পৰিবেশ সুৰক্ষাৰ বাবে চৰাইদেউৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ পদযাত্ৰা

পংখী বৰা

পৰিবেশ সুৰক্ষা সজাগতা সৃষ্টিৰ উদ্দেশ্য চৰাইদেউ মৈদামৰ পৰা নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনলৈ পদযাত্ৰা আৰম্ভ কৰে নিজৰা ফুকনে। পৰিবেশ সুৰক্ষা সংস্থা বৃক্ষবন্ধুৰ উদ্যোগত তথা নিজৰা ফুকনৰ নেতৃত্বত উলিওৱা এই যাত্ৰাত বহু প্ৰকৃতিপ্ৰেমীয়ে সহযোগ কৰে ।

১ ডিচেম্বৰত আৰম্ভ কৰা এই যাত্ৰা কা-বিৰোধী আন্দোলনৰ বাবে কিছুদিন স্থগিত ৰাখিব লগা হয় । যোৰহাটৰ পৰা অৰন্য মানৱ যাদৱ পায়েঙৰ জীয়াৰী মুনমুনী পায়েঙ আৰু নগাঁও চামগুৰিৰ পৰা পৰিবেশ কৰ্মী পংখী বৰাই নিজৰাক সহযোগ কৰি গুৱাহাটীলৈকে আহে। চৰাইদেউৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ মুঠ ২২৪৬ কিঃমিঃৰ । এই সন্দৰ্ভত নিজৰা ফুকনে জনোৱা মতে প্ৰত্যেক দিনা ৩০ৰ পৰা ৩৫ কিঃমিঃ যাত্ৰা কৰা হয় ।

এই যাত্ৰাত অসম চৰকাৰৰ বনমন্ত্ৰী আৰু আৰক্ষী প্ৰশাসনে সুৰক্ষা ব্যৱস্থা কৰিছে যদিও এতিয়ালৈকে কোনো আৰ্থিক অনুদান আগবঢ়োৱা নাই । নিজৰাৰ এই যাত্ৰাত পৰিবেশ কৰ্মী নৱজ্যোতি শইকীয়া,যাদৱ পায়েঙ,ৰিতুৰাজ ফুকন,পান্থতৰু সংৰক্ষণী অসম,অৰন্য সুৰক্ষা সমিতি,আছাম এনভাইৰনমেন্ট এন জি অ’ ফ’ৰাম, যশস্বী লেখক-অনুবাদক অঞ্জন শৰ্মা,প্ৰণয় বৰদলৈ,হেমন্ত শৰ্মাকে ধৰি বহুকেইগৰাকী ব্যক্তিয়ে দিহা-পৰামৰ্শকে ধৰি নানা ধৰণে সহায়-সহযোগিতা কৰিছে। ফে’চবুকৰ মাধ্যমেৰে ২০১৯ বৰ্ষৰ ২৪ জুনত গঠন হোৱা ‘বৃক্ষবন্ধু’ৰ উদ্যোগত ভিন্ন ঠাইত সেউজীকৰণৰ বাবে বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন কৰা হয় । পদযাত্ৰাৰ অন্তত ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি পৰিবেশ সুৰক্ষাৰ বাবে এখন স্মাৰক-পত্ৰ প্ৰদান কৰা হ’ব বুলি নিজৰাই জানিবলৈ দিয়ে ।

Show More

Related Articles

Back to top button
error: Content is copy right protected !!