প্ৰমোদ শৰ্মা – বেদব্ৰত মিশ্ৰ

পাণবজাৰ। হৃদয়ৰ খোলা বজাৰ। এক নষ্টালজিয়া। কি পোৱা নাযায় এই বজাৰখনত! বিভিন্ন প্ৰজন্মৰ-বিভিন্ন ক্ষেত্ৰৰ অভিকেন্দ্ৰ পাণবজাৰ। পাণবজাৰৰ আৱেশ-আমেজ মনত কঢ়িয়াই লৈ ফুৰাটো এটা যেন আনন্দ-বিমল আনন্দ। কিমানৰ যে জীৱনৰ আধাৰ কেন্দ্ৰ পাণবজাৰ! কোন নাযায়? যি এবাৰ পাণবজাৰ বোলা—গুৱাহাটীৰ পাণবজাৰত ভৰি দিছে, তেওঁ হয়তো জীৱনত কিমানবাৰ পাণবজাৰলৈ আহিছে, হয়তো ছুপাৰ কম্পিউটাৰক দিও হিচাপ কৰি উলিয়াব নোৱাৰিব। পাণবজাৰতে বহুতৰ জীৱন আৰম্ভ হৈছে। সঁচা অর্থতে। ইয়াত কাৰণ বহুত।

এটা সময় এনে আছিল যে ভূপেন দা আহিছে—বিভিন্নজনে তেওঁক অনুসৰণ কৰিছে, ক’ত ৰৈছে-ক’ত সোমাইছে। মানুহে তেওঁক আগুৰি ধৰিছে। পাণবজাৰত দূৰৈৰপৰা টুপীটো দেখিলেই হ’ল। ভূপেন দাৰ পিছ ল’লেই বিভিন্নজনে। যেন অকণমান সংগ পালেও ভূপেন দাৰ—জীৱনলৈ মনত থাকিব। ভূপেন দাদায়ো সকলোকে সংগ দিছে। কাৰণ গণ সংযোগৰ ‍‘মাষ্টাৰ অব্ দ্য ৱৰ্ল্ড’। সেইদৰে বহুতো যুৱতীয়ে তেতিয়া পৰ দিছিল আন এজনৰ বাবে। কাৰণ তেওঁ পাণবজাৰলৈ দিনটোত এবাৰ আহিবই। দেখনিয়াৰ মানুহ। চকুত ছানগ্লাছ। খোজ-কাটল, পিন্ধন-উৰণ সকলোতে দেখনিয়াৰ ভাব-ভংগী। সেইগৰাকী আছিল নিৰোদ চৌধুৰী।

আন এজন আহে কান্ধত কাপোৰৰ বেগ এখন লৈ। তেওঁকো বহুজনে অনুসৰণ কৰে। কিতাপৰ দোকানত সোমায়। ক্ষীণকায় লোক। হাতত চিগাৰেটটো থাকে। আৱেগিকভাৱে সকলোৱে মাত দিয়ে তেওঁক। তেৱোঁ যেন পাণবজাৰলৈ আহি নতুন অক্সিজেন লৈ যায়। দেখিলে এনে লাগিছিল, তেওঁ যেন পাণবজাৰলৈ আহি ‍‘ফ্ৰছ’ হৈ গৈছে। সেইজন আছিল হীৰু দা। আপাহতে তেওঁক আগুৰি ধৰা দৃশ্য যেন পাহৰিব নোৱাৰি।

অবিন্যস্ত চুলি-ভাব-লেখহীন মুখ মণ্ডলেৰে আন এগৰাকীক পাণবজাৰত সকলোৱে অনুসৰণ কৰিছিল কিন্তু দূৰৈৰপৰা। কাৰণ তেওঁ আছিল ছিৰিয়াছ প্ৰকৃতিৰ লোক। ‍‘অশান্ত ইলেকট্ৰন’ৰ স্ৰষ্টা সৌৰভ চলিহা।

মুঠতে পাণবজাৰলৈ কোনো অহা নাই! কোনোবা আহিছে শ্বেখ ব্ৰাডাৰ্ছৰ বাটাৰ-বিস্কুট কিনিব, কোনোবাই আকৌ ডায়মণ্ড বেকাৰীৰ ব্ৰেড ল’ব। কোনোবাই মধুমিতাত মোগলাই পৰঠা খাব, কোনোৱে অৰ্জুন বৰ্মণৰ মহামায়াৰ পোলাও খাব, কোনোবা গুৱাহাটী ডায়েৰীত, কোনোবাই আকৌ কল্পনাত আড্ডা, এটা চামে মানে জালুকবাৰীৰ ইঞ্জিনীয়াৰিঙৰ আৰু ইউনিভাৰ্ছিটীৰ ছাত্ৰই আকৌ এপেক্স বেংকৰ তলৰ পণ্ডিতৰ দোকানৰ ৰুটী খোৱা-আড্ডা দিয়া। মানে সকলোৰে যেন লক্ষ্যস্থান পাণবজাৰ।

