পৰিৱেশ, দ্বিপৰ বিল, চৰকাৰ আৰু আমি

নীহাৰিকা গোস্বামী

       সম্প্ৰতি সমগ্ৰ বিশ্বত জনসংখ্যা বৃদ্ধি হৈ অহাৰ লগতে বিশ্বায়নৰ প্ৰভাৱত অতি ভোগবাদী মানসিকতাই সমগ্ৰ জৈৱ বৈচিত্ৰ্যৰ বাবেই এক প্ৰত্যাহ্বানৰূপে থিয় দিছে। বিচাৰ-বিবেচনা নকৰাকৈ কেৱল মাত্ৰ নিজৰ সুখ আৰু সম্ভোগৰ বাবে প্ৰকৃতিৰ ওপৰত নিৰ্মম অত্যাচাৰ চলাই নিজৰ লগতে মানৱ সমাজৰ বাবেও প্ৰকৃতিৰ লগতে ভাৰসাম্য চলাই জীৱন-নিৰ্বাহ কৰাত এক ভয়ংকৰ হেঙাৰৰূপে থিয় কৰাই দিছে। বৰ্তমান বিশ্বত মানৱ সমাজৰ এই অৱহেলা আৰু অবিবেচক কাণ্ডই জলবায়ুক এনে ধৰণে প্ৰদূষিত কৰিছে যে ছুইডেনৰ এগৰাকী ১৬ বছৰীয়া কিশোৰী গ্ৰেটা মানবাৰ্গে শ্ৰেণী বৰ্জন কৰি হাতত প্লেকাৰ্ড লৈ জনতাক জলবায়ু পৰিৱৰ্তন বিষয়ত সজাগ কৰিবলৈ কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হৈছে। “Social Strike for Climate” শীৰ্ষক শ্ল’গান লৈ প্ৰতি শুকুৰবাৰে ছুইডেনৰ সংসদৰ বাহিৰত কৰা ১৬ বছৰীয়া কিশোৰীগৰাকীৰ এই প্ৰতিবাদে সম্প্ৰতি ইউৰোপ মহাদেশৰ নৱপ্ৰজন্মক পৰিৱেশ ৰক্ষাৰ যুদ্ধত একত্ৰিত কৰাৰ লগতে আন্তৰ্জাতিক সংবাদ মাধ্যমৰো দৃষ্টি আকৰ্ষণ কৰিছে। এই তৰুণী গৰাকীৰ উদ্বেগত সমৰ্থন জনাই যোৱা ২৪ মে’ত ‍‘‍‘জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ দিৱস’’ত সমগ্ৰ বিশ্বৰ মুঠ ১১০ খন দেশৰ বিভিন্ন চহৰত কেইবা নিযুত লোকে অংশগ্ৰহণ কৰে। অহা ২৩ ছেপ্টম্বৰত অনুষ্ঠিত হ’বলগীয়া ‍‘‍‘জলবায়ু সন্মিলন’’ক আন্তৰিকতাৰে সফল কৰাৰ বাবে ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান ক্ৰট’নিঅ’ গুটেৰেছে আহ্বান জনাইছে। বিশেষকৈ বিশ্ব বতৰ বিজ্ঞান সংস্থা (World Weather Science Organization) চমুকৈ ডব্লিউ. এম.এ. জলবায়ু পৰিৱৰ্তন শীৰ্ষক এক প্ৰতিৱেদন প্ৰকাশ পোৱাৰ পিছতেই গুটেৰেছ এই বিষয়টো সন্দৰ্ভত যথেষ্ট গুৰুত্ব দিয়াৰ লগতে সমগ্ৰ দেশৰে ইয়াত সমৰ্থন বিচাৰিছে। বিশ্বৰ ৭০ খন দেশৰ ২৫০ গৰাকী গৱেষক বিজ্ঞানীৰ ৬ বছৰীয়া অধ্যয়নপুষ্ট এখন প্ৰতিৱেদন “Global environment Outlook”-ত প্ৰকাশ পাইছে ‍‘‍‘মানৱসৃষ্ট জলবায়ু পৰিৱৰ্তন’’। ১১ মাৰ্চৰপৰা ১৫ মাৰ্চলৈ নাইৰোবিত অনুষ্ঠিত হোৱা এই সন্মিলনৰ তৃতীয় দিনা অৰ্থাৎ ১৩ মাৰ্চ প্ৰকাশ হোৱা সম্প্ৰতি সমগ্ৰ বিশ্বতে আলোড়ন সৃষ্টি কৰা এই অধ্যয়নপুষ্ট গৱেষণালব্ধ প্ৰতিৱেদনখনত উল্লেখ আছে প্ৰতিদিনে মৃত্যুমুখত পৰা প্ৰতি চাৰিজন লোকৰ বিপৰীতে এজনৰ মৃত্যুৰ কাৰণ পৰিৱেশ প্ৰদূষণ। লগতে বছৰি ৭০ লাখ লোকৰ মৃত্যুৰ কাৰণ দূষিত পৰিৱেশ। এইসমূহ বিষয়ে আমাক অনুভৱ কৰাই পৰিৱেশৰ ভাৰসাম্য বৰ্তাই ৰখাটো জীৱকুলৰ বাবে কিমান গুৰুত্বপূৰ্ণ। মানৱ সমাজে এই কথা উপলব্ধি কৰিও কিন্তু বৈষয়িক সম্পত্তিৰ লোভত ভৱিষ্যতৰ কথা চিন্তা নকৰি হেলাৰঙে আমাৰ প্ৰকৃতিৰ ওপৰত ধ্বংসযজ্ঞ চলাই গৈ আছে।

