বড়ো জনগোষ্ঠীয় আন্দোলনৰ এটি ঐতিহাসিক ৰূপৰেখা —মিতালী ভট্টাচাৰ্য

বিভিন্ন জাতি জনগোষ্ঠী ৰে পৰিপূৰ্ণ এইখন বৰ অসমত কেইবাশ বছৰ যোৰা সামাজিক  ৰাজনৈতিক বিবৰ্তনৰ মাজেৰে বৃহৎ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াটো আগবাঢ়ি  আহিছিল যদিও স্বাধীনতাৰ ঠিক পিছতেই ভাষিক একত্ৰীকৰণৰ বিষয়টো মূখ্য বিষয় হিচাপে ৰূপান্তৰিত হৈ জাতিগঠন প্ৰক্ৰিয়াত বাধাৰ প্ৰাচীৰ ৰূপে থিয় দিলে ৷ স্বকীয় ভাষা, পৰিচয় ৰ উৰ্দ্ধ সীমাত উঠি কোনো জাতিয়েই বৰ অসমৰ সংজ্ঞাৰ  নিৰুপনত সক্ষম নহল ৷ বিভিন্ন ৰাজনৈতিক অন্তঃকলহত পৰি পাহাৰ ভৈয়ামৰ  একতাৰে পৰিপূৰ্ণ  এইখন অসমৰ পৰা ক্ৰমান্বয়ে  আঁতৰি  গ’ল  খাচী গাৰো সকল,  নগা মিজো আৰু অৰুণাচলী লোক সকল ৷ বৰ অসম খন ভাঙি টুকুৰা টুকুৰ হোৱাৰ পিছতো অবশিষ্ট জাতি জন জাতি  – জনগোষ্ঠী  ক লৈ গঠন হোৱা অসমখনত এক সুস্থিৰ পৰিবেশ বিৰাজ  কৰিব বুলি আশা কৰা হৈছিল ৷ কিন্তু বাস্তৱত সেয়া সম্ভৱ নহল ৷ তাৰ  বিপৰীতে জনজাতিকৰণৰ দাবী, ষষ্ঠ  অনুসুচীত অন্তভুক্ত কৰণৰ দাবী, স্বাধীন অসমৰ দাবী ৰ ৰূপত থলুৱা মানুহখিনি তথা হোজা জনজাতীয় জনগোষ্ঠীয়ে সমস্যা জটিল কৰি তুলিলে ৷মেঘলয় গঠনৰ পিছত ৰাজ্য খনৰ অৱশিষ্ট দুইখন জিলা কাৰ্বি আলং আৰু উত্তৰ কাছাৰ পাহাৰত পৃথকতাবাদৰ ঢৌ উঠিল ৷ ভৈয়ামৰ বড়ো জনগোষ্ঠী য়ে সুকীয়া ৰাজ্যৰ দাবীত তীব্ৰ সশস্ত্ৰ সংগ্ৰামত জপিয়াই পৰিল ৷ কোচ ৰাজবংশী  সকলেও পৃথক কামতাপুৰৰ  দাবীত সংগ্ৰাম কৰিবলৈ আৰম্ভ কৰিলে ৷ ভাৰত ভূমি য়ে অসম মাতৃক কৰা  প্ৰবঞ্চনা তথা বিভিন্ন ক্ষেত্ৰত অভিযোগ আনি থলুৱা অসমীয়া যুৱক যুৱতীৰ স্বাধীন অসমৰ দাবী তুলি কৰা সহিংস্ৰ সংগ্ৰাম আদি সুকীয়া  দাবীৰ পৰিপ্ৰেক্ষিতত  অসমখন পুনৰায় অগ্নিগৰ্ভাৰ ৰূপ পৰিগ্ৰহন কৰিলে ৷

প্ৰশ্ন হয়,  বৰ্তমান অসমৰ এই পৰিস্থিতিৰ বাবে জগৰীয়া কোন??  বিভিন্ন জনগোষ্ঠী ৰ স্বকীয়  আত্মপৰিচয় ৰ মনোভাব নে মুলসুতিৰ অসমীয়াৰ ৰক্ষনশীল মনোভাব ???  পৃথকতাবাদী এই আন্দোলনৰ পটভুমি আৰু গতিধাৰা সম্বন্ধে সঠিক পৰ্যালোচনা  তথা সঠিক বিশ্লেষন ৰ আধাৰত বিশেষ বাবে পৰ্যালোচনা  কৰি এই সমস্যাৰ মুলকাৰন নিৰ্ণয় কৰি তাৰ সঠিক সমাধানৰ পথত আগবাঢ়িব  নোৱাৰিলে সমগ্ৰ অসমীয়া জাতিৰ অস্ত্বিত্ব বিপদাপন্নৰ হৈ পৰিব ৷ এজন মুলসুতিৰ  অসমীয়া হিচাপে নিজক গন্য কৰি