ফেচবুকৰ হাউচৱাইফ – জিণ্টুমণি বৰ্মন

) বেজৰ নাকত খৰ

কাউৰীজাকৰ কর্কশতাই স্বাগতম জনোৱা মহানগৰীৰ ৰাতিপুৱাটোক কৰ্মব্যস্ততাৰ জঁটে ঠেলি আহিছে ক্ৰমান্বয়ে। স্কুল-কলেজ, অফিচ-কাছাৰী, ব্যৱসায়লৈ ঢপলিওৱাৰ জোৰ পৰা সময়খিনি।

‍‘‍‘এই স্কুলবাছত ল’ৰা উঠাব অহা মাকেকইজনীয়েও ভাল সময় পায় আৰু দেই, এই পুৱাতেই সাজি-কাচি মেক-আপ কৰি আহিবলৈ…আমাৰ আকৌ ল’ৰা-ছোৱালী, মানুহটোক উলিয়াই পঠাওতেই সময়ৰ টনাটনি। এই সকলৰে ভাল আৰু, বৰ বেছি কাম-বন নাইকিয়া…।’’ – স্নেহলতা বৰাৰ দিনটোৰ প্ৰথমটো ফেচবুক প’ষ্টত অলপ সময় ব্যয় কৰিছো মই। সাঁথৰেই হৈ ৰ’ল আনৰ কথা গাবলৈ ব্যস্ততাৰ গত্যন্তৰ নোহোৱা সময় বুলি নিজেই অভিহিত কৰা সময়ত তেখেতৰ সময় ওলাল কেনেকৈ।

‍‘‍‘ঐ নবীন ঘৈণীয়েক ৰ’চোন ৰ’, তই হেনো মই কথা লগাই ফুৰা মানুহ বুলি ইঘৰে-সিঘৰে কৈ ফুৰিছ, হয়নে’’ – বকুলতল গাঁৱৰ কোনেনো নাজানিছিল কাৰোবাৰ মিছা বদনাম কাৰোবাক লগাই ইঘৰে-সিঘৰে চাহ-তামোল খাই ফুৰাৰ নাম থকা ৰমলাই বাট আগচি মনোমতীৰ সৈতে চুলিয়াচুলি কৰাৰ ঘটনাটো। পিছদিনা নামঘৰত বিচাৰত সকলোৱে কৈ হাঁহিছিল–বেজৰ নাকতেই দেখোন খৰ। নামঘৰৰ ফিল্ডত ৰবাব টেঙাৰ বল খেলি থাকোতে আমিও শুনিছিলো মিছেছ বৰাৰ ফেচবুক ষ্টেটাছৰ যহত আকৌ শৈশৱ ৰোমন্থন।

২) উইথ মাই হাব্বী

‍‘‍‘হেৰা, এই দিন দুপৰতে তোমাৰ ইমান টোপনি যে…চাওঁ উঠাচোন সাউতকে’’ – এওঁ হেচুকি উঠাই দিয়াতহে টোপনিৰ সপোনটোৰপৰা ওলালো। ফ্ৰেচ হৈ আহি টি ছাৰ্টটো গাত সুমুওৱা হৈছে কি হোৱা নাই এওঁ মোৰ মূৰত লগাকৈ ৰাখি ক্লিক কৰিছে এখন চেলফি। দেখিছো চেলফিখন এওঁ লগালগ ফেচবুকত আপলোড কৰিছে—উইথ মাই হাব্বী…। বোলো কথা কি? বুজালে মোক—এওঁৰ ইনবক্সত হেনো ‍‘আৰ ইউ মেৰিড?’ ‍‘তোমাক ভাল লাগিছে’ এই জাতীয় বাৰ্তাবোৰে হেনো বেছিকৈ ডোলা দিয়া কৰিছে। হেৰৌ, অধিক মাছত বগলীয়েই কণা। এই যে সেন্দুৰকণ প্ৰায় নেদেখাকৈ লয়, পাৰ্লাৰ গমন বয়সৰ সমানুপাতি হ’ল, শ্লিম হৈ থকাৰ প্ৰতিজ্ঞাটোৱো হোমাৰ জুইক সাক্ষী কৰি বিয়াৰ দিনাই কৰিলে, ইত্যাদিবোৰৰেই প্ৰতিফল এইদৰেই…।

৩) উৰুকাৰ মন এওঁৰ উকা উকা

মই লক্ষ্য কৰিছো উৰুকা বুলি থাকিবলগীয়া উচাহৰ এভাগমান এওঁৰ পৰা যেন ফালৰি কাটি আছে। লগৰ বহুতেই হেনো আজি পিঠা পুৰি থকাৰ ফটো আপলোড দি দি লিখিছে—‍‘‍‘মহানগৰীৰ ব্যস্ততা থাকিলেও পৰিয়ালক বিহুটিত পিঠা কিনি নুখুৱাওঁ।’’ এওঁ আকোৰগোজ একেবাৰে—সঁচাই হওক বা মিছাই হওক, সিহঁতেতো ফটো আপলোড দিছে ন’ মোক দেখুৱাই দেখুৱাই। অ’তদিনে এওঁ নিয়মিত বনোৱা মাংসৰ ফটো দি দি লগৰ কোইটাৰ লগত ফেৰটো কেনেবাকৈ মাৰি আছিল। কোনোবাই হেনো আকৌ জ্বলা জুইত ঘিঁউ ঢালি চাদৰ ওপৰতে চুঙা পিঠা পোৰাৰ প’ষ্ট দিছে। আজি উৰুকাৰ দিনা বাৰু এওঁৰ লগত এনেকৈ ফাইনেল খেলিব লাগেনে।

 

Related Articles

Close