বড়ো জনগোষ্ঠীয় আন্দোলনৰ এটি ঐতিহাসিক ৰূপৰেখা – ভাগ-3

মিতালী ভট্টাচাৰ্য

বিভিন্ন জাতি  জনগোষ্ঠীৰে পৰিপূৰ্ণ অসম নামৰ এই ক্ষুদ্ৰ  অংগ ৰাজ্যখনত কেইবাশ শতিকাযোৰা এক ঐক্য সংহতিৰ ধাৰা  প্ৰবাহ চলি আছিল ৷  অসম আন্দোলনৰ সময়ছোৱাত “এটাই ভাষা অসমীয়া, এটাই জাতি অসমীয়া ” জাতীয় ধ্যান ধাৰনাই জাতি জনগোষ্ঠী সমুহৰ সুকীয়া ঐতিহ্য,  পৰম্পৰা,  সংস্কৃতি আদি গৌন হৈ  পৰি এক বিভেদকামী মনোভাবৰ সৃষ্টি হোৱা দেখা যায় ৷ এই অান্দোলনৰ প্ৰথম ভাগত ৰাজ্যৰ সকলো জাতি জনগোষ্ঠীয়ে  সহমৰ্মিতা প্ৰকাশ কৰিছিল যদিও আন্দোলনৰ কালছোৱাত আছুৰ নেতৃবৃন্দৰ কেতবোৰ জনজাতি বিৰোধী চিন্তা ধাৰাই 1967 চনৰ 16 ফেব্ৰুৱাৰীত নিখিলেশ বড়ো ছাত্ৰসন্থাৰ বা ABSU সহ সকলো বোৰ জনজাতি সংগঠনক আন্দোলনটোৰ প্ৰতি সন্দিহান কৰি তোলে ৷ চুক্তি সাক্ষৰ হোৱা পিছত  তাৰ 6 নং আৰু  10 নং দফাৰ প্ৰতি সন্দিহান হৈ ইয়াৰ ৰদ কৰিবলৈ অনুৰোধ জনায়  ৷ চুক্তিৰ সেই বিশেষ  দুটা দফা মতে  অসমীয়া  কাৰন প্ৰক্ৰিয়া আৰম্ভ কৰিলে অসমত বসবাসকাৰী আন আন  জনগোষ্ঠীবোৰৰ স্বকীয়তা প্ৰতি ভাবুকি আহি পাৰিব বুলি ভাবিবলৈ বাধ্য হয় ৷ আনহাতে 1986 চনৰ SEBA ৰ এক  চাৰ্কুলাৰে এবছু সহ বড়ো জনগোষ্ঠীক এক দৃঢ় পদক্ষেপ গ্ৰহন কৰিবলৈ বাধ্য কৰায় ৷ উপেন ব্ৰহ্ম নেতৃত্বত  এই দৰেই 1987 চনৰ প্ৰথমৰ পৰা বড়ো আন্দোলনে এক নতুন ৰূপ পৰিগ্ৰহন কৰে ৷ 1987 চনৰ 1 জানুৱাৰীত  মুখ্যমন্ত্ৰী  প্ৰফুল্ল কুমাৰ মহন্তক 92 দফীয়া দাবী দাখিলৰ মাজেৰে এই আন্দোলনৰ সুত্ৰপাত ঘটোৱা হয় ৷ 10 জানুৱাৰীত তদানীন্তন  ৰাজ্যপাল ভীষ্ম নাৰায়ন সিঙ ক অৰ্পন কৰা এই দাবী চনদৰ  মুল কথা কেইটা আছিল—  1) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ভৈয়াম জনজাতিৰ বাবে সুকীয়া কেন্দ্ৰীয়শাসিত  অঞ্চলৰ গঠন, 2) দক্ষিন পাৰে জনজাতি প্ৰধান এলেকাবোৰত লৈ জিলা পৰিষদ গঠন, 3) কোকৰাঝাৰ  জিলা আৰু  ওদালগুৰি  মহকুমাত বড়ো ভাষাক  সহযোগী চৰকাৰী ভাষা  হিচাপে স্বীকৃতি প্ৰদান, 4) পৃথক বাজেটৰ ভিত্তিত জনজাতীয় লোক সকলৰ শিক্ষাৰ  বাবে সুকীয়া সঞ্চালকালয়  গঠন, 5) শিক্ষানুষ্ঠান  সমুহত অনুসুচীত জাতি জনগোষ্টীৰ আসনৰ  সংখ্যা  বৃদ্ধি  কৰা, 6) চৰকাৰী চাকৰীত জনজাতি সংৰক্ষন তথা বেকলগ পুৰনৰ দিহা কৰা, 7) বড়ো ভাষাৰ বাবে ৰোমান লিপি প্ৰচলন কৰা, 8) বড়ো ভাষাক অষ্টম অনুসুচীত  অন্তভূক্ত কৰা, 9)অসমচুক্তি ৰ 6 নং আৰু 10 নং দফা ৰদ কৰা ৷

মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালক এই দাবী চনদ প্ৰদান কৰাৰ পিচত সেই বছৰতেই 22 জানুৱাৰীত  উপেন ব্ৰহ্মৰ নেতৃত্বত এবছুৰ সজাঁতি দলে নতুন দিল্লী ত প্ৰধান মন্ত্ৰী  ৰাজীৱ গান্ধীক সাক্ষাৎ কৰে ৷ তাৰ পৰা উভতি আহিয়েই  2 মাৰ্চত জিলাৰ মূখ্য কাৰ্যালয়ত  এবছুৰ নেতৃবৰ্গই বিশাল গণ আন্দোলনৰ আৰম্ভনী কৰে ৷ পৰবৰ্ত্তী  সময়ছোৱাত ধৰ্ণা,  সমাবেশ,  বন্ধ আদি কাৰ্যসূচীৰে  সমগ্ৰ অসমৰ আকাশ বাতাহ  কপাঁই তোলা পৰিলক্ষিত  হয় ৷ 12 জুনত গুৱাহাটীৰ জৰ্জ খেলপথাৰত  অনুষ্ঠিত হোৱা বিশাল গণসমাবেশৰ পৰা ঘুৰি আহোতে নলবাৰী জিলাৰ টিহু চকৰ সমীপত একাংশ দুষ্কৃতিকাৰী ৰ আক্ৰমণ ত কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ সুজিত নাৰ্জাৰী  ৰ মৃত্যু হয় ৷ এই সুজিত নাৰ্জাৰীক বড়ো লেণ্ড  আন্দোলনৰ প্ৰথম  ছহীদ বুলি ঘোষনা কৰা হয় ৷ এই নিৰ্মম হত্যাকাণ্ডৰ প্ৰতিবাদত 21 জুলাইত “Do or die  ”  ধ্বনিৰে এবছুৱে অসম বন্ধ,  অনশন, প্ৰতিবাদী আন্দোলন, ৰে’লপথ -ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কাৰ্যসূচীৰে  তীব্ৰ এক ৰক্তক্ষয়ী আন্দোলনত  জঁপিয়াই পৰে ৷1987 চনৰ 10 নৱেম্বৰত  এবছুৱে নতুন দিল্লীত প্ৰধানমন্ত্ৰী  ৰাজীব গান্ধীক পুনৰায় সাক্ষাৎ  কৰি ” why  seperate state ” শীৰ্ষক  স্মাৰক পত্ৰৰ যোগেদি বড়ো সকলৰ ৰাজনৈতিক, সামাজিক, সংস্কৃতিক বিবৰন দাঙি ধৰি দীৰ্ঘদিনীয়া সংগ্ৰমাৰ ইতিহাস বৰ্ণনা কৰে ৷

