বড়ো জনগোষ্ঠীয় আন্দোলনৰ এটি ঐতিহাসিক ৰূপৰেখা – ভাগ -2

মিতালী ভট্টাচাৰ্য

অসমীয়া ভাষিক  জাতীয় ধ্যনধাৰনা “এটাই ভাষা অসমীয়া,  এটাই সংস্কৃতি  অসমীয়া ” – মাজেৰেই অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াটো পৰিচালিত হোৱাত থলুৱা অন্য জনজাতি গোষ্ঠী ৰ স্বকীয় ভাষা,  সংস্কৃতিয়ে গৌন ৰূপ পৰিগ্ৰহন কৰি এক বৃহত্তৰ অসমীয়া  জাতি গঠন প্ৰক্ৰিয়াত সেই জনগোষ্ঠী বোৰে আশাপূৰ্ণ সহাঁৰি প্ৰদান নকৰিলে ৷ এক পক্ষীয় ভাবে জাপি দিয়া প্ৰক্ৰিয়াত সেই জনগোষ্ঠী সমুহ ক্ষুব্ধ হোৱাই নহয় ভিতৰি ভিতৰি অসন্তুষ্টিৱে বাহ ললে ৷ আৰু তাৰ ফলস্বৰূপে  বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ অস্তিত্বৰ সুৰক্ষাৰ দাবীত মনোনিবেশ  কৰিলে ৷ প্ৰথমতে গনতান্ত্ৰিক মাধ্যমেৰে নিজৰ দাবী বৰমুৰীয়া সকলৰ আগত দাঙি ধৰিলে ৷ কিন্তু দুৰ্ভাগ্যৰ বিষয় যে শাসনৰ বাঘজৰী ডাল যাৰ হাতত আছিল তেওঁলোকে নিজেই এই ঐক্যবদ্ধ  শক্তি সমুহক ৰাজনৈতিক ভাবে হত্যা কৰাৰ ষড়যন্ত্ৰত  নিমগ্ন হৈ বৰ অসমৰ ধাৰনাৰ পৰা আতঁৰি আহি কুট কৌশলেৰে  অসমীয়া, বঙালী,  বিহাৰী, বড়ো, মুছলমান আদি ভিন ভিন ভাগত ভগাই নিজৰ নিজৰ ৰাজনৈতিক স্বাৰ্থ পুৰনত লিপ্ত হ ‘ল ৷ এই স্বাৰ্থান্বেষী  ৰাজনৈতিক কুটচক্ৰান্তৰ বলি হৈ জনগোষ্ঠী বোৰে গনতান্ত্ৰিক ভাবে কৰা  আন্দোলনৰ পথ পৰিহাৰ কৰি সশস্ত্ৰ  বিদ্ৰোহত, ৰক্তক্ষয়ী আন্দোলনত অসমখনক অস্থিৰ কৰি  তুলিলে ৷ অসমৰ আদিতম অধিবাসী বড়ো সকলেও  ৰাজনৈতিক, ঐতিহাসিক পৰিবৰ্তনৰ মাজেদি গমন কৰি নিজৰ অস্ত্বিত্ব  ৰক্ষাৰ বাবে কৰা দাবীত প্ৰথমে গনতান্ত্ৰিক  আন্দোলন ৰ পথ গ্ৰহন কৰিছিল ৷  বড়ো সকলৰ আৰ্থিক, সামাজিক আৰু আধ্যাত্মিক দিশৰ ৰূপান্তৰৰ বাৰ্তা বহন কৰি তেওঁলোকৰ ভবিষ্যতৰ  প্ৰতি সচেতনতাৰ বাহক হিচাপে গুৰুদেৱ কালীচৰন ব্ৰহ্মৰ নেতৃত্বত  ছাইমন কমিচনক দিয়া স্মাৰক পত্ৰত ঘোষিত হৈছিল গনতান্ত্ৰিক  আন্দোলনৰ প্ৰথমটো ঢাপ ৷ছাইমন কমিচনৰ ওচৰত উত্থাপন কৰা দাবী আৰু অভিযোগ ৰ আধাৰত গঠন হৈছিল জনজাতিটোৰ প্ৰথমটো ৰাজনৈতিক দল,  “ট্ৰাইবেল লীগ ” যিয়ে পৰবৰ্ত্তী  সময়ত ৰাজনৈতিক আন্দোলনৰ গুৰি ধৰে ৷