জনজাতীয় দৃষ্টিভংগী  ৰে তেওঁলোকৰ  ইতিহাস তথা সমস্যা সমুহৰ প্ৰতি আলোক পাত  তথা তাৰ সমস্যা সমাধানৰ পথ নিৰ্নয়ৰ বাবে কৰা এই ক্ষুদ্ৰ প্ৰচেষ্টা ভৈয়াম তথা পাহাৰীয়া অঞ্চলৰ মুল মানুহ খিনিক ওভতাই আনিবলৈ আৰু গনতান্ত্ৰিক আলাপ আলোচনাৰ মাধ্যমেৰে তেওঁলোকক উপযুক্ত পথ দেখুৱাবলৈ  সক্ষম হলে এই লিখনিৰ উপযুক্ততা বৰ্তি  থাকিব ৷ এক সৰ্বজন গ্ৰাহ্য  ৰাজনৈতিক ব্যবস্থাৰ সন্ধান উলিয়াই এই উভতনি যাত্ৰা সাফল্য মণ্ডিত কৰাটোৱেই মোৰ মুল লক্ষ্য ৷

বড়ো সকলৰ ৰাজনৈতিক ইতিহাস
—————————————————
অসমৰ আদিতম অধিবাসী এই বড়ো সকল যিশুখ্ৰীষ্ট ৰ জন্মৰ প্ৰায় 5 হাজাৰ বছৰ পূৰ্বেই মধ্য প্ৰাচ্যৰ বিভিন্ন  দেশ যেনে – চীন, মংগোলীয় ,  তিব্বত  আদিৰ পৰা  অসমলৈ আগমন কৰিছিল ৷  ইতিহাসে ঢুকি নোপোৱা দিনৰ পৰাই বড়ো সকলে উত্তৰ পুৰ্ব ভাৰতৰ বিভিন্ন ঠাইত ৰাজ্য পাতি শাসন কৰা দেখা যায় ৷ ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন নামেৰে  পৰিচিত এই বড়ো সকল গোৱালপাৰাকে ধৰি নামনি অসমত বড়ো,  কছাৰী, মেচ,  কোচ,  উত্তৰবংগ ত ঠাই ভেদে মেচ, কোচ, গাৰো পাহাৰত গাৰো নামেৰে সুকীয়া জনগোষ্ঠী , উজনি অসমত  দেউৰী,  মৰাণ, সোনোৱাল, চুতীয়া, ব্ৰহ্মপুত্ৰৰ দক্ষিনপাৰে লালুং ,  ৰাভা,  উত্তৰকাছাৰত  ডিমাছা,  কাছাৰত  কছাৰী নামেৰে পৰিচয় লভিছিল  যদিও নৃতাত্বিক দৃষ্টিভংগী ত বড়ো বুলিলে এতিয়া বড়ো মূলীয়  জনগোষ্ঠী কে বুজা যায় ৷ প্ৰাক্ ঐতিহাসিক  যুগৰ ৰজা নৰক, ভগদত্ত , বাণ  আদিয়েও বড়ো ইতিহাসক সমৃদ্ধ কৰি তোলা দেখা যায়৷ নৰক ভৌম বংশীয়  ৰজা নৰকাসুৰেই প্ৰথম খৃীষ্টাব্দত  ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰথম খন ৰাজ্য স্থাপন কৰা বুলি জনা যায় ৷ প্ৰায় 300 বছৰ ধৰি নৰকাসুৰৰ 19 টা প্ৰজন্মই কৰা ৰাজত্বৰ সৱিশেষ এতিয়াও কিয়দাংশে কল্পনা মিশ্ৰিত ৷ আনুমানিক 350 খৃষ্টাব্দত  পুষ্য বৰ্মনে প্ৰাচীন কামৰূপত  বৰ্মন বংশৰ প্ৰতিষ্ঠা  কৰে ৷ প্ৰায় 300 বছৰ যোৰা পুষ্য বৰ্মনৰ 12 টা প্ৰজন্মই কামৰূপ ত প্ৰতিষ্ঠিত  ” বড়ো সম্ৰাজ্য ” ত শাসন কৰিছিল ৷ এই বংশৰ শাসন কালত কামৰূপ ৰ গৰিমা সমগ্ৰ ভাৰততেই নহয় চীন প্ৰদেশলৈ ও বিস্তাৰিত হোৱা বুলি ইতিহাসে সাক্ষ্য দিয়ে ৷ বৰ্মন বংশৰ শেষৰ জন ৰজা ভাস্কৰ বৰ্মনৰ মৃত্যুৰ পিছতো ৰাজনৈতিক অস্থিৰতা ৰ ফলস্বৰুপে এই বংশৰ পতন