1988 চনত অসম গণপৰিষদ চৰকাৰে এই ৰক্তক্ষয়ী  সংগ্ৰাম প্ৰমশিত কৰিবৰ বাবে “সেনাবাহিনী বিশেষ সুৰক্ষা আইন ” (Armed Forced Special Power Act) ৰ প্ৰবৰ্তন কৰে ৷  1989   চনত অসমৰ শাসক চক্ৰ আৰু উগ্ৰ জাতীয়তাবাদী  শক্তিৰ মাজত তীব্ৰ সংঘৰ্ষ সংঘটিত হয় ৷ দৰং, লক্ষীমপুৰত গোষ্ঠীগত   সংঘৰ্ষত বিস্তৰ ধনজনৰ বিনাশ হয় ৷ 1988 -89 চনলৈ অসমীয়া উগ্ৰ  জাতীয়তাবাদী শক্তি আৰু বড়ো সকলৰ মাজত জাতিগত, গোষ্ঠীগত  সংঘৰ্ষত দুয়োপক্ষৰেই প্ৰভুত  ক্ষয়ক্ষতি  হয় ৷ ইয়াৰ পূৰ্বে  1987 চনৰ 23 আগষ্টত  এবছুৱে ” Divide Assam  fifty  fifty  “শীৰ্ষক  এখন  তথ্য সমৃদ্ধ  পুস্তিকা  ৰাইজৰ মাজত বিতৰন কৰি  অসমক দুভাগ কৰাৰ  প্ৰয়োজনীয়তাৰ ব্যখ্যা দাঙি ধৰে ৷ এনে  ধৰনৰ  দাবী, তথ্য যুক্তিৰ  আধাৰত 1988 চনৰ 18 নৱেম্বৰ ত গঠন হয় আন এক সংগঠন ” Bodo  peoples action  committee (BPAC)  ৷ 1988 চনৰ 18 ডিসেম্বৰত ধুবৰীৰ  বাঁশবাৰীত এবছুৰ 20 সংখ্যক অধিবেশনত পুৰ্বৰ 92 দফীয়া দাবীৰ  89 টা দাবী নবীকৰন কৰা হয় ৷ অধিবেশনত গৃহীত তিনিটা মুল দাবী আছিল 1) পূৰ্বৰ  কেন্দ্ৰীয়  শাসিত  অঞ্চলৰ দাবীৰ ঠাইত ব্ৰহ্মপুত্ৰ উপত্যকাত  জনজাতিৰ বাবে পূৰ্ণ পৰ্যায়ৰ ৰাজ্য, 2) দক্ষিন পাৰত জিলা পৰিষদ, 3) কাৰ্বি আলংত  অকাৰ্বিৰ বাবে আঞ্চলিক  পৰিষদ ৷ এই অধিবেশনৰ পৰবৰ্ত্তী  পৰ্যায়ত বিপিচিএ এবছুৰ সহযোগত তীব্ৰ গণআন্দোলনত জড়িত হৈ পৰে ৷ এই আন্দোলন ঠায়ে ঠায়ে হিংসাত্মক ৰূপ পৰিগ্ৰহন কৰাও দেখা যায় ৷ অসমত উদ্ভৱ  হোৱা এই অশান্ত পৰিবেশ নিয়ন্ত্ৰনত অনাৰ উদ্দেশ্যে  1989 চনৰ 20 এপ্ৰিলত এবছু আৰু অসম চৰকাৰৰ মাজত আলোচনা অনুষ্ঠিত  কৰা হয় ৷ পঞ্চমলানী বৈঠকৰ পিছত অসম চৰকাৰৰ উদ্দোগত এখন 8 জনীয়া পৰ্যবেক্ষক কমিটিৰ গঠন কৰা হয় ৷ এই আলোচনাৰ মাজতে এবছুৰ সভাপতি তথা বড়ো আন্দোলনৰ প্ৰদান পৰিচালক উপেন ব্ৰহ্মৰ মুম্বাইৰ এখন চিকিৎসালয়ত মৃত্যু ঘটে (1 মে ‘1990)৷

উপেন ব্ৰহ্মৰ মৃত্যুৰ পিছত  উপসভাপতি প্ৰদীপ দৈমাৰী  ভাৰপ্ৰাপ্ত  অধ্যক্ষ  তাৰ দুমাহৰ পিছত চাঞ্চুমা  খুংগুৰ  বিছমুতিয়াৰী ক পূৰ্ন পৰ্যায়ৰ সভাপতি স্বৰূপে নিৰ্বাচিত কৰা হয় ৷

