ফুটবলৰ প্ৰেমত কাটাৰ

ডাঃ ভূপেন শইকীয়া,--- ডোহা, কাটাৰ

ফিফা-২০২২: কাটাৰৰ ডায়েৰী

ৰমজান মাহৰ ৰোজাৰ অন্ত পৰিল৷ ঈদো পালন কৰি শেষ হ’ল৷ এতিয়া আৰম্ভ হ’ল মাহযোৰা বিশ্বযুদ্ধ৷ হয়, ফুটবলৰ মহাৰণৰ কথাকে কব খুজিছোঁ৷ কাটাৰো ফুটবল জ্বৰত বাৰুকৈয়ে আক্ৰান্ত হৈছে ৷ নহবনো কিয় ? পৰৱৰ্তী ২০২২চনৰ ফিফা (Fédération Internationale de Football Association)ৰ দ্বাৰা আয়োজিত ফুটবলৰ বিশ্বযুদ্ধৰ থলী হিচাবে নিৰ্বাচিত হৈছে কাটাৰ৷ উদ্যম, উত্তেজনা আৰু উৎসাহ কাটাৰী জনতা আৰু চৰকাৰ উভয় পক্ষতে পৰিলক্ষিত হৈছে৷ ২০২২চনৰ ফুটবলৰ বিশ্বকাপৰ দাবীদাৰ আছিল অষ্ট্ৰেলিয়া, জাপান, সংযুক্ত আমেৰিকা যুক্তৰাষ্ট্ৰ,দক্ষিণ কোৰিয়া আৰু কাটাৰ৷ কিন্তু পাঁচোখন দেশৰ ভিতৰত বাচনিত উঠিল কাটাৰ৷ এইলৈ বেচ বাদানুবাদৰ সৃষ্টি হ’ল৷ ধনবল প্ৰয়োগ কৰি কাটাৰ বাচনিত উঠা বুলি অভিযোগ উঠিল৷ ক্ৰমে সেই বিতৰ্কৰ শাম কাটিল৷ কাটাৰে বিশ্বকাপৰ বাবে প্ৰয়োজনীয় অন্তৰ্গাঁথনি উন্নয়নত একান্তভাবে মনোনিবেশ কৰি অগ্ৰসৰ হ’ল৷
          এনেতে আকৌ এটা সংকটে কাটাৰক আৱৰি ধৰিলে৷ আজিৰ পৰা এবছৰ আগতে কেইখনমান চুবুৰীয়া দেশে কাটাৰৰ ওপৰত নিষেধাজ্ঞা জাৰী কৰিলে৷ কাটাৰৰ ওপৰত উগ্ৰপন্থী সংগঠনক গোপনে সহায় দিয়াৰ অভিযোগ উঠিল৷ ৰাজনৈতিক,কুটনৈতিক, ব্যৱসায়িক সম্বন্ধ আৰু যোগাযোগ ব্যৱস্থা কাটাৰৰ সৈতে বিচ্ছিন্ন কৰা হ’ল৷ বহিল ইলানিৰ পিছত সিলানি আলোচনা কিন্তু সমাধান হলে একো নোলাল৷  আকৌ চৌডি আৰবৰ চৰকাৰী মুখপাত্ৰই ঘোষণা কৰিলে ফুটবল বিশ্বকাপৰ আয়োজনৰ অধিকাৰ কাটাৰৰ পৰা কাঢ়ি নি আমেৰিকা বা ব্ৰিটেনক দিয়া হব৷ একে সময়তে সংযুক্ত আৰব আমীৰাটে ঘোষণা কৰিলে কাটাৰে বিশ্বকাপ পতাৰ দাবী পৰিত্যাগ কৰিলে নিষেধাজ্ঞা উঠাই লোৱা হব৷ কিন্তু এনে উৰা বাতৰি, ভাবুকি একোৱে কাটাৰক বিচলিত কৰিব নোৱাৰিলে৷ এতিয়া নিষেধাজ্ঞা অন্যান্য দেশসমূহৰ বাবেহে বুমৰাং সদৃশ্য হ’ল৷ কাটাৰলৈ নিজ দেশৰ বিভিন্ন সামগ্ৰী ৰপ্তানি কৰিব নোৱাৰি সেই দেশসমূহ বৃহৎ ব্যৱসায়িক ক্ষতিৰ সন্মুখীন হৈছে৷ আনহাতে কাটাৰে সকলো দিশত স্বাৱলম্বী হোৱাৰ দিশত অগ্ৰসৰ হৈছে৷ বিশ্বকাপৰ বাবে