ঘটে ৷ অবশেষত ” শালস্তম্ভ ” নামৰ  এজন মেচ বা বড়ো জনগোষ্ঠীয় লোকে 655 খৃষ্টাব্দত  কামৰূপ ৰ সিংহাসনত ত আৰোহন কৰি এক নতুন  ৰাজবংশ ৰ প্ৰতিষ্ঠা  কৰে ৷ প্ৰায় 250 বছৰ ধৰি 21 জন ৰজাই শাসন কৰাৰ পিছত ৰাজনৈতিক অস্থিৰতা  তথা ক্ষমতা কেন্দ্ৰিক সংঘাতৰ ফলস্বৰূপে শালস্তম্ভ  বংশৰ পতন ঘটাই 990 খৃীষ্টাব্দত ব্ৰহ্মপাল  নামেৰে এজন দ্ৰাবিড়  বংশীয় লোকে ৰাজ্যভাৰ  গ্ৰহন কৰি কামৰূপত বড়ো সকলৰ বংশগত শাসনৰ অন্ত পেলায়  ৷ প্ৰায় 150 বছৰ ধৰি ৰাজ্যহাৰা  বড়ো সকলে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে সিঁচৰতি হৈ পৰিছিল ৷ তেনেকৈয়েই তেওঁলোক  ক্ষুদ্ৰ  ক্ষুদ্ৰ  জনজাতীয় ৰাজ্যৰ ৰজাৰ ৰূপত যেনে চুতীয়া,  মৰান,  বৰাহী,  কছাৰী ৰাজ্যৰ শাসন কৰ্তা ৰূপে নিজকে প্ৰতিষ্ঠা কৰিছিল ৷ আহোমৰ সৈতে হোৱা কেইবাটাও সংঘৰ্ষৰ পিছত স্বৰ্গদেউ  চুহুংমুঙৰ দিনত চুতীয়া ৰাজ্য আহোমৰ অধীন হয় ৷  আন দুটা বড়ো জনগোষ্ঠী  মৰান আৰু বৰাহী  সকলৰ সহযোগত আহোম সকলে উজনি অসমত ৰাজ্য বিস্তাৰ  কৰিবলৈ সক্ষম হৈছিল ৷ মৰাণ জনগোষ্ঠীৰ  ৰজা বদৌছা আৰু বৰাহী ৰজা থাকুমথা ই পাৰস্পৰিক  সহযোগিতা ৰ মাজেৰেই আহোম সকলৰ লগত সম্পূৰ্ণ ৰূপে মিলি গৈছিল ৷ সকলোতকৈ শক্তিশালী  জনজাতীয় ৰাজ্য খন আছিল কছাৰী ৰাজ্য ৷ আহোম শাসক সকলৰ লগত কছাৰী  ৰজাৰ সংঘৰ্ষ  নিয়মীত  ভাবে চলি আছিল ৷ চুকাফাৰ  পুত্ৰ চুতেওফাৰ ৰাজত্ব কালত আহোম সকলে কছাৰী  সকলৰ পৰা দিঘৌ আৰু নামদাং নদীৰ মধ্যবৰ্তী  অংশটো কাঢ়ি  লয় ৷ বিভিন্ন সময়ত কছাৰী ৰজাৰ লগত সংঘটিত হোৱা যুদ্ধ বিগ্ৰহৰ অন্ত পেলাই 1536 চনত আহোম ৰাজ চুহুংমুঙে কছাৰী ৰজা ডেটচুঙক হত্যা কৰি ৰাজধানী ডিমাপুৰ ধংস কৰে ৷ এইফালে আহোমৰ হাতত পৰাস্ত হৈ কছাৰী সকলে মাহুৰ নদীৰ পাৰত মাইবঙক ৰাজধানী কৰি লৈ মদন কোঁৱৰ ওৰফে নিৰ্ভয় নাৰায়নৰ অধীনত এখন নতুন ৰাজ্যৰ স্থাপনা কৰে ৷ এইবাৰো আহোম সকলৰ লগত বিভিন্ন সংঘৰ্ষৰ প্ৰতিফলনত 1706 চনত তাম্ৰধ্বজৰ দিনত আহোম ৰাজ ৰুদ্ৰসিংহ  ৰ আক্ৰমনত পৰাজয় বৰন কৰি বশ্যতা স্বীকাৰ কৰে  আৰু ৰাজধানী  বৰাক উপত্যকাৰ খাছপুৰলৈ উঠাই  নিয়ে ৷ 1813 চনত কছাৰী ৰাজ্যৰ শেষৰ জন ৰজা গোবিন্দ চন্দ্ৰৰ দিনত মণিপুৰ ৰজা শাসন কাৰ্যত  হস্তক্ষেপ  কৰিবলৈ লয় ৷ 1818 চনত মণিপুৰি ৰাজ্যৰ বাৰংবাৰ  আক্ৰমনত অতিষ্ঠ হৈ কছাৰী ৰাজ গোবিন্দ চন্দ্ৰই ইষ্ট