ফেঁহুজালি

মিতালী শৰ্মা

পছমী কাপোৰৰ যেন কোমল
শীতৰএটা ধলপুৱা,
কুঁৱলীৰ জাল ফালি সুৰুযৰ
সোনালী হাঁহিৰে মোৰ
আগচোতাল খন উপচি পৰিল ।
তৰুলতা বাইদেউৰ পাটমাদৈ জনী আজি
মোৰ কৰবী জোপাত…
তাইৰ সখী অ ‘ সখী অ’ মৌ মিঠা মাতত
মই চোতাল পালোহি,
নিয়ৰৰকনা বোৰে তেতিয়াও
দুৱৰিদৰাক সাবতি আছিল…
ৰাগ ভৈৰৱৰ বিলম্বিত লয়ৰ তালে তালে
বাগিছাৰ মাধৈ-মালতী আৰু কঠনা জোপাই
মিচিকিয়াই হাঁহিলে,
আজি যেন ঘৰচিৰিকা, কপৌ আৰু শালিকী
কেইজনী নতুন নৃত্য ভংগিমাত মছগুল
তাহাতলৈ সিচি থোৱা দানা বোৰ
সিচৰিত আৰু অবহেলিত ।
কি যে মাদকতাৰে ভৰা এটা পুৱা!
সৃষ্টিৰ এই ৰহস্য আৰু পুৱতিৰ
এই মধুক্ষনে সদায়েটো আমাক দিয়ে
সুন্দৰ সজীব আৰু এটা নতুন দিনৰ উপহাৰ !!
মিতালী শৰ্মা/উলুবাৰী/গুৱাহাটী
Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close