ফেচবুক আখ্যান

অসীম তালুকদাৰ

ফেচবুক আখ্যান -গল্প
শান্তনু কলিতাই অৱশেষত ফেচবুক একাউণ্ট এটা খুলিলে ৷ তেওঁৰ মন নাছিল ৷ কিন্তু অফিচত, ঘৰত সকলোৰে আৰু বিশেষকৈ জীয়াৰী বাগ্মিতাৰ তাগিদাত তেওঁ সেও মানিলে ৷ কিছুদিন আগলৈকে তেওঁৰ স্মাৰ্টফোনেই নাছিল ৷ তেওঁৰ ভাষ্য মতে নিজে ফোন কৰিব আৰু বেলেগে ফোন কৰিলে ৰিচিভ কৰিব পৰা ফোন এটা হলেই হ’ল ৷ কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয়ত ৰসায়ন বিজ্ঞানত মেজৰ লৈ অন্তিম বৰ্ষত পঢ়ি থকা বাগ্মিতা আৰু ঘৰৰ ওচৰৰে ব্যক্তিগত খণ্ডৰ কনিষ্ঠ মহাবিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ প্ৰিয়াংশুৰ কথাই বেলেগ, শান্তনু কলিতাৰ পত্নী শেৱালিৰো ফেচবুক দৈনন্দিন জীৱনৰ অবিচ্ছেদ্য অংগ ৷ তিনিওজনৰ আসক্তি দেখি ফেচবুক যে সময় নষ্ট কৰাৰ এক নম্বৰ আহিলা সেই বিশ্বাস তেওঁৰ দিনে দিনে দৃঢ় হৈছিল ৷ এইটো সঁচা যে তেওঁৰ ফোনটো বেয়া হৈ আহিছিল ৷ কথা পাতি থাকিলে হঠাতে সংযোগ বিচ্ছিন্ন হৈ যায়, বেটেৰীৰো আয়ুস শেষ, আধাঘণ্টা মানতে চাৰ্জ শেষ হয় ৷ মুঠতে ফোনটো ব্যৱহাৰ কৰিব নোৱাৰা হৈ আহিছিল ৷ ৰঙালী বিহুৰ বন্ধত বাগ্মিতা ঘৰলৈ আহিছিল ৷ তাই দেউতাকক নতুন ফোন এটা কিনিবলৈ সৈমান কৰালে ৷ কলেজলৈ ঘূৰি যোৱাৰ আগদিনা বাগ্মিতাই দেউতাকৰ ফোনটোত হোৱাটছ্ এপ ইনষ্টল কৰি দিলে ৷ ফটো কেনেকৈ লয় দেখুৱাই দিলে ৷ বাগ্মিতাৰ লগত ভিডিঅ’ কল কৰিব পাৰি শান্তনু কলিতাৰ লাগিল হোৱাটছ্ এপ চাগে সিমানো বেয়া নহয় ৷
শান্তনু কলিতাৰ সেই ভুল ভাঙিবলৈ বেছিদিন নালাগিল ৷ তেওঁ বুজি নাপালে কেনেকৈ ইমান মানুহ তেওঁৰ হোৱাটছ্ এপৰ বন্ধুৰ তালিকাত সোমালহি ৷ সোমাইছে বাৰু, কিন্তু ইমানকৈ আমনি কিয় কৰে ! ৰাতিপুৱাই মেচেজৰ টুং টুং শব্দত টোপনি ভাঙে ৷ মানুহবিলাকৰ কাম নাই নেকি ? ইমান ‘সুপ্ৰভাত’, ‘গুদ মৰ্ণিং’ বাৰ্তা কিয় পঠিয়ায় ? একে অফিচতে কাম কৰা মিছেছ বৰদলৈয়ে কেতিয়াবা সুপ্ৰভাত কোৱা দূৰৰ কথা, কথা কলেই জৰিমনা ভৰিব লাগিব ভাবত সদায় মুখখন গোমোথা মাৰি থাকে ৷ তেওঁ বাৰু হোৱাটছ এপত কিয় সদায় গুড-মৰ্ণিং গুড-নাইট মেচেজ ফৰৱাৰ্ড কৰি থাকে ? লগতে মহৎ লোকৰ বাণী বিলাক ! তেওঁলোকৰ ঘৰৰ ওচৰৰে থকা আৰু চৰকাৰী বিভাগ এটাত কামকৰা ঘোচখোৰ অনন্ত পাটগিৰিয়ে কেনেকৈ ‘কঠিন পৰিশ্ৰম’ সম্পৰ্কীয় বাৰ্তা পঠিয়ায় ? আৰু হাস্যৰস সম্বন্ধীয় মেচেজ বিলাক ? কেতিয়াবা দুই এটা পঠোৱা বেলেগ কথা, কিন্তু প্ৰতিদিনে ? কেতিয়াবা একেটা মেচেজেই তিনি চাৰিবাৰ আহে ৷ মুঠতে শান্তনু কলিতাৰ বিতৃষ্ণা উপজিছে ৷ সিদিনা কেন্দ্ৰীয় চৰকাৰৰ বিভাগ এটাৰ পৰা অহা দুজন মানুহৰ লগত হৈ থকা দৰকাৰী মিটিঙৰ মাজতেই টুংকৈ শব্দ কৰি মেচেজ এটা আহিছিল ৷ কোনোবাই ভিডিঅ’ ক্লিপ এটা পঠাইছে ৷ ক্লিপটোত মানুহ এজনে নামনি অসমৰ ঘৰুৱা ভাষাত কিবা কৈছে, তাকে লৈ চবে হাঁহিছে ৷ শান্তনু কলিতাই বুজিয়েই নাপালে হাঁহিব লগীয়া কি আছিল ! ধুইট !
