পৰিৱৰ্তিত শিক্ষাব্যৱস্থা মূল্যবোধৰ অৱক্ষয় ইত্যাদি

আকাশদীপ্ত ঠাকুৰ

পৰিৱৰ্তনশীল সময়ৰ ভাঁজে ভাঁজে সকলো সলনি হয়। শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি, শৈক্ষিক বাতাৱৰণ, যুগসাপেক্ষ পাঠ্যক্ৰম আৰু ছাত্ৰ-ছাত্ৰীৰ মানসিকতা— এই সকলোবোৰেই পৰিস্থিতিসাপেক্ষে, সময়ে সময়ে সলনি হৈ অহাটো কেতিয়াবা হয়তো অনুভৱ হয়, কেতিয়াবা আকৌ অনুভৱ আঁৰতেই হয়তোবা পৰিৱৰ্তিত পৰিস্থিতিসমূহে সন্মুখীন কৰোৱা কিছু বিশেষ ব্যক্তিগত অভিজ্ঞতাই অন্তৰত সৃষ্টি কৰিব খোজে তুলনাত্মক ভাবধাৰাৰ ৰেঙণি। ঠিক গতানুগতিকতাৰ আওতালৈকে আনিব পৰা তেনে কিছু ব্যক্তিগত বিশেষ অভিজ্ঞতা— যিসমূহে সততে মনেৰে উলাই কৰি চলিলেও মগজুত কিন্তু নিজৰ অজানিতেই সঞ্চিত হৈ ৰোৱাৰ ফলশ্ৰুতিতেই হয়তোবা মনৰ মাজতে কেতিয়াবা একোটা প্ৰশ্নৰ অৱতাৰণা ঘটে— সময়ৰ সৈতে তাল মিলাই পৰিৱৰ্তিত হৈ অহা আমাৰ শিক্ষা ব্যৱস্থাই প্ৰকৃতাৰ্থত সমাজলৈ বছৰি আগবঢ়াই অহা এই মানৱ সম্পদসমূহ সঠিক ভাবধাৰাৰে পৰিচালিত হোৱাত সহায়ক হৈছেনে?

ব্যক্তিগত জীৱনৰ অপ্ৰত্যাশিতভাৱে লাভ কৰা এনে কিছু প্ৰত্যক্ষ অভিজ্ঞতাই হয়তো আমাৰ মনত উদ্ৰেক হোৱা এনে প্ৰশ্নৰ প্ৰকৃত উৎসৰ বিষয়ে এয়া সম্যক ধাৰণা দিয়াত সহায়ক হ’ব।

আমাৰ এগৰাকী ঘনিষ্ঠ আত্মীয়, মানে মোৰ পৰিবাৰৰ সম্পৰ্কীয় বাইদেৱে আমাৰ ঘৰৰ ওচৰৰে এখন মহাবিদ্যালয়ত অধ্যাপনা কৰে। তেওঁৰ স্বামীও এটা প্ৰতিষ্ঠিত গৱেষণাগাৰৰ বিজ্ঞানী। তিনি বছৰৰ ব্যৱধানত ডাঙৰ হৈ অহা তেওঁলোকৰ দুটি পুত্ৰ। বৰপুত্ৰই মেট্ৰিক পৰীক্ষাত বহাৰ আগে আগে এদিন দুপৰীয়া সেই বাইদেউগৰাকী প্ৰায়ে অহাৰ নিচিনাকৈয়ে আমাৰ ঘৰলৈ আহিছিল। পুতেকৰ পৰীক্ষাৰ প্ৰস্তুতি সম্পৰ্কে কথা-বতৰা হোৱাৰ মাজতে বাইদেৱে হঠাৎ খুব কান্দিলে। আমি একো বুজিব নোৱাৰিলো। কিছু স্বাভাৱিক হোৱাৰ পাছত কথা প্ৰসংগত গম পোৱা গ’ল যে তেখেতৰ বৰপুত্ৰ পঢ়া-শুনাত খুবেই ভাল যদিও লাহে লাহে তাৰ মনটো যেন কোনোবা বান্ধৱীৰ প্ৰতি আকৰ্ষিত হৈছে। দৈনিক দেখি অহা আচাৰ-ব্যৱহাৰৰ ওপৰত চকু ৰাখি তেখেতৰ সন্দেহ সঁচা হোৱা যেন অনুমান পাই মনৰ দুখতে সেয়ে চকুলো টুকিলে। আটাইতকৈ সমস্যাৰ কথাটো হ’ল যে মাক-দেউতাকৰ সৈতে তাৰ ব্যৱহাৰ-পাতি, কথা-বতৰাত ব্যৱধান আগৰেপৰা আছিলেই, এতিয়া মাকে সন্দেহ কৰিছে বুলি গম পোৱাৰেপৰা সি আৰু বেছি গোঁৱাৰ, অবুজন হৈ পৰিল। বাইদেউগৰাকীয়ে কথাবোৰ কোৱাৰ পাছতো আকৌ কান্দি কান্দি ভাগ্যকে ধিয়াবলৈ ল’লে— ‘‘কিয় যে ল’ৰাটো এনে অবুজন, অসঁজাতী হ’ল বুজি নাপাওঁ…।”

আমাৰ ঘৰতো সেইদিনা সকলোৰে মনবোৰ কিছু বেয়া লাগিল। পাছত এদিন, পৰীক্ষাৰ আগে আগে মই সপৰিয়ালে তেওঁলোকৰ ঘৰলৈ গ’লো। মোৰ পৰিবাৰে বৰ বুদ্ধি কৰি ল’ৰাটোৰপৰা প্ৰকৃত কথাবোৰ জানিবলৈ চেষ্টা কৰিলে। মাক-দেউতাকৰ সৈতে প্ৰত্যক্ষভাৱে আলোচনা কৰিব নোখোজা তাৰ মনৰ সেই ভাববোৰ পাছত, আমাৰ ঘৰতে আমি বাইদেউগৰাকীক ক’লো। বয়ঃসন্ধিৰ পৰ্যায়ত থকা সেই কিশোৰজনৰ কথাবোৰ আছিল এনেকুৱা— ‘মাহঁতে প্ৰতিটো কথাতে আমাক সদায় সন্দেহৰ চকুৰে চাবলৈ লোৱাটো যেন এটা নিয়মেই হৈ পৰিছে। তেওঁলোক সৰুতে যেনেকৈ ডাঙৰ হৈছিল, আমি সেইদৰে ডাঙৰ হোৱা নাই নহয়। মন গ’লেই তেওঁলোকে লগ বিচাৰি পাইছিল, খেলা-ধূলা কৰিছিল। আৰু এতিয়া, তেওঁলোক দুয়ো সময়মতে চাকৰিলৈ ওলাই গুচি যায়। আমাৰ মনবোৰেনো কি বিচাৰিছে, সেই বিষয়ে কেতিয়াবা চিন্তা কৰে জানো? সৰুৰেপৰা দেখি আহিছো, সময়মতে স্কুললৈ যোৱা, বিষয়বোৰ টান পালে টিউশ্যন ক্লাছ, খেলিবলৈ মন গ’লে ষ্টেডিয়ামলৈ লৈ যোৱা… সেইবোৰেই। কেৱল দায়িত্ব পালন কৰিলেই সকলো হৈ গ’ল বুলি ভাবে। আগৰ দিন এতিয়া আৰু নাই। এতিয়া বিচাৰিলেই ম’বাইলটোতে গোটেই পৃথিৱীখন পোৱা যায়। ভাল-বেয়া সকলো আমি নিজে বিচাৰ কৰিবলৈ শিকিছো। মায়ে ভাবি থকাৰ নিচিনাকৈ সেইবোৰ প্ৰেম-পিৰিতিৰ দৰে অদৰকাৰী চিন্তাত মই মূৰ ঘমাবলৈ নাযাওঁ। কেৱল ময়ে নহয়, আমাৰ লগৰ কোনেও সেইবোৰ কথা ছিৰিয়াছলি নলয়। তেওঁ যি ভাবিছে ভাবি থাকক, মই নিজে নিজৰ ভাল-বেয়া বুজি পাওঁ নহয়।’’

সঁচাকৈ আমি আচৰিত হৈছিলো যে ঘৰত পৰীক্ষা কেনেকুৱা হৈছে ক’ব নিবিচৰা ল’ৰাটোৱে মাক-দেউতাকে আশা কৰাতকৈয়ো বহু বেছি ভাল ফলাফল দেখুৱাইছিল। এতিয়াও মই কলেজত কেতিয়াবা তাক লগ পাওঁ। সেই একেই তাৰ ব্যৱহাৰ। কেৱল সিয়ে নহয়, লগৰ বেছিভাগৰে সদায়, নিজেই সকলো জানো বুলি ভাবি থকাৰ এটা মনোবৃত্তি যেন চকুৱে-মুখে প্ৰতিফলিত হয়।