মালাবাৰৰ ডোছা আৰু ষ্টিলৰ কাপত দিয়া চাহৰ আমেজ লোৱা, কল্যাণ দাস মানে ‍‘‍জিলিকা’ৰ আনন্দ ভাণ্ডাৰত আমৃতি খোৱা, দীপক বৈশ্যৰ মৰমৰ গালি-শপনি শুনি গেলামালৰ দোকানৰপৰা বস্তু লৈ যোৱা চাই ধীৰাজ কুমাৰ দাস, নৰেন তালুকদাৰ (বোম), তীর্থ লোচন মেধি, চুচেন ওজা, পবিত্ৰ ডেকা, বিষ্ণু সৰকাৰ আদিৰ আড্ডা—কত কি অন্তহীন আড্ডা। মেডিকেল ৰিপ্ৰেজনেনটেটিভৰ আড্ডা, ভিনটেজৰপৰা ছেকেণ্ড হেণ্ড কিতাপ নিয়া, ইউনাইটেড বেংকৰ চুকত থকা ৰবীন পাণ দোকানীৰ পাণ-তামোলৰ সোৱাদ লোৱা আদি আদি।

কোনোবাই ক’তো বিচাৰি নোপোৱা ঔষধ নিবলৈ পাণবজাৰলৈ অহা, ডাক্তৰক দেখাবলৈ পাণবজাৰ, পাছপ’র্ট ফটোৰ বাবে কলেজ ষ্টুডিঅ’, মধুৰ ছানাৰ সোৱাদ ল’বলৈ পাণবজাৰৰ চ’ক পোৱা ইত্যাদি ইত্যাদি। ইমটিং কৰিবলৈ ছুদমার্ছন হললৈ অহা, লগ হোৱা ঠাই পাণবজাৰ, বহু কনচেপ্টৰ জন্ম পাণবজাৰত।

জীৱনৰ বহু মিঠা স্মৃতিৰ আধাৰ থলী, ভাল লগা কাৰোবাক লগ পাবলৈ, জীৱন সংগীৰ নিৰ্বাচনৰ কথোপকথনৰ থলী হ’ল পাণবজাৰ। বহু ইতিবাচক কথাৰ আৰম্ভণিয়েই পাণবজাৰ।

সাধাৰণ মানুহৰপৰা কবি-সাহিতিক-পণ্ডিত-আমোলা কোন নাযায় পাণবজাৰলৈ। কাকত, মেগাজিন, কিতাপ বিচাৰি শেষ স্থল পাণবজাৰ। বিভিন্ন লোকৰ বিভিন্ন আৱেগ জড়িত এইখন ঠাই।

আমাৰ বোধেৰে সম্ভৱতঃ অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত পাণবজাৰৰ ভূমিকা অনন্য আৰু অনস্বীকাৰ্য। বহু সৃষ্টি পাণবজাৰক লৈয়েই হৈছে।

এই পাণবজাৰৰে অন্যতম প্ৰধান আকৰ্ষণ হ’ল গ্ৰন্থ প্ৰকাশক আৰু কিতাপৰ দোকানৰ। এই গ্ৰন্থ প্ৰকাশকসকলেই জন মানসত তুলি ধৰিছে বহু কবি-গল্পকাৰ-ঔপন্যাসিক-সাহিতি্যকক। স্কুল-কলেজৰ কিতাপৰপৰা সকলোধৰণৰ কিতাপ পোৱা যায় পাণবজাৰত।

অসমৰ সম্ভ্ৰান্ত আৰু সু-প্ৰতিষ্ঠিত অন্যতম গ্ৰন্থ প্ৰকাশন গোষ্ঠী হ’ল ‍‘বাণী প্ৰকাশ’। পাঠ্যপুথিৰপৰা সাহিত্যৰ বিভিন্ন গ্ৰন্থ প্ৰকাশ কৰিছে বাণী প্ৰকাশে। বাণী প্ৰকাশৰ আছে এক নিজস্ব পৰিচয়। ১৯৬৫ চনত পাণবজাৰত বাণী প্ৰকাশৰ বাদেও অইন চাৰিখন কিতাপৰ দোকান আছিল। লয়ার্ছ বুক ষ্টল, নিউ বুক ষ্টল, কল্পনা বুক ষ্টল, অৰিয়েণ্টেল বুক কোম্পানী।