আজি পাছবেলা অফিচত বিশেষ কাম নাছিল ৷ অফিচ বন্ধ হবলৈ তেতিয়াও দুঘণ্টা মান বাকী ৷ হঠাতে কলিতাৰ মনত খেলালে – ফেচবুক একাউণ্ট এটাকে খোলা যাওক ৷ তেওঁ আব্দুলক নিজৰ অফিচলৈ মাতি পঠিয়ালে ৷ আব্দুলে এইটো অফিচত যোগদান কৰা বেছি দিন হোৱা নাই ৷ আব্দুলৰ দেউতাকৰ লগত শান্তনু কলিতাৰ চিনাকি সূত্ৰে আব্দুলৰ শান্তনু কলিতাৰ ঘৰলৈ অহা যোৱা হৈ থাকে ৷ কলিতাৰ কথা শুনি আব্দুলে “উৱা – আজি দেখো হাইঠা মাটিত পৰিল ” বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁৰ হাতৰ পৰা ফোনটো ললে ৷ কেইমিনিটমানৰ ভিতৰতে ফেচবুক ইনষ্টল কৰি একাউণ্ট খোলাত ব্যস্ত হল ৷ শান্তনু কলিতাৰ প্ৰায়বিলাক কথা আব্দুলে জানেই, গতিকে বেছি কথা সুধিব লগা নহল ৷ মাত্ৰ কলিতাৰ অনুৰোধ মতে বয়স ছয় বছৰ কমাই দিলে ৷  পাছৱৰ্ড দিয়াৰ সময় আহিল ৷ আব্দুলে ফোনটো কলিতাৰ ফালে আগবঢ়াই দি কলে – “ভাল পাছৱৰ্ড এটা দিয়ক ৷ সহজে মনত পেলাব পৰা পাছৱৰ্ড দিব ৷ নহলে পাহৰি যাব আপুনি ৷”  উত্তৰত শান্তনু কলিতাই “তুমিয়েই দি দিয়াচোন এইটো পাছৱৰ্ড ৷” কাগজ এখনত লিখি তেওঁ আব্দুলৰ ফালে আগবঢ়াই দিলে ৷ কাগজখনত লিখা আছে বুবুমাইনা ৷ আব্দুল এখন্তেক তভক মাৰি ৰল ৷ তাৰ পাছত অলপ জোৰ দি কলে –
– ঘৰৰ মানুহৰ নামেৰে পাছৱৰ্ড দিব নোৱাৰে ৷ কোনোবাই হেক কৰিব খুজিলে এক চেকেণ্ডত আপোনাৰ একাউণ্ট হেক কৰিব ৷ গতিকে বুবু-প্ৰিয়াংশু, মাইনা-বাগ্মিতা, মন্তি-শেৱালি এইবিলাক নচলিব ৷ বেলেগ কিবা দিওক যাতে কোনেও সহজে অনুমান কৰিব নোৱাৰে ৷ আৰু আপুনি নিজেই টাইপ কৰক ৷ মোক কৈ দিব নালাগে ৷
– মোৰ ফেচবুক আকৌ কোনে আৰু কিয় হেক কৰিব ? মই কিবা চেলিব্ৰিটি নেকি ?
কলিতাই আৰু কিবা কব খুজিছিল ৷ কিন্তু আব্দুলৰ মুখত খং আৰু বিৰক্তিৰ চিন দেখি তেওঁৰ সাহে নুকুলালে ৷ অলপ চিন্তা কৰি লাহে লাহে টাইপ কৰিলে ৷ তাৰ পাছত কিছুসময় কেনেকৈ ফেচবুকত মানুহ বিচাৰিব পাৰি, কেনেকৈ ‘এড’, ‘লাইক’ আদি কৰিব পাৰি বিষয়ে আব্দুলৰ পৰা শিক্ষা ল’লে ৷ আব্দুলে কলিতাৰ ফেচবুকৰ পৰা নিজৰ লগতে বাগ্মিতা, প্ৰিয়াংশু, শেৱালি আৰু অফিচৰ কেইবাজনলৈ ‘ফ্ৰেণ্ড ৰিকুৱেষ্ট’ পঠিয়ালে ৷
******
সিদিনা ৰাতিৰ কথা ৷ ভাত পানী খাই কলিতাই ড্ৰয়িংৰুমত বহিছে ৷ বুবু নিজৰ ৰুমলৈ গ’ল ৷ বুবুৰ পৰীক্ষা ওচৰ চাপিছে ৷ সেয়ে সি খুব পঢ়াশুনা কৰিছে ৷ কলিতা দম্পতীয়ে ৰাতি ভাত খাই উঠি সাধাৰণতে একলগে অলপ সময় টিভি চায় ৷ এতিয়া শেৱালিয়ে পাকঘৰৰ কামখিনি শেষ কৰি অহালৈকে কলিতাই নিজে টিভিত কিবা চাইছে ৷ তেওঁৰ ফোনটো কাষতে আছিল ৷ হঠাতে তেওঁৰ মনত পৰিল ফেচবুকৰ কথা ৷ ভাবিলে অলপ ফেচবুকেই কৰা যাওক আজি ৷ ইতিমধ্যেই প্ৰায়বোৰ মানুহেই  তেওঁৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট এপ্ৰ’ভ কৰিছে ৷ বহুতে তেওঁলৈও ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াইছে ৷ বন্ধুৰ সংখ্যা ইতিমধ্যে পঞ্চাশ অতিক্ৰম কৰিলেই ৷ অলপ পাছত শেৱালি সোমাই আহিল ৷ শান্তনুক ফোনটো লৈ ব্যস্ত থকা দেখি অলপ আচৰিত হ’ল ৷
– ফোনটোত কি কৰিছা ইমান মনোযোগ দি ?
