প্ৰতিদিনে এহাজাৰ ভোকাতুৰক অন্নদান

মহাবাহু

হায়দৰাবাদ মৃতকৰ প্ৰাণ সঞ্চাৰ কৰা আৰু নিৰন্নজনৰ মুখত অন্ন তুলি দিয়া—কোনোটোৰেই মহত্ত্ব কম নহয়। প্ৰত্যেকদিনাই প্ৰায় ১০০০ নিৰন্ন মানুহৰ মুখত অন্ন তুলি দি বিশ্ব ৰেকৰ্ড কৰিছে হায়দৰাবাদৰ যুৱক গৌতম কুমাৰে। যিসকলৰ মূৰৰ ওপৰত পিতৃ-মাতৃৰ স্নেহৰ ছাঁ নাই, তেওঁলোকৰ বাবে আছে গৌতম কুমাৰৰ স্বেচ্ছাসেৱী সংস্থাৰ ছাঁ। অনাহাৰ, অনাদৰ, আশ্ৰয়হীন হৈ পথত পৰি থকা শিশু-প্ৰৱীণ সকলোৰে বাবে ঈশ্বৰসদৃশ হৈ পৰিছে গৌতম কুমাৰ ‍‘ছাৰ্ভ নিডি’। ২০১৪ চনৰপৰাই এই সংস্থাই যাত্ৰা আৰম্ভ কৰি বৰ্তমান প্ৰতিদিনে ১০০০ নিৰন্ন মানুহৰ প্ৰাণৰক্ষা কৰি আহিছে আৰু সম্প্ৰতি ‍‘ইউনিভাৰ্চাল বুক অব ৰেকৰ্ডছ’অত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে।

‍‘ছৰ্ভ নিডি’ৰ মূল লক্ষ্য হ’ল—‍‘এজন মানুহকো অনাহাৰত মৃত্যুবৰণ কৰিবলৈ দিয়া নহ’ব।’ এই সংস্থাৰ হৈ কাম কৰিবলৈ স্বেচ্ছাই আগবাঢ়ি আহিছে তৰুণ-তৰুণীৰপৰা আদহীয়া ব্যক্তিসকলো। সমগ্ৰ হায়দৰাবাদ চহৰৰ অলিয়ে-গলিয়ে ঘূৰি ঘূৰি অভাৱী মানুহবোৰক সংস্থাৰ সাহায্যমূলক পৰিসৰত অন্তৰ্ভুক্ত কৰা হয়। শিশুবোৰৰ বাবে খাদ্যৰ লগতে পঢ়া-শুনাৰ ব্যৱস্থাও কৰা হয়। সংস্থাৰ প্ৰতিষ্ঠাপক গৌতম কুমাৰে ব্যক্ত কৰিছে যে—‍‘শৈশৱৰপৰাই সপোন দেখিছিলো—এনে এখন জগতত থাকিম, য’ত অনাহাৰ-অৰ্ধাহাৰৰ ফলত কোনোৱেই মৃত্যুবৰণ কৰিব নালাগিব।’ ‍‘ছাৰ্ভ-নিডি’ নামৰ সংস্থাটো গঢ়ি তোলাৰ আগৰেপৰাই কেইজনমান বন্ধুৰ সহায়ত অভাৱী মানুহক সহায় কৰাৰ কামত গৌতম কুমাৰ ব্ৰতী হয় আৰু ২০১৪ চনত সংস্থাটো গঢ়ি তোলে। এই সময়ত তেওঁলোকৰ কাৰ্যালয়ত ১৪০জন অভাৱী মানুহক আশ্ৰয় দিয়াও হৈছে। যোৱা দেওবাৰে, অৰ্থাৎ ২৬/০৫/২০১৯ তাৰিখে নিজ হাতেৰে ১০০০ মানুহক হায়দৰাবাদ চহৰৰ তিনি স্থানত অন্ন খুৱাই বিশ্ব ৰেকর্ড স্থাপন কৰিছে গৌতম কুমাৰে।

Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close