বিশ্বৰ লগতে ক্ৰমবৰ্ধমান জনসংখ্যা, ঔদ্যোগীকৰণ, নগৰীকৰণ আদি চিন্তাই আমাৰ ৰাজ্যখনৰ জলবায়ুৰ লগতে প্ৰাকৃতিক সম্পদৰ প্ৰতি প্ৰতিনিয়ত ভাবুকি কঢ়িয়াই আনিছে। প্ৰব্ৰজন অথবা গুৱাহাটী মহানগৰীখনলৈ জীৱিকাৰ সন্ধানত, বিভিন্ন কামত বাঢ়ি অহা জনসংখ্যাই বসতিৰ ক্ষেত্ৰ সংকুচিত কৰাৰ বাবেই বহু সময়ত বহু লোকে গছ-গছনি, পাহাৰ, বিল, বন্যপ্ৰাণী এলেকা আদি নোহোৱা কৰি বাসোপযোগী কৰি তুলিছে। এয়াই কিন্তু জলবায়ুৰ সংকটৰ ক্ষেত্ৰত এক ভয়ংকৰ সংকেত দিয়াৰ লগতে ভৱিষ্যৎ প্ৰজন্মক এক মোকাবিলা কৰিব নোৱাৰা পৰিৱেশ দিয়াৰ যো-জা কৰাৰ লেখীয়া হৈছে।