– ফেচবুক ৷
শেৱালিৰ ফালে নোচোৱাকৈ শান্তনুৱে কলে ৷ শেৱালিৰ মুখত হাঁহি ওলাল ৷
– অ’ পাহৰিছিলোঁৱেই ৷ আজি তোমাৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট পাইছো ৷ এতিয়া নিচাটো লাগিল নহয় ৷ আজিৰ পৰা মোক গালি নাপাৰিবা মই ফেচবুকত পি এইচ দি কৰিছো বুলি ৷
– আহা ৷ চেল্ফি এখন দিওঁ আমাৰ ৷
– উৱা ৷ এনেকৈ চেল্ফি উঠিব পাৰি নেকি ? মই কি কাপোৰ পিন্ধি আছো দেখা নাই ? চুলিবোৰো কেনেকুৱা হৈ আছে ৷ খবৰদাৰ, মোক নেদেখুৱাকৈ মোৰ ফটো চটো নিদিবা দেই ৷
– ঠিক আছে নিদিওঁ ৷
– কাইলৈ পাছবেলা আমি ফটো উঠিম ৷ ময়ো দিম ফটো ৷ তুমি কিন্তু গাধটোৰ নিচিনাকৈ ওলাব নোৱাৰা ৷
– ওকে ৷
– মই তোমাক কেইটামান ট্ৰিক শিকাই দিম ৷ ধেৰ লাইকচ পাবা ৷
শান্তনুৱে উত্তৰত একো নকলে ৷ অলপ পাছত শেৱালি উঠিল ৷ টোপনি আহিছে হেনো ৷ বুবুৰ ৰুমলৈ এবাৰ গৈ তাক চাই আহিল ৷ পুনৰ ড্ৰয়িং ৰুমলৈ আহি শান্তনুক কৈ গল – “বেছি দেৰীলৈ নাথাকিবা ৷ আৰু শুনা – ৰূপাঞ্জলি দেৱীক ফেচবুকত বিচাৰি এড নকৰিবা আকৌ ৷”
******
ৰূপাঞ্জলি দেৱী – নামটো শুনি শান্তনু কলিতাই এখন্তেক তভক মাৰি ৰল ৷ ইমান দিন পাছতো নামটো শুনাৰ পাছতেই শান্তনুৰ হুমুনিয়াহ এটা ওলাই আহে ৷ কিমান দিন হ’ল শেষবাৰ দেখা ? শান্তনু কলিতাৰ ভালকৈ মনত নাই ৷ ইঞ্জিনিয়াৰিং কলেজত থকা সময়তে কেতিয়াবা হব ৷ খুব সম্ভৱ ফাইনেল ইয়েৰৰ মাজতে ৷
শান্তনু কলিতাই পঢ়া চৰকাৰী উচ্চতৰ মাধ্যমিক স্কুলখনৰ কাষৰে ছোৱালী হাইস্কুলখনৰ একে শ্ৰেণীৰে ছাত্ৰী আছিল ৰূপাঞ্জলি দেৱী ৷ শান্তনুৰ ঘনিষ্ঠ বন্ধু কিশোৰৰ ঘৰৰ তিনিটা ঘৰৰ পাছতেই ৰূপাঞ্জলিৰ ঘৰ ৷ কিশোৰৰ ভনীয়েক ফুলমণি ৰূপাঞ্জলিৰ নলেগলে লগা বান্ধৱী ৷ কেতিয়া কেনেকৈ আৰম্ভ হৈছিল ভালকৈ মনত নাই ৷ কিন্তু সিহঁত স্কুলত থকা সময়তেই কিশোৰে আৰু ফুলমণিৰ জৰিয়তে শান্তনু আৰু ৰূপাঞ্জলিয়ে চিঠিৰ আদান প্ৰদান কৰিছিল ৷ প্ৰতিখন চিঠিৰ বাবদ শান্তনুৱে কিশোৰক বৰ্মন কাইৰ চাহদোকানত চাহ-চিংৰা নাইবা পৰঠা খুৱাব লগীয়া হৈছিল ৷ স্কুলৰ পাছত দুয়ো স্থানীয় কলেজখনত নাম ভৰ্তি কৰে  – শান্তনুৱে বিজ্ঞান শাখাত আৰু ৰূপাঞ্জলিয়ে কলা শাখাত ৷ অকলে কথা পাতিবলৈ দুয়ো কেতিয়াও সাহস গোটাব নোৱাৰিলে ৷  সিহঁতৰ চেকেণ্ড ইয়েৰৰ সৰস্বতী পূজাৰ দিনাৰ কথা ৷ স্বৰস্বতী পূজা বুলি ছোৱালীবোৰে সাজিকাচি আহিছিল ৷ নীলা ৰঙৰ শাৰীখনত দীপলিপ চেহেৰাৰ ৰূপাঞ্জলিক সিদিনা সঁচাকৈয়ে দেৱীৰ নিচিনা লাগিছিল ৷ শান্তনুৱে ৰূপাঞ্জলিক চায়েই থাকিল, চায়েই থাকিল ৷ মুঠতে সিদিনা সি তাইৰ পৰা দৃষ্টি আতৰাব নাছিল ৷ পূজা চলি থকা সময়তে কোনোবা এপাকত ৰূপাঞ্জলিয়ে আহি শান্তনুৰ কাষত বহিল ৷ সেই দহ পোন্ধৰ মিনিটৰ কথা আজিলৈকে পাহৰিব পৰা নাই শান্তনুৱে ৷ লগৰ বন্ধু-বান্ধৱে ফিচিঙা ফিচিঙি কৰিছিল ৷ ঠাণ্ডাৰ বতৰতো শান্তনু ঘামি গৈছিল ৷ ৰূপাঞ্জলিৰ গাল দুখন আৰু বেছি ৰঙা পৰিছিল ৷ কোনেও নেদেখাকৈ এবাৰ ৰূপাঞ্জলিয়ে শান্তনুৰ সোঁহাতৰ আঙুলিকেইটা নিজৰ বাওঁহাতৰ আঙুলিকেইটাৰ মাজত লৈছিল ৷ সেই স্পৰ্শ আজিও শান্তনুৱে পাহৰিব পৰা নাই ৷ হায়াৰ চেকেণ্ডাৰীৰ পাছত জালুকবাৰীলৈ ইঞ্জিনিয়াৰিং পঢ়িবলৈ গুচি গৈছিল শান্তনু আৰু স্থানীয় কলেজতে ৰূপাঞ্জলিয়ে ৰাজনীতি বিজ্ঞান বিষয়ত অনাৰ্চ লৈ পঢ়িবলৈ লৈছিল ৷ সিহঁতৰ মাজত চিঠিৰ আদান প্ৰদান চলিছিল ৷ লাহে লাহে কলিতা আৰু দেৱী উপাধি দুটাৰ মাজত সংঘাত আৰম্ভ হৈছিল ৷ ঘৰৰ সৰু ল’ৰা আৰু ডাঙৰ ছোৱালী হোৱা কথায়ো সমস্যাৰ সৃষ্টি কৰিছিল ৷ ফাইনেল ইয়েৰৰ মাজ ভাগতেই এদিন শৰ্মা উপাধিৰ কোনোবা ডাক্তৰ এজনৰ লগত ৰূপাঞ্জলিৰ বিয়া ঠিক হোৱা খবৰটো কিশোৰে দিছিল ৷ ৷ ঘৰলৈ ঢপলিয়াই আহিছিল শান্তনু ৷ তাৰ ভাব হৈছিল ঘৰত চাগে ৰূপাঞ্জলিক বিয়া হবলৈ বাধ্য কৰিছে ৷ যদিহে ৰূপাঞ্জলি মান্তি হয়, সিহঁত দুয়ো পলাই যাব ৷ আগলৈ কি হয় দেখা যাব ৷ কিশোৰৰ ঘৰলৈ গৈ ফুলমণিক অনুৰোধ কৰিছিল এবাৰ ৰূপাঞ্জলিক মাতি আনিবলৈ ৷ অনিচ্ছা স্বত্বেও শান্তনুৰ অনুৰোধক উপেক্ষা কৰিব নোৱাৰি ফুলমণি গৈছিল ৷ কিন্তু ৰূপাঞ্জলি নাহিল ৷ সিদিনা কিশোৰ আৰু ফুলমণিৰ লগতে সিহঁতৰ মাকেও শান্তনুক বুজাইছিল ৷ অৱশেষত সৈমান হৈ ঘৰলৈ ঘূৰি যোৱা শান্তনুৱে বিয়াৰ দিনা ৰূপাঞ্জলি আৰু ল’ৰাজনক গুলিয়াই হত্যা কৰা কথাও মনলৈ আনিছিল ৷
কিন্তু সেইবিলাক একো নহল ৷ মাত্ৰ বিয়াৰ দিনটো আৰু কেইদিনমান পাছৰ বিশেষ দিন এটাৰ কথা ভাবি শান্তনুৰ মন কিছুদিন অশান্ত হৈ থাকিল ৷ লাহে লাহে কথাবোৰ পুৰণি হ’ল ৷ অসম প্ৰশাসনীয় সেৱাৰ চাকৰি এটা প্ৰথম চেষ্টাতে পাই কামত মনোনিৱেশ কৰিলে ৷ ৰূপাঞ্জলিৰ ঘৰৰ আগেৰে পাৰ হৈ গলে অৱশ্যে কেৰাহিকৈ ঘৰটোৰ ফালে চায় ৷ ফুলমণিক অকলশৰীয়াকৈ লগ পালে আকাৰে ইংগিতে ৰূপাঞ্জলিৰ কথা সোধে ৷ প্ৰায় সময়তে তাই নজনা বুলি কয় ৷ যথা সময়ত শান্তনুৰো বিয়া হ’ল ৷ শেৱালিয়ে ৰূপাঞ্জলিয়ে পঢ়া স্কুলতেই কেইবছৰমান তলৰ ক্লাছত পঢ়িছিল ৷ বিয়াৰ আগে আগে কথাখিনি খোলোচাকৈ কৈ দিবলৈ শান্তনুয়ে এদিন শেৱালিক অকলশৰীয়াকৈ লগ ধৰিছিল ৷ শান্তনুক আচৰিত কৰি শেৱালিয়ে যেতিয়া কথাখিনি আগৰ পৰাই জানে বুলি কৈছিল, শান্তনুৰ বুকুৰ পৰা যেন ডাঙৰ বোজা এটা নাইকিয়া হৈ গৈছিল ৷
ৰূপাঞ্জলিৰ কথাই কেতিয়াও তেওঁলোকৰ সংসাৰত অশান্তিৰ সৃষ্টি কৰা নাছিল ৷ বৰং সম্পৰ্কটো আগনবঢ়া কথাটো জীৱনলৈ যে আশীৰ্বাদ হিচাপেহে আহিছিল সেই বিষয়ে শান্তনু কলিতা এশ শতাংশ নিশ্চিত ৷ কিন্তু মাজে সময়ে শেৱালিয়ে কিছুমান বিশেষ পৰিস্থিতিত ৰূপাঞ্জলিৰ কথা উল্লেখ কৰিছিল ৷ মিচেচ কাশ্যপৰ চিনাকি কোনোবা এজনে চাৰিখন অৰিজিনেল বেনাৰচী শাৰী কম দামতে আনি দিব ৷ মিচেচ কাশ্যপৰ নাম শুনিয়েই ‘কোনো দৰকাৰ নাই’ বুলি নাকচ কৰা শান্তনুক শেৱালিয়ে ভেকাহি মাৰি উঠে – ‘ৰূপাঞ্জলি দেৱীয়ে খুজিলে তুমি কেতিয়াও মানা নকৰিলাহেতেন ৷’ কৰদৈ টেঙাৰে বনোৱা মাগুৰ মাছৰ জোলখন কিবা সেৰেকা হ’ল ৷ ‘হব হব – ৰূপাঞ্জলি দেৱীকে মাতি আনি ৰান্ধিব দিবা ৷’ তাৰ পাছত মনে মনে থকাই শ্ৰেয় বুলি শান্তনু কলিতাই ভালকৈয়ে জানে ৷ বাগ্মিতাৰ কলেজৰ গ্ৰুপ এটাই বন্ধৰ সময়ত মুচৌৰি, নাইনিতাল, গংগোত্ৰী আদি ঠাই ফুৰিবলৈ যাব ৷ ল’ৰা-ছোৱালীৰ দল এটা ?? এবাৰতে বাগ্মিতাৰ অনুৰোধ নাকচ কৰা হ’ল ৷ বাগ্মিতায়ো সিদিনা কৈ উঠিছিল – ‘ৰূপাঞ্জলি দেৱীয়ে কলে তুমি কেতিয়াও মানা নকৰিলাহেতেন ৷’ বেলেগ ফালে চাই ওলাই আহিব খোজা হাঁহিটো জোৰকৈ ৰখোৱা শেৱালিৰ ওপৰত খং উঠিছিল শান্তনুৰ ৷ ওচৰতে বহি আলেখলেখ চাই থকা প্ৰিয়াংশুৱে এই ‘ৰূপাঞ্জলি দেৱী’ কোন বুলি সোধা প্ৰশ্নৰ উত্তৰত বাগ্মিতাই সুৰ লগাই কৈছিল – ‘দেতাৰ স্কুলৰ সময়ৰ গাৰ্লফ্ৰেণ্ড ৷’ ভুলতেও ভৱিষ্যতে পুনৰ কেতিয়াবা তেনে ধৰণৰ কথা কলে বাগ্মিতা আৰু প্ৰিয়াংশু দুয়োজনকে গুৰুতৰ শাস্তি দিয়াৰ অংগীকাৰ কৰিছিল শান্তনু কলিতাই ৷  আজিকালি ক’ত বা আছে মানুহজনী ? শান্তনুৰ জানিবলৈ মন যায় ৷ কেইবছৰমান আগতে কিশোৰে কোৱামতে আজিকালি ৰূপাঞ্জলিৰ পৰিয়াল হেনো ৰাজস্থানৰ উদয়পুৰ নে কৰবাত বাস কৰে ৷
নাই নাই – ৰূপাঞ্জলি দেৱীৰ লগত ফেচবুকৰ জৰিয়তে পুনৰ বন্ধুত্বৰ সম্পৰ্ক গঢ়ি তোলাৰ শান্তনুৰ কোনো অভিপ্ৰায় নাই ৷ অন্য এটা কথাও শান্তনু কলিতাই বুজি উঠিল ৷ ৰূপাঞ্জলিৰ নামেৰে পাচৱৰ্ড ৰখাটো মুঠেই সমীচিন হোৱা নাই ৷ আব্দুলক সুধিব লাগিব ফেচবুকৰ পাচৱৰ্ড কেনেকৈ সলনি কৰে ৷
টাইম লাইনৰ তললৈ গৈ থাকিল শান্তনু কলিতা ৷ মানুহ বিলাকৰ পোষ্টবোৰ দেখি বিৰক্ত হ’ল ৷ কলিতাৰ অফিচতে দুবছৰ মান আগতে কামত যোগদান কৰা কথাচহকী ত্ৰিবেণী দত্তই ‘উইকেণ্ড মষ্টি উইথ ফ্ৰেণ্ডচ’ বুলি তেষষ্ঠিখন ফটো লগাইছে ৷ ৰৌমাছ আৰু কাটি থোৱা চিকেনৰ পৰা আৰম্ভ ৷ কেইখনমান ফটো চালে কলিতাই ৷ নতুনকৈ বিয়া হোৱা দম্পতি ৷ ঠিক আছে ৷ তথাপিও ৷ মাছৰ কাইট আৰু মাংসৰ হাড়বিলাকৰ ফটোৱো দিছে চাগে ৷ ধুইট ৷ নোৱাৰি আৰু ৷ হঠাতে শান্তনু কলিতাৰ কিবা এটা কথা মনত খেলালে ৷ আমাৰ বুবু ওৰফে প্ৰিয়াংশুই কি কৰে ফেচবুকত ? বুবুৰ একাউণ্টলৈ গৈ টাইম লাইন খুলি ললে ৷ তাৰ শেহতীয়া পোষ্ট তিনিদিন আগৰ ৷ কিবা এটা গেম খেলিছে ৷ অসমীয়ালৈ তৰ্জমা কৰিলে এনে হব – ‘আপুনি ভাৰতীয় ক্ৰিকেট দলৰ কোনজন ক্ৰিকেটাৰ ?’ উত্তৰ হিচাপে পাইছে – বিৰাট কোহলী ৷ শান্তনু কলিতাৰ মুখত হাঁহি ফুটি উঠিল ৷ কিন্তু সেই পোষ্টটোত কিয় দুশ পোন্ধৰটা লাইকচ ? তাৰ পাছত প্ৰিয়াংশুৱে আৰু এটা গেম খেলিছে – ‘আপুনি খ্ৰিষ্টিয়ানো ৰোনাল্ডো নে লিয়নেল মেছি ?’ উত্তৰ পাইছে খ্ৰিষ্টিয়ানো ৰোনাল্ডো ৷ এশ পয়সত্তৰটা লাইকচ ৷ তাৰ পাছত আৰু কেইটামান পোষ্ট ৷ শান্তনু কলিতাই একো বুজি পোৱা নাই ৷ এখন ফটো দেখি তেওঁৰ চকু ডাঙৰ হ’ল ৷ বুবুৰ মুখখন চিনি পাইছে ৷ কিন্তু তাৰ গাতো হাতীৰ সমান আৰু সেউজীয়া কেনেকৈ হ’ল ৷ অৱশেষত বুজি পালে ৷ বুবুৱে অন্য এটা গেম খেলিছে ৷ এভেঞ্জাৰৰ আপুনি কোনটো চৰিত্ৰ ? উত্তৰটো হাল্ক ৷ দুশ নবৈটা লাইকচ ৷ ‘আচ্ছা, ই এইবিলাকহে কৰি থাকে ফেচবুকত’ – নিজকে কলে শান্তনু কলিতাই ৷ তেওঁ তললৈ গৈ থাকিল ৷ এঠাইত শান্তনু কলিতা ৰৈ গল ৷ বুবুৱে কিবা ছবি এখন শ্বেয়াৰ কৰিছে ৷ ছবিখনৰ কথাখিনিৰ সাৰমৰ্ম হ’ল চিংগল হৈ থকা জীৱন কিমান কষ্টকৰ ৷ হায়াৰ চেকেণ্ডাৰীত পঢ়ি থকা বুবু কেতিয়াৰ পৰা সি যে চিংগল কথাটোৰ পৰা আমনি পোৱা হ’ল ? তিনিশ পোন্ধৰটা লাইকচ ৷ কমেণ্টো ঢেৰ ৷ ‘আমাৰ জীৱনটো এনেকৈয়ে