অন্য এদিন, ঠিক দুপৰীয়া কলেজৰ ক্লাছৰ বিৰতিৰ সময়ত আমাৰ কলেজৰ সৈতে ওতপ্ৰোতভাৱে এসময়ত জড়িত হৈ থকা মানুহকেইঘৰমানলৈ যাবলগীয়া হৈছিল, আমাৰ কলেজতে অনুষ্ঠিত হ’বলগীয়া বিশেষ অনুষ্ঠান এটাৰ নিমন্ত্ৰণী পত্ৰকেইখনমান দিবলৈ। প্ৰথমেই যিটো ঘৰলৈ গৈছিলো, পুৰণি কিছু ঐতিহ্যৰ স্বাক্ষৰ বহন কৰা তেখেতসকলৰ ঘৰটোৰ বৃহৎ চৌহদটোৰ সন্মুখৰ গে’টখনৰ বাহিৰতে মটৰ চাইকেলখন ৰাখি দূৰৈৰপৰা ঘৰটোলৈ চাওঁতে চকু পৰিছিল আগফালৰ মুকলি বাৰাণ্ডাটোতে থকা কাঠৰ বেঞ্চ এখনত প্ৰায় ছগৰাকী কলেজীয়া ছাত্ৰী থেপাথেপিকৈ বহি নিজৰ মাজতে হাঁহি হাঁহি কথাত মছগুল হৈ আছে। গে’টৰ বাহিৰৰপৰাই তেওঁলোকৰ ইউনিফৰ্ম দেখিয়ে গম পাইছিলো, আটাইকেইগৰাকী আমাৰ কলেজ ছাত্ৰ। মই সোমাই গ’লো। বিশাল চৌহদটোৰে আগবাঢ়ি বাৰাণ্ডাৰ কাষ পোৱালৈকে গোটেই সময়ছোৱাত মই ধৰিব পাৰিলো, মই সোমাই অহা কথাটোৰ প্ৰতি এগৰাকী ছাত্ৰীৰো মনোযোগ নাই। বাৰাণ্ডাখনৰ কাষ পোৱাৰ পাছত মোৰ সমস্যা হ’ল ঘৰখনৰ গৃহস্থ অথবা অন্য কোনো সদস্য কাৰো উমঘাম নাই। বাহিৰত কলিংবেলৰ ব্যৱস্থাও নাই অথচ ছাত্ৰীকেইগৰাকীক কিবা এটা সুধিবলৈকো তেওঁলোকে মোৰ উপস্থিতিক গুৰুত্বই দিয়া নাই। ইফালে বাৰাণ্ডাখনতো অকণমান বহিব পৰাকৈ তেওঁলোক বহি থকা বেঞ্চখনৰ বাহিৰে অন্য কোনো ব্যৱস্থাও নাই। দুবাৰমান মই তেওঁলোকলৈ চাওঁ— জানোচা গৃহস্থলৈ খবৰ এটা দি মোক অকণমান সহায় কৰে, অথবা এষাৰ মাথোঁ সম্ভাষণ … নাই। উপায় নাপাই মই বাৰাণ্ডাইদি তেওঁলোকৰ কাষেৰে গৈ ভিতৰলৈ সোমোৱা কৰিডৰটোৰে অকণমান আগবাঢ়ি ডাঙৰকৈ মাত এষাৰ লগালো। ভিতৰৰপৰা কোনোবাই সঁহাৰি দিয়া যেন অনুভৱ হোৱা বাবে পুনৰ সেই ছাত্ৰীকেইগৰাকীৰ কাষেৰে বাৰাণ্ডাৰপৰা নামি খটখটিৰ কাষতে অপেক্ষা কৰিলো। পিছে ভালেমান পৰ কোনো ওলাই নহাত মই এইবাৰ তেওঁলোকক উদ্দেশ্য কৰিয়ে সুধিলো—“তোমালোকে বাৰু কি পঢ়ি আছা’’ এগৰাকীয়ে ক’লে— ‘‘বি.এ. ফোৰ্থ ছেমিষ্টাৰ।’’ অকণমান সংকোচেৰে মই সুধিলো— “মোক বাৰু চিনি পাইছা নেকি?” নিৰ্বিকাৰভাৱে আন এগৰাকীয়ে ক’লে— ‘‘ছায়েন্সৰ নেকি, কলেজত দেখিছো?’’