বিছমুতিয়াৰী ৰ সভাপতিত্বত এবছু আৰু চৰকাৰৰ মাজত যি ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত  হয়  তাৰ ফল স্বৰূপে কেন্দ্ৰীয় চৰকাৰে 1991 চনৰ 25 ফেব্ৰুৱাৰী ত ড° ভুপিন্দৰ সিং ৰ অধ্যক্ষতাত সুৰেশ সিং আৰু এ এম গোখলেক বড়ো সমস্যা সমাধানৰ পথ নিৰ্নয় কৰাৰ প্ৰচেষ্টা  গ্ৰহন কৰে  ৷ এবছু আৰু বি পি এ চি য়ে এই সমস্যাৰ সমাধানৰ  পথ নিৰ্নয়ৰ ভাৰ কমিটিৰ হাতত অৰ্পন কৰি 1991 চনৰ লোকসভাৰ নিৰ্বাচনত  প্ৰতিদ্বন্দিতা  কৰি নিৰ্দলীয় সদস্যৰে বিধান সভাৰ 9 খন আসন  আৰু লোকসভাৰ 1 খন আসন দখল কৰে ৷ 1992 চনৰ, 30 মাৰ্চত ভূপিন্দৰ সিং কমিটিয়ে প্ৰস্তুত কৰা প্ৰতিবেদন  13 এপ্ৰিলত আবছু আৰু বি পি এ চি  ৰ মনপুত নোহোৱাত তদানীন্তন  মুখ্যমন্ত্ৰী  হিতেশ্বৰ শইকীয়া ই আন্দোলনকাৰী  নেতৃবৃন্দৰ ৰ লগত৷আলোচনা কৰি 1993 চনৰ 20 জানুৱাৰীত  কেন্দ্ৰীয়  মন্ত্ৰী ৰাজেশ পাইলটৰ সৈতে আলোচনাত  মিলিত হয় ৷ এবছুৰ সভাপতি বিছমুতিয়াৰী ৰ লগত আলোচনা মৰ্মে এক চুড়ান্ত  সামাধানৰ সুত্ৰ বিচাৰি উলিয়ায়  ৷ 1993 চনৰ 20 ফেব্ৰুৱাৰীত  Memorendum of settlement সাক্ষৰ কৰা হয় ৷চুক্তি পত্ৰত সাক্ষৰ কৰে  চাঞ্চুমা খুংগুৰ বিছমুতিয়াৰী ,  ৰবিৰাম ব্ৰহ্ম,  বি পি এ ছি ৰ সুভাষ চন্দ্ৰ বসুমতাৰী য়ে ৷ এই চুক্তি পত্ৰৰ  মাধ্যমেদি বড়োলেণ্ড  স্বায়ত্ব শাসিত পৰিষদ(Bodoland  Autonomous Council)  গঠন কৰা হয় ৷ দীৰ্ঘদিনীয়া  গণ আন্দোলন তথা ৰক্তক্ষয়ী সংগ্ৰামৰ অন্তত ঐতিহাসিক বড়ো চুক্তি সাক্ষৰ হোৱাৰ লগে লগে সৰ্বসাধাৰণ  বড়ো ৰাইজ সকলৰ মাজত উচাহ -উদ্দীপনাৰ ঢৌ বৈ যায় ৷

জাতীয় পৰিচয়ৰ প্ৰশ্ন, ৰাজনৈতিক প্ৰতিনিধিত্ব  হীনতা,  আৰ্থ সামাজিক  অনগ্ৰসৰতা, ভাষিক -শৈক্ষিক নিৰাপত্তা হীনতা, খিলঞ্জীয়া  হৈয়ো অস্তিত্ব ৰ প্ৰশ্ন উত্থাপন হোৱা, ভূমি সমস্যা, তীব্ৰ অসমীয়া জাতীয়তাবাদী ধাৰনা আদি কাৰন বোৰেই প্ৰাচীনতম  আবাসী বড়ো সকলক সায়ত্ব শাসন তথা সুকীয়া ৰাজ্যৰ দাবীত দীৰ্ঘদিনধৰি  তীব্ৰ অান্দোলন চলাই নিয়া  দেখা যায় ৷ ৰাজ্য ভাষা  অসমীয়াৰ অগ্ৰাসন অব্যাহত থকাত বড়ো সহ অন্যান্য জনজাতি সমুহে বিক্ষিপ্ত মনোভাব ধাৰন কৰি পেলাইছিল ৷ অসম আন্দোলনৰ কালছোৱাত  অন্যান্য জনজাতি সকলক কৰা অবদমন এই সাধাৰন খাটি কোৱা জনজাতীয় লোক সকলক বিশ্বাসেৰে আঁকোৱালি লোৱাৰ পৰিবৰ্তে মুলসুঁতিৰ ৰাজনৈতিক ক্ষেত্ৰ খনৰ পৰা ক্ৰমাৎ আঁতৰাই  পঠিয়াবলৈ  কৰা প্ৰয়াসে এটি সহজ সৰল জাতিক প্ৰথমে স্বায়ত্ব শাসন তাৰ পিছত পৃথক বড়োলেণ্ড ৰ দাবীৰ পথত প্ৰত্যক্ষ ভাবে ঠেলি পঠোৱা বুলি কব পাৰি ৷ এক সুদীৰ্ঘ  ৰক্তক্ষয়ী আন্দোলনৰ চিৰস্থায়ী  সমাধান লাভৰ বাবে কৰা প্ৰচেষ্টা আজিকোপতি চলি আছে ৷ চৰকাৰ, বুদ্ধিজীবী  তথা জনসাধাৰণে এই সমস্যাৰ কেন্দ্ৰ বিন্দু আবিষ্কাৰ কৰা তাৰ উপযুক্ত সমাধানৰ পথ নিৰ্ধাৰনৰ দ্বাৰা গৌৰৱোজ্জ্বল  এই জাতিটোৰ বৃহত্তৰ অসমীয়া  জাতি গঠন প্ৰক্ৰিয়াৰ লগত চামিল কৰিব পাৰিলেহে বৰ অসমৰ সংজ্ঞা সফল ভাবে ৰূপায়িত হব ৷

Related Articles

Check Also

Close
Close