1946 চনৰ সাধাৰণ  নিৰ্বাচন ৰ পৰবৰ্ত্তী  সময়ত যদিও ট্ৰাইবেল  লীগে কংগ্ৰেছে  যোগদানৰ ধাৰা অব্যাহত ৰাখিছিল তথাপিও এটা সামাজিক আৰু সংস্কৃতিক  সংগঠন হিচাপে ট্ৰাইবেল লীগে সামগ্ৰিক  ভাবে  ৰাজ্যৰ আন আন জনজাতীয় লোক সকলৰ স্বাৰ্থত  কাম কৰি গৈছিল ৷ তেতিয়ালৈকে অসমীয়া সকলৰ লগত  সহাৱস্থানৰ মাজেদি গনতান্ত্ৰিক  আন্দোলন চলাই  গৈ আছিল ৷ লীগৰ নেতা ভীমবৰ দেউৰী, ৰূপনাথ ব্ৰহ্ম আদি শীৰ্ষ নেতাই কংগ্ৰেছত যোগদান  কৰিও সামাজিক সংস্কৃতিক  সংগঠন হিচাপে লীগক গঢ়ি তোলা কাৰ্যত মনোনিবেশ  কৰি আছিল ৷ লীগৰ নেতা ভীমবৰ দেউৰীৰ  মৃত্যু ৰ পিছত (30 নৱেম্বৰ,  1947)   জনজাতীয় নেতা হিচাপে ৰূপনাথ ব্ৰহ্ম আৰু সীতানাথ ব্ৰহ্ম চৌধুৰী য়ে লীগক এই ক্ষেত্ৰত আগুৱাই লৈ যাবলৈ অপ্ৰান চেষ্টাত ব্ৰত হ’ল ৷ 1952 চনত স্বাধীন ভাৰতৰ প্ৰথমটো সাধাৰন নিৰ্বাচন ত বড়ো জনজাতীয় লোক সকলে কংগ্ৰেছৰ বেনাৰত নিৰ্বাচনত অবতীৰ্ণ  হৈ সীতানাথ ব্ৰহ্মচৌধুৰী  আৰু ৰূপনাথ ব্ৰহ্মই জয়লাভ কৰি অসমত এজন মন্ত্ৰী তথা সাংসদ হিচাপে কাৰ্যনিৰ্বাহ  কৰি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অংশীদাৰ  হয় ৷
তেওঁলোকে বড়ো ৰাজনৈতিক বাতাবৰন  বা আশা আকাংক্ষা  বাদ দি  বড়ো সকলৰ সামাজিক ভাষিক আৰু   সংস্কৃতিক  দিকটোৰ উন্নয়নৰ ওপৰত  অধিক মনোনিবেশ কৰে ৷ গুৰুদেৱ কালীচৰন ব্ৰহ্মৰ নেতৃত্বত  হোৱা বড়ো নবজাগৰন আন্দোলনে সামন্তৰাল কৈ বড়ো জাতীয়তাবাদৰ এটা ধাৰনাও গঢ় লোৱা দেখা যায়  ৷ বিভিন্ন মহলৰ পৰা সাহিত্য সংষ্কৃতি  উন্নয়নৰ বাবে এখন বড়ো সাহিত্য সভা গঠনৰ প্ৰস্তাৱ সঘনে উত্থাপিত হয় যদিও ৰূপনাথ ব্ৰহ্মৰ দৰে  শীৰ্ষস্থানীয়  নেতায় আশা  কৰিছিল যে অসম সাহিত্য সভায় ৰাজ্যখনত বসবাস কৰা সকলো জাতি জনগোষ্ঠী ৰ উমৈহতীয়া  মঞ্চ হিচাপে  বড়ো সাহিত্য সংস্কৃতি উন্নয়নৰ বাবে যথোচিত ব্যবস্থা গ্ৰহনেৰে বৰ অসমৰ ভেটি  প্ৰস্তুত কৰি তুলিব  ৷ নিজস্ব লিপিহীন