বিশেষ একো সুধিবলৈ মোৰ আৰু কথা নাথাকিল। কিছু সময়ৰ পাছত ভিতৰৰপৰা তেওঁলোকৰে লগৰ একেই ইউনিফৰ্ম পিন্ধা আন এগৰাকী ছাত্ৰী, বোধহয় গৃহস্থৰ কন্যা, হাঁহি হাঁহি ওলাই আহিল। আটাইকেইজনী বহাৰপৰা উঠিল আৰু মোৰ সন্মুখেদিয়ে একেদৰে কথা পাতি ওলাই গুচি গ’ল। ভিতৰৰপৰা ওলাই অহাগৰাকীয়ে মোক দেখাই নাপালে, বাকীকেইগৰাকীয়ে বোধহয় ভাবি ল’লে— বেঞ্চখন খালী হ’ল যেতিয়া মই তাতে বহি অপেক্ষা কৰিম।

বহুত সময় ধৰি মই যেন একো কথাই ভাবিব নোৱৰা হৈ ৰ’লো। আমাৰ কলেজৰ ছাত্ৰী, সন্মুখত এজন অধ্যাপক প্ৰায় পোন্ধৰ মিনিট এষাৰ মাত পাবলৈ বুলি থিয় হৈ থাকিল অথচ সৌজন্যতাসূচক মাত এষাৰ লগাই বহিবলৈ বুলি সুবিধাকণ কৰি দিয়াটো দূৰৈৰ কথা ভালকৈ চিনি পাব বিচৰা আভাস এটাও পোৱা নগ’ল ! তেওঁলোক কলা শাখাৰ ছাত্ৰী আৰু মই বিজ্ঞান শাখাৰ অধ্যাপক, মোক কলেজত তেওঁলোকে দেখিও থাকে।

এনেকুৱা ঘটনা আমাৰ দিনত হৈছিলনে?

দৰাচলতে উল্লিখিত উদাহৰণ দুটালৈ মন কৰিলে আমাৰ দিনৰ ছাত্ৰ- সমাজ আৰু আজিৰ প্ৰজন্মৰ মানসিকতাৰ মাজত কিছুমান পৰিৱৰ্তিত পৰিস্থিতি দৃষ্টিগোচৰ হয়। এই যে আমি প্ৰতিদিনেই যৌৱনোচ্ছল এজাকমান ছাত্ৰ-ছাত্ৰীৰ মাজেৰে দিনটোৰ সৰহখিনি সময় অতিবাহিত কৰো, বছৰে বছৰে এচামক বিদায় দিওঁ, নতুন এচামক আদৰি লওঁ, তাৰ মাজতেই তেওঁলোকৰ অলক্ষিতে তেওঁলোকৰ মানসিকতা, আৱেগ-অনুভূতি সকলোবোৰ জ্ঞাতে-অজ্ঞাতে লক্ষ্যও কৰো। যুগৰ পৰিৱৰ্তন, প্ৰযুক্তিৰ পৰিৱৰ্তন, জীৱন-ধাৰণৰ প্ৰক্ৰিয়াৰ পৰিৱৰ্তন… এই সকলোবোৰ স্বাভাৱিক, কিন্তু মানসিক সংস্কাৰৰ এনে অপ্ৰত্যাশিত পৰিৱৰ্তন? এয়াও আমি স্বাভাৱিক বুলিয়ে মানি ল’ব পাৰোনে। প্ৰতিজন যুৱক-যুৱতীয়ে শৈশৱৰেপৰা বিভিন্ন শিক্ষানুষ্ঠান গৰকি উচ্চ শিক্ষা লাভৰ বাবে মহাবিদ্যালয়ত ভৰি দিয়েহি। প্ৰাক্-প্ৰাথমিক বিদ্যালয়ৰপৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱালৈকে বহুকেইজন শিক্ষক পথ-প্ৰদৰ্শকৰ নীতি-নিৰ্দেশনা তথা নিজৰ ঘৰখনৰ অভিভাৱকৰ দায়িত্ববোধৰ মাজেদিয়ে জীৱনৰ এটা গুৰুত্বপূৰ্ণ স্তৰত তেওঁলোক উপনীত হয়। তেনেস্থলত কেৱল যুগৰ পৰিৱৰ্তনৰ সমসাময়িকভাৱে প্ৰযুক্তিগত কৌশলবিশেষৰ বিশেষ কিছু উন্নতিৰ ধাৰণাই তেওঁলোকৰ মানসিকতাক সলনি কৰি দিবৰ বাবে পৰ্যাপ্ত নে? ইতিপূৰ্বে উল্লেখ কৰা হৈছে যে সাম্প্ৰতিক সময়ত যুৱপ্ৰজন্মৰ অধিকাংশৰ মনত সাধাৰণতে নিজেই সকলোবোৰ জনাৰ মানসিকতা এটা পৰিলক্ষিত হয়। হয়তোবা সেইবাবেই পিতৃ-মাতৃ অথবা অভিভাৱকৰ সৈতেও তেওঁলোকৰ স্বাভাৱিক মিলা-মিছাৰ অভাৱ সম্পৰ্কে সততেই অভিযোগ শুনিবলৈ পাওঁ। কিন্তু এই যে সন্মুখত এজন শিক্ষক থিয় হৈ থকা দেখিও কেইগৰাকীমান ছাত্ৰীয়ে তেখেতক মাত এষাৰ দিয়াটো প্ৰয়োজনীয় বুলি নাভাবিলে, তেনে মানসিকতা গঢ় লোৱাৰ বাবে প্ৰকৃততে কোন জগৰীয়া বাৰু? ইতিপূৰ্বে পাৰ হৈ অহা শিক্ষানুষ্ঠানসমূহৰ চৰিত্ৰ গঠনৰ দিশত আওকণীয়া মনোভাব নে অভিভাৱকৰ অমনোযোগিতা?

