প্ৰিয়তমা

মূল: তাৰাপদ ৰায় অনুবাদ : অঞ্জন শৰ্মা

 “প্ৰিয়তমাসু”
যোৱা পৰহিও সন্ধিয়া অফিচৰ পৰা ঘৰলৈ আহি সামান্য বিশ্ৰাম লৈ চিকিৎসকৰ নিৰ্দেশানুযায়ী সান্ধ্যভ্ৰমণৰ বাবে বাহিৰ হৈছিলো। খোজকাঢ়ি গৈ গৈ ঘৰৰ পৰা ১ কিলোমিটাৰ দূৰৰ ভিক্টোৰিয়া মেম’ৰিয়েলৰ অইনটো প্ৰান্তত উপনীত হোৱাৰ লগে লগেই কলহৰ কাণে ঢলা বৰষুণ আকাশৰ পৰা নামি আহিল, লগতে তীব্ৰ বেগেৰে বতাহ। ক’তো মূৰটো গুজিবলৈও সামান্য আশ্ৰয় নাই। খুব বেগেৰে দোৰি দৌৰি ঘৰলৈ হেপাই-ফেপাই উভতি থাকোতে বিদ্যুত বিভাগৰ বা পানী যোগানৰ বা পাতখল ৰেলৰ বা গড়কাপ্তানী বিভাগৰ বা ৰিলায়েন্সৰ অপ্টিকেল ফাইবাৰৰ বাবে খান্দি থোৱা প্ৰাচীন গাঁত এটাত পৰি যাও আৰু কোনোমতে আত্মৰক্ষা কৰি সমগ্ৰ শৰীৰত জঘণ্য ক’লা পনীয়া বোকামাটিৰ প্ৰলেপ লৈ খোৰাই খোৰাই ঘৰ পাওঁ।
          মোৰ পত্নীৰ অৱশ্যেই কৰ্তব্য আছিল মোক তেনে অৱস্থাত দেখি উ: আ: কৰা, মোক সোধা- ‘কি হৈছিল প্ৰাণনাথ, ক’ত আঘাত পালে বাৰু(?)’… ইত্যাদি কৈ মোক সান্তনা দি শুকান তাৱেলেৰে মোৰ মূৰটো মচি দিয়া, শুকান লুঙি-গেঞ্জি আগবঢ়াই দিয়া, মোক বাথৰুমলৈ আগবঢ়াই নি গা ধুৱাই দি একাপ গৰম গৰম আদাযুক্ত চাহ আগবঢ়োৱা।
            হে মোৰ কপাল! সেইবোৰ দূৰৰেই কথা, মোক ঘৰত সোমোৱা দেখিয়েই পত্নীয়ে বাঘিনীৰ দৰে হৈ পৰিল আৰু ক’লে -‘আপুনি এই জঘণ্য বোকা-মাটি গাত সানি ঘৰত সোমাল!! এতিয়া তেনেকৈ ভৰিৰ ওপৰত থিয় হৈ আছে কিয়? ঘৰৰ মজিয়াৰ বোকা পানী এতিয়া মচিব কোনে?’ ইয়াৰ পিছত মোৰ হতবুদ্ধি তথা পৰাস্ত চেহেৰা আৰু নিৰুত্তৰ মুখ দেখি সামান্য নৰম হৈ ক’লে, ‘আপুনি সচাই কোনোদিনে মানুহ নহবই নেকি? চিৰকাল বোকা-মাটি লৈ ঘৰত সোমায়েই থাকিব নে কি?’
             চিৰকাল মানে কিমান কাল? সেই মুহুৰ্তত মোৰ মনত পৰিছিল, অন্তিমবাৰ বৰষুণত তিতি-বুৰি ঘৰত সোমাইছিলো প্ৰায় ৭ বছৰ আগতে, তাকো কলেজ ষ্ট্ৰীটৰ জোতাৰ দোকানত আগদিনা পত্নীয়ে নিজে কিনা ছেন্দেল ঘৰলছ আহি অপছন্দ হোৱা বাবে সলনি কৰিবলৈ গৈ উভতি আহোতে বৰষুণৰ আক্ৰমণ হওতে! চিৰকাল? ঘৰলে তিতি বুৰি আহি সযতনে প্লাষ্টিকৰ বেগত ভৰাই লৈ অহা একচাইজ ডাঙৰ ছেন্দেল পত্নীক দিয়াৰ লগে লগেই -‘আগৰ চাইজটোৱেই ভাল আছিল, এইযোৰ দেখিবলৈ ভাল লগা নাই….’, ইত্যাদি ভাষণ দি দি চাহ কৰিবলৈও পাহৰি গৈছিল, তাৱেল দূৰৰ কথা!! ‘চিৰকাল’? সেইযোৰো সলনি কৰি পিছদিনা আগৰযোৰ লৈ আহিছিলো, সিদিনাও বৰষুণৰ পানী-বোকামাটি গাত লৈ‌ ঘৰত সোমাইছিলো আৰু পাইছিলো একেই অভ্যৰ্থনা!!
