প্ৰসঙ্গঃ অখিল গগৈ; অসমীয়াৰ শত্ৰু অসমীয়াই!

উৎপল ফুকন

১) কা- বিৰোধী আন্দোলন চলিল। জোৰদাৰ গতিত। অখিল গগৈ জেলত সোমাল। আন্দোলন চলি থাকিল, মিহি মিহিকৈ গান-বাজনাও চলি থাকিল। (ৰাইজে বৰ মৰম কৰা কিছু কিছু এই সময়ত বৰ দোধোৰ মোধোৰত পৰিল। নামাতিলেও ৰাইজৰ ৰোষ, মাতিলেও লাগে ৰজাৰ দোষ।) লাহে লাহে চিনেমাৰ ফেড-আউট শ্বটৰ দৰে মঞ্চৰ পোহৰ কমি গৈ থাকিল। উদ্দাত্ত সংলাপেৰে মঞ্চ কঁপোৱা ভাৱৰীয়াবোৰো ঘৰাঘৰি যোৱা আৰম্ভ কৰিলে। ঘৰ মানে আন কাৰোবাৰ ঘৰো হ’ব পাৰে দেই, আন্ধাৰে মুন্ধাৰে নিজৰে বুলি সোমালগৈ। (কোন কাৰ ঘৰত সোমাল পোহৰ হ’লে ওলাব আৰু) মুঠতে ঘৰাঘৰি যোৱাটো হ’ল, যোৱা নহ’ল মাথোঁ অখিল গগৈৰ। নহ’ল মানে, যাব নোৱাৰিলে, যাবলৈ দিয়া নহ’ল— আনকি বছৰেকৰ বিহুৰ দিনটোতো।
২) এসময়ত অখিল গগৈ নহ’লে টক শ্বো নোহোৱা টিভি চেনেলকেইটায়ো তেওঁক পাহৰিলে। পাহৰিবই দিয়কচোন — অখিল গগৈয়ে চিঞৰি চিঞৰি চৰকাৰক কৰিবলৈ বাধ্য কৰা কামবোৰৰ পৰা উপকৃত হোৱা ৰাইজেই পাহৰিলে যেতিয়া ব্যৱসায়িক গোষ্ঠীৰ পৰিচালিত চেনেলৰনো কি? আজি জুবিন গাৰ্গৰ বাবে সকলোৱে চিন্তিত হৈছে; অখিল গগৈৰ বাবেও অলপ হ’লেও হওকচোন। দুয়োজনেই অসমীয়া, অসমৰ বাবে কাম কৰা মানুহ। অসমীয়াই অসমীয়াৰ হৈ নামাতিলে মাতোতা আৰু নাই। অসুস্থ মানুহজনক লগ কৰিবলৈ গৈ বিমুখ হৈ অহা পত্নী, অসুখৰ চিকিৎসা কৰাবৰ বাবে আদালতে ৰায় দিয়াৰ পিছতো জেলতে চিকিৎসা কৰাব বুলি নাচোৰবান্দা চৰকাৰ, দল সংগঠনৰ উদাসীনতা — এইবোৰৰ মাজত গগৈৰ পত্নী আৰু সন্তানৰ কি অৱস্থা হৈছে এবাৰ হ’লেও অসমৰ ৰাইজে ভবা ভাল।
৩) চৰকাৰত থকা মানুহবোৰ, অশ্লীল ভাষাৰে অসমীয়াকে গালি-শপনি পৰা আই. টি. চেলৰ মানুহবোৰ — সকলো দেখোন অসমীয়া। আনকি বিজেপিৰ আধাখিনিয়েই বোধকৰোঁ আন দলৰ পৰা হনুমন্ত জাপ দিয়া মানুহ। (কা অসমৰ বাবে ভাল বুলি বুজোৱা কৰ্মীসকলো অসমীয়া।) মূল চাবি পকোৱা মানুহবোৰ কি নীতিৰে চলে, তেওঁলোকৰ এজেণ্ডা কি — এইবোৰ আওকাণ কৰি অসমীয়াই অসমীয়াকে হানি কৰি থাকিলে কফিনত শেষ গজালটো পৰিবলৈ বেছি দিন নাথাকিব। মানুহবোৰ নাইকিয়া হৈ নাযায়, কিন্তু উপৰিপুৰুষে তিলতিলকৈ গঢ়া এই মাটি, অসমীয়া নামৰ সত্তা — এইবোৰ হেৰাই যাব। পাৰিবনে তেতিয়া নিজৰ ঠাইতে মূৰ তল কৰি থাকিবলৈ?
৪) ব্ৰিটিছে সৌ তাহানিতে কৈছিল অসমীয়া উজনিৰ দুখনমান জিলাতহে ৰ’বগৈ। সেই কথা সঁচা হ’বলৈ গৈ আছে। অসমীয়া নিধনৰ যজ্ঞ অনা অসমীয়াই কেৱল কৰা নাই, কৰিছে অসমীয়াইয়ো। পুৰোহিতৰ মন্ত্ৰৰ তালে তালে পূৰ্ণাহুতি দিয়াসকলো অসমীয়াই দেখোন।
Show More

Related Articles

Back to top button
error: Content is copy right protected !!