ইণ্ডিয়া  কোম্পানীৰ সাহায্য প্ৰাৰ্থনা কৰে ৷ কোম্পানী য়ে কাছাৰ  উদ্ধাৰ  কৰি গোবিন্দ চন্দ্ৰক কৰতলীয়া ৰজা পাতে ৷ 1824 চনৰ 6 মাৰ্চত কোম্পানী আৰু ৰজা গোবিন্দ চন্দ্ৰই ইষ্ট ইণ্ডিয়া    কোম্পানীৰ  অনুগত হৈ ৰজা হিচাপে শাসন কাৰ্য চলাই যায় ৷ কিন্তু সেনাপতি তুলাৰামৰ বিদ্ৰোহৰ পৰিনতিত কছাৰী ৰাজ্য দুভাগত বিভক্ত হয় ৷ তাৰে মাজতে 1830 চনৰ 24 এপ্ৰিলত গোবিন্দ চন্দ্ৰৰ হত্যা কৰা হয় ৷ কাছাৰত সৃষ্টি  হোৱা অৰাজকতাৰ  ফলস্বৰূপে   1832 চনৰ 14 আগষ্টত  কোম্পানীয়ে ইয়াক  নিজৰ লগত চামিল কৰে ৷ এনেদৰেই কছাৰী সকলৰ কেইবাশতিকা যোৰা শাসনৰ অন্ত পৰে ৷

ইতিহাসৰ এনে তথ্যৰ পৰা এয়া স্পষ্ট  হয় যে আহোম সকলে অসমলৈ অহাৰ পিছতেই বড়ো কছাৰী সকলৰ ৰাজ্য গঠন প্ৰক্ৰিয়া টোত পৰিৱৰ্তন  সংগঠিত হৈছিল ৷ কামৰূপ লৈ আৰ্য সংস্কৃতিৰ আগমন হোৱাত বড়ো কছাৰী সকলৰ সামাজিক, ধৰ্মীয় তথা ৰাজনৈতিক ক্ষেত্ৰতো প্ৰভূত পৰিবৰ্তন সাধিত হোৱা লক্ষ্য কৰা হয় ৷ ধৰ্মৰ লগতে সংস্কৃতিৰ আত্মীকৰণ (assimilation) প্ৰক্ৰিয়া  সংগঠিত হোৱাত বড়ো সকলে নিজস্ব পৰম্পৰা,  সংস্কৃতি হেৰুৱাই পেলাইছিল ৷ কিন্তু তাকে লৈ সেই সময়ৰ বড়ো জনগোষ্ঠীয় লোক সকল শংকিত হোৱা নাছিল  বৰং সমিলমিল ভাবেৰে আৰ্য অনাৰ্যৰ লগত একতাৰ ডোলেৰে বান্ধ খাই বৃহত্তৰ জাতি গঠনৰ প্ৰতিহে  আত্মনিয়োগ কৰা দেখা যায় ৷ উদাহৰণ স্বৰূপে  চতুৰ্দশ শতিকাত মাধৱ কন্দলীয়ে  ৰামায়ণ খন অসমীয়ালৈ অনুবাদ কৰাৰ কাৰ্যৰ প্ৰধান  পৃষ্ঠপোষক  আছিল কছাৰী ৰাজ মহামাণিক্য ৷
লক্ষনীয়  কথা এয়েই যে কছাৰী সকলৰ শেষৰ জন ৰজা গোবিন্দ চন্দ্ৰৰ শাসন কালত তেওঁ বহুতো বঙালী ব্ৰাহ্মণ  পৰিয়ালক নিজৰ ৰাজ্যত মাটি ভেটি দি স্থাপন  কৰিছিল ৷ এই আত্মীকৰণ  প্ৰক্ৰিয়াত  পশ্চিম গোৱালপাৰা  জিলাৰ বড়ো কছাৰী সকল বহুত দিনে মুক্ত আছিল যদিও তাতো এক সময়ত শংকৰ দেৱৰ এক শৰণ ধৰ্মৰ প্ৰভাব  পৰা  দেখা যায়৷ তেওঁলোক পৰম্পৰা গত “বাথৌ ধৰ্ম “ত্যাগ কৰি একশৰণ ধৰ্ম গ্ৰহন কৰি শৰণীয়া  হৈ পৰে৷ এই ধাৰ্মিক বিভাজনৰ ফলস্ৰুতিত জিলা খনৰ বিভিন্ন ঠাইত  তথা ওদালগুৰি মহকুমাত খৃীষ্টান মিশনাৰী সকলৰ ধৰ্মান্তকৰণৰ তৎপৰতা বৃদ্ধি পায়  ৷ ধুবুৰীৰ পাণবাৰী অঞ্চলৰ কিছুসংখ্যক বড়ো কছাৰী সকল ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হোৱাও লক্ষ্য কৰা যায় ৷ কিছুসংখ্যকে