             কিন্তু এইবোৰক লৈ দু:খ কৰি লাভ নাই। মোৰ পত্নীয়ে মোক পিটন দিবও পাৰিলেহেতেন, পানীৰে ভিজা জোতাও আছিল বা বেলনা-মাৰীৰেও প্ৰহাৰ কৰিবও পাৰিলেহেতেন। কিন্তু সেইবোৰ একোকে নকৰি জোতাযোৰত ভৰি সুমুৱাই আপোনবিভোৰ হৈ পৰিছিল। গৰম চাহ!!
           আটলান্টিকৰ পাৰৰ এখন চহৰত পুৰুষ মদাহীৰ বাৰত সকলোৰে চকুত পৰাকৈ ডাঙৰ। ডাঙৰ হৰফেৰে পদ্য লিখা আছিল…
“ঘৰলৈ উভতি আজিও তেওঁ
            পত্নীৰ প্ৰহাৰ-কিল-চৰ খাবই খাব
সেয়েই সখা, আৰু অলপ সময়
   ইয়াতেই পাৰ কৰাই জানো ভাল নহব?”
কোৱা বাহুল্য, পদ্যৰ গুণতেই হওক বা অইন কাৰণতেই হওক, বাৰখনৰ ভীৰ নিশা গভীৰ হোৱাৰ লগে লগে বাঢ়ি গৈছিল, মদাহীবোৰূ পুৱতি নিশা হে ঘৰমুৱা হৈছিল।
        ‌যি কি নহওক, বিলাতত আজিকালি মেমচাহাববোৰে স্বামীদেৱতাসকলক খুব বেছি মাৰধৰ, বেয়া ব্যৱহাৰ নকৰে। অইন কাৰণ একো নাই, মূল কাৰণ হ’ল অধিকাংশ পতিয়েই পলায়ন কৰিবলৈ প্ৰস্তুত। তেনে অৱস্থাত নতুনকৈ চাহাব দৰা লাভ কৰাটোও সহজ হৈ থকা নাই। আগতে মেমবোৰে পলাইছিল, কিন্তু আজিকালি চাহাব পলায়।
        কিন্তু বঙ্গত ঘটনাবোৰ অলপ বেলেগ ধৰণৰ। স্বামীসকল পলাব ক’লৈ? পলাই যাব ক’লৈ? ভালকৈ অনুসন্ধান কৰিলে দেখা যাব যে ১০০০ পত্নীৰ পলায়ন কৰা ঘটনাৰ বিপৰীতে হয়তো এজন মাত্ৰ স্বামী পলায়ন কৰাৰ তথ্য হাতত পৰিছে!
    ‌    এটা গল্প শুনিছিলো। এগৰাকী মধ্যবয়সীয়া অবিবাহিত মহিলাই বিয়াত বহিবলৈ দৃঢ়সংকল্প গ্ৰহণ কৰি বাতৰিকাকতত ‘স্বামী লাগে” বুলি বিজ্ঞাপন দিয়াত বহুহাজাৰ চিঠি পাইছিল তেওঁ; কিন্তু এখনো পুৰুষ মানুহৰ চিঠি নাছিল। হাজাৰ হাজাৰ বিবাহিত মহিলাই তেওঁলোকৰ স্বামীৰ ফটো পঠিয়াই, গুণানুকীৰ্তন কৰি কাতৰ অনুৰোধ কৰিছিল,’তুমি মোৰ স্বামীকেই গ্ৰহণ কৰা’!