যাব’ বুলি প্ৰথমতেই মন্তব্য দিয়াজন গোপেশ ডাক্তৰৰ দশম শ্ৰেণীত পঢ়ি থকা পুতেকজন নহয় নে ? হে হৰি কি হৈছে এই ল’ৰা পোৱালিকেইটাৰ ? কাইলৈ গোপেশক ফোন এটা কৰিব লাগিব ৷ অলপ পাছত ছোৱালী এজনীৰ ফটো ৷ কম কাপোৰ পিন্ধা কোনোবা বিদেশীনি ৷ ওপৰত লিখা আছে – হাও মাই ফিউচাৰ ওৱাইফ উইল লুক লাইক ? তিনিশ ষাঠিটা লাইকচ, এশ বিছটা কমেণ্ট ৷ কমেণ্টবোৰ পঢ়ি চাবলৈ শান্তনু কলিতাৰ সাহস নহ’ল ৷ কাইলৈ ৰাতিপুৱাই বুবুৰ লগত কথা পাতিব লাগিব ৷
মন্তি মানে শেৱালিয়ে বা কি কৰে ফেচবুকত ? শেৱালিৰ টাইম লাইন খুলি ললে ৷ দুদিন আগতে শেৱালিয়ে এখন ফটো লগাইছে ৷ ‘ডটাৰ ডিয়াৰেষ্ট’ বুলি নামকৰণ কৰা ফটোখনত শেৱালি আৰু বাগ্মিতা দুইজনীয়ে আছে ৷ শান্তনুৱে ঠাইখিনি চিনি পালে ৷ যোৱা বছৰ শ্বিলঙলৈ যাওতে তোলা ফটো ৷ সাতশটা মান লাইকচ ৷ সাতশ লাইকচ পাবলৈ শেৱালিৰ ফ্ৰেণ্ড লিষ্টত কিমান মানুহ আছে বাৰু ? প্ৰায় আঢ়ৈ হাজাৰ ৷ শান্তনু কলিতাই নিজকে প্ৰশ্ন কৰিলে – ইমান মানুহক কেনেকৈ চিনি পায় মন্তিয়ে ? কমেণ্টবোৰত চকু ফুৰালে শান্তনুয়ে ৷ ‘ধুনীয়া লাগিছে’, ‘একষ্ট্ৰিমলি বিউটিফুল’, ‘দিনে দিনে ৰূপ চৰিছে’ ধৰণৰ কমেণ্টেই বেছি ৷ মাজতে এটা কমেণ্ট দেখি শান্তনু কলিতাৰ চকু ৰৈ গল ৷ অফিচত একেলগে কাম কৰা হিৰণ্য বৰ্মনে লিখিছে – ‘বায়েক ভনীয়েক যেন হে লাগিছে ৷’ তাৰ পাছত এসোপামান ৰঙা ৰঙা হাৰ্ট ৷ খং উঠিল হিৰণ্য বৰ্মনৰ ওপৰত ৷ কিয় তেওঁ মন্তব্য কৰিব লাগে ? তাৰ পাছত কবিতা – অণুগল্প আদি কিছুমান ৷ মন্তিয়ে কলেজত থকা সময়ৰে পৰাই গল্প কবিতা লিখে ৷ প্ৰত্যেকটা কবিতা, অণুগল্পতে দেৰশ-দুশ লাইকচ ৷ তাৰ পাছত পৰিয়ালৰ এখন ফটো ৷ বিহুৰ সময়ৰ ফটো ৷ আৰে এইখন ফটো কিয় দিছে ? ফটোখনত শান্তনুৰ চকুদুটা আধা মুদ খাই আছে ! শান্তনু কলিতাই গম পালে ফটোখনত শেৱালিয়ে নিজকে ধুনীয়া দেখিছে ৷ অলপ পাছত খানা-খজানা বুলি এলবাম এটা ৷ মাছ, মাংস, তৰকাৰী, চাটনি আদি ঢেৰ কিবাকিবি ৷ মাজতে খাই থকা অৱস্থাত শান্তনু আৰু আব্দুলৰ ফটো ৷ কলিতাই গম পালে সেয়া বন্ধত বাগ্মিতাই ঘৰলৈ অহাৰ সময়ত ফটো ৷ পাচশৰো বেছি লাইকচ আৰু কমেণ্টছ ৷ বেছিভাগেই জিভা উলিয়াই থকা ইমোজি দিছে ৷ হিৰণ্য বৰ্মনে তাতো কমেণ্ট কৰিছে – ‘লোভ লাগিছে ৷ এতিয়াহে গম পাইছো শান্তনুৰ পেট কিয় ওলাইছে !’ নিজৰ অজানিতে শান্তনুৰ চকু পেটৰ ফালে গল ৷ ক’ত ওলাইছে ? চকু চৰহা কৰবাৰ ৷ শান্তনুয়ে মনত পেলাবলৈ চেষ্টা কৰিলে সেই সময়ত তেওঁৰ পেটৰ অসুখ হৈছিল নেকি ? আৰু নোৱাৰি চাব ৷ কিবা এটা ভাবি শান্তনুয়ে এইবাৰ মাইনা মানে বাগ্মিতাৰ টাইম লাইনলৈ গল ৷
বাগ্মিতাৰ চাৰি হেজাৰৰো অধিক বন্ধু-বান্ধৱ আৰু সাত হেজাৰৰো বেছি লোকে তাইৰ পেজটো অনুসৰণ কৰিছে ৷ কিন্তু কিয় ? তাই ইমান বন্ধু কিয় গোটাইছে ভাবি শান্তনু কলিতা অলপ বিৰক্ত উঠিল ৷ দুঘণ্টা আগতে তাই ফটো এখন দিছে – দেউতাক আৰু তাইৰ ৷ ছবিখনৰ শিৰোনাম ‘মাই হেণ্ডচাম ডেড ইজ নাও ওন ফেচবুক ৷’ সাতশৰো অধিকে ইতিমধ্যে ফটোখন লাইক কৰিছে ৷ ঠিকেই আছিল ফটোখন ৷ কিন্তু শান্তনুৰ পকা চুলিবোৰ যে ইমানকৈ ওলাই আছে