আমাৰ ৰাজ্যখনৰ প্ৰচুৰ সম্ভাৱনাময় এটি প্ৰাকৃতিক সম্পদ গুৱাহাটীৰ দক্ষিণ-পশ্চিম দিশত থকা দীপৰ বিল। সম্প্ৰতি চৰকাৰী এলাহ আৰু জনসাধাৰণৰ অবিবেচক কাৰ্যই সমগ্ৰ দেশৰ অন্যতম এটি আদৰ্শ বিলৰ অস্তিত্বক সংকটাপন্ন কৰি তুলিছে। ধাৰাপুৰ, আজাৰা দিশত নতুনকৈ গঢ়ি উঠা আৱাসিক ফ্লেটৰ আৱৰ্জনাই বিলৰ পানী দূষিত কৰাৰ লগতে অঞ্চলটোৰ জনসাধাৰণৰ শৰীৰলৈও অশনি সংকেত নমাই আনিছে। তদুপৰি আই.এছ.বি.টিৰ কাষেদি বৈ অহা নদীটোৰ পানীও বিলখনত পৰাৰ ফলত, আৱৰ্জনাৰ প্ৰকোপত বিলৰ পানী বৈ থাকিব নোৱাৰি প্ৰদূষিত হৈ ক’লা-সেউজীয়া হৈ পৰিছে। পশ্চিম বৰাগাঁৱৰ ‍‘‍‘ডাম্পিং গ্ৰাউণ্ড’’-এও বিলৰ পানী প্ৰদূষিত কৰাত ঋণাত্মক প্ৰভাৱ লৈছে (অৱশ্যে ২ মাহৰ ভিতৰত ইয়াক চন্দ্ৰপুৰলৈ স্থানান্তৰিত কৰাৰ কথা)। ইয়াৰ ফলত বিলত থকা বিভিন্ন ঔষধি জলজ উদ্ভিদৰ লগতে থলুৱা আলংকাৰিক মাছৰ অস্তিত্বৰ প্ৰতিও প্ৰবল প্ৰত্যাহ্বানৰূপে দেখা দিছে। দীপৰ বিলৰ থলুৱা সুস্বাদু মাছ বৰ্তমান বৰবিহলৈ পৰ্যবসিত হৈছে। বিধানসভাৰ প্ৰশ্নোত্তৰ কালত ৰাজ্যখনৰ মীনমন্ত্ৰালয়ৰ মন্ত্ৰী পৰিমল শুক্লোপাধ্যায়ে দ্বীপৰ বিলৰ মাছ মানুহে এতিয়া খাবলৈ ভয় কৰে বুলি কোৱাৰ লগতে অঞ্চলটোৱে ‍‘‍‘ডাষ্টবিন’’ত পৰিণত কৰা পানী ওলোৱা-সোমোৱা বাট বন্ধ হৈ যোৱাৰ বাবে ৰাজ্যখনৰ পৰিৱেশৰ উপৰি এলেকাটোৰ লোকসকলে থাকিব নোৱৰা অৱস্থা পাইছেগৈ বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। বিগত মাহৰ ১৬ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও জনতা ভৱনত দীপৰ বিলৰ অস্তিত্ব আৰু সৌন্দৰ্যৰ ক্ষেত্ৰত ক্ৰমাৎ প্ৰত্যাহ্বান হৈ দেখা দিয়া সমস্যাসমূহ নাইকিয়া কৰিবৰ উদ্দেশ্যে বিষয়াবৰ্গৰে মিলিত হয় আৰু লগতে পামহীত “Sewage treatment Plant”ৰ বাবেও নিৰ্দেশনা দিয়ে। বিভিন্ন সময়ত বিভিন্ন বেচৰকাৰী সংস্থাৰদ্বাৰাও দীপৰ বিলক সংৰক্ষণৰ দাবী তথা জনসাধাৰণক সজাগ কৰোৱাৰ বিভিন্ন আৰ্হি বহুতেই লৈছে। কিন্তু সেই আৰ্হিয়ে দীপৰ বিলক ৰক্ষা কৰিব পাৰিবনে? এইখিনিতে প্ৰশ্ন হয় প্ৰায় ২০ বছৰ আগলৈকে সুস্থ অৱস্থাত থকা দীপৰ বিলখনক লৈ আজি ৰাইজ ইমান উদ্বিগ্ন হ’ব লগা অৱস্থাটোৰ বাবে দায়ী কোন? কিহে আজি আমাৰ দেশখনৰ অন্যতম এটি জলাশয়ৰ এই অৱস্থা কৰালে। সংস্কৃত ‍‘‍‘দীপ’’ৰ অৰ্থ যে হাতী আৰু দীপৰ বিলত এটা সময়ত থকা হস্তী কৰিড’ৰৰ বিষয়ে আমি সকলোৱে জ্ঞাত। সেই কৰিড’ৰ বন্ধ কৰি তাত ৰে’লপথ বনাই বন্য জন্তুৰ প্ৰতি চৰম অন্যায় প্ৰদর্শন কৰা সেই ব্যৱস্থাটোৰ মূল হোতাটোৱে জানো শাসকগোষ্ঠী নাছিল। এই ব্যৱস্থাৰ বাবেই আজি প্ৰতিদিনে কিমান হাতী আঘাতপ্ৰাপ্ত হৈ মৃত্যুমুখত পৰে তাৰ লেখ-জোখ নাই। সেইখন হস্তী উদ্যান, পক্ষী উদ্যান লৈয়ে আজি আকৌ শাসকগোষ্ঠীৰ সাংঘাতিক এক তৎপৰতা—‍‘‍‘বন্য জীৱ সংৰক্ষণ কৰক’’, ‍‘‍‘দীপৰ বিল ৰক্ষা কৰক’’, ‍‘‍‘প্ৰকৃতি থাকিলেহে আমি থাকিম’’ আদি বৰ বৰ শ্ল’গানেৰে। যেতিয়া কোনো এটা বৃহৎ জলাশয় অথবা উৰ্বৰভূমি বণিয়া, দালাল, ঠিকাদাৰৰ হাতোৰাত পৰে, য’ত তেওঁলোকৰ কেৱল ন্যস্ত স্বাৰ্থ জড়িত থাকে, ব্যক্তিগত মুনাফা মূল উদ্দেশ্য হৈ পৰে, তাৰ পিছত জানো আশা কৰিব পাৰি সেই বিশেষ ঠাইডোখৰ সুৰক্ষিত হৈ থাকিব বুলি? আচলতে দীপৰ বিলক সুৰক্ষিত কৰিবলৈ ইমানবোৰ আঁচনি অথবা শীত-তাপ নিয়ন্ত্ৰিত কোঠাত ঘণ্টাই ঘণ্টাই মগজুৰ কচৰৎ কৰি থকাটো অনৰ্থক। সমগ্ৰ অঞ্চলটো দালাল চক্ৰৰপৰা আনি মাছমৰীয়া অথবা খাটি খোৱা মানুহখিনিৰ হাতত দিলেই বিলখন ৰক্ষা পৰিব। কাৰণ তাৰ স’তে তেওঁলোকৰ জীৱন-নিৰ্বাহৰ সম্পৰ্ক আছে। আত্মিক সম্পৰ্ক আছে, কিন্তু সেয়া কৰিবৰ বাবে প্ৰথম পদক্ষেপ হিচাপে অঞ্চলটোত ক্ৰমাৎ শিপাই অহা দোকান-পোহাৰ, গুদাম, উদ্যোগ, আৱাসিক ক্ষেত্ৰসমূহ উচ্ছেদ কৰিব লাগিব। দীপৰ বিল ৰক্ষাৰ নামত আগবাঢ়ি অহা চৰকাৰী/বেচৰকাৰী সংস্থাসমূহেও এই কথাটোক অগ্ৰাধিকাৰ দি পদক্ষেপ গ্ৰহণ কৰিলেহে বাস্তৱ অৰ্থত দীপৰ বিল ৰক্ষা পৰিব, সুৰক্ষিতও হ’ব।