দ্বিতীয়তে আমি উল্লেখ কৰিব বিচাৰিম মহাবিদ্যালয় পৰ্যায়ত আজি কিছু বছৰৰপৰা সততেই লক্ষ্য কৰি অহা তথা ছাত্ৰসমাজৰ মনোবৃত্তিক পৰিচালিত কৰিব খোজা কিছু ৰাজনৈতিক মতাদৰ্শৰ প্ৰভাৱ সম্পৰ্কে। আজিৰপৰা বাইছ-তেইছ বছৰ আগতে আমি যেতিয়া মহাবিদ্যালয়ত অধ্যয়নৰত আছিলো, সেই সময়ত ছাত্ৰসমাজৰ মনোবৃত্তিক বিশেষভাৱে প্ৰভাৱান্বিত কৰিব পৰাকৈ কোনা ৰাজনৈতিক আদৰ্শৰ মুক্ত প্ৰচাৰ-প্ৰসাৰ দেখা নাছিলো। বিশ্ববিদ্যালয় পৰ্যায়ত অৱশ্যে তেনে বিষয়সমূহৰ পৰোক্ষ প্ৰভাৱ লক্ষ্য কৰিছিলো। তথাপি সহপাঠীসকলৰ মাজত সময়ে সময়ে ভিন্ন মতাদৰ্শৰ বাবে সংঘাত, আদৰ্শগত প্ৰভেদৰ বাবেই এজন আনজনৰ সৈতে মিলিব নোখোজা মানসিকতা, নিজৰ আদৰ্শৰ একো একোটা দল গঠন হৈ নতুন ছাত্ৰ-ছাত্ৰীসকলক সেই আদৰ্শৰ প্ৰতি প্ৰৰোচিত কৰিব খোজা… এই ধৰণৰ ঘটনাসমূহ একপ্ৰকাৰ বিৰল আছিল। সহৃদয়তাৰ হাত আগবঢ়াবৰ সময়ত আমি কাহানিও জাতি-ধৰ্ম-ভাষা, কোনো ৰাজনৈতিক আদৰ্শ অথবা সামাজিক বিষয়েৰে পৰিচালিত হোৱাৰ কথা চিন্তাও কৰা নাছিলো। আমাৰ পৰিচয় আছিল কেৱল শিক্ষালাভ কৰি থকা মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী হিচাপে। কোনেও প্ৰৰোচিত নকৰাকৈয়ে মহাবিদ্যালয়খনৰ প্ৰতি, সেই মহাবিদ্যালয়ৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰ প্ৰতি অজানিতেই হৃদয়ত অনুৰাগৰ বীজ ৰোপণ হৈছিল। দিন-কাল সলনি হ’ল। সাম্প্ৰতিক সময়ত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ চালুকীয়া মনবোৰ গ্ৰাস কৰি পেলোৱা বিশেষ বিশেষ ৰাজনৈতিক দলসমূহৰ আগ্ৰাসন দেখি স্তম্ভিত হওঁ। একো একোটা দল গঠন কৰি সময়ে সময়ে লুকাই-চুৰকৈ মহাবিদ্যালয়ৰ চৌহদ অথবা চৌহদৰ বাহিৰত বিৰতিৰ সময়বোৰত কৰ্তৃপক্ষৰ অগোচৰে নৱাগত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিশেষ মতপ্ৰচাৰৰ প্ৰক্ৰিয়া চলাই থকাৰ বিষয়ে সময়ে সময়ে অৱগত হওঁ। কেতিয়াবা আছুতীয়াকৈ সুধিলে কিছুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে কথাবোৰ স্বীকাৰ কৰিবলৈকো কুণ্ঠাবোধ নকৰে যে শিক্ষাগ্ৰহণৰ বাবে অহা তেওঁলোকৰ মনবোৰ তেনে ধৰণে পৰিচালিত কৰিবলৈ কিছুসংখ্যক অগ্ৰজ ছাত্ৰ-ছাত্ৰীয়ে অহৰহ চেষ্টা কৰি থাকে, তেওঁলোকৰ সংগঠনৰ প্ৰাথমিক সদস্য হ’বৰ বাবে বাৰম্বাৰ আহ্বান কৰে। সেইসকল অগ্ৰজ ছাত্ৰ-ছাত্ৰীয়ে বিশেষ কোনো আদৰ্শৰ সৈতে নিজকে একাত্ম কৰি লোৱাৰ সময়ত, অন্য ছাত্ৰ-ছাত্ৰীক সেই আদৰ্শৰ প্ৰতি প্ৰৰোচিত কৰাৰ সময়ত এবাৰলৈও চিন্তা নকৰে যে তেওঁলোকৰনো প্ৰকৃততে বয়স কিমান হৈছে, তেওঁলোকৰ অভিজ্ঞতাই বা কিমান! আচৰিত লাগে ভাবিলে যে মহাবিদ্যালয়ৰ সৈতে জড়িত নথকা বাহিৰৰ কোনো শক্তিয়ে এইসকল ছাত্ৰ-ছাত্ৰীৰ বিবেকক পৰিচালিত কৰিবলৈ চেষ্টা কৰি থকাৰ সমসাময়িকভাৱে তেনে আদৰ্শৰ সৈতে জড়িত হৈ থকা কোনো কোনো শিক্ষকেও পৰোক্ষভাৱে সেই ধৰণৰ বিষয়ত সমৰ্থন দিবলৈ চেষ্টা কৰে।

এইখিনিতে স্বাভাৱিকভাৱে মনত এটা প্ৰশ্নৰ উদ্ৰেক হয়—যি ধৰণেই ছাত্ৰ-ছাত্ৰীসকল প্ৰৰোচিত নহওক কিয়, এখন মহাবিদ্যালয়ত ভৰি দিয়াৰ সময়ত তেওঁলোকৰ যি বয়স, সেই বয়সত তেওঁলোকে পৃথিৱীখন তেওঁলোকৰ স্বকীয় ধাৰণাৰে বুজিবলৈ চেষ্টা কৰা উচিত, ভাল-বেয়া সকলোবোৰ নিজা ধ্যান-ধাৰণাৰে জানিবলৈ, বুজিবলৈ চেষ্টা কৰা সময়। তেনেস্থলত বিশেষ এটা মতাদৰ্শৰ প্ৰতি বলপূৰ্বকভাৱে আকৰ্ষিত কৰি কেৱল সেই আদৰ্শৰ বাদে পৃথিৱীখনৰ আন সকলোবোৰ বেয়া বুলি ভাবি ল’ব পৰাৰ দৰে এটা ঋণাত্মক ধাৰণাৰ ভাব মনত পোষণ কৰিবলৈ চেষ্টা কৰাটো দোষণীয় বিষয় নহয়নে? কোমল, অপৈণত বয়সৰ বাঁহ এটা যিধৰণেই ভাঁজ দিবলৈ চেষ্টা কৰা যায়, সি সেইধৰণেই সহজতে ভাঁজ ল’বই। ঠিক সেইদৰে অপৈণত মস্তিষ্কৰে, বিবেকতকৈ সততে আৱেগক প্ৰাধান্য দিব খোজা সৰল মনৰ ছাত্ৰ-ছাত্ৰীসকলক এটা দিশলৈ প্ৰৰোচিত কৰাবলৈ সুবিধাবাদীসকলৰ বাবে বৰ সহজ হয় আৰু সেই সুবিধাকে এচাম সুবিধাবাদীয়ে গ্ৰহণ কৰি থকাও পৰিলক্ষিত হয়।

