প্ৰষ্টেট গ্ৰন্থিৰ বৃদ্ধি আৰু ইয়াৰ আয়ুৰ্বেদিক চিকিত্সা

ডাঃ মেদিনী বৰ্মন

(Benign prostatic hyperplasia or enlargement, BPH/BPE)

প্ৰাত্যহিক জীৱনত ৪০-৫০ বয়সোর্ধ্ব পুৰুষসকলে সঘনাই সন্মুখীন হোৱা এটা সমস্যাই হৈছে BPH। প্ৰায় ৯০ শতাংশ পুৰুষৰ ক্ষেত্ৰতে এই ৰোগবিধ হোৱা দেখা যায়।প্ৰষ্টেট গ্ৰন্থিটো এটা আখৰোট (walnut) আকাৰৰ গ্ৰন্থি, যিটো মূত্ৰথলীৰ ঠিক তলত পুৰুষৰ লিংগ(Urethra)ৰ গুৰিত মূত্রৰ বহিঃনিৰ্গমন পথৰ দুয়োকাষে অৱস্হিত। এই গ্ৰন্থিটোৱে এবিধ ৰস ক্ষৰণ কৰে যাক Semen  বুলি কোৱা হয়, যিয়ে শুক্ৰাণুসমূহৰ পৰিবহণ আৰু গৰ্ভধাৰণত সহায় কৰে। বয়সৰ লগে লগে এই গ্ৰন্থিটো বিভিন্ন কাৰণত আকাৰত ডাঙৰ হয় যাৰ ফলত মূত্ৰবাহী নলীৰ দুয়োকাষে যথেষ্ট চাপৰ সৃষ্টি হয় আৰু প্ৰস্ৰাৱ নিৰ্গমনত যথেষ্ট অসুবিধা হয়। সাধাৰণতে অতিস্থূলতা, হৃদৰোগ, ডায়েবেটিচ ৰোগত আক্ৰান্ত ব্যক্তিৰ লগতে যিসকলে শাৰীৰিক শ্ৰম নকৰে, তেওঁলোকৰ ক্ষেত্রত অথবা বংশগত কাৰণত এই গ্ৰন্থিটোৰ সতকাই বৃদ্ধি হোৱা দেখা যায়।

লক্ষণ

১) প্ৰস্ৰাৱৰ বেগ ৰাখিব নোৱৰা (Urgency)

২) সঘনাই পেচাপ লগা (Frequency)

৩) পেচাব কৰাৰ সময়ত বল দিব লগা, টোপ টোপকৈ হোৱা (Hesitancy)

৪) ৰাতিৰ ভাগত বেছিকৈ পেচাপ লগা

৫) প্ৰস্ৰাৱ কৰাৰ সময়ত তলপেটত অসহ্য যন্ত্রণা হোৱা

৬) বীৰ্য স্খলনৰ পিছত বিষ ইত্যাদি

বহুসময়ত ৰোগাক্ৰান্ত ব্যক্তিয়ে এই লক্ষণবোৰক স্বাভাৱিক বুলি জ্ঞান কৰি চিকিত্সকৰ কাষ নাচাপে যাৰ ফলত এই ৰোগবিধৰ চিকিত্সা সময়মতে নকৰিলে পেচাপ সম্পূৰ্ণৰূপে বন্ধ হোৱা দেখা যায়। ইয়াৰ লগতে কিডনীৰ ঊর্ধ্বক্ৰমীয় বীজাণু সংক্ৰমণ (Ascending urinary tract infection), পেচাপত ৰক্ত অহা (Himaturia), কিডনী ফুলি যোৱা (hydronephrosis) আদি সমস্যাই দেখা দিয়ে। তদুপৰি সময়ৰ লগে যৌন ক্ষমতাও হ্ৰাস পায়।

#পৰীক্ষা (Investigations)

১) তলপেটৰ আল্ট্ৰাছ’ন’গ্ৰাফী (USG lower abdomen, KUB)

২) PSA (Prostate specific antigen)

৩) Fine needle biopsy

৪) Cystoscopy

৫) Trans urethral sonography

৬) Urine culture and sensitivity test

#চিকিত্সা

প্ৰাথমিক চিকিত্সা হিচাপে ৰোগীক সকাহ দিয়াৰ বাবে প্ৰস্ৰাৱ পথেৰে Catheter লগাই দিয়া হয় যাতে ৰোগীয়ে পেচাপ কৰোতে বিষ অনুভৱ নকৰে। বহু সময়ত প্ৰ’ষ্টেট গ্ৰন্থিটোৰ বৃদ্ধিৰ বাবে মুত্রথলীৰ বহিঃনিৰ্গমন পথটো সম্পূৰ্ণ বন্ধ হৈ যায়, যাৰ ফলত Catheter দিব পৰা নাযায়। এনে অৱস্হাত ৰোগীৰ তলপেটত বিন্ধা (Supra pubic puncture) কৰি প্ৰস্ৰাৱ কৰোৱা হয়। তদুপৰি আধুনিক চিকিত্সা-পদ্ধতিত Dutasteride, Tumsulosin, Flavoxate জাতীয় ঔষধৰ লগতে পেচাপৰ সংক্ৰমণৰ ওপৰত ভিত্তি কৰি উপযুক্ত Antibiotics আৰু Alkalizer দিয়া হয়। ঔষধৰদ্বাৰা সুফল নাপালে অস্ত্রোপচাৰ (TURP) কৰা হয়।

#সাৱধানতা
BPH ৰোগত আক্ৰান্ত ব্যক্তিয়ে কিছু সাৱধানতা অৱলম্বন কৰি ৰোগৰ তীব্ৰতা কিছু কমাব পাৰে…
১) যথাসম্ভৱ পানী তথা অন্য জলীয় দ্ৰব্য কমকৈ সেৱন কৰিব লাগে

২) কেফেইন জাতীয় দ্ৰব্য, সুৰাপান, শীতল পানীয় আদি পৰিহাৰ কৰা উচিত

৩) মূত্রল (Diuretics), Decongestant, anti histaminic, anti depressants জাতীয় ঔষধ জধেমধে ব্যৱহাৰ কৰিব নালাগে

৪) কোষ্ঠকাঠিন্য (constipation) যাতে নহয় তালৈ লক্ষ্য ৰখা উচিত

৫) Pelvic exercise কৰিব লাগে

আয়ুৰ্বেদিক উপচাৰ

আয়ুৰ্বেদিক চিকিত্সা-পদ্ধতিত ব্যৱহৃত নিম্নলিখিত ঔষধিসমূহ অত্যন্ত উপযোগী – Kanchanar guggulu, Raudra Ras, Vrihat bangeswar ras, Triphala guggulu, Chandraprabha Vati, wellprost capsule, Renalka syp, Himplasia Tablet, Neeri syp, Green punarnava syp ইত্যাদি (উল্লিখিত ঔষধসমূহ চিকিত্সকৰ পৰামৰ্শ অনুযায়ী ব্যৱহাৰ কৰিব)

(ডাঃ মেদিনী বৰ্মন, MO(Ayu),মাণিকপুৰ বি,পি,এইচ,চি)

Related Articles

Close