প্ৰিয় কবিগৰাকীৰ স্মৃতিত একাজলি শ্ৰদ্ধাঞ্জলিঃ

মৃণাল কুমাৰ মিশ্ৰ

‘কাইলৈৰ দিনটো আমাৰ হ’ব’ বুলি প্ৰচণ্ড আশাবাদী কবিজনে ভালদৰেই জানিছিল। ভালদৰেই অনুভৱ কৰিব পাৰিছিল যে গভীৰ জীৱনবোধৰ আশাই মানুহক চৰম হতাশাৰ মাজতো পোহৰৰ বাট দেখুৱাব পাৰে। এই আশাক সাৰথি কৰিয়েই কবিয়ে এদিন কবিতাৰ জগতত খোজ দিছিল, গভীৰ প্ৰত্যাশাৰে এখোজ দুখোজকৈ সেই পথেৰেই আগুৱাই কবিয়ে আশা কৰা সেই নিজৰ দিনটো বিচাৰিও পাইছিল। বিচাৰি পাইছিল, আশাবাদী হৈয়ো হতাশাক সাৱটিবলৈ বাধ্য হোৱা মনটোৱে এচাটি নতুন আশাৰ পোহৰ। প্ৰত‍্যাশিত বঁটাটো পোৱাৰ খবৰে এদিন কবিৰ মনলৈ পুনৰ ঘূৰাই আনিছিল অদৃষ্টৰ সৈতে কৰি অহা নিয়মীয়া যুঁজখনত বিজয়ী হোৱাৰ অদম্য ইচ্ছা। কিন্তু আজি যেন কবি হাৰি গ’ল। নিয়তিৰ ওচৰত পৰাজয় স্বীকাৰ কৰি অনন্তধামৰ বাসিন্দা হ’বলৈ গ’ল আমাৰ প্ৰিয় কবিজন।
ক’ব বিচাৰিছো কবি সনন্ত তাঁতিদেৱৰ কথা। প্ৰচণ্ড আশাবাদে জীয়াই ৰখা কবিজনৰ কথা। মন গ’লেই প্ৰতিটো পুৱা ওচৰৰ পৰা লগ পাব পৰা কবিজনৰ কথা। মনলৈ আহিছে সাহিত্য অকাদেমি বঁটা পোৱাৰ খবৰটো শুনাৰ দিনটোৰ কথা। ২০১৮ চনৰ পাঁচ ডিচেম্বৰত বিভিন্ন মাধ্যমৰ মাজেৰে ভাহি অহা এটা খবৰে নিমিষতে মনটো আনন্দেৰে ভৰাই তুলিছিল। আমাৰ মৰমৰ কবি সনন্ত তাঁতিদেৱক ২০১৮ চনৰ সাহিত্য অকাদেমি বঁটাৰে সন্মানিত কৰা হৈছে, কবিতাৰ মাজেৰেই অসমীয়া সাহিত্যলৈ যোগোৱা তেখেতৰ অৱদানৰ বাবে। ‘কাইলৈৰ দিনটো আমাৰ হ’ব’ নামৰ ২০১৩ চনত প্ৰকাশিত কবিতা পুথিখনৰ বাবেই মুখ্যতঃ এই বঁটা প্ৰদান কৰা হৈছে।
লগে লগেই বিয়পি পৰিল খবৰ। বিভিন্ন জনে শুভেচ্ছা জনাবলৈ আহি ভৰাই তুলিলে কবিৰ ঘৰ। ওচৰ চুবুৰীয়া হোৱাৰ সূত্ৰে নিমিষতে উপস্থিত হলোগৈ কবিৰ গৃহত। অভিনন্দন জনালোঁ। এমোকোৰা হাঁহিৰে প্ৰতি-সম্ভাষণ জনালে। অসুস্থতাকো নেওচি প্ৰতিজনকে জনাই গ’ল নিজৰ কৃতজ্ঞতা। কবিৰ নিজৰ ভাষাতেই – ‘ মই কবিতা লেখো সমাজ আৰু জনগণৰ বাবে। বঁটা বাহনৰ বাবে মই কেতিয়াও লালায়িত নহয়। তথাপিও এই বঁটাৰ জৰিয়তে পোৱা টকাখিনি এতিয়া মোৰ চিকিৎসাৰ সঁহায়ক হ’ব। সেয়েহে বেছি ভাল লাগিছে।’