এটা ভাষাৰ আলমত এখন সুকীয়া সাহিত্য সভা গঠনৰ ক্ষেত্ৰতো তেওঁলোক দ্বিধাগ্ৰস্ত আছিল৷ কিন্তু কিছুমান ৰাজনৈতিক  ক্ষমতালিপ্সু, চক্ৰান্তৰ কাৰী , স্বাৰ্থান্বেষী  ৰাজনৈতিক নেতাৰ ফলত অসম সাহিত্য সভাই যেতিয়া জনগোষ্ঠীয়  ভাষা সাহিত্য উন্নয়নৰ  কোনো ব্যবস্থা নকৰিলে তেতিয়া  অসন্তোষৰ মাজত বড়ো নেতৃবৃন্দক এক সুদৃঢ় সিদ্ধান্ত লবলৈ বাধ্য কৰালে ৷ অসমীযা ভাষিক অগ্ৰাসী জাতীয়তাবাদীক প্ৰত্যাহ্বান  জনাই 1952 চনৰ 16 নৱেম্বৰত কোকৰাঝাৰ জিলাৰ বাসুগাওঁত জন্ম লাভ কৰিলে ” বড়ো সাহিত্য সভা  ” ৷ সতীশ চন্দ্ৰ  বসুমতাৰী, ৰূপনাথ ব্ৰহ্ম,  মদাৰাম ব্ৰহ্ম, ধৰনীধৰ বসুমতাৰী , প্ৰমোদ চন্দ্ৰ  ব্ৰহ্ম,  যোগেন্দ্ৰ  কুমাৰ বসুমতাৰী , জয়ভদ্ৰ হাগজেৰ আদিৰ প্ৰচেষ্টাত  জন্ম লাভ কৰা এই সভাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল উত্তৰ কাছাৰ জিলাৰ ডিমাচা নেতা জয়ভদ্ৰ হাগজেৰ আৰু সম্পাদক আছিল সোনাৰাম থাওছেন ৷ অসমীয়া  ভাষাক ৰাজ্যভাষা  হিচাপে মৰ্যাদা দিয়াৰ  প্ৰসংগ জোৰদাৰ ৰূপ পৰিগ্ৰহন কৰাত বড়ো সাহিত্য সভাই  তাৰ প্ৰথমখন অধিবেশন ত সতীশচন্দ্ৰ বসুমতাৰী ৰ অধ্যক্ষতাত এখন বিশেষজ্ঞ সমিতি গঠন কৰি 26 ডিচেম্বৰ 1952 চনত প্ৰদেশ কংগ্ৰেছ কমিটিৰ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷
এই স্মাৰক পত্ৰৰ যোগেদি কাৰ্যত বড়ো ভাষাত শিক্ষাৰ  মাধ্যম হিচাপে প্ৰচলন কৰা ৰ দাবী উত্থাপন কৰা হয় ৷ গোৱাল পাৰা , কামৰূপ, দৰং, নগাওঁ, উত্তৰকাছাৰ আৰু মিকিৰ পৰ্বতমালা, নাগা পাহাৰ,  গাৰো হিলচ্  আৰু কাছাৰ জিলাৰ প্ৰাথমিক বিদ্যালয় সমুহত  “ক ” আৰু  “খ” শ্ৰেনীৰ বাবে বড়ো ভাষা প্ৰবৰ্তন  বাবে দাবী জনায় ৷1956 চনত চৰকাৰে “বড়ো আদিপাঠ  “ৰ এটা আৰ্হি প্ৰস্তুত কৰে ৷ কিন্তু অসমীয়া  ভাষাৰ শব্দৰ আধিক্যৰ বাবে এই পাঠ্যপুথিৰ আৰ্হিটো বড়ো সাহিত্য সভায় নাকচ কৰে ৷পৰবৰ্তী সময়ত অসমীয়া  ভাষাত ৰাজ্য ভাষা হিচাপে স্বীকৃতিৰ আন্দোলন বা  ভাষা  আন্দোলনৰ  দাবীটোৰ পৰিপ্ৰেক্ষিতত  বড়ো সাহিত্য সভায়ো এলানি আন্দোলনৰ কাৰ্যসূচীৰ  গ্ৰহন কৰে ৷