শ্ৰী শ্ৰী ঠাকুৰ অনুকুল চন্দ্ৰৰ ” সৎ  -সংগ “নীতিৰ দ্বাৰাও প্ৰভাবিত হোৱা দেখা যায় ৷ ধাৰ্মিক বিশৃংখলতা  সৃষ্টিৰ পিছত বড়ো সমাজ খন অস্থিৰ হৈ পৰে ৷ ইফালে বৃটিছে কছাৰী  ৰাজ্য অধিগ্ৰহন কৰাৰ ফলতো তেওঁলোকৰ ৰাজনৈতিক ক্ষমতা  হেৰুৱাই পেলায় ৷ ইংৰাজ সকলেও বড়ো কছাৰী সকলক এনে পৰিস্থিতিৰ  পৰা উদ্ধাৰৰ  কোনো ব্যবস্থা নকৰিলে ৷অসমীয়া ভাষী মধ্যবিত্ত  শ্ৰেনীটোৰ পৰা শিক্ষা , অৰ্থনীতি,  সমাজ সংস্কৃতি  আদি সকলো দিশতেই বড়ো সকল পাছ পৰি ৰ’ল ৷ পলমকৈ  হলেও বড়ো সকলক এই অৱস্থাৰ  পৰা ৰক্ষা কৰিৱলৈ স্বধিকাৰ চেতনাৰ অগ্ৰদূত  হৈ উপস্থিত হ’ল  কালীচৰণ ব্ৰহ্ম ওৰফে কালীচৰন মেছ ৷    গুৰু দেৱ কালীচৰণ  ব্ৰহ্মৰ  দ্বাৰা প্ৰচাৰিত ব্ৰহ্মধৰ্ম মুলতঃ ধৰ্মকেন্দিক  আন্দোলন আছিল যদিও এই ধৰ্ম সংস্কাৰমুলক আন্দোলন লৈ ৰূপান্তৰিত হৈ সৰ্বশেষত ৰাজনৈতিক সচেতনতাৰ ৰূপ পৰিগ্ৰহন কৰে ৷ কালীচৰণ ব্ৰহ্মৰ  একান্ত পৃষ্ঠপোষকতা আৰু বড়ো ছাত্ৰ  সন্মিলনীৰ উদ্দোগত 1924 চনত প্ৰকাশ পোৱা ” বিবাৰ ” আলোচনী খনত ব্ৰহ্ম ধৰ্মৰ তত্বকথা প্ৰচাৰ কৰাৰ লগতে বড়ো জনজাতিৰ গৌৰৱোজ্জ্বল ইতিহাস বৰ্ননা   কৰি  ছাত্ৰ সমাজৰ বিভিন্ন  সমস্যাৰ  কথা  তেওঁলোকৰ  সৃজনীশক্তিৰ  বিভিন্ন দিশ  উন্মোচন কৰে ৷”বিবাৰ “ত সামন্তৰাল ভাবে প্ৰকাশ পাইছিল বড়ো সকলৰ স্বাধিকাৰ  চেতনাই ৷ বড়ো সমাজখনক চলি থকা  বিভিন্ন সমস্যা যিটোৱে ছাত্ৰসকলৰ নিজৰ ভবিষ্যতৰ প্ৰতি সন্দিহান কৰি তোলে সেইবোৰ বিষয় এই আলোচনীখনত স্থান লাভ কৰিছিল ৷ কালীচৰন ব্ৰহ্মই সাধাৰন সচেতনতাৰে লক্ষ্য কৰিছিল যে পৰাধীন ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰত 1919 চনত ভাৰত শাসন অাইন অনুসৰি ৰাজ্যখনত যি সংশোধিত পৰিষদ গঠন কৰা হৈছিল তাত মুলতঃ হিন্দু আৰু মুছলমান সকলেহে প্ৰতিনিধিত্ব লাভ কৰিবলৈ সক্ষম হৈছিল ৷ বৃটিছ প্ৰদত্ত এই সীমিত আসনৰ সুবিধা গ্ৰহন কৰি এই দুয়োটা শ্ৰেনীৰ মানুহৰ দোপতদোপে উন্নতি হৈছিল ৷ ছাইমন কমিছনক নিজৰ অভাব অভিযোগ, দুৰ্দ্দশা আদি বিষয় লৈ কালীচৰন ব্ৰহ্মৰ নেতৃত্বত সজাঁতি দল এটিয়ে স্মাৰক পত্ৰ প্ৰধান কৰে ৷ ৰাজনৈতিক, সামাজিক, ধাৰ্মিক ক্ষেত্ৰত সৃষ্টি হোৱা অৰাজকতা , দীৰ্ঘদিনীয়া  অবহেলা,  বঞ্ছনা আদিয়ে এটা সময়ত গৌৰৱশালী জনজাতীয় এই  লোক সকলক তেওঁলোকৰ প্ৰথমটো ৰাজনৈতিক দল ” ট্ৰাইবেল লীগ ” গঠন কৰাৰ বাবে অনুপ্ৰানিত কৰিছিল  আৰু এই দলটোৱেই বড়ো সকলৰ