হয়, সেয়া আছিল কবিৰ নিৰ্মোহ স্বীকাৰোক্তি। সেই সময়ত কবিৰ সঁচাকৈয়ে টকাৰ বৰ প্ৰয়োজন আছিল। নিৰাশাক জয় কৰি পুনৰ সুস্থ হৈ ৰাইজৰ বাবে, সমাজৰ বাবে হাতত কলম তুলি লৈ পুনৰ কবিতা লেখিবলৈ কবিৰ আছিল এক আশাবাদী মন। সেয়েহে সেইদিনা কবিৰ সেই বিখ্যাত কবিতা “কাইলৈৰ দিনটো আমাৰ হ’ব” পুনৰ প্ৰাসংগিক হৈ পৰিছিল। আশা কৰাৰ ধৰণেই নিৰাশাক জয় কৰি সাহসেৰে তাঁতিদেৱে জীৱন জিনাৰ যুঁজখন চলাই নিছিল। অকাদেমি বঁটা প্ৰাপ্তিৰ মাজেৰে প্ৰিয় কবিয়ে নিজৰ জীৱন যুদ্ধত জয়ী হোৱাৰ বাবে সাহস গোটাবলৈও সক্ষম হৈছিল। যোৱা তিনিটা বছৰে প্ৰিয় কবিগৰাকীৰ জীৱন জিনাৰ যুঁজখন নিচেই ওচৰৰ পৰা দেখি আহিছোঁ। সেয়েহে আজি নিয়তিৰ ওচৰত পৰাজয় বৰণ কৰাৰ মুহূৰ্তত মনটোৱে গভীৰ দুখত হাহাকাৰ কৰি উঠিছে। গভীৰ আশাবাদী মনেৰে জীপাল হৈ থকা কবিগৰাকীয়ে এনেদৰে অসময়তে বিদায় ল’বলগা হ’ব বুলি আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ। অদৃষ্টৰ ওচৰত মানুহ যে কিমান অসহায় আজি আকৌ এবাৰ প্ৰমাণিত কৰি মাথো ৬৯ বছৰ বয়সতে কবিগৰাকীয়ে চিৰদিনৰ বাবে আমাৰ পৰা আতৰি গ’ল। মন ভাৰাক্ৰান্ত হৈ পৰিছে আজি।
প্ৰিয় কবি সনন্ত তাঁতিদেৱৰ সাহিত্যকৃতি আৰু জীৱনৰ ওপৰত এক চমু আলোকপাত এইখিনিতে কৰিব বিচাৰিছোঁ। কবিৰ প্ৰকাশিত কবিতা পুথিৰ এক চমু তালিকাত চকু ফুৰাই চাও আহকচোন।
১- উজ্জ্বল নক্ষত্ৰৰ সন্ধানত – ১৯৮১ চন।
২- মই মানুহৰ অমল উৎসৱ – ১৯৮৫ চন।
৩- নিজৰ বিৰুদ্ধে শেষ প্ৰস্তাৱ -১৯৯০ চন।
৪- শব্দত অথবা শব্দহীনতাত – ১৯৯৩ চন।
৫- মৃত্যুৰ আগৰ ষ্টপেজত – ১৯৯৬ চন।
৬- টোপনিতো কেতিয়াবা বাৰিষা আহে – ১৯৯৭ চন।
৭- ধোঁৱা ছাইৰ সপোন – ১৯৯৯ চন।
৮- দীৰ্ণ বসন্তৰ সৌৰভ – ২০০২ চন।
৯- আপুনি আপোনাৰ স’তে যুদ্ধ কৰিব পাৰিবনে –
২০০৮ চন।
১০- মই – ২০০৯ চন।
১১- মোৰ নিৰাভৰণ আত্মাৰ শোকাবহ শব্দবোৰ –
২০১০ চন।
১২- কাইলৈৰ দিনটো আমাৰ হ’ব – ২০১৩ চন
১৩- মোৰ প্ৰিয় সপোনৰ ওচৰে-পাঁজৰে – ২০১৭ চন
১৪- Selected Poems Sananta Tanti – ২০১৭ চন
এতিয়ালৈকে প্ৰকাশিত এই আটাইবোৰ কবিতা পুথিয়েই পঢ়ুৱৈ তথা সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত।
সমাজ আৰু জনগণৰ বাবে কবিতা লেখি পঢ়ুৱৈৰ হৃদয় জিনি কবি সনন্ত তাঁতিদেৱ কেবাটাও বঁটাৰে ইতিমধ্যে বিভূষিত হৈছিল। কেইটামান বঁটাৰ নাম উল্লেখ নকৰিলে এই লেখাটো আধৰুৱা হৈ ৰ’ব বুলি মই ভাবোঁ।
১- মৃণালিনী দেৱী সোঁৱৰণী বঁটা – অসম কবি সমাজ, ১৯৯২ চন
২- বীৰ বিৰচা মুণ্ডা বঁটা – ২০০২ চন
৩- ওচমান আলি সদাগৰ সমন্বয় বঁটা – ২০১১ চন।
৪- ক্ৰান্তিকাল সন্মান – ২০১৪ চন।