1962 চনৰ 16 নৱেম্বৰত  কোকৰাঝাৰ ত এখন বিশাল গণসমাবেশৰ যোগেদি চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হয় ৷ তেতিয়াৰ মুখ্যমন্ত্ৰী  বিমলা প্ৰসাদ চলিহায় ৰূপনাথ ব্ৰহ্মক লৈ  এজনীয়া কমিটি গঠন কৰি 1963 চনৰ 18 মে ত কোকৰাঝাৰ মহকুমাৰ প্ৰাথমিক বিদ্যালয়ত (তৃতীয় শ্ৰেনী)  বড়ো ভাষা প্ৰবৰ্তনৰ কথা ঘোষনা কৰে ৷পৰ্যায় ক্ৰমে 1968 চনত মজলীয়া স্তৰত (অষ্টম শ্ৰেণী)  লৈকে আৰু 1971 চনত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ত বড়ো ভাষাক  শিক্ষাৰ  মাধ্যম হিচাপে ঘোষনা  কৰে ৷ এই ঘোষনা মৰ্মে বড়ো লিপি সন্দৰ্ভত  কৰা দাবীও তীব্ৰতৰ হৈ পৰে ৷ 1969 চনৰ পৰা বড়ো সাহিত্য সভা তথা নিখিল বড়ো ছাত্ৰসন্থাৰ  (ABSU) ৰ সহযোগত চলা এই ৰোমান লিপিৰ আন্দোলনত 1973-74 চনত 18 জন বড়ো যুবকে অাত্মবলিদান দিয়ে ৷

1960 চনত ৰাজ্য চৰকাৰে গ্ৰহন কৰা ৰাজ্য ভাষা  আইনে অসমীয়া ভাষাক  ৰাজ্যভাষা হিচাপে স্বীকৃতি দিয়াত খাছী,  জয়ন্তীয়া,  গাৰো,  মিজো, নগা আদি পাহাৰীয়া  জনগোষ্ঠী  সমুহে বিৰোধীতা কৰি
অল পাৰ্টি  হিলছ্ লিডাৰছ্ কনফাৰেন্সৰ ( APHLC) নামৰ এটি ৰাজনৈতিক দল গঠন কৰে ৷ ইফালে কাছাৰ জিলাৰ বাংলাভাষী লোক সকলেও এই ৰাজ্যভাষাৰ বিৰোধীতা কৰে ৷ এই সকলোবোৰ বিৰোধীতাৰ বিপৰীতে  বৃহত্তৰ এক ঐক্য গঠনৰ স্বাৰ্থত বড়ো সকলে ৰাজ্যভাষা আইনৰ অধীনত হিন্দী ক গুৰুত্ব দিবলৈ অনুৰোধ জনায় ৷তেওঁলোকে এই বিষয়ত প্ৰদান কৰা যুক্তি বোৰ আছিল – 1) ৰাজ্য পুনগঠন আয়োগৰ মতে এটা ভাষা ৰাজ্য ভাষা হব লাগিলে সেই ভাষাটো অন্ততঃ  70% মানুহে ব্যবহাৰ কৰি  থাকিব লাগে,  কিন্ত  অসমীয়া ভাষা ৰাজ্যত মাত্ৰ 54% মানুহে ব্যবহাৰ কৰি আছে ৷ 2) বড়ো সাহিত্য সভা মতে অসম এখন বহুভাষিক ৰাজ্য হোৱাত ইয়াত যিকোনো এটা ভাষাক ৰাজ্য ভাষা হিচাপে স্বীকৃতি দিয়াৰ  বিপৰীতে  ৰাষ্ট্ৰভাষা হিন্দীত এই মৰ্যাদা প্ৰদান কৰিলে বৰ অসমৰ সংজ্ঞা নিৰ্ধাৰনত সহায়ক হব ৷