ৰাজনৈতিক সংগ্ৰামৰ গুৰি ধৰিছিল ৷ ট্ৰাইবেল লীগ 1933 চনৰ 17 এপ্ৰিলত নগাওঁ  জিলাৰ ৰহাত জনগোষ্ঠীয়  প্ৰতিনিধি মুলক  এখন সভাত পোন প্ৰথম বাৰৰ বাবে Assam Backward Plains League  পিছলৈ ট্ৰাইবেল লীগ নামেৰে জনজাত হৈ  ৰাজনৈতিক উত্থান পতন  ৰ লগত জৰিত হৈ পৰিল ৷ সংগঠনটোৰ সভাপতি আছিল  যাদৱ চন্দ্ৰ খাখলাৰী আৰু সম্পাদক  আছিল ভীমবৰ দেউৰী ৷ এই লীগে এটা সুনিদিষ্ট লক্ষ্য আগত ৰাখি সক্ৰিয়তাৰে কাম কাজ চলাই প্ৰথমখন অধিবেশনত দুটা প্ৰস্তাৱ গ্ৰহন কৰে ৷ এই প্ৰস্তাৱ বা দাবী দুটা আছিল—  1) প্ৰস্তাৱিত নতুন শাসন ব্যবস্থাত ভৈয়ামৰ অনগ্ৰসৰ জাতিসমুহক এটা উমৈহতীয়া  গোট হিচাপে চিনাক্ত কৰা ,  2) জনজাতি সকলৰ বাবে বিধান সভাত কমেও 7 খন আসন সংৰক্ষিত কৰা ৷  এই দাবীৰ আধাৰতেই 1935 চনৰ ভাৰত শাসন আইনৰ অধীনত ভৈয়ামৰ জনজাতি সকলৰ বাবে 4 খন আসন সংৰক্ষনৰ ব্যবস্থা কৰা হয় ৷ সেই মৰ্মে 1937 চনত অনুষ্ঠিত  বিধান সভাৰ  সাধাৰন নিৰ্বাচনত জনজাতিব বাবে সংৰক্ষিত আসনৰ বাবে প্ৰতিদ্বন্দিতা  কৰি ৰূপনাথ ব্ৰহ্ম,  ৰবিচন্দ্ৰ কছাৰী,  কাৰ্ক চন্দ্ৰ  দলে আৰু ধীৰসিং দেউৰী নিৰ্বাচিত হয় ৷ এই নিৰ্বাচনত কোনো দলেই সংখ্যা গৰিষ্ঠতা  নোপোৱাৰ বাবে মুছলীম  পাৰ্টিৰ নেতা মহম্মদ ছাদুল্লাুই বিভিন্ন  দলৰ সহযোগত 1937 চনৰ 1 এপ্ৰিল ত চৰকাৰ গঠন কৰে ৷ কিন্তু অন্তঃকন্দলৰ বাবে 1938 চনৰ 13 ছেপ্তেম্বৰত  ছাদুল্লা  চৰকাৰৰ পতন ঘটে ৷ পিছত 1938 চনৰ 20 ছেপ্তেম্বৰত  ট্ৰাইবেল  লীগৰ 4 জন সদস্যৰ সহযোগত 22 জন অকংগ্ৰেছী  বিধায়কৰ  সমৰ্থন লৈ গোপীনাথ বৰদলৈৰ নেতৃত্বত এখন সংযুক্ত চৰকাৰ স্থাপন কৰা হয় ৷ ট্ৰাইবেল  লীগৰ নেতা ৰূপনাথ  ব্ৰহ্ম বন আৰু পঞ্জীয়ন   দপ্তৰৰ মন্ত্ৰী ৰূপে শপথ গ্ৰহন কৰে ৷ ট্ৰাইবেল লীগৰ নেতা সকল, কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা গোপীনাথ বৰদলৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি বিষ্ণুৰাম মেধিৰ মাজত সাক্ষৰিত হোৱা এখন চুক্তি পত্ৰত যি বোৰ চৰ্ত ট্ৰাইবেল লীগে উত্থাপন কৰে সেইবোৰ প্ৰকৃততে জনজাতীয় লোক সকলৰ দীৰ্ঘদিনীয়া  মৌলিক দাবী আছিল ৷ এই মৰ্মে এই চুক্তি পত্ৰ খন হল  বড়ো সহ অন্যান্য  জনজাতীয়  সমস্যা সমূহৰ দলিল স্বৰূপ ৷ কিন্তু দুৰ্ভাগ্যবশতঃ  দ্বীতিয় বিশ্বযুদ্ধৰ ধামখুমীয়াত কংগ্ৰেছ নেতৃত্বাধীন বৰদলৈ চৰকাৰে 1939 চনৰ 15 নৱেম্বৰত  পদত্যাগ কৰে ৷ 17 নৱেম্বৰত  ছাদুল্লাৰ নেতৃত্বত পূৰ্ণপৰ্যায়ত মন্ত্ৰীসভা গঠন হোৱাৰ পিছত ট্ৰাইৱেল লীগে চৰকাৰক দাবী জনায় যে চৰকাৰে ” লাইন প্ৰথা ” ৰ অধীনত জনজাতীয় লোক সকলৰ বাবে নতুন ভুমি আবণ্টন কৰি দিব ৷ বংগদেশৰ পৰা হোৱা প্ৰব্ৰজনে জনজাতীয় লোক সকলৰ প্ৰতি সৃষ্টি কৰা ভয়াবহ ভাবুকিৰ পৰিপ্ৰেক্ষিতত  এই ” লাইন প্ৰথা ” চৰ্তটো বান্ধি দিযা হৈছিল ৷ মৈমনসিঙিয়া পমুৱাক পুৰ্ণবাসন  দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্ক মুলক পৰিস্থিতি  ৰ মীমাংসা কৰিবলৈ 1937 চনৰ ডব্লিউ ইকেনহলৰ অধ্যক্ষতাত গঠন কৰা   সৰ্বদলীয় কমিটি জনজাতীয় প্ৰতিনিধি আছিল  ৰবিচন্দ্ৰ কছাৰী ৷  এই কমিটি য়ে থলুৱা সকলৰ স্বাৰ্থ সুৰক্ষিত কৰি প্ৰব্ৰজিত হোৱা পমুৱা সকলৰ বাবে ভুমি আবণ্টন দিবলৈ পোষকতা কৰাৰ বিপৰীতে “লাইন প্ৰথা ” ৰ সুদূঢ় কৰণ বিচাৰিছিল  কিন্তু কাৰ্যক্ষেত্ৰত  ছাদুল্লা চৰকাৰৰ থলুৱা বিৰোধী   নীতিৰ ফলস্বৰূপে  মাত্ৰ দুটা বছৰত পূৰ্ববংগৰ পৰা অহা প্ৰব্ৰজন কাৰী  ক প্ৰায় 1 লাখ বিঘা মাটিৰ আবণ্টন  দিছিল ৷ 1942 চনৰ  অসহযোগ আন্দোলন তথা মুছলীম  লীগৰ নেতা মৌলানা হামিদ ভাছানীৰ অসমক পাকিস্থান ত অন্তভূক্ত  কৰনৰ প্ৰচেষ্টা   তথা ছাদুল্লা চৰকাৰৰ অধিক খাদ্য শস্য উৎপাদনৰ আঁচনিয়ে পূৰ্ববংগীয়  মুছলমান সকলক অসমলৈ প্ৰব্ৰজন কৰাৰ বাবে দুগুনে উৎসাহিত কৰিছিল ৷ স্বাধীনতাৰ  পিছত বৰদলৈ চৰকাৰে 1886 চনত ভুমি আৰু ৰাজহ আইনৰ সংশোধনী  কৰি ইয়াত দশম  অনুচ্ছেদ  সংযোজন কৰি 33 টা ” ট্ৰাইবেল  বেল্ট  আৰু ব্লক ” গঠনৰ ব্যবস্থা কৰিছিল ৷ এই ব্যবস্থা  ট্ৰাইবেল  লীগৰ নেতা ভীমবৰ দেউৰী, ৰূপনাথ ব্ৰহ্ম আদিৰ প্ৰস্তাৱ মতেই কৰা হৈছিল

ভুমি সমস্যাৰ বাহিৰেও ট্ৰাইবেল  লীগে ছাইমন কমিছনক দিয়া স্মাৰক পত্ৰত প্ৰধান দাবী সমুহৰ ভিতৰত আছিল এটা সুকীয়া নিৰ্বাচন মণ্ডলী প্ৰদান কৰা  আৰু এই দাবীৰ পৰিপ্ৰেক্ষিতত  1935 চনৰ ভাৰত শাসন আইনে communal  award ৰ অধীনত বিভিন্ন সম্প্ৰদায়ৰ  বাবে আসন সংৰক্ষনৰ ব্যবস্থা কৰিছিল ৷ এই ব্যবস্থাৰ অধীনত 1937 চনত লীগে বিশেষ সমষ্টি হিচাপে চাৰিটা সমষ্টিত প্ৰতিনিধিত্ব  কৰাৰ সুযোগ পাইছিল ৷