তাই নেদেখিলে নেকি ? শান্তনুৰ অকণমান খং উঠিল ৷ তাৰ পাছত চৰকাৰৰ শেহতীয়া সিদ্ধান্ত এটাৰ বিৰোধিতা কৰি এটা পোষ্ট ৷ চাৰিশৰো অধিক লাইকচ ৷ ৰাজনীতি বিষয়ক পোষ্ট তাই কিয় দিব লাগে ? শান্তনু কলিতা তললৈ গৈ থাকিল ৷ বাগ্মিতাৰ প্ৰতিটো পোষ্টতে ইমান বেছি লাইকচ কিয় ? তেওঁ ভাল পাইছেনে বিৰক্ত হৈছে ঠিক ধৰিব পৰা নাই ৷ এইজন কোন ? তেওঁলোকৰ গলিটোতেই থকা অমৰেন্দ্ৰ বনিয়াৰ পুতেক হৃদয় নামৰ ইদিয়ত জন নহয়নে ? তাৰ ফটো বাগ্মিতাৰ একাউণ্টত কিয় ? অলপ পাছত শান্তনুই বুজি উঠিল ৷ হৃদয়ে নিজৰ ফটো এখন দি পঞ্চল্লিছজনক টেগ কৰিছে ৷ হৃদয়ৰ পঢ়া শুনাৰ লগত সম্পৰ্ক নাই ৷ গোটেই দিনটো চাৰিআলিত আদ্দা দি থাকে ৷ সি ঘৰৰ কামত একো সহায় নকৰে বুলি দেউতাকে শান্তনুক নিজে কৈছিল ৷ অলপ পাছত হৃদয়ৰ আন এখন ফটো ৷ নিজৰ ফটো এখন দি ‘হেপ্পি ইণ্ডিপেডেঞ্চ ডে’ লিখিছে ৷ শান্তনুয়ে ধৰিব পৰা নাই স্বাধীনতা দিৱসত নিজৰ ফটো দি হৃদয়ে কি বুজাব খুজিছে ৷ তাৰ পাছতেই হৃদয়ৰ আৰু এখন ফটো – ‘ধোলা হোদিয়া ব্ৰিজত’ ৷ আৰে গাধ, বানানটো অন্তত শুদ্ধকৈ লিখ ! বাগ্মিতাই এইবোৰক কিয় ফ্ৰেণ্ডলিষ্টত ৰাখিছে ? কব লাগিব তাইক ৷ আৰু ঢেৰ কিবা কিবি পোষ্টত তাইক বহুতে টেগ কৰিছে ৷ নাই নোৱাৰি চাব ৷ তাইৰ এলবাম চোৱা যাওক ৷ প্ৰথমতেই যোৱা বিহুৰ সময়ত ঘৰতে বিহুৰ সাজত উঠা ফটো এখন ৷ বৰ মৰম লাগিছে তাইক ৷ ২.২ কে মানে বাইছশ লাইকচ ৷ পাচশৰো অধিক কমেণ্ট ৷ মাজত হিৰণ্য বৰ্মনেও লিখিছে – ‘ধুনু ধুনু নাচনী ৷ কাপোৰযোৰ ভাল লাগিছে ৷’ টিঙিচকৈ খং উঠি আহিল শান্তনুৰ ৷ এই বুঢ়াটোৰ চৰিত্ৰ সলনি হোৱা নাই ৷ সি জীয়েকৰ বয়সৰ ছোৱালীজনীৰ ফটোত কিয় কমেণ্ট কৰিছে ? তাতে আকৌ বাগ্মিতায়ো উত্তৰ দিছে – থেংকিউ আংকল ৷ বাকী মানুহবোৰে ৰূপহী, ট্ৰু আছামিছ বিউটি, লাভলী নাচনী, প্লিজ বিহু নাচ এটা আপলোড কৰা ইত্যাদি লিখিছে ৷ এটা কমেণ্টত কোনোবাই লিখিছে ‘লাভ ইউ ডাৰ্লিং’ ৷ তাৰ পাছত ঢেৰ চুমা ৷ বাগ্মিতাই উত্তৰ দিছে – লাভ ইউ টু চুইট হাৰ্ট ৷ ভালকৈ চাই শান্তনুয়ে দেখিলে সেইজনী কোনোবা ছোৱালী ৷ কিন্তু আজিকালি যে ছোৱালীকো বিশ্বাস কৰিব নোৱাৰি !! তেওঁ কমেণ্টবোৰ পঢ়ি গৈ থাকিল ৷ অলপ পাছত এটা কমেণ্ট দেখি তেওঁৰ চকু ৰৈ গল ৷ এজনে লিখিছে ‘স্মোকিং হট’, তাৰ পাছতেই আৰু এজনৰ কমেণ্ট ‘চেক্সী’ ৷ শান্তনু কলিতা তভক মাৰি ৰল ৷ মানুহবোৰে সৰু ছোৱালীজনীৰ ফটোত কিয় এনেকুৱা কমেণ্ট কৰিছে ? সিহঁতৰ ঘৰত বায়েক, ভনীয়েক আদি নাই নেকি ? বাকী মন্তব্যবোৰ পঢ়াৰ সাহস নহ’ল ৷ এইবাৰ এখন ফটো দেখি শান্তনু সন্ত্ৰষ্ট হৈ পৰিল ৷ বাগ্মিতা আৰু ল’ৰা এজনৰ ফটো ৷ কলেজৰ ক্লাচৰুমত তোলা ফটো যেন লাগিছে ৷ আঢ়ৈ হাজাৰ মান লাইকচ আৰু সেই অনুপাতে মানুহৰ মন্তব্য ৷ এজনে লিখিছে পাভ যোৰা, আন এজনে হৰ-গৌৰী ৷ ল’ৰাজনক ছবিখনত ওখ দেখিছে কাৰণেই নেকি এজনে লিখিছে জয়া-অমিতাভ ৷ কোনোবাই কংগ্ৰেটছ লিখিছে ৷ শান্তনু কলিতাৰ অন্তৰাত্মা কঁপি উঠিল ৷ কি এইবোৰ ? ছোৱালীয়ে পঢ়িবলৈ গৈ কি কৰিছে এইবোৰ ? ল’ৰাজনৰ লগত কিবা সম্পৰ্ক গঢ়ি উঠিছে নেকি তাইৰ ? শান্তনু