এই ৰাজ্য ভাষা  অাইনৰ বিৰুদ্ধে  APHLC এ কৰা  পৃথকতাবাদী আন্দোলনৰ  বাবে ইয়াৰ নেতা  কেপ্তেইন  উইলিয়ামছন চাংমাই য়ে বড়ো নেতা ৰূপনাথ ব্ৰহ্মক কৰা অনুৰোধ  প্ৰত্যাখানৰ মুলতেই আছিল কংগ্ৰেছ চৰকাৰৰ প্ৰতি আস্থা আৰু বৰ অসম গঢ়াৰ মানসিকতা ৷ ইয়াৰ দ্বাৰা প্ৰমানিত হয় যে ABSU আৰু বড়ো নেতৃস্থানীয়  ব্যক্তি সকলে প্ৰথম অৱস্থাত  কংগ্ৰেছী নেতৃবৃন্দৰ  লগত সমিল মিল ভাবেৰে এখন বৰ অসম গঠন কৰাৰ সাপেক্ষে মাত মাতি থাকিলেও ৰাজ্যিক ভাষা হিন্দী কৰাৰ পৰামৰ্শৰ বিপৰীতে অসমীয়া  হোৱা, পিছত জনগোষ্ঠীয়  নেতৃবৃন্দক সম্পূৰ্ণ ৰূপে অন্ধকাৰত ৰাখি অসম চুক্তি সাক্ষৰিত হোৱাত তেওঁলোকৰ সংশয় সম্পুৰ্ণ ৰূপে প্ৰকট হৈ পৰে ৷ ABSU   এ এই অসম চুক্তিৰ 6 নং দফাত উল্লেখিত  “অসমীয়া লোকৰ সংস্কৃতিক, ভাষিক স্বকীয়তা  আৰু ঐতিহ্য ৰক্ষনশীল, সংৰক্ষন,  সংবৰ্দ্ধনৰ সাংবিধানিক  ব্যবস্থা” আৰু 10 নং দফাত উল্লেখিত  চৰকাৰী ভুমি আৰু ট্ৰাইবেল  বেল্ট ব্লকত বেদখল বন্ধ কৰা আৰু বেদখলকাৰীক  উচ্ছেদিত কৰণৰ বিৰোধীতা কৰি তাক ৰদ কৰিবলৈ অনুগ্ৰহ কৰে ৷ অসম চুক্তিৰ আধাৰত ৰাজ্য চৰকাৰে অসমীয়া কৰণ প্ৰক্ৰিয়া আৰম্ভ কৰাত  বড়ো জনজাতি সকলৰ লগত সকলো জাতি জনগোষ্ঠীয়ে শংকিত হৈ  পৰিল  তদুপৰি ট্ৰাইবেল  বেল্ট ব্লকত বিদেশী বেদখলকাৰীৰ পৰিবৰ্তে  বড়ো আৰু আন জনজাতীয় লোক সকলক উচ্ছেদ  কৰাত ABSU ৰ এই বিৰোধীতা প্ৰক্ৰিয়া তীব্ৰ হ ‘ল  ৷ এই সন্দেহ,  শংকা আতৰি নাযাওতেই 1986 চনত 28 ফেব্ৰুৱাৰী ত অসম মাধ্যমিক শিক্ষা পৰিষদে  (SEBA) ৰ এক চাৰ্কুলাৰ  যোগে ৰাজ্যখনৰ সকলো শিক্ষানুষ্ঠানত অনা অসমীয়া মাধ্যমৰ ছাত্ৰছাত্ৰী সকলৰ বাবে অসমীয়া ভাষা  বাধ্যতামুলক ভাবে তৃতীয়  ভাষা হিচাপে কৰা ঘোষনাই ABSU কে ধৰি বড়ো সাহিত্য সভাক প্ৰতিবাদ মুখৰ কৰি তোলে ৷ তাৎক্ষনিক ভাবে অগপ  চৰকাৰেও ৰাজ্য চৰকাৰৰ অধীনৰ চাকৰিৰ বাবে অসমীয়া ভাষা জনাটো বাধ্যতামুলক  কৰাত তেওঁলোক বিৰোধিতাৰ  আন্দোলনত জঁপিয়াই  পৰে ৷ ইমান দিনে কংগ্ৰেছী নেতৃবৃন্দৰ লগত একত্ৰিত থাকি শত প্ৰলোভন শত বঞ্ছনা  স্বত্বেও এখন বৰ অসমৰ সপোন দেখা ABSU আৰু বড়ো সাহিত্য সভাই যেতিয়া নিজৰ ভাষিক অান্দোলনটো ৰাজনৈতিক আন্দোলনলৈ ৰূপান্তৰিত কৰিবলৈ বাধ্য হ ‘ল   তেতিয়া এই আন্দোলনে এক তীব্ৰ ৰক্তক্ষয়ী  ৰূপ পৰিগ্ৰহন কৰিলে ৷ All party hill leaders conference  নামৰ ৰাজনৈতিক দলে পাহাৰীয়া জিলা কেইখনত লৈ নতুন সায়ত্ব শাসিত জিলা গঠন কৰা,  1966 চনত মিজো নেশনেল ফ্ৰন্ট  গঠনৰ দাবীত বিদ্ৰোহাত্মক কাৰ্যকলাপে কেন্দ্ৰীয় চৰকাৰক অসমৰ সম্বন্ধে ভাবিবলৈ বাধ্য কৰাত প্ৰধানমন্ত্ৰী  ইন্দিৰা গান্ধীয়ে অসমক ফেডাৰেল ভিত্তিত পুৰ্ণগঠন হব বুলি কৰা ঘোষনাৰ পিছত বড়ো সকলৰ ভাষিক আৰু সংস্কৃতিক  আন্দোলনটো ৰাজনৈতিক আন্দোলনলৈ ৰূপান্তৰিত হয় ৷

প্ৰথমতে সায়ত্ব শাসন, পৰবৰ্তী সময়ত উদয়াচল নামৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ দাবী উত্থাপন কৰি অসম চৰকাৰে কৰা বৈষম্যতাৰ বিৰুদ্ধে  এক ৰক্তক্ষয়ী অান্দোলনৰ জন্ম হয় ৷   অসমৰ লগত থাকি অসমীয়া  হৈ থকাৰ দৃঢ মানসিকতা পৰিহাৰ কৰি নিজৰ সুকীয়া সাহিত্য সভা গঠন কৰিও সৰ্বান্তকৰণে অসমীয়া  হোৱা এটা জাতি জনগোষ্ঠী  কোন ৰাজনৈতিক স্বাৰ্থান্বেষী  ক্ষমতালোভী  নেতাৰ দুৰাভিসন্ধিৰ লাঞ্ছনাৰ বঞ্চনাৰ স্বীকাৰ হৈ হিংসাত্মক আন্দোলনত নিজক নিমজ্জিত কৰিবলৈ বাধ্য হ’ল তাৰ কাৰন বিশ্লেষন কৰাৰ প্ৰয়োজনীয়তা বৰ্তমান অসমৰ সকলো শ্ৰেণীৰ নাগৰিকৰ বাবে প্ৰয়োজন ৷ একালৰ সতীৰ্থ, সহোদৰে আজি কিয় নিজৰ তেজৰ বিৰূদ্ধে  অস্ত্ৰ  তুলি লব লগাত পৰিল তাক পৰ্যালোচনা কৰি সঠিক মীমাংসা কৰিব নোৱাৰিলে বৰ অসমখনৰ অস্তিত্ব এটা  সময়ত নিঃশেষ হৈ যাব ৷ এজন সজাগ হোৱাৰ সচেতন অসমীয়া হোৱাৰ দাবীত সাধাৰণ জনতা,  বুদ্ধিজীৱী  মহল,  ৰাজনৈতিক তথা সামাজিক নেতৃবৃন্দৰ ওচৰত মোৰ  অনুৰোধ তেওঁলোকে যেন এই সমস্যাৰ এক উপযুক্ত সমাধানৰ পথ  নিৰ্নয় কৰি অসমৰ মান, গৌৰৱ, ঐতিহ্য চিৰস্থায়ী  আৰু অক্ষুন্ন ৰাখিবৰ বাবে কৰা প্ৰচেষ্টাৰ গতি ত্বৰান্বিত কৰে ৷

(আগলৈ)

Related Articles

error: Content is copy right protected !!
Close