প্ৰয়োজন হোৱা ১২খন ষ্টেডিয়ামৰ নিৰ্মাণৰ কাম অতি ক্ষিপ্ৰ গতিত চলি আছে৷ ইতিমধ্যে কেইখনমানৰ কাম সম্পূৰ্ণ হৈ উঠিছে আৰু বাকী কেইখনৰ কাম ২০২০চনত শেষ কৰাৰ লক্ষ্য লোৱা হৈছে৷ একে সময়তে ধমুহাৰ গতিৰে দিন-ৰাতি একাকাৰ কৰি  বতৰৰ প্ৰচণ্ড গ্ৰীষ্মকো নেওচি অনেক লাগতিয়াল নিৰ্মাণ কাৰ্য্য চলি আছে৷ তাৰ ভিতৰত উল্লেখযোগ্য কেইটিমান হ’ল-মেট্ৰ ৰেল, বহুকেইটা এক্সপ্ৰেচ হাইৱে, বহুকেইটা বৃহৎ মল, উচ্চমান বিশিষ্ট হোটেল আদি৷
       পাঠকে জানি হয়তো আমোদ পাব কাটাৰ দেশৰ আয়তন আমাৰ অসম প্ৰদেশৰ ৬ভাগৰ এভাগ মাথো৷ ২০১৭চনৰ পৰিসংখ্যা মতে দেশখনৰ মুঠ জনসংখ্যা ২৬লাখ৷ তাৰে ২৫শতাংশ ভাৰতীয়, ১৩.৫শতাংশ নেপালী, বাংলাদেশী ১১শতাংশ, ফিলিপিনো ১০শতাংশ, ইজিপ্তৰ ৮.৬ শতাংশ, শ্ৰীলংকাৰ ৫.৬শতাংশ,পাকিস্তানৰ ৪.৮ শতাংশ, চিৰিয়া আৰু চুডানৰ ২শতাংশকৈ ৷ কাটাৰীলোকৰ জনসংখ্যা হ’ল ১২.১শতাংশ ৷ বাকী বিশ্বৰ প্ৰায় সকলো দেশৰে লোক কাটাৰৰ নিবাসী হৈ আছে৷ এতিয়া কাটাৰ দেশৰ বিভিন্ন ঠাইত নিৰ্মিয়মাণ ষ্টেডিয়াম কেইখনৰ নাম আৰু ঠাইৰ3 নামৰ সৈতে পৰিচিত হওঁক: (১)খলিফা ইন্টাৰনেশ্বনেল ষ্টেডিয়াম- অল ৰায়ান (২) অল ৰায়ান ষ্টেডিয়াম- অল ৰায়ান (৩) অল খোৰ ষ্টেডিয়াম- অল খোৰ (৪) অল ঘৰাফা ষ্টেডিয়াম- অল ৰায়ান (৫)অল শ্বামাল ষ্টেডিয়াম- অল শ্বামাল (৬) অল ৱাক্ৰা ষ্টেডিয়াম- অল ৱাক্ৰা (৭) ডোহা প’ৰ্ট ষ্টেডিয়াম- ডোহা (৮) এডুকেশ্বন চিটি ষ্টেডিয়াম-ডোহা (৯) ইউনিভাৰ্চিটি ষ্টেডিয়াম-ডোহা (১০) স্পৰ্টৰ্চ চিটি ষ্টেডিয়াম-ডোহা (১১) লুচেইল ষ্টেডিয়াম- লুচেইল (১২)উম চালাল ষ্টেডিয়াম-উম চালাল৷ প্ৰায় প্ৰতিখন ষ্টেডিয়াম ৪৫হেজাৰ দৰ্শকৰ বাবে নিৰ্মাণ কৰা হৈছে৷ সকলো কেইখনষ্টেডিয়াম বাতানুকুলিত হব৷ ইয়াৰে ৩৷৪খন ষ্টেডিয়াম বিশ্বকাপ হৈ যোৱাৰ পিছত বিশ্বৰ আন ফুটবলপ্ৰেমী দুখীয়া দেশক দান কৰা হব বুলি ইতিপূৰ্বে ঘোষণা কৰা হৈছে৷ জনামতে কেইখনমান ষ্টেডিয়ামত ভাৰতৰ গোদাৱৰী নৈৰ সাৰুৱা মাটি আনি ভৰোৱা হৈছে৷ ষ্টেডিয়ামৰ ফুলনি আৰু গছ-গছনিৰ বাবে অনুকুল পৰিবেশ সৃষ্টি  কৰাৰ বাবেই এই পদক্ষেপ লোৱা হৈছে৷ ষ্টেডিয়াম কেইখনৰ নিৰ্মাণৰ বাবে ৩বিলিয়ন ডলাৰ ধাৰ্য্য কৰা হৈছে৷ ১২খনৰ ভিতৰত ৯খনেই সম্পূৰ্ণ নতুন৷ মাথো ৩খনৰহে গুৰুত্বপূৰ্ণ সালসলনি কৰি নতুনকৈ ৰূপান্তৰিত কৰা হৈছে৷ কাটাৰ দেশৰ উষ্ণ বতৰৰ প্ৰতি লক্ষ্য ৰাখি জুন-জুলাইৰ সলনি নভেম্বৰ-ডিচেম্বৰত বিশ্বকাপৰ খেলসমূহ আয়োজন কৰাৰ কথা ভবা হৈছে৷ উল্লেখযোগ্য কাটাৰত বিশ্বকাপ অনুষ্ঠিত হলে সেয়া এনে আয়োজন কৰা প্ৰথম মুছলিম দেশ আৰু প্ৰথম আৰবী দেশ বুলি পৰিগণিত হব৷
         মস্কোত ফুটবলৰ বিশ্বকাপ আৰম্ভ হোৱাৰ লগে লগে কাটাৰৰ চৰকাৰী প্ৰবক্তা নাচেৰ অল খাটেৰে কেইটিমান ঘোষণা কৰিছে৷ তেওঁ জনাইছে কাটাৰে মস্কোৰ অভিজ্ঞতাৰ পৰা শিক্ষালৈ আৰু উন্নত সেৱা আগবঢ়াবলৈ যত্নপৰ হব৷ প্ৰায় ১৫হেজাৰ প্ৰশিক্ষণপ্ৰাপ্ত স্বেছাসেৱকক বিশ্বকাপৰ বাবে সাজু কৰি তোলা হব৷ নাচেৰ অল খাটেৰ হ’ল টুৰ্ণামেন্ট পৰিচালনা কমিটিৰ সহকাৰী  চেক্ৰেটেৰী জেনেৰেল৷  চৰকাৰীভাবে ডোহাৰ হামাড ইন্টানেশ্বনেল এয়াৰ প’ৰ্টত, এচপায়াৰ জ’নৰ ষ্টেডিয়াম আৰু বিভিন্ন চৰকাৰী কাৰ্য্যালয়ত বিশাল আকাৰৰ এলইডি টিভি লগাই খেলৰ চলন্ত বিৱৰণী প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে৷ এই দিশত পিছ পৰি ৰোৱা নাই মল,হোটেল,মাৰ্কেট আদি প্ৰতিষ্ঠানো৷
       এতিয়া পাঠকসকলক কাটাৰত ফুটবলৰ উত্তৰণ কেনেকৈ ঘটিল সেই বিষয়ে অৱগত কৰাবৰ প্ৰয়াস কৰিম৷ কাটাৰ ব্ৰিটিছৰ কবলৰ পৰা মুক্ত হয় ১৯৭১চনত৷ সেই সময়ত ভাৰতীয় ব্যৱসায়ীসকলৰ প্ৰভাৱত দেশখনত ভাৰতীয় টকাৰ প্ৰচলন আছিল৷ ১৯৪০চনত বৰ্তমানৰ ৰাজধানী চহৰ ডোহাৰ পৰা পশ্চিমে ৮০কিলোমিটাৰ নিলগৰ ডোহ্কান নামৰ ঠাইত খাৰুৱা তেলৰ পুং উদ্ভাৱন হয়৷ তেলৰ নিষ্কাষণত জড়িত প্ৰবাসী কৰ্মচাৰীসকলে আজৰি সময়ত ফুটবল খেলিছিল৷ স্থানীয় কাটাৰীলোকসকল তেতিয়াৰ পৰাই ফুটবলৰ প্ৰতি আকৃষ্ট হয়৷ ১৯৫০চনত ‘অল-নাজাহ’ নামৰে এটি ফুটবল ক্লাবৰ কাটাৰত আত্মপ্ৰকাশ ঘটে৷ ১৯৫১চনত কাটাৰ অইল কোম্পানীৰ সৌজন্যত কাটাৰত এখন ফুটবল টুৰ্ণামেন্ট আৰম্ভ হয়৷ ১৯৬০চনত কাটাৰ ফুটবল এচচিয়েচনৰ জন্ম হয় আৰু ই এতিয়াও চলি আছে৷ ১৯৭০চনত কাটাৰে প্ৰথম বিদেশী দলৰ সৈতে ফুটবল খেলি ২-১গ’লত পৰাজয় বৰণ কৰে৷ ১৯৭০ চনৰ ২৭মাৰ্চত বাহৰেইন দেশৰ লগত ফুটবল খেলিছিল৷ সেইটোৱেই আছিল প্ৰথম বিদেশী দলৰ সৈতে খেলা ফুটবলৰ যুঁজ৷ ১৯৭৩চনত কুৱেইট দেশৰ লগত কাটাৰে পৰাজয় বৰণ কৰিছিল ৯-০গ’লত৷ ১৯৮০চনত  কাটাৰে ‘এচিয়া কাপ’ ফুটবল প্ৰতিযোগিতাত পোন প্ৰথমবাৰৰ বাবে যোগদান কৰে৷ ২০১১ চনৰ কাটাৰেএচিয়া কাপত নিজৰ সৰ্বোত্তম প্ৰদৰ্শন দেখুৱাবলৈ সমৰ্থ হয়৷ আনহাতে কাটাৰে ২০১৫চনত ভূটানক ১৫-০গ’লত পৰাভূত কৰিছিল৷
        দেশ স্বাধীন হোৱাৰ পিছৰ পৰা চৰকাৰৰ পৃষ্ঠপোষকতাত দেশখন ফুটবল খেলৰ দিশত প্ৰভূত উন্নয়ণ ক্ষিপ্ৰতাৰে ঘটিব ধৰে৷ বৰ্তমান চৰকাৰে পাতিছে ফুটবল একাডেমি৷ প্ৰতিবছৰে কাটাৰে কেইবাখনো আন্ত:ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে৷ তাৰে উল্লেখযোগ্য কেইটামানৰ নাম হ’ল-পেন আৰব গেমছ, আমীৰ কাপ,ৱাফ চেম্পিয়নশ্বিপ, আৰবীয়ান গ্লাল্ফ কাপ,এচিয়া কাপ৷ এতিয়া কাটাৰৰ লক্ষ্য বা সপোন হ’ল নিজে ফুটবল বিশ্বকাপৰ অংশীদাৰ হোৱা৷ হয়তো নিকট ভৱিষ্যতত কাটাৰৰ সেই ইচ্ছাও ফলৱতী হব৷
         আজি ১৬জুলাই ২০১৮- ফিফা ২০২২ কাটাৰত অনুষ্ঠিত হব৷ ইতিমধ্যে ইয়াৰ প্ৰমো-ভিডিঅ’ বৱাটচএপত বহুল প্ৰচৰিত হৈছে৷ টিভি চেনেলসমূহেও প্ৰচাৰ কৰিছে সেই আকৰ্ষনীয় ভিডিঅ’৷ মুঠতে এক কথাত কবলৈ হলে কাউন্টডাউন আৰম্ভহৈ গ’ল কাটাৰৰ ফুটবলৰ মহাসমৰৰ বাবে৷ যোৱা ১৫জুলাই দেওবাৰৰ শেহতীয়া বাতৰি কাটাৰৰ সংবাদ পত্ৰসমূহত গুৰুত্ব সহকাৰে প্ৰকাশ কৰা হৈছে য’ত মস্কোত ৰুচ ৰাষ্ট্ৰপতি পুটিনে কাটাৰৰ ৰাষ্ট্ৰপ্ৰধান আমীৰ শ্বেখ তামিম বিন হামাড-অল-থানিক  ফিফাৰ মুৰব্বী  জিয়ান্নি ইনফানটি্নোৰ (Gianni Infantino) উপস্থিতিত ২০২২চনৰ বিশ্বকাপ ফুটবলৰ দায়িত্ব অফিচিয়েলি অৰ্পন কৰা দেখা গৈছে৷
(পুন: – অনেক পাঠকৰ অনুৰোধ ৰক্ষা কৰি সোনকালেই অসমৰ পৰা কাটাৰলৈ  অহা-যোৱা,থকা-খোৱা,স্থানীয় যাতায়াত আদি খৰছৰ এক আভাস দাঙি ধৰিম বুলি ভাবিছোঁ৷ আশাকৰো পাঠক ইয়াৰ দ্বাৰা উপকৃত হব৷ তদুপৰি গুৱাহাটীৰ জ্যোতি প্ৰকাশন উপলব্ধ মোৰ কিতাপ ‘কাটাৰৰ ডায়েৰী’ পঢ়ি দেশখনৰ পৰিবেশৰ সৈতে আগ্ৰহী লোকসকলে ভালদৰে পৰিচিত হব পাৰে৷  ধন্যবাদ )

Related Articles

Close