কলিতা প্ৰেম-পিৰীতিৰ পৰিপন্থী নহয় ৷ কিন্তু সকলো কথাৰে সময় আছে ৷ কিমাননো বয়স হৈছে তাইৰ ? এতিয়াও ঘৰলৈ আহিলে বাগ্মিতাক তেওঁ সেই তাহানিৰ কণমানি ছোৱালীজনীৰ দৰেই গণ্য কৰে ৷ তাই সংসাৰৰ জটিলতাৰ কথা বুজিব পৰা হৈছে জানো ? নাই নাই – এনেকৈ এৰি দিব নোৱাৰি ৷ কাইলৈ কথা পাতিব লাগিব তাইৰ লগত ৷ আৰু এবাৰ ফটোখনৰ ফালে চালে ৷ ল’ৰাজনৰ নাম জিতুমণি হাজৰিকা  ৷ ক’ৰ এই জিতুমণি হাজৰিকা ? কিয় আহিছে শান্তনুৰ মৰমৰ ছোৱালীজনীক আমনি কৰিবলৈ ? তাৰ মাক-দেউতাক নাই নেকি ? নিজৰ ল’ৰাক কিয় নাচায় মানুহবোৰে ? এবাৰ নিজৰ কথা মনত পৰিল শান্তনুৰ ৷ ৰূপাঞ্জলি দেৱীক পলুৱাই নিবলৈ পৰিকল্পনা কৰা সময় তেওঁৰ কিমান বয়স আছিল ? বাগ্মিতাৰ সমানেই বা তাতকৈ অলপহে ডাঙৰ আছিল চাগে ৷ ‘নাই নাই, সেয়া সম্পূৰ্ণ বেলেগ আছিল ৷ তাতে মই আছিলো ল’ৰা মানুহ ’ নিজকে কলে শান্তনুয়ে ৷
ফেচবুকৰ পৰা লগ-আউট কৰি বহুত সময় তেওঁ বহি থাকিল ৷ শান্তনুৰ এনে লাগিল যেন তেওঁৰ ইমান ফুলকুমলীয়া ছোৱালীজনীক   কোনোবাই কাঢ়ি নিব খুজিছে ৷ কাইলৈ ৰাতিপুৱাই ফোন কৰি তাইক ঘৰলৈ মাতি পঠিয়াব লাগিব ৷ দৰকাৰ হ’লে কঠোৰ হব লাগিল ৷ এতিয়া পঢ়াশুনা ভালকৈ কৰি জীৱন গঢ়াৰ সময় ৷ এইবোৰৰ কবলত পৰিলে জীৱন ধ্বংস হৈ যাব ৷ সেয়া কোনোপধ্যেই তেওঁ হবলৈ নিদিয়ে ৷ বুবুৰ লগতো কথা পাতিব লাগিব ৷ কি কৰি থাকে সি ফেচবুকত ? শেৱালিয়ে নিশ্চয় গম পায় কথাবিলাক ৷ কিয় এতিয়ালৈকে কোৱা নাই ? গোটেই কেইজনৰ ওপৰত খং উঠিল শান্তনুৰ ৷
পাছদিনা দেওবাৰ ৷ দেৰীকৈ শোৱা কাৰণে শান্তনুৰ উঠোতে অলপ দেৰী হ’ল ৷ চাহৰ কাপটো হাতত লৈ তেওঁ বুবুৰ ৰুমলৈ গল ৷ সি পদাৰ্থ বিজ্ঞানৰ কিতাপ এখন পঢ়ি আছে ৷ হঠাতে যেন কলিতাৰ মনটো সলনি হ’ল ৷ এই সময়ত তাক সেইটো কথা কৈ আমনি কৰিবলৈ মন নগল ৷ সি পঢ়াশুনা ভালকৈয়ে কৰি আছে ৷ শান্তনু কলিতাৰ বিশ্বাস আছে তাৰ ওপৰত ৷
– তই ইণ্টিগ্ৰেল কেলকুলাছৰ কিবা এটা টপিক ভালকৈ বুজি নোপোৱা বুলি কৈছিলি ? টিউচন চাৰক সুধিলিনে ?
– সুধিলো সিদিনা ৷ এতিয়া বুজি পাইছো যেন লাগিছে ৷ কিতাপৰ প্ৰশ্নবোৰ সমাধান কৰিব পাৰিছো ৷
বুবুৰ মূৰটো পিছফালৰ পৰা এবাৰ পিহি দি শান্তনু কলিতা ওলাই আহিল ৷ বাগ্মিতাৰ লগত কিন্তু কথা পাতিবই লাগিব ৷ বন্ধৰ দিনা সাধাৰণতে ৰাতিপুৱাই তাই এবাৰ ফোন কৰে ৷ এতিয়া বাগ্মিতাক ফোন কৰো বুলি ভাবি থাকোতেই সিফালৰ পৰা তাইৰ ফোন আহিল ৷ সচৰাচৰ পতাৰ দৰে তাইৰ লগত বহুত কথা পাতিলে ৷ তাই আনকি দেউতাকক ফেচবুকৰ অভিজ্ঞতাৰ কথাও সুধিলে ৷ কিন্তু তেওঁ সুধিম বুলি থকা কথাটোহে সুধিব নোৱাৰিলে ৷ শেৱালিৰ আগতো নুলিয়ালে কথাটো ৷ ৰাতিও এবাৰ ফোন কৰিছিল বাগ্মিতাই ৷ কলিতাৰ কথাটো সোধা নহ’ল ৷
সোমবাৰে অফিচ গৈ পোৱাৰ পাছতেই কলিতাই আব্দুলক মাতি পঠিয়ালে ৷ আব্দুল ততাতৈয়াকৈ আহিল ৷ শান্তনু কলিতাই ইতিমধ্যে ফেচবুক খুলি লৈছে – ‘আব্দুল, মোৰ ফেচবুকৰ একাউণ্টটো ডিলিট কৰিম ৷ কেনেকৈ কৰে দেখুৱাই দিয়াচোন ৷’
**মহাবাহু**
Show More

Related Articles

Back to top button
error: Content is copy right protected !!