প্ৰথম মহিলা বাছ ড্ৰাইভাৰ প্ৰতীক্ষা

মহাবাহু

মুম্বাই এতিয়াৰেপৰা বাছ চালকৰ আসনত ‍‘চালিকা’ হিচাপে মহিলা দেখা পালে অবাক হৈ লাভ নাই। পুৰুষৰ হাতত থকা বাছৰ ষ্টিয়েৰিং এতিয়া মহিলাৰ হাততো দেখা যাব। ‍‘হেভি ভেহিকল’ চলোৱাৰ অনুজ্ঞাপত্ৰ লাভ কৰি বৃহত্তৰ মুম্বাই পৰিবহণ নিগমৰ চাকৰি পালে প্ৰতীক্ষা দাসে।

যোৱা দুবছৰ পূৰ্বে মালাডৰ ঠাকুৰ কলেজৰপৰা ‍‘মেকানিকেল ইঞ্জিনিয়াৰিং’ পৰীক্ষাত ৮৭নম্বৰ লাভ কৰি ‍‘বি-টেক’ ডিগ্ৰী লাভ কৰা প্ৰতীক্ষাই প্ৰথাগত চাকৰিত বিশ্বাস কৰা নাছিল আৰু জীৱনৰ প্ৰতিটো ক্ষণকে প্ৰত্যাহ্বানৰ ক্ষণ হিচাপে গ্ৰহণ কৰিছিল। দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতেই দ্বি-চক্ৰযান চলোৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল যদিও ১৮ বছৰ বয়স নোহোৱা হেতুকে অনুজ্ঞাপত্ৰ লাভ কৰা নাছিল। সেয়েহে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সমাপ্ত কৰাৰ পিছতেই পুনৰ দ্বি-চকা তথা চাৰিচকাযুক্ত যান চলোৱাৰ পৰীক্ষাত অৱতীৰ্ণ হৈ সহজেই দুয়োটা পৰীক্ষাত উত্তীৰ্ণ হৈ মহাৰাষ্ট্ৰ ৰাজ্য পৰিবহণ বিভাগৰপৰা গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ লাভ কৰে।

ইঞ্জিনিয়াৰিং পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ আগতেই গধুৰ যান চলোৱাৰ অভিজ্ঞতা প্ৰতীক্ষাই অৰ্জন কৰিছিল আৰু সেই অভিজ্ঞতাৰ বাবে ইঞ্জিনিয়াৰিং কলেজৰ বাছ চালক প্ৰকাশ ৰাণাডেক কৃতজ্ঞতা জ্ঞাপন কৰিছিল। প্ৰতীক্ষাই কৈছে যে ‍‘‍‘ষ্টেছনৰপৰা কলেজ পৰ্যন্ত প্ৰকাশ খুৰাই মোক সদায় কলেজৰ বাছ চলোৱা পদ্ধতি শিকাইছিল।’’ ২০১৮ চনত মহাৰাষ্ট্ৰ ৰাজ্য পৰিবহণ নিগমৰ ‍‍‘হেভি ভেহিকল’ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ২০১৯ চনৰ জানুৱাৰী মাহত নিগমৰ বাছ চালকৰ পৰীক্ষাত অৱতীৰ্ণ হয় প্ৰতীক্ষাই।

ইঞ্জিনিয়াৰিং নহয়, বৰং সৰুকালৰেপৰাই তেওঁৰ প্ৰিয় বিষয় আছিল গাড়ীচালনা। তাকো সবাতোকৈ আগ্ৰহ আছিল বাছ চলাবলৈ। প্ৰতীক্ষাৰ এনে চিন্তা সমালোচনাৰ চিকাৰ বহুবাৰ হৈছিল। প্ৰতীক্ষাই ব্যক্ত কৰিছে যে ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী পোৱাৰ পিছত, এতিয়া তেওঁ আগন্তুক ‍‘ৰিজিঅ’নেল ট্ৰেন্সপোৰ্ট অফিচাৰ’ বা ‍‘আৰ-টি-ও’ৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব। এই পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ প্ৰার্থীৰ অটোমোবাইল, মেকানিকেল কিম্বা ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰীৰ লগতে ‍‘হেভি ভেহিকল’ চলোৱা অনুজ্ঞাপত্ৰ থকাটোও জৰুৰী। ৫৬ বৰ্ষত ভৰি দিয়া মহাৰাষ্ট্ৰ পৰিবহণ নিগমত এই পৰ্যন্ত কোনো মহিলাই বাছ চলোৱা নাছিল; প্ৰতীক্ষাই কেৱল মহাৰাষ্ট্ৰৰেই নহয়, সমগ্ৰ ভাৰত উপমহাদেশৰ প্ৰথম মহিলা বাছচালক !

Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close