          ইয়াৰ বিপৰীতে মোৰ এজনী বান্ধৱীয়ে এবাৰ তেওঁৰ স্বামীক অনুৰোধ কৰিছিল, আপুনি বাতৰিকাকতত বিজ্ঞাপন দিয়ক,’বিবাহযোগ্যা স্ত্ৰী আছে’ বুলি।
       বিয়া পাতিবলৈ অকণো দম তথা সৎসাহস নথকা অহংকাৰী কৃপণ এজধ চিৰকুমাৰে কোনো অভিজ্ঞতা আহৰণ নকৰাকৈয়ে এবাৰ কৈছিল,’ বিবাহ হ’ল এক ৰোমাঞ্চকৰ কাহিনী যাৰ প্ৰথম অধ্যায় আৰম্ভ হয় নায়কৰ মৃত্যুৰে।’ মোৰ মাত্ৰ কুৰি বছৰৰ বৈবাহিক অভিজ্ঞতাৰ ভিত্তিত এনে উক্তি দিবলৈ মোৰ মৰসাহস এতিয়াও হোৱা নাই। কিন্তু নিপীড়িত, নিৰ্যাতিত স্বামীসকলক। ৰাছিয়াৰ পৰা ধাৰ কৰা এটা বাক্য উপহাৰ দিব পাৰো, ‘হে ভদ্ৰলোক, আপোনাৰ সন্তানে আপোনাক যিমানেই ডাঙৰ হিৰো বুলি নাভাবক কিয়, আপুনি সচাই তেনে হিৰো হয়তো নহয়; কিন্তু আপোনাৰ স্ত্ৰীৰত্নইও আপোনাক যিমানেই বুৰ্বক বুলি নাভাবক কিয়, আপুনি তেনে বুৰ্বকো নহয়।’
          ইয়াৰোপৰি সদাসৰ্বদা পত্নীৰ সৈতে কাজিয়া-পেচাল কৰি থাকিলেও যে মাৰাত্মক ক্ষতি হ’ব পাৰে- তেনে কোনো কথা নাই। পৃথিৱীৰ শ্ৰেষ্ঠ অভিধানকাৰকক তেওঁৰ অভিধানৰ বাবে ভূয়সী প্ৰশংসা কৰি এজনে প্ৰশ্ন কৰিছিল, ‘এনে এক আশ্চৰ্যকৰ অভিধান, ইমানবোৰ বিচিত্ৰ শব্দ আপুনি কিদৰে সংগ্ৰহ কৰিছ?’ অভিধানকাৰকে মিচিকিয়াই হাঁহি উত্তৰ দিছিল, ‘পত্নীৰ সৈতে কাজিয়া কৰি ।’ উত্তৰ শুনি বিমূঢ় হৈ পৰা প্ৰশ্নকৰ্তাৰ মুখমণ্ডল দেখি অভিধান প্ৰণেতাই ব্যাখ্যা কৰিছিল,’ দিনে নিশাই অনবৰতে যোৱা ২৫ বছৰে পত্নীৰ লগত কাজিয়া-পেচাল কৰি , তেওঁৰ মুখেৰে নিৰ্গত হোৱা শব্দ-বাক্যৰ পিঠিত-বোকাত-কোলাত উঠা তথা তাৰ লগে লগে জপিয়াই জপিয়াই অহা বহু কথা-বাক্য-শব্দ কলমেৰে লিখি লিখি সঞ্চয় কৰি কৰি সেইবোৰৰ দ্বাৰা এই অভিধান সম্ভৱ হৈছে।’
          কিন্তু কাজিয়া-পেচাল হলেও , পত্নীৰ প্ৰতি দুৰ্ভগীয়া স্বামীৰ যে ‘ভালপোৱা’ হ্ৰাস পায়, তেনেও নহয়। মোৰ এগৰাকী প্ৰৌঢ় সহকৰ্মীয়ে প্ৰতিদিনে পুৱাই ঘৰত পত্নীৰ সৈতে কাজিয়া কৰি অফিচত মোৰ কাষত বহি ঘৈণীয়েকৰ বিষয়ে নানান আপত্তিকৰ অভিযোগ দি শান্তি পায়। সেই ভদ্ৰলোকৰ পত্নীয়ে এবাৰ দুদিনমানৰ বাবে স্বামীক অকলশৰীয়াকৈ ঘৰত থৈ বিয়া খাবলৈ কলকাতাৰ বাহিৰলৈ গৈছিল। দিনটো আছিল শুক্ৰবাৰ। শনি-দেও দুদিন বন্ধ। সোমবাৰে অফিছলৈ আহি ভদ্ৰলোক একেবাৰে নিশ্চুপ। প্ৰৌঢ় বয়সৰ বিৰহ, দেখি বেয়া লাগিল। সুধিলো, ‘কি হ’ল মিষ্টাৰ ধৰ?’ তেওঁ একো নকলে, কোনো শব্দ বাহিৰ নহ’ল! কিছু সময় পিছত কোনোমতে অষ্পষ্টভাৱে ক’লে,’ একো নুসুধিব, আজি তিনিদিন খোৱা-বোৱা প্ৰায় বন্ধ।’ মই হতবাক হৈ সুধিলো,’কি কৈছে আপুনি? মিছেছ ধৰ আপোনাৰ চকুৰ সন্মুখৰ পৰা সামান্য আতৰ হোৱাৰ লগে লগেই আপুনি বিৰহতে খোৱা-বোৱাও বন্ধ কৰি দিছে?’ মিষ্টাৰ ধৰে ক’লে,’উপায় নাই। মিছেছে যোৱাৰ সময়ত তেওঁৰ বেগটোত মোৰ বন্ধোৱা দাঁত দুপাৰিও লৈ গৈছে!’ ইয়াকে কৈ তেওঁ কান্দোনত ভাঙি পৰিল।

Related Articles

Close