এনে এজন গ্ৰাহক নোলাব যিয়ে বাণী প্ৰকাশৰ দোকানখনত এবাৰ হ’লেও পদাৰ্পণ নকৰাকৈ আছে। ইয়াৰ কাৰণ আছিল তাত থকা এজন ছেলছ পাৰ্ছন। চুটি-চাপৰ, হাঁহিমুখীয়া, ধীৰ-স্থিৰ, গ্ৰাহক দেখিলেই কি কিতাপৰ গ্ৰাহক কৈ দিব পৰা মানুহজন সকলোৰে নিৰ্ভৰযোগ্য। স্কুল-কলেজৰ পাঠ্যপুথি, ৰেফাৰেন্স কিতাপ, বাহিৰা কিতাপ, কবিতা, গল্প, উপন্যাস আদি বিভিন্ন গ্ৰন্থ থাউকতে তেওঁ উলিয়াই গ্ৰাহকক দিয়ে। কোনজন কবিৰ কবিতাৰ কিতাপ কেতিয়া প্ৰকাশ হৈছে, কোন গল্পকাৰৰ কিতাপ, উপন্যাস কেতিয়া প্ৰকাশ হৈছে, ক’ত পোৱা যাব আপোনাক মুহূৰ্ততে কৈ দিব। মুঠতে যিকোনো কিতাপৰ গ্ৰাহকে তেওঁক সুধিহে আগবাঢ়ে।

মানুহজনৰ সৰু কালিৰেপৰা এটা নিচা আছিল কিতাপৰ দোকানত কাম কৰিলে ভাল লাগিব। সেই মৰ্মে পাঠশালাৰ ভোগপুৰৰ (দফলা) পৰা ১৯৬৫ চনত যুৱকজন ২০ বছৰ বয়সত আহি পাণবজাৰ ওলাল আৰু সোমাল বাণী প্ৰকাশত। আজি সুদীৰ্ঘ ৪৭ বছৰেৰা অধিক কাল তেওঁ বাণী প্ৰকাশৰ নিৰ্ভৰযোগ্য কৰ্মী-ছেলছ পাৰ্ছন। আৰম্ভণিতে দৰমহা আছিল ৩০ টকা। ২০১৩ চনত দৰমহাৰ সংখ্যাৰ হিচাপত ৪টা সংখ্যা হৈছে যদিও পৰ্যাপ্ত নহয়। দেওবাৰটো বাদ দি প্ৰতিদিনেই দিনৰ ১০ বজাত তেওঁ দোকান খোলে। সন্ধিয়া ৭ বজাত বন্ধ কৰে। ১৯৮০ চনমানলৈ কিতাপৰ বিক্ৰী খুউব ভাল আছিল। অসম আন্দোলনৰ পিছত কিতাপৰ বিক্ৰী কমি গৈছে।

পাণবজাৰত বৰ্তমান কিতাপৰ দোকান প্ৰায় ১৫০খন। গ্ৰাহক বাঢ়িছে—কিন্তু পাঠ্যপুথিৰ গ্ৰাহক বেছি। গ্ৰাহক হিচাপে অভিভাৱকসকলৰ আগ্ৰহ বেছি। ১৯৯০ চনমানৰপৰা প্ৰযুক্তি বিদ্যা সম্পৰ্কীয়, কাৰিকৰী কিতাপ গ্ৰাহকে বেছি বিচৰা হৈছে তেওঁৰ মতে।

এই সাধাৰণ কাম এটা কৰিয়েই তেওঁ ৩জনী ছোৱালীক পঢ়াই-শুনাই বিয়া দিলে, ল’ৰা এটা ডিগ্ৰী পঢ়ি আছে। ভোগপুৰত ঘৰ এটা বনাইছে গুৱাহাটীতো মাটি এটুকুৰা লৈছে।

ভাল মানুহৰ সংগ পোৱাৰ আশাৰে-সংগ পোৱা আকৰ্ষণীয় ব্যক্তিত্বৰ আমাৰ লেখাৰ নায়কজনৰ নাম হ’ল প্ৰমোদ শৰ্মা।

শৰ্মাৰ উপলব্ধিঃ দীঘলীয়া সময়ছোৱাত বহু লেখক, সাহিত্যিক, ভাল মানুহক লগ পালে। এনেধৰণৰ সংগ পোৱাৰ বাবেই এই কামটো কৰি থাকিল—পৰম আগ্ৰহেৰে। ভাল কিতাপৰ অভাৱ হৈছে। কিন্তু পঢ়ুৱৈৰ অভাৱ হোৱা নাই।

শৰ্মাৰ অনুভৱঃ সাধাৰণ ডিগ্ৰী এটা লোৱাৰ পিছতেই আমাৰ ল’ৰা-ছোৱালীক ভাল চাকৰি লাগে। অসমীয়া মানুহৰ মানসিকতাৰ পৰিৱৰ্তন হৈছে। পৰিশ্ৰমহীন কাম লাগে। কিতাপৰ দোকানৰ কৰ্মচাৰীৰ দা-দৰমহা কম, সমস্যাও বহুত। এই সমস্যা সমাধানৰ বাবে মালিকপক্ষই হওক, চৰকাৰেই হওক, কোনো পক্ষই আগ্ৰহী নহয়। কিন্তু তেওঁ অতি আশাবাদী—এদিন হ’লেও এই সমস্যাবোৰৰ অন্ত পৰিব।

Related Articles

Close