এটা কথা নিশ্চিত যে যুৱপ্ৰজন্মৰ মাজত মানসিকতা পৰিৱৰ্তনৰ বিষয়ে যি আলোচনা কৰা হয়, এই সকলোবোৰ আচলতে সময়সাপেক্ষে অনুভৱ কৰা অথবা কিছু ব্যক্তিগত অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি উল্লেখ কৰা হৈছে। এখন মহাবিদ্যালয়ত পোন্ধৰ বছৰ ধৰি অধ্যাপনা কৰা অভিজ্ঞতাৰে বিভিন্ন সময়ত ক্ষেত্ৰবিশেষে ছাত্ৰ-ছাত্ৰীসকলৰ পৰিৱৰ্তিত মানসিকতাৰ বিষয়ে কিছু জানিব পৰাৰ সুযোগ লাভ কৰাটো স্বাভাৱিক। ঠিক সেইদৰে সময় সলনি হোৱাৰ লগে লগে যুগৰ পৰিৱৰ্তন, প্ৰযুক্তিকৌশলৰ পৰিৱৰ্তন, শিক্ষাগ্ৰহণ প্ৰদানৰ প্ৰক্ৰিয়াৰ পৰিৱৰ্তন, মহাবিদ্যালয়সমূহৰ আন্তঃগাঁথনিকে ধৰি পাঠ্যক্ৰমলৈকে সকলো পৰিৱৰ্তন হোৱাটো যিদৰে স্বাভাৱিক, সেইদৰে যুৱমানসিকতাৰো যিকোনো ধৰণৰ পৰিৱৰ্তন অস্বাভাৱিক নহয়। তত্ৰাচ এটা বিষয় অনস্বীকাৰ্য যে সকলো সলনি হ’লেও বয়সৰ মাত্ৰানুযায়ীহে ছাত্ৰ-ছাত্ৰীসকলক অনুষ্ঠানসমূহত শিক্ষাগ্ৰহণৰ বাবে উপযুক্ত বুলি গ্ৰহণ কৰা হয় আৰু সেই বয়স, সেই অভিজ্ঞতা কোনো পৰিৱেশেই সলনি কৰি দিব নোৱাৰে। এই সকলোবোৰৰ উপৰি আমি যি ধৰণে, যি প্ৰক্ৰিয়াৰে নিজকে উচ্চ শিক্ষালাভৰ বাবে উপযুক্ত কৰি গঢ়ি তোলো, সেই সকলোবোৰৰ আঁৰত নিহিত থাকে বিশেষ মানসিক সংস্কাৰ তথা আমাৰ পৰম্পৰা-সংস্কৃতিৰ প্ৰতি অন্তৰত থাকিবলগীয়া শ্ৰদ্ধা। মহাবিদ্যালয়ত ভৰি দিবলৈ যোৱা ছাত্ৰ বা ছাত্ৰীগৰাকীৰ প্ৰতিটো আচাৰ-ব্যৱহাৰে তেওঁ পাৰ হৈ অহা শিক্ষানুষ্ঠানসমূহৰ মৰ্যাদা আৰু অভিভাৱকৰ দায়িত্ববোধক প্ৰতিনিধিত্ব কৰে— এই অনুভৱ যেতিয়ালৈকে এজন ব্যক্তিৰ আন্তৰাত্মাই উপলব্ধি কৰিব নোৱাৰে, তেতিয়ালৈকে সমাজলৈ প্ৰকৃত মানৱসম্পদ আগবঢ়াই নিবলৈ কৰা সকলো প্ৰচেষ্টা আধৰুৱা হ’ব পাৰে বুলি ভাব হয়।

(‘খিলঞ্জীয়া’ৰ সৌজন্যত)

Related Articles

Check Also

Close
Close