথম আক্ৰমণ
তাকো নিষ্ঠুৰ দুৰ্জেয় বখতিয়াৰ খলজীৰ!
বাৰহাজাৰ ৰণুৱা ঘোঁৰা চেকুৰিছিল কামৰূপলৈ
পশ্চিমে তিস্তা-কৰতোৱালৈ সীমা থকা কামৰূপলৈ
ইতিহাস
অজেয় পৰাক্ৰমী দু:সাহসী খলজী প্ৰথমবাৰৰ বাবে
অকল্পনীয়ভাৱে
নিৰ্লজ্জভাৱে পৰাজিত হৈছিল তয়াময়া যুদ্ধত, কামৰূপত
কামৰূপৰ মহাযোদ্ধা ৰজা পৃথুৰ হাতত! খলজী
বখতিয়াৰ খলজী পলাইছিল কামৰূপৰ পৰা
পৃথুৰ সেই অবিষ্মৰণীয় বীৰত্বৰ সাক্ষী আজিও নীৰৱ
‘কানাই বৰশী বোৱা শিল’।
শিলালিপি
‘”শাকে তুৰগ যুগ্মেশে মধু মাস ত্ৰয়োদশে।
কামৰূপং সমাগত‍্য তুৰক্ষা: ক্ষয়মায়য়ুহ।”
বাৰশ আঠাইশ চনত মৃত‍্যুবৰণ কৰা কামৰূপীয়া বীৰ
মহাযোদ্ধা পৃথু
কামৰূপত হোৱা প্ৰথম আক্ৰমণ তছনছ কৰা পৃথু
বখতিয়াৰক নিৰ্লজ্জভাৱে পৰাস্ত কৰা পৃথু
কামৰূপৰ পৃথু
ইতিহাস
পৃথু ক’ত আজি, ইতিহাস, পৃথু!?
কোনোবাই আজি বাৰু তেওঁক কৰে নে স্মৰণ?
আছেনে ক’ৰবাত পৃথুৰ দ্বিমাত্ৰিক ত্ৰিমাত্ৰিক কাল্পনিক অবয়ৱ?
ইতিহাস!
পৃথুৰ প্ৰতি কিয়ইবা এনে সচেতন অৱহেলা!
পৃথুৰ নামত নেদেখিলো এখনো স্মৰণসভা!
ইতিহাস
এই লেখাৰেই প্ৰণামিলো আজি মই মহাযোদ্ধা পৃথক
কামৰূপৰ অৱহেলিত মহাবীৰ পৃথুক
কাৰণ নালন্দা এতিয়াও হৈ আছে ৰক্তাক্ত
ধোঁৱাময়
অসমো আজি গৌৰৱোজ্জ্বল অতীতৰ পৰা বিচ্ছিন্ন টুলুঙা ফুটা নাও
অসম উদ্ধাৰৰ বাবে এতিয়া হৈ উদ্বিগ্ন
নাৱৰ টিঙত খলজী আৰু ৰামসিংহ
বঠা হাতত লৈ
ইতিহাস, সময়ৰ কি ক্ৰুৰ পৰিহাস!
(০৯/০৩/১৯)
Show More

Related Articles

Back to top button
error: Content is copy right protected !!