ট্ৰাইবেল  লীগে এয়াও বিচাৰিছিল যে বড়ো, কছাৰী, ৰাভা, লালুং,  সোনোৱাল  আদি জনগোষ্ঠীক এক উমৈহতীয়া  গোট হিচাপে ধৰি ৰাজনৈতিক প্ৰতিনিধিত্বৰ সুযোগ দিয়া ৷ ছাদুল্লা চৰকাৰে পূৰ্ণ সমৰ্থন আগবঢ়াই  1941 চনৰ লোকপিয়লত জনজাতীয় লোক সকলক নিজস্ব পৰিচয় লিপিবদ্ধ কৰিব দিয়াৰ ফলত, যেনে হিন্দু ৰাভা ,  হিন্দু বড়ো,  হিন্দু কছাৰী,  খৃষ্টান বড়ো আদি ৰ সংখ্যা 1911 চনৰ 12,39,280 ৰ বিপৰীতে 1941 চনত 28,24,133 জন হৈছিল গৈ ৷ সেইবাবেই শিক্ষা দীক্ষা,  চৰকাৰী  চাকৰিৰ সুযোগ  সুবিধা  লাভ,  বিধান সভাৰ আসন সংৰক্ষন আদিৰ ক্ষেত্ৰত জনজাতীয় দলটোৰ দাবী বোৰ প্ৰাসংগিকতা  লাভ কৰিছিল ৷

ভাৰতবৰ্ষই স্বাধীনতা   লাভ কৰাৰ পিছতো বড়ো সহ বিভিন্ন জনজাতি অাৰু মুলসুঁতিৰ  অসমীয়া সকলৰ মাজত সহাৱস্থানৰ সমস্যাৰ  অন্ত পৰা নাছিল ৷ জনজাতীয় লোক সকলৰ মাজত প্ৰচলিত মদ,  লাওপানী , কানি আদিৰ ব্যবহাৰ ডাইনী হত্যা আদিয়ে এক বৃহৎ অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ  সৃষ্টি কৰিছিল ৷ তদোপৰি ব্ৰহ্ম  আন্দোলনে অংকুৰিত কৰা বড়ো নৱজাগৰণৰ তথা সাহিত়্য সংস্কৃতি ৰ নব্য ধাৰাটোৰ লগত পৰিচিত  বৃহত্তৰ বড়ো সমাজে নিজৰ  অৱস্থিতি সম্পৰ্কে সন্দিহান হৈ পৰিছিল ৷ পুৰনি বাথৌ ধৰ্মৰ আচাৰ আচৰনৰ লগত একাত্ম এই জাতিটো এক নতুন  ধৰ্মমত, উদাৰ পন্থী  আচৰন সমুহ মানি লবলৈ টান পাইছিল ৷ ৰাজনৈতিক,  ধাৰ্মিক,  সংস্কৃতিক সংঘাত  তথা বিশৃংখলতাই  আজি একবিংশ শতিকাৰ বড়ো সমাজৰ অস্তিত্বৰ  সংকটৰ বাবে দায়বদ্ধ বুলি কব পাৰি ৷ স্বাধীনতাৰ ইমানটা বছৰ  পিছতো স্বগৰিমাৰে গৌৰৱান্বিত এই ঐতিহ্যপূৰ্ণ জাতিটো নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে ৰক্তক্ষয়ী সংগ্ৰাম কৰিবলগিয়া হোৱাটো অত্যন্ত  দুখজনক ৷ সামাজিক, সংস্কৃতিক সংগঠক হিচাপে ট্ৰাইবেল  লীগে বড়ো সকলৰ লগতে সামগ্ৰিক ভাবে ৰাজ্যখনৰ জনজাতি লোক সকলৰ  উন্নয়নৰ স্বাৰ্থত  মাত মাতি আহি আছে ৷ বৰ্তমান চলি থকা বিভাজন মুখী প্ৰৱনতাই ৰাজ্যখনৰ অশান্ত কৰি তুলি অসমখনৰ বাবে অশনিসংকেত কঢ়িয়াই আনিছে ৷ এই বাবেই সাম্প্ৰতিক  অসমৰ প্ৰধান প্ৰধান  জনগোষ্ঠী ৰ মাজত সৃষ্টি হোৱা পৃথকতাবাদী মানসিকতা আৰু বিভাজন মুখী প্ৰৱনতাৰ কাৰন উপলব্ধি কৰি তাৰ সঠিক মীমাংসা ৰ পথ নিৰ্নয়  কৰাৰ দিন আহি পৰিছে ৷

(আগলৈ)

Related Articles

Check Also

Close
error: Content is copy right protected !!
Close