বৰ্তমান তথ্য-প্ৰযুক্তিৰ যুগত কেৱল আমাৰ ৰাজ্যৰ প্ৰাকৃতিক পৰিৱেশলৈয়ে নহয় সমগ্ৰ বিশ্বৰ পৰিৱেশলৈ এক ভয়ংকৰ সকীয়নি আহিছে। ‍‘‍‘দ্য ষ্টেট অব গ্ল’বেল ক্লাইমেক্স’’ প্ৰতিৱেদনখন তাৰেই প্ৰমাণ। সেয়ে ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানজনাই ২৩ ছেপ্টম্বৰৰ জলবায়ু সন্মিলনৰ ভাষণ দিয়াতকৈ গোলকীয় উষ্ণতা প্ৰতিহতৰ বাবে বিজ্ঞানসন্মত আলোচনাৰ আহ্বান কৰিছে। সচিবপ্ৰধানজনাই বাস্তৱ কথাকে কৈছে। ইতিমধ্যে সংবেদন ক্ষেত্ৰ (Eco Sensitive Zone) হিচাপে এছিয়াৰ দ্বিতীয় বৃহত্তম বিলখনক কোৱা হৈছে যদিও বাস্তৱ দিশত কিমান দূৰ সেয়া হৈ আছে আমি দেখি আছো। আচলতে বন্ধ কোঠাৰ ভিতৰত ভাষণ অথবা শীত-তাপ নিয়ন্ত্ৰিত কোঠাৰ ভিতৰত ‍‘মাষ্টাৰপ্লেন’ বনাই থাকিলে পৃথিৱী গ্ৰহও ৰক্ষা নপৰে আৰু দীপৰ বিলো সংৰক্ষণ নহ’ব। পৰিৱেশ ৰক্ষাৰ্থে কৰা আঁচনি হ’ব লাগে হাতে-কামে কৰিব পৰা।

Related Articles

Check Also

Close
error: Content is copy right protected !!
Close