৫- শৈলধৰ ৰাজখোৱা বঁটা, অসম সাহিত্য সভা –
২০১৫ চন।
৬- শিৰীষ অইল সাহিত্য বঁটা – ২০১৬ চন।
৭- ৰমানাথ ফাউণ্ডেছন বঁটা – ২০১৬ চন।
৮- অসম উপত্যকা বঁটা, মেগৰ ন্যাস – ২০১৭ চন।
৯- সাহিত্য অকাদেমি বঁটা―২০১৮ চন।
সাহিত্য অকাদেমি বঁটাৰে বিভূষিত হোৱাৰ আগলৈ এনেদৰে বিভিন্ন সাহিত্য বঁটাৰে সন্মানিত হোৱা কবি সনন্ত তাঁতিদেৱৰ জন্ম হৈছিল বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাৰ কালিনগৰ চাহবাগিচাৰ এটি চাহ মজদুৰ পৰিয়ালত ১৯৫২ চনত। সৰুকালতেই বঙালী ভাষাত কবিতা লেখিবলৈ আৰম্ভ কৰিলেও, পিছলৈ তেখেতে অসমীয়া ভাষাত কবিতা লেখিবলৈ লয়। ইয়াৰ কাৰণ হ’ব পাৰে তেখেতৰ শৈশৱ আৰু পঢ়া কালছোৱা যোৰহাট তথা শ্বিলঙত কটোৱা বাবে।
 তেনেদৰেই অসমীয়া কবিতাৰ সৃষ্টি ক্ৰমান্বয়ে আগবঢ়াই লৈ গৈ কবিয়ে এটা সময়ত সাহিত্য অকাদেমিৰ দৰে সন্মানীয় বঁটাৰো অধিকাৰী হ’বলৈ সক্ষম হৈছিল। তেখেতৰ কবিতা অসমীয়া কবিতাৰ এক আপুৰুগীয়া সম্পদ। নিৰলস প্ৰচেষ্টাৰে কবিয়ে সৃষ্টি কৰি থৈ গৈছে এক একক কাব্যধাৰা। অসমীয়া প্ৰতিবাদী কবিতাৰ ধাৰাটোৰ তেখেতো এজন যোগ্য প্ৰতিনিধি। তেখেতৰ কবিতাৰ ভাষা পৌৰুষসুলভ কাঠিন্যৰে ভৰা আৰু কোমলতা বৰ্জিত।
মাটি আৰু মানুহৰ জয়গান তেখেতৰ কবিতাত সততে বিচাৰি পোৱা যায়। তেখেতে নিজেও স্বীকাৰ কৰিছিল এই কথা―মানুহ আৰু সমাজক বাদ দি কবিতাৰ সৃষ্টি হ’লে সেই কবিতাই স্থায়ীত্ব দাবী কৰিব নোৱাৰে।
সেয়েহে যিমানেই দিন যায় সিমানেই সনন্ত তাঁতিদেৱৰ কবিতাই বেছি প্ৰাসংগিকতা লাভ কৰিবলৈ আৰম্ভ কৰিছে, অৰ্থাৎ স্থায়ীত্বৰ দিশত আগবাঢ়িছে। কায়িকভাৱে তেখেতে আজি ধৰাৰ পৰা চিৰবিদায় মাগিলে যদিও তেখেতৰ অপূৰ্ব সৃষ্টিসমূহ সদায়েই নিত‍্যনতুন আৰু প্ৰাসংগিক হৈ থাকি তেখেতৰ অস্তিত্ব সজোৰে ঘোষণা কৰি থাকিব।
তেখেতৰ দৰেই আশাবাদী হৈ আজি পুনৰ কবলৈ মন গৈছে―
“সকলো ঠিকে ঠাকে থাকিলে
মই তোমাৰ ঘৰলৈ যাম
বহিম
কথা পাতিম
কবিতাৰ বিষয়ে খৰচি মাৰি
বহুতো কিবাকিবি ভাবিম
তোমাৰ স’তে সান্ধ‍্যভ্ৰমণ কৰিম
মুকলি বতাহত উশাহ এৰিম
বজাৰলৈ গৈ কিনিম বহুতো সপোন…।”
বিদায় হে প্ৰিয় আৰু শ্ৰদ্ধাৰ কবি সনন্ত তাঁতিদেৱ। আপুনি য’তেই থাকে শান্তিৰে থাকক, ভগৱানে আপোনাক চিৰশান্তি প্ৰদান কৰক।
Show More

Related Articles

Back to top button
error: Content is copy right protected !!